পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. পূৰ্বতে ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত অসমীয়া ছবি নিৰ্মাতা হীৰেন বৰাই নিৰ্মাণ কৰা নতুন ছবি "ক্ষোভ" নামৰ ছবিখন কলকাতা আন্তঃৰাষ্ট্ৰীয় ছবি মহোতসৱৰ বাবে নিৰ্বাচিত হৈছে। এই ছবিখনে অহা ডিছেম্বৰ মাহতে ছবিঘৰত মুক্তি লভিব বুলিও জানিব পৰা গৈছে।

২. মৰিগাঁও জিলা গঠনৰ ২৫বছৰ পূৰ্ণ হোৱা উপলক্ষে ১৪ অক্টোবৰ তাৰিখটো "মৰিগাঁও দিৱস" ৰূপে পালন কৰিব মৰিগাঁওবাসীয়ে। স্থানীয় বিহুতলীত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। "মৰিগাঁও এক ভৱিষ্যত দৰ্শন" শীৰ্ষক আলোচনা চক্ৰ, মুকলি সভা, সন্ধিয়ালৈ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

৩.  অনাগত মেট্ৰিক আৰু হাই-মাদ্ৰাছা পৰীক্ষা অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহতে অনুষ্ঠিত কৰা হব বুলি ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰকাশ কৰিছে।  ৰাজ্যৰ মুঠ ৮৩৯টা কেন্দ্ৰত অনুষ্ঠিত হব লগা পৰীক্ষাৰ বাবে ২৭ অক্টোবৰ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন বুলিও ঘোষণা কৰিছে।

৪. ডিব্ৰুগড়ৰ মাইজান চাহবাগিচাত অসম কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় কবিৰ সৈতে এক অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠান। অনুষ্ঠানটিত বিশিষ্ট কবি নীলমণি ফুকনে অসম কবি সন্মিলনে প্ৰদান কৰা "কাব্য শিৰোমণি" উপাধিও সাদৰেৰে গ্ৰহণ কৰে। বহু কেইগৰাকী কবিৰ কবিতা পাঠৰ উপৰিও কবি গংগামোহন মিলিৰ কাব্য গ্ৰন্থ "মাটিৰ মায়াবী কবিতা" শীৰ্ষক কবিতা পুথিখনো উন্মোচিত হয়।

৫. অসম গণিত শিক্ষায়তনে বিগত ২৭ বছৰে নিৰৱচ্ছিন্ন ভাৱে প্ৰকাশ কৰি অহা দ্বি-ভাষিক(ইংৰাজী-অসমীয়া) ছমহীয়া আলোচনী "গণিত বিকাশ"ৰ নতুন সংখ্যাৰ কাম-কাজ পূৰ্ণ গতিত চলি আছে। গণিত বিষয়ক যি কোনো প্ৰৱন্ধ, জীৱনী, চিন্তা উদ্ৰেককাৰী লেখা, সাঁথৰ, অ-পৰম্পৰাগত সৰল সমাধান আদি এই আলোচনীত প্ৰকাশৰ বাবে পঠাবৰ বাবে শৈক্ষিক সমাজলৈ সম্পাদক ডঃ ৰাম চন্দ্ৰ ডেকাই আহ্বান জনাইছে। লেখা সমূহ অহা ২০ নৱেম্বৰৰ ভিতৰত ৯৯৫৭০৩২৫২৫ নম্বৰত যোগাযোগ কৰি পঠাব পাৰিব।

৬. মাহিলি আয় ২৮হাজাৰ টকাৰ বিপৰীতে ১২০কোটি টকাৰ সম্পত্তি আহৰণ কৰা মহাৰাষ্ট্ৰৰ নিলম্বিত উপায়ুক্ত নীতিশ ঠাকুৰৰ ৫৩.৫৭কোটি টকাৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিবলৈ আইন বলবতকাৰী সঞ্চালকালয়ে নিৰ্দেশ দিছে। ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত দুৰ্নীতিপৰায়ণ বিষয়াৰ বিৰুদ্ধে ই ডি য়ে গ্ৰহণ কৰা এইটো দৃষ্টান্তমূলক শাস্তিমূলক ব্যৱস্থা ৰূপে পৰিগণিত হৈছে।

৭. ফিনলেণ্ড ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰ মূৰব্বী হব প্ৰণৱ মুখাৰ্জী। কালি ফিনলেণ্ড আৰু নৰৱেৰ ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ গুৰু উদ্যোগ ৰাজহুৱা দপ্তৰৰ মন্ত্ৰীৰ সৈতে ৰাওনা হৈছে। ভাৰতত বিনিয়োগ কৰাৰ বাবে নৰৱেক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ বাবে এই ভ্ৰমণত চেষ্টা চলোৱা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৮. কালি যোৰহাট প্ৰেছ ক্লাৱত উন্মোচিত হ'ল অধ্যাপক মহিউদ্দিন আহমেদৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ "অসমৰ মুছলমানঃ সমাজ-সংস্কৃতিলৈ অৱদান" শীৰ্ষক গ্ৰন্থ। ২৫টা খণ্ডৰ এহেজাৰ পৃষ্ঠাৰ গ্ৰন্থখনিত ঐতিহাসিক সমলৰ উপৰিও সামাজিক আৰু অৰ্থনৈতিক মূল্যও আছে বুলি সদৰী কৰে উন্মোচক সাহিত্যিক প্ৰফুল্ল চন্দ্ৰ বৰাই। কিতাপখনৰ প্ৰকাশক যোৰহাটৰ ইউনিকা প্ৰকাশন।

৯. যোৰহাটৰ বৰহোলাৰ কলাকুঞ্জ সেউজী ভৱনত অহা ১৪,১৫ অক্টোবৰ তাৰিখে উদযাপিত হব বৰহোলা সেউজী কানন শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী। ১৫ অক্টোবৰৰ পুৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মুকলি সভাত ইমৰাণ শ্বাহদেৱে সভাপতিত্ব কৰা লগতে উদ্বোধক ৰূপে অংশ লব শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। স্মৃতিগ্ৰন্থৰ সৈতে কেইবাখনো আন আন লেখকৰ গ্ৰন্থও উন্মোচনৰ দিহা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

১০. উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী বন্যপ্ৰাণী সংৰক্ষণ তথা গৱেষণা সংস্থা আৰণ্যকৰ প্ৰস্তাৱিত "বিলুপ্তপ্ৰায় শিশুৰ মুখ্য বাসস্থানৰ পুনৰ নৱীকৰণ" নামৰ প্ৰকল্পটোৱে ছুইজাৰলেণ্ডৰ ইউৰোপিয়ান আউট'ডৰ কনজাৰভেশ্বন এছোচিয়েছনে আয়োজন কৰা অনলাইন ভোটিং প্ৰতিযোগিতাখনত প্ৰকৃতি শিতানত প্ৰথম স্থান দখল কৰাৰ সুখবৰ পোৱা গৈছে।আৰণ্যকৰ মুখ্য সঞ্চালক ডঃ আব্দুল ৱাকিদৰ তত্ত্বাৱধানত বিষয়টোত সংৰক্ষণ আৰু গৱেষণা বিষয়ক কাৰ্যসূচী ২০০৫ চনৰ পৰাই চলাই থকাৰ কথাও জানিব পৰা গৈছে।

No comments:

Post a Comment