পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানটো অহা ১৪ অক্টোবৰত ৰাজ্যজুৰি পালন কৰা হব। গুৱাহাটীত কেন্দ্ৰীয় ভাৱেও এই সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে আছুৰ উদ্যোগত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত আজি ৪২টা স্থানত সাহিত্যৰথীৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি প্ৰদানৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

২. কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী সকলৰ সঠিক সময়ত উপস্থিতি নিশ্চিত কাৰ বাবে আৰম্ভ কৰা হৈছে www.attendence.gov.in নামৰ ৱেবচাইট। কামলৈ দেৰিকৈ অহা বা কামত ফাঁকি দিয়াৰ বিভিন্ন তথ্য এই ৱেবচাইট যোগে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰি কৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলোৱাৰ সুখবৰ।

৩. বিটিএডিৰ চিৰাং জিলাত শান্তি, ন্যায় আৰু উন্নয়নৰ লক্ষ্যৰে নিখিল বড়ো ছাত্ৰ সন্থাই কালিৰে পৰা আৰম্ভ কৰিছে ২১ দিনীয়া পদযাত্ৰাৰ। চিৰাং জিলাৰ বিভিন্ন গাঁৱক সামৰি লৈ গাঁওবাসী ৰাইজৰ দুখ-দুৰ্দশা সমস্যাৰ বুজ লবলৈকে ছাত্ৰ সংগঠনটোৱে এই কাৰ্যসূচী হাতত লৈছে বুলি জানিব পৰা গৈছে।

৪. কালিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত শুভাৰম্ভ হৈছে সাধুকথাক মূল বিষয় ৰূপে আয়োজিত অন্বেষাৰ দশম শিশু গ্ৰন্থমেলা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা হাজাৰ শিশুৰে খেলপথাৰখন লোকাৰণ্য হৈ পৰাৰ লগতে কণ কণ শিশু সকলৰ বৰ্ণাঢ্য শোভাযাত্ৰাই সকলোকে মুহিত কৰা বুলিও জানিব পৰা গৈছে।

৫. অৱশেষত বৰপেটা-কোকৰাঝাৰত আৰক্ষী আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ইছলামিক মৌলবাদী সংগঠনৰ ঘাটি স্থাপনৰ অভিযোগৰ সন্দৰ্ভত চলালে অভিযান। ছজনকৈ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰি আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যখনত আল-কায়দাৰ দৰে সংগঠনৰ সাংগঠনিক কাৰ্যকলাপ ৰোধৰ বাবে ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

৬. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল ডঃ শিখামণি কোঁৱৰৰ "চৰাইদেউ" শীৰ্ষক গ্ৰন্থখনি। উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক জে এন ফুকন, পি চি ফুকন, হেমপ্ৰভা শইকীয়া, বি কে গোঁহাই আদি সুধীজনেও।

৭. শিৱসাগৰৰ অগ্ৰণী সামাজিক সংস্থা "খোজ"ৰ উদ্যোগত অহা ২১-৩০ অক্টোবৰলৈ শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হব শিৱসাগৰ গ্ৰন্থ উতসৱ। লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰ ৰূপে নামাকৰণ কৰা উতসৱ স্থলীত কালি লাইখুঁটা স্থাপনৰ এক অনুষ্ঠানো অনুষ্ঠিত হয়।

৮. অসম চৰকাৰ আৰু উতসৃজী( সতসঙ্গ শিল্পী সমাজ, দেওঘৰ, ঝাৰখণ্ড)ৰ উদ্যোগত ৰাষ্ট্ৰীয় স্তৰৰ শিল্পকলা প্ৰদৰ্শন আৰু এখনি বিক্ৰয় মেলা কাইলৈৰ পৰা ১৭ অক্টোবৰ পৰ্যন্ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ ৰাজ্যিক কলা বীথিকাত আয়োজিত হৈছে। এই মেলাৰ উদ্বোধনী অনুষ্ঠানত মাননীয় ৰাজ্যপালৰ সৈতে শিল্পী নীলপৱন বৰুৱা, বীৰেণ সিংহ আৰু ডাঃ হৰ্ষ ভট্টাচাৰ্যইও অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

৯. ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে "আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস" পালনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যোৱা ২৭ ছেপ্তেম্বৰত দিয়া ভাষণত জনোৱা আহ্বানলৈ সঁহাৰি জনাই এই খচৰা প্ৰস্তাৱৰ ওপৰত অনানুষ্ঠানিক আলোচনা কৰিব বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰসংঘৰ ৱেবচাইটে ভাৰতৰ স্থায়ী মিছনে অহা ১৪ অক্টোবৰত ইয়াৰ বাবে দুঘণ্টা জোৰা আলোচনাৰ বাবে আহ্বান জনোৱাৰ কথাও প্ৰকাশ কৰিছে।

১০. কালি গুৱাহাটীত "প্ৰাগ" শীৰ্ষক পৰিবেশ অনুকূল ই-ৰিক্সা ৰাইজৰ সেৱাত মুকলি কৰে জিলা পৰিবহণ বিষয়া প্ৰদীপ নুনিছাই। নিৰ্মাণ কোম্পানী দেৱীকা ফিউচাৰ্ষ্টিকছে ই-ৰিক্সা, ই-ভেন আৰু ই-আইচক্ৰীমৰ তিনিটা মডেল ভেন প্ৰায় ১.২৫লাখ টকাত এবাৰ বেটেৰী চাৰ্জ কৰি ৭০-৮০ কিল'মিটাৰ চলিব পৰাকৈ মুকলি কৰিছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment