হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
টুটকীয়া টুইটাৰত ৰাষ্ট্ৰীয় গুজৱ

১. "ফেকুৰামৰ ভাষণ" নামৰ নাটকৰ পৰা পৰীক্ষাত প্ৰশ্ন কাটিব বুলি প্ৰকাশ কৰিলে দিল্লীৰ ভাল ভাৰতী বিদ্যালয়ে। এতিয়াৰ পৰা তেখেতৰ সকলো নাটকৰ বাৰ্ষিক ভাষণ সংকলন অহা বৰ্ষৰ পৰা বিদ্যালয় সমূহত দ্ৰুতপাঠ্য ৰূপেও প্ৰচলন কৰা হব পাৰে বুলিও স্মৃতিউজ্জ্বল বাইদেৱে চিন্তা চৰ্চা চলাই থকাৰো গোপন খবৰ প্ৰকাশ পাইছে।

২. শিক্ষকতা বৃত্তি নহয়, এক পৰম ধৰ্মহে! কিন্তু শিক্ষাৰ বিজনেজটো অতি উত্তম বুলি বুলি ঘোষণা কৰিলে নৰেন ককাইদেৱে। শিক্ষক দিৱসৰ দিনাই "স্পেচিয়েল স্কুল বিজনেজ জ'ন", "কলেজ বিজনেজ জ'ন" আদিও ঘোষণা কৰিব পাৰে বুলি প্ৰকাশ পালে সম্ভাৱনা। বিদেশী বিনিয়োগকাৰীক ভাৰতৰ ব্যক্তিগত শিক্ষা খণ্ডত কম দৰমহা অথচ বেছি ফীজলৈ আঙুলিয়াই দি তেওঁ তাৰ পূৰ্ণ ফায়দা উঠাবলৈও তেখেতে আহ্বান জনোৱাৰ সম্ভাৱনা থকাৰো গোপন খবৰ।

৩. এতিয়া ছাৰৰ ভাষণক লৈ পৰীক্ষা পতাৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগেই টুইটাৰত চেম্পোল প্ৰশ্নৰ উজান উঠিছে। ছাৰে কেইবাৰ নিৰ্বাচনী শপতনামাত বৈবাহিক সম্পৰ্কৰ কথা উল্লেখ কৰা নাছিল, তেখেতৰ মেন অৱ দ্যা মেচৰ বিৰুদ্ধে কিমানটা অপৰাধীক গোচৰ আছে আদি প্ৰশ্নই এই সাম্ভাব্য প্ৰশ্নকাকতৰ উজানত আগস্থান লাভ কৰিছে।

৪. পাপ্পু গান্ধী নামৰ দেশৰ বেণ্ড বজোৱা পাৰ্টিৰ নেতা এজনে আজি "জাপানত ঢোলবাদন" শীৰ্ষক গ্ৰন্থ নিজৰ সমষ্টিত উন্মোচন কৰাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে, ভাৰতত বিজুলীৰ অভাৱ, বজাৰত চৰাদামৰ কথা পাহৰি জাপানত গৈ বুলেট ট্ৰেইনৰ ঢোলবাদন দিয়া এজন জ্যেষ্ঠ নেতাকলৈয়ে এই সমালোচনামূলক গ্ৰন্থখন পাপ্পুৱে প্ৰকাশ কৰিছে বুলিও জানিব পৰা গৈছে।

৫. ভাৰতক বিশ্বৰ আত্মহত্যাৰ ৰাজধানী বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।বিশ্বৰ ভিতৰতে সবাটোতকৈ বেছি আত্মহত্যাৰ এই সংখ্যাৰ বাবে বিগত ১০বছৰৰ কুশাসন জগৰীয়া নে ১০০দিনত হোৱা স্বপ্ন ভংগ, তাকেলৈও এতিয়া বিশ্লেষণ আৰম্ভ হৈছে। বিষয়টোত শাসক-বিৰোধীৰ পৰস্পৰৰ দলাদলি দেখি অতীষ্ঠ হৈও কিছু সংখ্যক লোকে এই স্ক'ৰ বৃদ্ধিৰ কথা চিন্তা কৰিবলৈ লোৱা বুলিও টিভি দৰ্শক সন্থাই প্ৰকাশ কৰিছে।

৬. কাইলৈ শিক্ষক দিৱসত ছাত্ৰ সকলক ছাৰে শপত প্ৰদান কৰিব নেকি বুলিও এটি খবৰৰ সম্ভাৱনাৰ ধুমুহাই টুইটাৰত খলকনি তুলিছে। সকলো বুঢ়া-মেথা ছাত্ৰ-ছাত্ৰীকে ছাৰে পঢ়া "গেৰুৱা স্কুল অৱ থট"ৰ ইউনিফৰ্ম হাফ-পেণ্ট পিন্ধিবলৈ আহ্বান জনোৱা হব পাৰে বুলি জ্যোতিষী বেইজান দাৰুৱালাই ভৱিষ্যতবাণী কৰিছে।

৭. নতুন প্ৰজন্মই এতিয়া সাংগঠনিক নেতৃত্বৰ দাবী তোলাত অতিশয় আনন্দিত হৈছে হাতোৰা পাৰ্টিৰ নেতা দিগবিজিত সিঙ। তেওঁ কয় যে বহল মনৰ সুন্দৰী সকলৰ সৈতে সাংঘাতিক কাম কাজ কৰাৰ বিষয়টোত তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে। তেওঁ সংগঠনৰ দ্বায়িত্ব লবলৈ অহা নতুন চামকো সাংবাদিকক আকৰ্ষণ কৰাৰ সহজ উপায় আদি টিপচ শিকাই দিব বুলিও টুইটাৰ যোগে স্বেচ্ছাই আগবাঢ়ি অহাও পৰিলক্ষিত হৈছে।

৮. মোদী চৰকাৰে শিক্ষক দিৱসৰ দিনা নিজৰ মন্ত্ৰী সকলক স্কুললৈ ঘূৰি গৈ শিক্ষা সমাপ্ত কৰি আহিবলৈ বাধ্য কৰিব লাগে বুলি দাবী তুলিছে এজন সচেতন টুটকীয়া দেৱেশ্বৰ পেৰেইৰাই।

৯. চেকুলাৰ বুদ্ধিজীৱি সন্থাই টিভিৰ বিতৰ্ক সমূহত ইছলামিক জেহাদী কাৰ্যকলাপক খোদ ইছলামিক লোক সকলতকৈ বেছি সমৰ্থন কৰা দেখা যোৱাকলৈও টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ৰাজনৈতিক বিৰোধিতাত অন্ততঃ মানৱতাৰ কথা পাহৰি নাযাবলৈকো এই অত্যৎসাহী সকললৈ আহ্বান জনাইছে নিখিল ভাৰত সচেতন টুইটাৰী সন্থাই।

১০. টিআৰপিৰ পৰা হোৱা ফায়দাৰ বাবে আল কায়দা ককাইদেউৰ ভিডিঅ' সকলো ভাষাৰ চেনেলতে চলাই থকাত উদ্বেগ প্ৰকাশ কৰিছে সমাজ সচেতন দৰ্শক সন্থাই। এই চেনেল সমূহকো এনে বিষয়ত লেকাম লগাব লাগে বুলিও মুখপাত্ৰ খগেন শৰ্মাই প্ৰকাশ কৰিছে।

No comments:

Post a Comment