শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

শ্ৰদ্ধাঞ্জলি

Share This
এটি ৰাছিয়ান সপোন যেন... 
অজয় লাল দত্ত

                     (১) 
কনমামা, হোমেন মামা আমাৰ কনিষ্ঠতম মামা হোৱা সূত্ৰে সৰুৰে পৰাই আমি কনমামা বুলিয়েই মাতিছিলো। মোৰ জন্মৰ এমাহমান হওতে আৰু লক্ষীমাহীৰ ল'ৰা মন্টুৰ জন্মহোৱাৰ কেইদিনমানৰ পাছতে ১৯৮১ চনতে মামাই পঢ়িবৰ বাবে ৰাছিয়ালৈ বুলি গমন কৰিছিল। আমাৰ শৈশৱতে আমি বুজি পাইছিলো যে আমাৰ গাওঁ, মৌজা, জিলা, ৰাজ্য তথা দেশৰ বাহিৰতো আছে এখন বিশাল পৃথিৱী। তাৰ বতৰা দিবলৈকে বহু দূৰৈত বহুদিন বসবাস কৰিছিল কনমামাই। মাইনিং ইঞ্জিনীয়াৰিংৰ নাম শুনিছিলো, তেখেতৰ পৰাই; শুনিছিলো কেনেকৈ বিশ্ব মৈত্ৰীৰ আদৰ্শ স্থাপন কৰিবলৈ ৰাছিয়াই বিশ্বৰ বিভিন্ন দেশৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক উন্নত কাৰিকৰী শিক্ষা দিবলৈ নিজৰ দেশলৈ লৈ গৈছিল। মামাও সেই সপোনৰ এক অংশ আছিল...

আমি বিদেশলৈ নগলেও মামাই অনা ফটোবোৰত, বিদেশী পুতলাবোৰত, চিঠি দি পঠিওৱা ৰাছিয়ান পোষ্টকাৰ্ড বোৰত উঠি আমাৰ মনেও যেন শৈশৱতে দেশ-বিদেশ ভ্ৰমি ফুৰিছিল। অলপ ডাঙৰ হোৱাৰ পৰা মামা আহিলে লগতে আমাৰ ধেমাজিৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰ মাছখোৱালৈ যোৱাতো মোৰ বাবে এক অভ্যাসত পৰিণত হৈছিল। মামাৰ আহিলে প্ৰায়বোৰ পৰিয়ালৰ মানুহ তথা আন্তৰিকতা থকা শুভাকাংখীৰ তালৈ ভুমুকি মৰাটো এটা নিয়ম যেন আছিল। এই অভ্যাস মামাই জীয়াই থকাৰ দিনবোৰত কেতিয়াও হেৰফেৰ হবলৈ নিদিছিল। সেয়ে ঘৰৰ বিশ কিল'মিটাৰৰ ভিতৰতে বাস কৰা আন কেইজন মামা বা পা-পৰিয়ালৰ সৈতে থকা আন্তৰিকতাতকৈ মামাৰ সৈতে সম্পৰ্কৰ ৰেশটো অলপ বেলেগ আছিল, সুদৃঢ় আছিল। পা-পৰিয়ালৰ ঘৰলৈ গ'লে মামাই অতীতত তেখেতৰ সৈতে থকা স্মৃতি বিজড়িত ঘটনাবোৰৰ বৰ্ণনা কৰিছিল, কি কাৰণে কোনজন মানুহ তেখেতৰ জীৱনৰ অতি আপোন সেই কথাও ব্যক্ত কৰিছিল। মামাৰ কথাবোৰৰ পৰা পৰিয়ালৰ তথা শুভাকাংখীৰ প্ৰতি পালন কৰিব লগা আন্তৰিকতা তথা আপোন ভাৱৰ এটা বহুমূলীয়া শিকনি লাভ কৰিছিলো। তেখেত মামী আৰু কনমানি দুয়োকে নিয়মীয়াকৈ ঘাই ঘৰলৈ লৈ অহাৰ লগতে পা-পৰিয়ালৰ তথা শিপাৰ সৈতে চিনাকি কৰিছিলহি। আজিৰ তাৰিখত নিজৰ দেশতে বা ঠাইতে শিপাছিন্ন হোৱা বহু পৰিয়ালৰ তুলনাত সেয়া মামাই তুলি ধৰা এক অনুপম আদৰ্শ আছিল। যিবোৰ কথা আমাৰ বাবেও জীৱনজোৰা এক শিক্ষা হৈ ৰব।
(২)
আগ্ৰাত পৰিয়ালৰ সৈতে এখন ফটো, ২০০৯ চনত
প্ৰায় বাইশ বছৰ আগতেই মামাই জোৰ কৰিছিল, বোলে বাইটি ঘৰত টেলিফান এটা লগা! অন্ততঃ সুখ দুখৰ কথা কেইটিমানটো বিদেশৰ পৰা হলেও পাতিব পাৰিম। মামাৰ আগ্ৰহৰ বাবেই আমাৰ ঘৰত লেণ্ড লাইন টেলিফোন লাগিছিল। সেইদিনত লেণ্ডলাইন টেলিফোন লগাওতেও হাঁহ মাৰি টেলিফোন লগোৱা মানুহক ভোজ-ভাত খুওৱাৰ পৰিবেশ আছিল। তাৰ পাছৰ পৰাই ৰাতি ৰাতি দেৰিকৈ হ'লেও ঘৰতে মামাৰ মাত শুনিবলৈ পাইছিলো। পোষ্টকাৰ্ডৰ চিঠিৰ সলনি এইবাৰ কমিউনিকেচন মাত-কথালৈ উন্নীত হৈছিল। তেতিয়া ভাবি আচৰিত হৈছিলো, সেই সুদূৰ দেশৰ পৰা কিৰিং কৰিং বাজিলেই সিপাৰত মামা, কিমান যে ভাল লাগিছিল। তেতিয়া কথা পাতিলে অলপ পৰ ৰৈ ৰৈ হে কথাবোৰ আহিছিল। মামাক সুধিছিলো, কৈছিল, শব্দৰ গতিৰ কথা। বুজিছিলো, বিজ্ঞানৰ পৃথিৱীখনৰ দুৱাৰ লাহে লাহে আমাৰ বাবে খুলি দিয়া হৈছে...। মামাই মাজতে ৰাছিয়ান ৰেডিঅ'ৰ পৰা অসমীয়াত বাতৰি পৰিবেশন কৰিছিল। তেতিয়াও মাজৰাতিও কান উনাই শুনিছিলো, দূৰণিৰ পৰা ভাঁহি অহা আপোন মামাৰ মাত...। তেতিয়াও বুজিছিলো, মামা কুশলে আছে!

মামাই শিক্ষা সাং কৰাৰ পাছত তাতে অনছালৰ কোম্পানীত কামত সোমোৱাৰ পাছতে বিয়াৰ কথা ওলাইছিল। টেলিফোনতে মাঁহতক কইনাচাবৰ বাবে অনুৰোধ কৰিছিল। আহিলেই বিয়া পাতিহে যাব বুলি এবাৰ প্ৰায় মন ঠিক কৰি মামা ওলাইছিলহি। তেতিয়াই গহপুৰৰ কলাবাৰীস্থ কনমাহী(লিলি)ৰ ফালৰ পৰা খবৰ আহিছিল। মহাৰ ভতিজীৰ সৈতে পঢ়া বিশ্বনাথৰ কইনাৰ খবৰ। মা আৰু মই গুৱাহাটীৰ পৰা আহোতে মাহীহঁতৰ ঘৰত সোমাই সেই বিষয়ে আলাপ-আলোচনা কৰি ঘৰ পাইছিলোহিহে সিদিনা ৰাতি। পুৱাই মামা আহি পালেহি, দুপৰীয়ালৈ পুনৰ ধেমাজিৰ পৰা কলাবাৰীলৈ ওলালো। পিছদিনা পুৱাই কলাবাৰীৰ পৰা মা,মাহী, মামাৰ সৈতে গৈ বিশ্বনাথত ভতিজী দুগৰাকীৰ সৈতে কইনাৰ ঘৰত টোকৰ দিলোগৈ। কইনা ইংৰাজীত এম এ, উচ্চ শিক্ষিত, দেখাত ভাল, ঘৰখনো ভাল, ব্যৱহাৰ পাতিও...কথাবোৰ মিলিব যেন লাগিল। চা-চিনাকি হোৱাৰ পাছত, চাহ-তাহ খোৱাৰ পাছতে মামাই মোক ক'লে- ব'ল তয়ে ময়ে অলপ ফুৰি আহো, মাহঁতে কথা পাতক। আমি দুয়ো ওলাই গ'লো, অলপ ইফাল সিফাল ফুৰি আহো মানে, কইনাৰ ঘৰত ভাত পানী ৰেডি। কথা-বতৰা মাহতে পাতিলে, মামাইও সন্মতি দিলে। গম পালো, এইবাৰ আমি কনমামী আনিব লাগিব, কনমামাৰ বিয়া হব। আমাক ধেমাজিলৈ পঠাই মামা গুৱাহাটীলৈ দেউতাক (তেখেতৰ ডাঙৰ ভিনদেউ) লগ কৰিবলৈ গ'ল, বিয়াৰ সন্দৰ্ভত পৰিকল্পনা কৰিবলৈ।

দুদিনমান পাছত বিশ্বনাথৰ পৰা কইনাঘৰৰ দেউতাক, মামাক আদি আহি দৰাৰ ঘৰ চাবলৈ বুলি ধেমাজি পালেহি। মই তেতিয়া সপ্তমত যদিও মোৰেই পাল পৰিল, ঘৰ দেখুৱাবলৈ নিয়াৰ। আমি সেইদিনা বাছত বৰ ভীৰ হোৱা বাবে, এখন পৰিবহন নিগমৰ ৰঙা বাচ ভাৰা কৰি লৈ বিশ কিল'মিটাৰ দূৰৈৰ মামাহঁতৰ ঘাই ঘৰলৈ গৈছিলো। এতিয়া সকলো সপোন সপোন লাগে। ঘৰত কৃষক ককা, শিক্ষক ককায়েক, ভতিজা, ভতিজী, কাষত লাইপুলীয়া নৈ, নৈ পাৰৰ খেতি, খেতি নিৰ্ভৰ পৰিয়ালটোৰ পৰাই এইজনা গৈ বিদেশত মাইনিং ইঞ্জিনীয়াৰ হৈছেগৈ.... সকলো দেখি বুজি কইনাঘৰৰ পৰিয়ালেও মামাৰ সফলতাৰ যাত্ৰৰ কথা নিয়াৰিয়কৈ বুজি উঠিছিল। বিয়াত সন্মতি দিছিল, মামা আৰু দেউতাই গুৱাহাটীৰ পৰা আহি আঙুঠি পিন্ধাই থৈ আহিছিল....তাৰ পাছত দলদোপ হেন্দোলদোপকৈ মামাৰ বিয়াখন অনুষ্ঠিত হৈছিল। এম্বেছেদৰ গাড়ীত উঠাই মামীক লৈ অহা হৈছিল, আমিও জীৱনৰ বাবে এগৰাকী আপোন উপহাৰ পাইছিলো, আমাৰ "কনমামী"। নীতি-নিয়ম কৰি শেষ কৰাৰ পাছতো পুনৰ আঠ-মঙলা, ঘৰ উঠালৈ মামা-মামীৰ লগত বিশ্বনাথলৈ গৈছিলো। তাৰ পাছত মামা-মামী অৰুণাচলত বন্ধুৰ তালৈ ফুৰিবলৈ গৈছিল..তাৰ পাছত ঘূৰি গৈছিল নিজৰ কৰ্মস্থলী ৰাছিয়ালৈ। 
(৩) 
মামাৰ সৈতে কথা-বতৰা পাতবলৈ কোনো সংকোচ বোধ কৰা নাছিলো। সেয়া চাগৈ মামাৰ পাণ্ডিত্যপূৰ্ণ ব্যক্তিত্বৰ বাবেই হওক বা তেখেতে কথাবোৰ কানপাতি শুনাৰ বাবেই হওক। বিশেষকৈ মোৰ জীৱনৰ বহু ব্যক্তিগত কথাও ডাঙৰ হোৱা স্বত্বেও তেখেতৰ সৈতে মুকলিকৈ আলোচনা কৰিছিলো। তেখেতে দিহা দিছিল, দিক দিছিল। তেখেতে বিদেশত থাকিও কেতিয়াও ইংৰাজী অসমীয়া খিচিৰি কথা বতৰা নকৈছিল। যেতিয়া ইংৰাজী তেতিয়া ইংৰাজী, যেতিয়া অসমীয়া তেতিয়া অসমীয়া। আহিলে খোৱা বোৱাতো খাচ অসমীয়া খানা তেওঁৰ পচন্দ আছিল। তেওঁ নিজেই জুহালত সোমাই বনাইছিল। সেইবোৰ তেখেতৰ ব্যক্তিত্বৰ আছিল কেতবোৰ অলংকাৰ স্বৰুপ।

কনমামাৰ সৈতে আন্তৰিক সম্পৰ্কৰ কথা আচলতে শব্দৰে প্ৰকাশ কৰাটো অতি কঠিন। মোৰ জীৱনত দিক দিয়া তেখেতৰ অৰিহণাক সোঁৱৰিবই লাগিব। তেখেতে মই দ্বাদশৰ পৰীক্ষা ধেমাজি কলেজত দি শেষ কৰাৰ দুদিনমান পাছতে ঘৰ ওলাইছিলহি। লগে লগে কিতাপ-পত্ৰ বান্ধি গুৱাহাটীলৈ ওলাবলৈ কৈছিল। টোপোলা বান্ধিয়েই মই মামাৰ সৈত মাছখোৱা-বিশ্বনাথ চাৰিআলি হৈ গুৱাহাটী পাইছিলোহি। তাৰ পাছতে তেখেতৰ পৰামৰ্শতে গুৱাহাটীত ইঞ্জিনীয়াৰিঙৰ ক'চিংত নাম লগাইছিলো। সেইমতে চিটো পাইছিলো, কি ব্ৰান্স পঢ়িম বুলি সোধাত মামাই দিয়া উত্তৰে মোক বহুদিন খেলিমেলি লগাই আছিল, বহু বছৰেই। তেখেতৰ পৰামৰ্শত কম্পিউটাৰ চায়েন্স নপঢ়ি মেকানিকেলত নাম লগাইছিলা। তেখেতে কৈছিল ক'ৰ ব্ৰান্স পঢ়িবি। পঢ়ি থকা কালতো কেতিয়াবা ভাবিছিলো, কম্পিউটাৰ পঢ়িবলৈ কিয় বা মামাই মানা কৰিলে। পিছে পাছত উপলব্ধি কৰিলো, কম্পিউটাৰ চায়েন্সৰ পৰা গৈ কৰা চফটেৱৰ আদি বহুতো চাকৰিতো মেকানিকেলৰ ল'ৰাই চাকৰি পাইছিল। কিন্তু মেকানিকেল ক'ৰ বিভাগ হোৱাৰ বাবে বহুতো কোম্পানীত কম্পিউটাৰ ইঞ্জিনীয়াৰ চাৰ্ভিজ ইঞ্জিনীয়াৰ ৰূপেহে কাম কৰে। 

ভাগ্যক্ৰমে মই বৰ্তমানে চাকৰি থকা তেল কোম্পানীটোত ক'ৰ ব্ৰাম্সৰ মানুহকেই মূল-সুঁতিৰ বুলি গণ্য কৰে। তেতিয়াহে পাছত উপলব্ধি কৰিছিলো, মামাই দেশে-বিদেশে থাকি, উদ্যোগত থাকি পোৱা অভিজ্ঞতাৰ পৰাহে সেই পৰামৰ্শ দিছিল। লাহে লাহে কম্পিউটাৰ ইঞ্জিনীয়াৰ হবলৈ নোপোৱাৰ অভিমানটো মনৰ পৰা আঁতৰাই পেলাইছিলো, তাৰ ঠাইত পুঁহিছিলো মামালৈ এক বিশেষ কৃতজ্ঞতাহে।তেখেত মই ডিব্ৰুগড়ত এম টেক কৰি থাকোতেও মোৰ দুৰ্ঘটনা হোৱা বুলি শুনি পোনে পোনে বিমানেৰে তালৈকে উৰা মাৰি গৈছিল। আমি সিদিনা অইলত কিবা এটা কৰ্মশালালৈ গৈ আহি পোৱাত দেৰি হৈছিল। সিফালে মেছত চাউল নাছিল, দৌৰা-দৌৰিকৈ আহি মেচ পাওতে দেখো, মামাই মালিকৰ সৈতে চিনাকি হৈ তলা খুলি পাকঘৰত সোমাই কুকাৰত লোকেল মুৰ্গী বনাই আছে। গৈ পোৱাৰ লগে লগেই বাকী কেইজনৰ লগতো চিনাকি হৈ কৈছিল, আজি ৰাছিয়ান ষ্টাইলত তোমালোকক খুৱাম বুলি ভাবি, বনাইয়েই আছিলো! মোৰ বন্ধু কেইজনো আচৰিত হৈছিল। মামাই বিদেশৰ পৰা আহি চাউল-পাত সকলো কিনি আনি খালী পাকঘৰত আমালৈ খানা বনাই আছিল... তেনেকুৱা সহজ আৰু অন্তৰ জিনিব পৰা মামা আছিল কনমামা!মই ইঞ্জিনীয়াৰিং পাছ কৰাৰ পাছত চাকৰি নোপোৱাৰ বেদনা সহিবলৈ দিবলৈ তেখেত ৰাজী নাছিল। তেখেতে ৰাছিয়াত লগতে পঢ়া বন্ধু আশুতোষ নাৰংগৰ দিল্লীস্থ ৰাজীৱ হাইড্ৰিলিকচত কথা পাতি মোক মতাই নিছিল। হাৰিয়ানাত ছমাহ থাকি সেই কোম্পানীত বহু কথাই শিকিবলৈ পাইছিলো। সেই কাহিনীৰ ট্ৰেইনিংৰ বহীখনত লিপিবদ্ধ বহু কথাইহে মোক বৰ্তমানৰ চাকিৰেটা পোৱাত সহায় কৰিছিল। সেয়ে মামাৰ প্ৰতি ইয়াতো কৃতজ্ঞতা প্ৰকাশ কৰিবই লাগিব। নতুন কোম্পানীত যোগদান কৰি ট্ৰেইনিংৰ শেষত ডেৰাডুনৰ পৰা আহি মুম্বাইলৈ আহিবলৈ লওতেও মামাই আহি দিল্লীৰ ৰে'লৱে ষ্টেচনতে ৰৈ আছিলহি, কেই ঘণ্টামানৰ বাবে হলেও নিজা ঘৰলৈ আগ্ৰেহেৰে লৈ গৈছিল, মামীয়েও হেপাঁহেৰ আপ্যায়ন কৰিছিল, কনমানি কেইটাৰ সানিধ্যৰেও সম্পৰ্কবোৰ উমাল হৈছিল।
(৪)
কনমামাইও নিজৰ বহু কথাই মোৰ সতে খোলাখুলিকৈ আলোচনা কৰিছিল। তেখেতে সকলোৰে লগত সকলো কথা নাপাতিছিল। কাক কি কথা কব লাগে, কি কথা পাতিব লাগে সেয়া খুৱ ভালকৈ জানিছিল। তেখেত ৰাছিয়াত দুৰ্বৃত্তৰ হাতত আক্ৰমণৰ লক্ষ্য হৈ আঘাত পোৱা ঘটনাৰ পাছত মামাৰ মনত এক অজান ভয়ে বাঁহ পাতিছিল। সেয়ে তেখেতে পৰিয়ালটো দিল্লীত সংস্থাপিত কৰা কথা কৈছিল। ৰাছিয়াৰ পৰিবেশৰ তিনিটা দশকৰ পৰিবৰ্তিত ৰূপে তেখেতক দুখী কৰি তুলিছিল। তেখেতেই ১০৮, মৃত্যুঞ্জয় বাহনৰ দৰে সেৱা কেইবাদশক পূৰ্বেই ৰাছিয়াত থকাৰ কথা কৈছিল, তাৰ সমাজ ব্যৱস্থা, ৰাজনৈতিক দিশৰ বিভিন্ন দিশৰ কথাও আলোচনা কৰিছিল। তেখেতৰ দৰেই ৰাছিয়াত পঢ়িবলৈ সুযোগ পোৱা সকলৰ কথাৰে, ৰাছিয়াৰ বিভংগনৰ সময়ত সেই সকল ছাত্ৰই কৰ্মসংস্থাপনৰ সংগ্ৰাম কৰাৰ কথাবোৰ প্ৰতিফলিত হোৱা "জিৰ পাৰ্চেণ্টাইল" নামৰ উপন্যাসখন মই পঢ়িছিলো। মামাকো পঢ়িবলৈ দিছিলো, তেখেতৰ সৈতে সেই সময়ৰ বিভিন্ন সামাজিক, অৰ্থৈনৈতিক উত্থান পতনৰ কথাবোৰ বুজি উঠিবলৈ তথা তেখেতক প্ৰশ্ন সুধি মনতে সেই ছবি পৰিষ্কাৰ কৰি লবলৈ সক্ষম হৈছিলো।

মামাৰ আন্তৰিকতাৰে সপৰিয়ালে আমাৰ বিয়ালৈ আহিছিল, গোটেই ৰাতি হোমৰ গুৰিত বহিছিল। মামাৰ চকুৰ সমুখত হোৱা ভাগিনবোৰৰ ভিতৰত সেইখনেই একমাত্ৰ বিয়া আছিল। বিয়াৰ পাছতো দিল্লীৰ ঘৰলৈ আমা দুয়ো গৈছিলো, দুয়োটা পৰিয়ালকে তেখেতে একেলগে তাজমহল চাবলৈ লৈ গৈছিল। তেখেতৰ পুৰণি সহপাঠীৰ পৰিয়ালকো সেই সময়তে ভাত খাবলৈকো মাতিছিল। সেইবোৰ চাগৈ মামাই সোঁৱৰণিত ৰঙ সানিবলৈহে কৰিছিল। এতিয়া ভাবিলে তেনেহে অনুভৱ হয়। মামাই মাজতে কিছুদিন বিদেশী জীৱনৰ পৰা বিৰতি লৈছিল। তাৰ মাজতে ২০০৯চনত হোৱা লোকসভাৰ নিৰ্বাচনত আমাৰ দেউতাৰ হৈ প্ৰচাৰ চলাবলৈকো ঘৰলৈ আহিছিল। সেই সময়ত জিলাকেইখনত মাজুলী পৰ্য্যন্ত ডেকাচামৰ সৈতে ঘূৰি ভাগৰি পৰা মামাৰ মুখত এক প্ৰশান্তিৰ আভা দেখিবলৈ পাইছিলো। তিনিটা দশক বাহিৰৰ হাৱা-পানী খাই মানুজনে জন্মভূমিৰ হাৱা-পানী-মাটিৰ সুৱাস লৈ উদ্ভাসিত হৈ পৰিছিল। তেওঁ উভতি আহি স্থানীয় ৰাইজৰ বাবে কিবা এটা কৰাৰ মন বান্ধিবলৈকো মন কৰাৰ কথা ব্যক্ত কৰিছিল।দেশ নে বিদেশ, সেই সময়ত তেওঁৰ মনত অনাগত দিনবোৰ কটাবৰ বাবে এক দোমোজাই ঢৌ খেলি গৈছিল। 

কিন্তু শেষত পেশাগত কাৰণত মামাই পুনৰ এটা কোম্পানীত যোগদান কৰি ৰাছিয়ালৈ গুচি গৈছিল। ময়ো পৰিয়াল সহ চাকৰিৰ খাতিৰত মুম্বাইলৈ গুচি অহাত আগতে অহা-যোৱা কৰোতে কেতিয়াবা মামাৰ দিল্লীৰ ঘৰত সোমাই যোৱাৰ অভ্যাসটোত যতি পৰিল। তেতিয়াৰ পৰা মামাৰ সৈতে ইণ্টাৰনেট আৰু স্কাইপ যোগেই বাৰ্তালাপ হৈছিল। তথাপি দূৰৈত থাকিলেও মামাৰ সানিধ্য লভি আছিলো, বিয়লি গধূলি। মাজে মাজে পৰিয়াল, সন্তান দিল্লীত থৈ মস্কোত থকাৰ বাবে মামাক বিষন্ন দেখা গৈছিল। কিন্তু সময় আৰু সন্তানৰ জীৱনৰ তাড়ণাত মামাই সেইবোৰ ভাৱনাক বেছি সময় দুলি থাকিবলৈ দিয়া নাছিল। তেওঁ আছিল সদা উৎসাহী, সচেতন আৰু চিৰদিনৰ দৰেই সৌদাৰ্যপূৰ্ণ ব্যক্তি। 
(৫)
ধেমাজিৰ মাছখোৱা অঞ্চলটোৰ পৰা চাৰিটা দশকৰ পূৰ্বেই সুখ্যাতিৰে প্ৰথম শ্ৰেণীৰ কেৰিয়াৰ গঢ়া মামা অঞ্চলটোৰ জন-জীৱন তথা প্ৰজন্মৰ বাবেও আগ্ৰহ তথা প্ৰেৰণাৰ বিষয় আছিল। সেয়ে তেখেত অধ্যয়ন কৰা আটাইেকইখন বিদ্যালয়ে নিজৰ জয়ন্তী সমূহত তেখেতক নিমন্ত্ৰণ জনাইছিল। মামাই কায়িক ভাবে উপস্থিত থকাৰ উপৰিও নিজৰ লেখাৰে স্থানীয় নৱ-প্ৰজন্মক প্ৰেৰণা দিবলৈ চেষ্টা কৰিছিল। তেখেতৰ বন্ধু বিকাশ দত্তই ধেমাজি বাণিজ্য মহাবিদ্যালয়তো এনে প্ৰেৰণামূলক অন্তৰংগ আলাপৰ অনুষ্ঠান আয়োজন কৰিছিল। মামাই কম্পিউটাৰত অসমীয়া টাইিপং সঁজুলি ভৰাই লৈছিল, ইণ্টাৰনেটতো অসমীয়াত তেখেত মতামত দিবলৈ আৰম্ভ কৰিছিল। মামাৰ কলমেৰে বহুতো প্ৰেৰণামূলক, স্বাৱলম্বনৰ পথৰ সন্ধান, আৰ্ন্তজাতিক ৰাজনীতি আদিৰ কথাৰে অসমীয়া সাহিত্য সমৃদ্ধ হোৱাৰ থল আছিল। তেখেতে নিয়মীয়াকৈ আমি প্ৰকাশ কৰা "অসমীয়াৰ সুখ-দুখ"তো লিখিব বুলি শেহতীয়াকৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুখৰ কথা কালে সেয়া হবলৈ নিদিলে...www.xahitya.org নামৰ মাহেকীয়া অনলাইন আলোচনীখনত মই লিখা সম্পাদকীয় "দোমোজা আৰু দ্বন্দৰ মাজেদি" পঢ়ি ১৫ মাৰ্চ ২০১৩ত মামাই দিয়া মন্তব্যোটা আছিল এনেধৰণৰ। "সম্পাদকীয়ৰ প্ৰথমাংশ মোৰ বাবে নষ্টালজিক। ভোগালী দিনবোৰ অতীত । ই প্ৰগতি/পৰিবৰ্তনৰ নেতিবাচক ফল। প্ৰায় সমগ্ৰ বিশ্ব মুক্ত বজাৰ মালিকানাৰ কবলত। তাৰ কবলত নপৰিবলৈ নিজৰ স্বকীয়তা বজায় ৰাখিব লাগিব। স্বকীয়তা সংৰক্ষণৰ বাবে প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন। যাৰ অভাৱ অসমীয়া সমাজত বিদ্যমান। সাম্প্ৰতিক দশকত একাংশ নতুন পুৰুষৰ সক্ৰিয় অসমীয়া সাহিত্য চৰ্চা অসমীয়া ভাষা-সাহিত্যৰ বাবে সুখবৰ। সাহিত্য.অৰগ ৰ নাম নিশ্চয় লম।" এই চুটি মন্তব্যটোতে মামাৰ আগ্ৰহ আৰু চিন্তা দুয়োটাৰেই প্ৰতিফলন ঘটিছে। 

পৰিয়ালৰ মাজত সৱল যোগসূত্ৰৰ ধাৰণা, আন্তৰিক সম্পৰ্ক, স্বাৱলম্বন, শিপাৰ সৈতে ছিন্নমূল নোহোৱা, মাটিৰ মানুহ হৈ জীয়াই খোজা আদি বিভিন্ন আভূষণ স্বৰূপ শব্দই কেৱল কনমামা হোমেন শইকীয়াৰ ব্যক্তিত্বক বৰ্ণনা কৰিবলৈ যথেষ্ট নহয়। তেখেতে অন্তত আৰু এটা দশক পৰিপূৰ্ণ জীৱন পোৱাতো উচিত আছিল বুলি মোৰ ব্যক্তিগত অনুভৱ। তথাপিও হঠাত এদিন মধ্যৰাতি গুগোলত সেউজীয়া সংকেত জ্বলি মামাৰ কুশলে থকাৰ ইংগিত পোৱাৰ পাছতো পুৱতি নিশালৈ তেখেতে আমাক এৰি থৈ গ'ল। মামাই বৰ্ণনা কৰা ৰাছিয়ান মৃত্যুঞ্জয়েও মামাক ৰক্ষা কৰিব নোৱাৰিলে। আমাৰ পৰিয়ালৰ প্ৰথমজনা ইঞ্জিনীয়াৰ, মোৰ পৃথিৱীৰ "বিশ্বকৰ্মা সদৃশ" মানুহজনে বিশ্বকৰ্মা পূজাৰ দিনাৰ পুৱাবেলাতেই বিদায় মাগিলে। অন্ত পৰিল আমাৰ ৰাছিয়ান সপোনটিৰ....। 

দূৰে দূৰে থাকিও সদায় আপোন হৈ থকা মামা, এইদৰে আঁতৰি গলিও আমাৰ হৃদয়, মন-মগজুত চিৰদিন জীয়াই থাকিব, সেয়াহে নিশ্চিত। মামালৈ জনাইছো সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি।
(লেখাটি তেখেতৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত আজি জন্মস্থান ধেমাজিৰ মাছখোৱাৰ সমাধিস্থলীত হোৱা ৰাজহুৱা সভাত উন্মোচিত হোৱা সোঁৱৰণী গ্ৰন্থ "ত্ৰিবিউট টু হোমেন শইকীয়া" নামৰ গ্ৰন্থখনিতো প্ৰকাশিত হৈছে)
লেখাটি ইউনিকোডলৈ ৰূপান্তৰ কৰি দিয়াৰ বাবে যামিনী অনুৰাগ দেৱলৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages