সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
একোখন কিতাপক লৈ ভিন্নজনৰ মতামত 

ড° বুলজিৎ বুঢ়াগোহাঁই 
মাননীয় সম্পাদক মহোদয়,
এটা কথা লক্ষ্য কৰিছোঁ সাধাৰণতে কোনো এখন কিতাপৰ বিষয়ে এজন লেখকৰ আলোচনাহে কিছুমান বাতৰি কাকত তথা আলোচনীয়ে প্রকাশ কৰে। আৰু আন লেখকসকলে একেখন কিতাপৰ বিষয়ে লিখা আলোচনা প্রকাশ কৰা দেখা নাযায়। আমি ভাবোঁ এনে হোৱা উচিত নহয় কিয়নো কিতাপখনৰ আলোচনাৰ দৃষ্টিভংগী সকলো লেখক বা পাঠকৰ একে নহ’বও পাৰে।

গতিকে, কিতাপখনক বেলেগ বেলেগ দৃষ্টিভংগীৰে কৰা আলোচনাবোৰ বাতৰি কাকত তথা আলোচনীবোৰে গুৰুত্ব দিলে ভাল হয়। আশা কৰিছোঁ এই বিষয়টোৰ প্রতি বাতৰি কাকত তথা আলোচনীবোৰৰ সম্পাদকসকলে মন কৰিলে লেখকজনেও উপকৃত হোৱাৰ সুবিধা পাব।

No comments:

Post a Comment