পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতবৰ্ষত "বচপন বচাও আন্দোলন" গঢ়ি তোলা সমাজকৰ্মী কৈলাশ সত্যাৰ্থীলৈ আগবঢ়োৱা হৈছে ২০১৪ বৰ্ষৰ শান্তিৰ ন'বেল বঁটা। আজি ঘোষিত এই বঁটা পাকিস্তানৰ কিশোৰী মালালা য়ুউচুফজাইলৈকো আগবঢ়োৱাৰ সুখবৰ পোৱা গৈছে। শিশুৰ অধিকাৰ তথা শিক্ষাৰ অধিকাৰৰ বাবে দুয়োৰে কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপেই এই বঁটা আগবঢ়োৱা হৈছে।


২. অসম চৰকাৰে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীক জ্যোতি চিত্ৰবনৰ অধ্যক্ষ ৰূপে নিযুক্ত দিয়াৰ সুখবৰো প্ৰকাশ পাইছে। সংস্কৃতিপ্ৰেমী সকলে এই নিযুক্তিত সন্তোষ প্ৰকাশ কৰিছে।

৩. সদৌ অসম ছাত্ৰ সন্থাই অহা ১১ অক্টোবৰত সমগ্ৰ অসম জুৰি সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ উপলক্ষত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্যৰ চল্লিশটা স্থানত এই উপলক্ষত বিশেষ কাৰ্যসূচী পালিত হব বুলিও জানিব পৰা গৈছে।

৪. লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীত প্ৰাক্-শংকৰী যুগৰ এখনি সাঁচপতীয়া পুথি উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। এই পুথিখন শ্ৰীধৰ কন্দলী ৰচিত এখন কাব্যপুথি বুলি যোৰহাটস্থ অসম জাতীয় প্ৰকাশৰ উদ্যোগ গ্ৰহণ কৰি চিনাক্ত কৰা বুলিও সদৰী কৰিছে।

৫. ফৰাচী ঔপন্যাসিক পেট্ৰিক ম'ডিয়ানোলৈ ২০১৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা। ম'ডিয়ানো সাহিত্যত ন'বেল বঁটা লাভ কৰা ফ্ৰান্সৰ একাদশ গৰাকী সাহিত্যিক ৰূপে পৰিগণিত হৈছে। এই পুৰস্কাৰৰ সৈতে সাহিত্যিকগৰাকীয়ে ১.১ নিযুত মাৰ্কিন ডলাৰো লাভ কৰিব বুলি জানিব পৰা গৈছে।

৬. অহা ১৮ অক্টোবৰত অনুষ্ঠিত হব প্ৰথিতযশা সাহিত্যিক মুনীন বৰকটকীৰ জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠান। যোৰহাটৰ বালিগাঁও মিলন মন্দিৰত মুনীন বৰকটকী স্মাৰক ন্যাসৰ উদ্যোগত আৰু বালিগাঁও শাখা সাহিত্য সভাৰ সভা তথা স্থানীয় সাহিত্য সংস্কৃতিমূলক সমূহৰ সহযোগিতাতে এই অনুষ্ঠান আয়োজিত হৈছে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে ডঃ বীৰেন্দ্ৰ নাথ দত্ত আৰু স্মাৰক গ্ৰন্থৰ উন্মোচক ৰূপে উপেন্দ্ৰ বৰকটকীয়ে অংশ গ্ৰহণ কৰিব।

৭. নেশ্যনেল বুক ট্ৰাষ্টে অহা ১১-১৯ অক্টোবৰলৈ আয়োজন কৰিছে বিশ্বনাথ চাৰিআলি গ্ৰন্থমেলাৰ। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা ক্ষেত্ৰত আয়োজিত এই গ্ৰন্থমেলাখনত সহযোগিতা কৰিছে বিশ্বনাথ মহকুমা প্ৰশাসন আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাইও।

৮.  ইণ্টাৰনেট.অৰ্গৰ এক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতত উপস্থিত হৈছেহি ফেচবুকৰ সহঃ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ। স্থানীয় ভাষাত মহিলা, খেতিয়ক, প্ৰব্ৰজনকাৰীৰ সহায় হোৱাৰ এপছ বিকাশৰ বাবে ১ নিযুত ডলাৰ বিনিয়োগ কৰিব বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰীক তেখেতে সাক্ষাত কৰিব বুলিও সংবাদ প্ৰকাশ পাইছে।

৯. অসমীয়া চিনেমা নিৰ্মাতা সংস্থা এম এল এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল ৱেবচাইট কালি গুৱাহাটী হোটেল গেটৱেত মুকলি কৰিলে বিশিষ্ট লেখিকা মাইনী মহন্তই। এই অনুষ্ঠানতে প্ৰযোজনা সংস্থাটোৰ অচিৰেই মুক্তি লভিবলগীয়া অসমীয়া কথাছবি "অনুৰাধা"ৰ ট্ৰেইলাৰো মুকলি কৰা হয়। নাৰীকেন্দ্ৰিক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মেঘৰঞ্জনী মেধিয়েও অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে।

১০. গুৱাহাটীত কালি মুকলি হ'ল ইউৰোপিয়ান ইউনিয়নৰ ২৬খন দেশ ভ্ৰমণ কৰিবলৈ যাব বিচৰা পৰ্যটকৰ বাবে ভিছা কেন্দ্ৰৰ।  উত্তৰ-পূৱত এনে প্ৰথমটো ভিছা কেন্দ্ৰ উন্মোচন কৰিলে ইটালিৰ কনচুল জেনেৰেল চিজাৰ বেইলাৰে। ভি এছ এছ নামৰ প্ৰতিষ্ঠানটোৱে এই ভিছা কেন্দ্ৰ গুৱাহাটীৰ আৰ জি বৰুৱা ৰ'ডত থকা কাৰ্যালয়ৰ পৰা এই সেৱা প্ৰদান কৰিব। অনুষ্ঠানটোত ফাইনাৰৰ বিষয়ববীয়া সকল আৰু সাংসদ গৌৰৱ গগৈয়েও অংশ গ্ৰহণ কৰে।

No comments:

Post a Comment