Tuesday, September 9, 2014

অনুভৱ

প্ৰিয়া বসুমতাৰীৰ হত্যাৰ কথাৰে
ডাঃ বিৰাজ কুমাৰ শৰ্মা
প্ৰিয়া বসুমতাৰী । এজনী পোন্ধৰ-ষোল্ল বছৰীয়া মৰমলগা ছাত্ৰী । জীৱন কি সেই সম্পৰ্কে বুজাৰ আগতে এচাম মানৱৰূপী পশুৰ জিঘাংসাৰ বলী হ’ল তাই। তাইৰ অপৰাধ, এচাম স্বজাতিৰ মুক্তিৰ হ’কে হাতত অস্ত্ৰ তুলি লোৱা তথাকথিত বিপ্লবীৰ গোপন তথ্য হেনো আৰক্ষীক যোগান ধৰিছিল তাই (সেয়া সন্দেহ কৰিছিল ঘাতক সকলে)! তাৰেই প্ৰতিশোধ স্বৰূপে হাতত অত্যাধুনিক মাৰানাস্ত্ৰ লৈ এচামে তালিবানী কায়দাৰে হত্যা কৰিলে তাইক । এজনী নিৰীহ নিৰস্ত্ৰ যুৱ্তীৰ দেহত গুলীবৰ্ষণ কৰোতে এবাৰলৈও হাত কঁপি নুঠিল সেই স্বজাতিৰ মুক্তিৰ পণ লোৱা সেই তথাকথিত বিপ্লৱীৰ ।


কি হাস্যকৰ, ভাৰতীয় সেনাক প্ৰত্যাহ্বান জনাবলৈ যোৱা সেইসকল দহ-বাৰজনীয়া সন্ত্ৰাসবাদীৰ দলে কিন্তু এজনী মাত্ৰ যুৱতীক প্ৰত্যাহ্বান জনাবলৈ হাজিৰ হ’ল হাতত স্বয়ংচালিত অস্ত্ৰ লৈ । হয়তো এই ক’লা অধ্যায় এদিন কাৰোবাৰ বাবে দুঃস্ব্প্ন, কাৰোবাৰ বাবে অতীত, কাৰোৱাৰ বাবে হেৰুওৱাৰ বেদনা আৰু কাৰোবাৰ বাবে নষ্টালজিয়াত পৰিণত হ’ব । কিন্তু নিৰীহৰ তেজেৰে ফাকু খেলা সেই পাষণ্ড হতৰ কি হ’ব? নে ডিঙিত গামোছা লৈ সিহঁতবোৰেও অদূৰ ভবিষ্যতে কাৰোবাৰ দৃষ্টিত জাতীয় বীৰৰ আখ্যা পাব আৰু শান্তি আলোচনাৰ নামত ৰজাঘৰেও ৰঙা দলিচা পাৰি আলোচনাৰ বাবে আমন্ত্ৰণ জনাব সিহঁতক ? যেনেদৰে ৩০ অক্টোবৰত নিৰীহৰ তেজেৰে হাত ৰাঙলী কৰা এচামে জনতাৰ সন্মূখতেই কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে আৰু যি কথাই প্ৰেৰণা দিছে সেইসকলক, যিসকলে পৃথক ৰাজ্য বিচাৰি কৰা গণতান্ত্ৰিক আন্দোলন বিফল হ’লে হাতত অস্ত্ৰ তুলি লোৱা হ’ব বুলি সংবিধানক বৃদ্ধাংগুষ্ঠ দেখুৱাই মুকলিকৈ হুংকাৰ দিব পৰা হ’ল।

অথচ সেই নৰপিশাচহতঁক ফাঁচি কাঠত ওলোমাব লাগে বুলি এদিন ৰাজ্যজুৰি দাবী উঠিছিল, উকীলসকলে তেওঁলোকৰ হৈ ওকালতি নকৰাৰ পণ লৈছিল, সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাই বুলি বিভিন্ন শ্লোগান বৰ্ষিত হৈছিল । কিন্তু শেষত সকলো হ’লগৈ ফুটুকাৰ ফেন । সন্ত্ৰাসবাদীক লৈও জাতীয় আবেগ সানিলে এচামে ।

ধাৰাবাহিক বোমা বিষ্ফোৰণেৰে তেজৰ ফাকু খেলা সন্ত্ৰাসবাদীক হাতকেৰেয়া লগাই আদালতলৈ অনাৰ সময়ত এচামে প্ৰতিবাদ কৰিলে বৈষম্যৰ অভিযোগ তুলি, দাবী কৰিলে স্বাধীনতা দিবসৰ দিনা সমবেত হোৱা দেবশিশুৰ তেজেৰে হাত পখলাহঁতৰ সমমৰ্যদা দিব লাগে বুলি । কিন্তু জাত-পাতৰ উৰ্দ্ধলৈ গৈ ধাৰাবাহিক বিষ্ফোৰণেৰে তেজৰঙা ইতিহাস গঢ়া সকলৰ দৰেই দেৱশিশুৰ তেজেৰে হাত পখালা সকলৰো তদ্ৰুপ শাস্তি হওক বুলি শ্লোগান নিদিলে কোনেও।

এয়াই আমাৰ দেশ, এয়াই আমাৰ দেশৰ আইন আৰু এয়াই আমাৰ দেশৰ সচেতন জনতা আৰু নাগৰিকৰ মানসিকতা । আকৌ হয়তো প্ৰিয়া বসুমতাৰীৰ দৰে হত্যাৰ বলি হ’ব আন কোনোবা । আকৌ চৰকাৰে ভাষণ দি যাব সন্ত্ৰাসবাদক আৰু সহ্য কৰা নহ’ব বুলি, সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি । নিৰীহ নাগৰিকৰ তেজেৰে নিজৰ জাতিৰ ভবিষ্যতৰ সপোন দেখাসকলে সপোন দেখি যাব, বুঢ়া লুইতেও চকুলো টুকি টুকি কঢ়িয়াই যাব স্বজাতিৰ তেজ মহাসাগৰৰ বুকুলৈ । লাহে লাহে পাহৰণিৰ গৰ্ভত লীন যাব সকলো ।

প্ৰিয়া বসুমতাৰীৰ পিতৃ-মাতৃৰ হিয়াভগা ক্ৰন্দন, ধেমাজিৰ বোমা বিষ্ফোৰণ, ২০০৮ ৰ ৩০ অক্টোবৰৰ ক’লা ধোঁৱা আৰু তেজৰঙা ইতিহাসৰ ক’লা অধ্যায়, ২০০৯ৰ নববৰ্ষৰ প্ৰথম দিনটোতেই ঘ্টা ধাৰাবাহিক বোমা বিষ্ফোৰণ, মেধাবী ছাত্ৰ ঝংকাৰ শইকীয়াৰ আৰ্তনাদ ইত্যাদি সকলো এদিন অতীত হব । এগছি বন্তি জ্বলাই নিহত সকলক স্মৰণ কৰাৰ আনুষ্ঠানিকতাখিনিৰ বাদে আমি আৰু কৰিমনো কি? কাৰণ আমাৰ যে আবেগ ক্ষন্তেকীয়া ।

No comments:

Post a Comment