পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি পুৱতি নিশা ১.৩২ বজাত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে আই.আৰ.এন.এচ.এচ-১ চি নামৰ নেভিগেচন চেটেলাইটটোৰ সফল উক্ষেপন কৰাৰ সুখবৰ পোৱা গৈছে। পি.এচ.এল.ভি-চি ২৬ ৰকেটে কঢ়িয়াই নিয়া এই চিৰিজৰ পৰিকল্পিত সাতোটা কৃত্ৰিম উপগ্ৰহৰ তৃতীয়টোৰ সফল উক্ষেপনে ভাৰতক আমেৰিকাৰ গ্ল'বেল পজিচনিঙ চিষ্টেমৰ দৰেই নিজা এক নেভিগেচন চিষ্টেম গঢ়ি তুলিবলৈ সক্ষম কৰিব বুলিও ইছৰোৰ মুৰব্বী গৰাকীয়ে প্ৰকাশ কৰিছে।

২. ভাৰতত কম-খৰচী বিমান সেৱাৰ ক্ষেত্ৰত এক নতুন সফলতাৰ উদাহৰণ তুলি ধৰিবলৈ সক্ষম হৈছে ইণ্ডিগ' বিমানসেৱা কোম্পানীটোৱে। দেশৰ ভিতৰতে এই ক্ষেত্ৰত লাভ অৰ্জন কৰা একমাত্ৰ কোম্পানী ৰূপে পৰিগণিত হোৱা কোম্পানীটোৱে অহা বৰ্ষত ২৫০ খন ৩১০ ব'য়িং বিমানৰ অৰ্ডাৰ দি দেশৰ বিমান সেৱা খণ্ডলৈ এক নৱ-জাগৰণৰ সূচনা কৰিব বুলিও আশাপ্ৰদ খবৰ প্ৰকাশ পাইছে।

৩. মোবাইল ফোনৰ ব্যৱহাৰকাৰী সকলে টেলিকম অপাৰেটৰ সলনি কৰাৰ লগতে দেশৰ যিকোনো ঠাইতে একেটা নম্বৰ এক্টিভেট কৰাৰ সুবিধা লাভ কৰিব। এতিয়া মাত্ৰ একেটা সেৱাক্ষেত্ৰৰ ভিতৰতে এই সেৱা উপলদ্ধ হৈ আছে। অহা ছমাহৰ ভিতৰত অৰ্থা ৩১মাৰ্চ ২০১৫ৰ ভিতৰতে এই সুবিধা দেশৰে যি কোনো প্ৰান্ততে একে নম্বৰ ৰখাৰ সুবিধা প্ৰদান কৰা হব বুলি টেলিকম  ৰেগুলেটৰী অথ'ৰিটী অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে।

৪. অসমৰ বিভিন্ন নিৰাপত্তাজনিত সমস্যাৰ ক্ষীপ্ৰ সমাধানৰ বাবে চোৰাংচোৱা বিভাগৰ দক্ষ বিষয়াৰ দ্বাৰা অসম চৰকাৰে এটি স্বতন্ত্ৰ নিৰাপত্তা সংস্থা গঠন কৰিব। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত ৰাজ্যিক নিৰাপত্তা আয়োগৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

৫. অগপই আয়োজন কৰা জাতীয় ৰাজনৈতিক অভিবৰ্তনত অংশ লৈ ডঃ হীৰেণ গোহাঁইয়ে অগপ নেতৃত্বই কঠোৰ আত্ম-সমালোচনাৰে দোষ-ত্ৰুটি আঁতৰাব লাগিব বুলি মতামত প্ৰকাশ কৰিছে। বৰ্তমানৰ ৰাজনীতিয়ে জাতীয়তাবাদৰ প্ৰাসংগিকতা বৃদ্ধিহে কৰিছে বুলিও তেখেত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অভিবৰ্তনখনিত বিশিষ্ট বুদ্ধিজীৱি কনকসেন ডেকাকে ধৰি বিভিন্ন সুধীজনেও আঞ্চলিকতাবাদক শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন দিহা আগবঢ়ায়।

৬. অহা ১৯ অক্টোবৰৰ পাছতে অসম চৰকাৰৰ মন্ত্ৰী সভাৰ সালসলনিৰ প্ৰক্ৰিয়া আৰম্ভ হব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। বিভিন্ন দলীয় খোৱা-কামোৰা, বাদ-বিসম্বাদৰ অন্ত পেলাই এই সালসলনিয়ে স্থবিৰ হৈ পৰা বিকাশমুখী কাম-কাজক গতিশীল কৰিব বুলিও সচেতন মহলে আশা প্ৰকাশ কৰিছে। লগতে প্ৰদেশ কংগ্ৰেছৰো সভাপতিও সলনি হব পাৰে বুলিও সূত্ৰই সম্ভাৱনা প্ৰকাশ কৰিছে।

৭. বাৰ বছৰীয়া দীৰ্ঘ পৰিশ্ৰমৰ ফচল "দি নেৰ' ৰোড টু দ্য ডীপ নৰ্থ" নামৰ প্ৰেম আৰু যুদ্ধ বিষয়ক উপন্যাসৰ বাবে অষ্ট্ৰেলিয়াৰ লেখক ৰিচাৰ্ড ফ্লেনাগেনলৈ আগবঢ়োৱা হৈছে ২০১৪ চনৰ "মেন বুকাৰ বঁটা"।

৮. কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যজুৰি আয়োজন কৰা সপ্তাহজোৰা "পৰিস্কাৰ আৰু সেউজ অসম সজাগতা অভিযান" উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। এই অভিযানত চাফাইৰ লগতে বিশুদ্ধ খোৱাপানীৰ যোগান আৰু শৌচাগাৰ নিৰ্মাণৰো ব্যৱস্থা কৰা হৈছে বুলিও তেখেতে প্ৰকাশ কৰিছে।

৯. কাইলৈ অসমৰ বিভিন্ন চহৰৰ ছবিঘৰত মুক্তি লাভ কৰিব অসমীয়া চলচ্চিত্ৰ "শৃংখল"য়ে। অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগত ছিলভাৰ লাইন প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখন চিত্ৰনাট্য আৰু পৰিচালনা প্ৰবীণ হাজৰিকাৰ। মানস হাজৰিকাৰ সংগীত, সিদ্ধাৰ্থ বৰুৱাৰ কেমেৰাৰে নিৰ্মিত ছবিখনত আদিল হুছেইন, জয়া শীল, সৌৰভ  হাজৰিকা আদিয়েও অভিনয় কৰিছে।

১০. লিঅ' এডভাৰটাইজিঙৰ উদ্যোগত অহা ৩১ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈ গুলাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হব চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ'-২০১৪। এই বাণিজ্যমেলাত দেশ-বিদেশৰ পাঁচশতকৈ অধিক বিপণীয়ে অংশ গ্ৰহণ কৰিব। এই বৰ্ষতো লিঅ' এক্সপ' শিল্পী সন্মান-২০০১৪ আৰু লিঅ' এক্সপ' সাংবাদিক সন্মানো দুগৰাকী পুৰোধা ব্যক্তিক প্ৰদান কৰা হব।

No comments:

Post a Comment