পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বেজবৰুৱাৰ কৰ্মৰাজিৰ ওপৰত এলানি বক্তৃতা অনুষ্ঠিত কৰা, বক্তৃতালানিক গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ আঁচনি গ্ৰহণ কৰাৰ সুখবৰ।

২. আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ উদ্দেশ্যে আজিৰে পৰা অগপ দলৰ জাতীয় ৰাজনৈতিক অভিবৰ্তন গুৱাহাটীত অনুষ্ঠিত হব। ৰাজ্যখনৰ বিভিন্ন পেশাৰ ব্যক্তি, বিশেষজ্ঞ, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ অংশ গ্ৰহণেৰে অগপক ৰাইজে বিচৰা ৰূপত নতুন ৰূপত সজাই তোলাৰ বাবেই এই অভিবৰ্তন আয়োজিত হোৱাৰ সুখবৰ। অভিবৰ্তনৰ তিনিটা আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঞি, ডঃ হীৰেণ গোহাঁই আৰু ডঃ নগেন শইকীয়াই।

৩. "বজাৰৰ শক্তি আৰু নিয়ন্ত্ৰণ"ৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে ২০১৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে ফৰাচী অৰ্থনীতিবিদ ডাঁ টিৰললৈ। ৰয়েল ছুইডিছ অকাদেমি অৱ ছায়েঞ্চে কালি এই সুখবৰ ঘোষণা কৰিছে।

৪. দেশৰ ফুটবল ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই অনা ইণ্ডিয়ান ছুপাৰ লীগৰ দ্বিতীয়খন খেল কালি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৩৫হাজাৰ ক্ৰীড়াপ্ৰেমীৰ সমুখত অনুষ্ঠিত হয়। এই খেলত জন আব্ৰাহমৰ ক্লাৱ "নৰ্থ ইষ্ট ইউনাইটেড"য়ে শচীন টেণ্ডুলকাৰৰ কেৰালা ব্লাষ্টাৰ্ছক ১-০ গ'লত পৰাজিত কৰে। 

৫. অসম ভ্ৰমণলৈ অহা উদ্যোগ মন্ত্ৰী নিৰ্মলা সীতাৰমণে চাহক ৰাষ্ট্ৰীয় পানীয় ৰূপে স্বীকৃতি দিয়াৰ বাবে কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ নাই বুলি সংবাদ মেলত প্ৰকাশ কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে চাহ ব্যৱসায়ী সকলে আয়োজন কৰা সভাত উদ্যোগটোলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ইতিবাচক আঁচনি সমূহৰ কথা অৱগত কৰাৰ লগতে চাহক ৰাষ্ট্ৰীয় পানীয় ৰূপে স্বীকৃতি প্ৰদানৰ বাবেও কেন্দ্ৰীয় চৰকাৰক দাবী কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. কালি অসম সাহিত্য সভাৰ উদ্যোগত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত চৌকিডিঙী খেলপথাৰত আয়োজিত হয় সাহিত্যৰথী বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী। এই অনুষ্ঠানত পাঁচ হাজাৰ লোকে সমস্বৰে অ' মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটো পৰিবেশন কৰে বুলি জানিব পৰা গৈছে। আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অসম চৰকাৰৰ উদ্যোগত ৰসৰাজৰ জন্ম-জয়ন্তীৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

৭. বাংলাদেশৰ স্বাধীনতাৰ ৪৩ বৰ্ষপুতি উপলক্ষে এটি ভাৰত-বাংলাদেশ বুৰঞ্জী প্ৰকল্পৰ কাম সেই দেশৰ লেখক হাৰুণ হাবিবৰ নেতৃত্বত হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে। ইণ্ডো-বাংলাদেশ ফাউণ্ডেছনৰ এই ইতিহাস ভিত্তিক প্ৰকল্পটোত অসমীয়া বুদ্ধিজীৱি জে পি শইকীয়াইও সম্পাদক মণ্ডলীৰ সদস্য ৰূপে অংশ গ্ৰহণ কৰিব।

৮. অহা ১৬ অক্টোবৰত তেজপুৰ সাহিত্য সভাই পালন কৰিব সোণালী জয়ন্তীৰ অনুষ্ঠান। উক্ত দিনাই সভাৰ প্ৰস্তাৱিত প্ৰক্ষাগৃহ "ভূপেন্দ্ৰ ভৱন"ৰো আধাৰশিলা স্থাপিত হব বুলি জানিব পৰা গৈছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ধনেৰে নিৰ্মাণ হব লগা শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰিব মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৯. গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আদৰ্শ গাঁও ৰূপে গঢ় দিবৰ বাবে দিছপুৰ সমষ্টিৰ মালৈবাৰী, পলাশবাৰীৰ সাত পখালী আৰু দুধনৈ সমষ্টিৰ মাজ দাখেলী নামৰ বান-বিধ্বস্ত গাঁও তিনিখন নিৰ্বাচন কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে। ইয়াৰ ৰূপৰেখা নিৰূপণৰ বাবে এই সপ্তাহতে তেখেতে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি প্ৰশাসনিক বিষয়া সকলৰ সৈতে এক বিশদ অধ্যয়ন কৰিব বুলিও জানিব পৰা গৈছে।

১০. নগাঁৱৰ নেহৰুবালিত শিল্পী খগেন মহন্ত ক্ষেত্ৰত অহা ২৪-৩১ অক্টোবৰলৈ অনুষ্ঠিত হব লগা উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ কালি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰিলে স্থানীয় বিধায়ক তথা গ্ৰন্থমেলা সমিতিৰ সভাপতি ডাঃ দুৰ্লভ চমুৱাই।

No comments:

Post a Comment