হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম১. অমৃত বাদশ্বাহে আজি নতুন টীম ঘোষণা কৰিছে। বছৰটোৰ মেন অৱ দ্যা মেচ বঁটা পোৱাৰ পাছত প্ৰতিভাশালী জনে নিজেই নিৰ্বাচক আৰু নিজেই কেপ্তেইন হোৱাৰ সুবিধা লাভ কৰিছে বুলি পদুম পুখুৰীৰ পাৰৰ পৰা পদ্মেশ্বৰে আমাক জনাইছে।

২. বাদশ্বাহৰ নতুন টীমৰ পৰা বলুন গান্ধীক বাদ দিয়া হৈছে। আগতে ভয়ানক বলিং কৰি কাৰোবাৰ হাত, কাৰোবাৰ মূৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা খেলুৱৈজন ইতিমধ্যে শ্লেজিংৰ বাবেও সমালোচিত হৈছিল। আছলতে তেওঁৰ মাতৃয়ে উত্তাল প্ৰদেশখন খেলুৱৈজনক গতাই দিবলৈ আহ্বান জনোৱাতহে নজৰ লাগি বলুন গান্ধীৰ টীমৰ পৰাই বাহিৰ হোৱা বুলি খেলপ্ৰেমী সকলে অনুমান কৰিছে। ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হ'লেও বাদশ্বাহৰ কিন্তু উত্তাল প্ৰদেশখন এৰি দিয়াৰ মন একেবাৰে নাই বুলিও চকু-চৰহাই প্ৰকাশ কৰিছে।

৩. "সিংহম ঘূৰিছে" ছবিৰে প্ৰথম দিনাই ৩০কোটি আৰ্জন কৰি এতিয়া চকুত পৰিছে অজেয় দেৱাগন। যোৱা পষেকত এটা কুকুৰক কষ্ট দি ছবি বনাই অক্ষয়ে কেইবাকোটি লুটি নিয়াৰ পাছত এইবাৰ সিংহক ব্যৱহাৰ কৰি এইদৰে ধন ঘটাৰ মেচিন খোলাৰ বাবে বন্য-প্ৰেমী সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে। চাৰ্কাছ দলে খুৱাই পোৱাই ৰাখে যদিও প্ৰাণীক দেখুৱাই ইমান ধন নঘটে বুলিই সংস্থাই স্পষ্ট কৰি দিছে। এতিয়া চুপাৰী ধনী বন্যপ্ৰাণী ক্লাৱ এটা খোলাৰ প্ৰয়োজন হোৱাৰ কথাই সংস্থাই অনুভৱ কৰিছে।

৪. আই.এন.এছ কোলকাতা আজি দেশৰ নামত হ'ল উৎসৰ্গীকৃত। নেভেল শ্বীপখনৰ নাম কোলকাতা দিয়াৰ পাছতে মমতা বাইদেউক তাত উপস্থিত থাকিবলৈ দিয়া নহ'ল। এতিয়া তৃণমূলীয় দলে কথাটোত ৰহস্যৰ গোন্ধ পাইছে আৰু পদুম পাৰ্টিয়ে এইবাৰ সাগৰীয় পথেৰে কোলকাতা ৰাজ্যত আহি বীজ সিঁচিবলৈ গোপন পৰিকল্পনা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে আনক ধ্বংস কৰাৰ ক্ষমতা এইখন যুদ্ধ জাহাজৰে সৰ্বাধিক....মমতা বাইদেউৰ ভয় হবৰ কথাও!


৫. মছলা টেলিকমে ভাৰতৰ প্ৰথমো দুটা-চীম থকা স্মাৰ্ট-ঘড়ী মুকলি কৰিছে। ই পালচ মানে হৃদ-স্পন্দনো জুখিব বুলিও প্ৰকাশ পাইছে। এতিয়া ৰাইজৰ হৃদ-স্পন্দন বুজি হাতোৰা আৰু পদুম দুয়োটা সেৱাৰে চীম লৈ ৰাজনেতা সকল দল-নাবাগৰাকৈয়ে দুইতালি মাৰিব পাৰিব নেকি বুলিও প্ৰশ্ন উঠিছে। নেতা সকলে কোম্পানীটোক কথাটি স্পষ্ট কৰি দিলে বহুত সুবিধাবাদীৰ কল্যান হব বুলিও প্ৰকাশ কৰিছে।


৬. গোৱাৰ বিধায়ক লাভো ককাইদেৱে বিকিনী বীচ্চ নামেৰে এখন সমুদ্ৰ থলী নামাকৰণ কৰিবলৈ আহ্বান জনাইছে। লাভো ককাইদেৱে কোৱা মতে ই গোৱালৈ পৰ্যটনকাৰীক আকৰ্ষণ কৰিবই। এতিয়া লাভো ককাইদেউক দেশৰ মনোৰঞ্জন মন্ত্ৰী পাতি দিবলৈকো দিল্লীৰ বৰৰজালৈ ৰাইজে টুইটাৰত দাবী প্ৰৱল কৰি তোলা বুলিও জানিব পৰা গৈছে।


৭. এতিয়া এমবিবিএচতকৈ এমবিএ কৰাত গুৰুত্ব দিব লাগে বুলি এজন বিদগ্ধ পণ্ডিতে মত প্ৰকাশ কৰাক লৈ এতিয়া দৰৱ-বেপাৰী সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়াই কমিচন লৈ হলেও দৰৱ লিখিবলৈকে পৰ্যাপ্ত ডাক্তৰ নাই, সেইটো হলে গোটেই বেপাৰটোৱেই ভুৱা ডাক্তৰ ভিত্তিক হৈ পৰাৰো সম্ভাৱনা আছে। পিছে ভুৱা ডাক্তৰ সন্থাই পণ্ডিতৰ মত প্ৰৱল আদৰণি জনোৱাৰো গোপন খবৰ!


৮. আজিও হাতোৰা পাৰ্টি এৰি এগৰাকী বিদ্ৰোহী নেতাই পদুম পাৰ্টিত যোগদান কৰিছে। আগতেই চল চাই কঠিয়া পৰা পদুম পাৰ্টিত আগতীয়াকৈ অহা হাতোৰা বিশেষজ্ঞ সকলে ছাৰৰ আগমনে দলটোত তেওঁলোকৰ শিবিৰ শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰিছে। দল-বদলাৰ বিশেষজ্ঞ সকলৰ বাবেও চৰকাৰে মন্ত্ৰীসভাত কোটা ৰাখিব লাগে বুলি অচিৰেই তেওঁলোকো দাবী তুলিবলৈকো মনস্থ কৰাৰ কথা জানিব পৰা গৈছে।


৯. কালি মৌদী চাৰৰ ল'ৰাক শাসন কৰিবলৈ জনোৱা আহ্বানৰ পাছতে সদৌ ভাৰত অভিভাৱক সন্থা সক্ৰিয় হৈ পৰা বুলি জানিব পৰা গৈছে। এতিয়াৰ পৰা ল'ৰাকো খাপ পঞ্চায়তে যুৱতীৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসাৰে শাসন কৰিব বুলিও সন্থাই টুইটযোগে ছাৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ খবৰ পোৱা গৈছে।


১০. পইচাৰে সুখ-আনন্দ কিনিব পাৰিনে বুলি চলোৱা এটা সমীক্ষালৈ সঁহাৰি দিছে নিখিল ভাৰত সুৰাপায়ী সন্থাই। বেলেগৰ কথা কব নোৱাৰিলেও সন্ধিয়া বেলিকা টকা পকেটত থাকিলে ৰঙীন বটল কিনি অন্তত সুখৰ এক সুগন্ধিময় নিচা কিনিব পাৰি বুলিও স্পষ্ট কৰি দিছে। নাগৰিকক সুখত ৰাখিবলৈ সন্ধিয়া অৰ্থনৈতিক ভাট্টা দিলেহে ৰাইজৰ ভাল দিন অহাটো নিশ্চিত বুলিও তেওঁলোক মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment