জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
এজন অধ্যাপক আৰু এটা গ্ৰন্থাগাৰ
হেমচন্দ্ৰ দত্ত
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত পঢ়ি থাকোতে মই প্ৰায়ে ইটানগৰত থকা দাদাৰ ঘৰলৈ যাওঁ। ইটানগৰলৈ গ’লে মোৰ দুটা লাভ হয় - প্ৰকৃতিৰ মাজত নিজকে বিচাৰি পোৱাৰ এটা সুযোগ লাভ কৰোঁ আৰু আনটো হ’ল বলীন ফুকন ছাৰৰ সান্নিধ্য। আৰম্ভণিতে কৈ লোৱা ভাল হ’ব যে মই যি সময়ৰ কথা লিখিছোঁ, সেই দিন আৰু আজিৰ মাজত আকাশ পাতাল তফাৎ। ইটানগৰলৈ গ’লে এতিয়া আৰু মই ইংগিত কৰা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য কোনোৱে হয়তু দেখিবলৈ নাপাব। গছ কাটি, পাহাৰ খহাই ইটানগৰৰ আগৰ চেহেৰা নোহোৱা কৰিলে আজিৰ মানুহে।

ইটানগৰত মোৰ বাবে আৰু এটা আৰ্কষণ আছিল । সেয়া হ’ল তাত থকা ৰামকৃষ্ণ মিচনৰ স্বামীজী ৰমেশ মহাৰাজ। এবাৰ মাৰ ডাঙৰ অসুখ হোৱাত ৰামকৃষ্ণ মিছনৰ ইটানগৰত থকা চিকিৎসালয়খনত ভৰ্তি কৰিবলগীয়া হ’ল। সেই সময়ত মই প্ৰতি মুহূৰ্ততে মাৰ লগত গাৰ ছাঁৰ দৰে আছিলো। তেতিয়াই মোৰ চিনাকী হৈছিল ৰমেশ মহাৰাজৰ সৈতে। মহাৰাজৰ ব্যক্তিত্ব, ৰোগীৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱে মানুহজনৰ প্ৰতি মোক আকৰ্ষিত কৰিছিল। আৰু আচৰিত কথা মোকো খুব মৰম কৰিছিল মানুহজনে। তাৰো এটা কাৰণ আছিল। সৰুতে বিবেকানন্দৰ বিষয়ে পঢ়িছিলো। ৰমেশ মহাৰাজক লগত পোৱাৰ পিছত মোৰ বেদান্ত দৰ্শনৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ আগ্ৰহ জন্মিল। মহাৰাজে The complete works of Swami Vivekananda ৰ আটাইকেইটা ভলিউম মোক উপহাৰ দিলে। এটাও শব্দ বাদ নপৰাকৈ মই আটাইকেইটা ভলিউম পঢ়ি শেষ কৰিলোঁ। যিবোৰ কথা মই বুজা নাছিলো, সেইবোৰ বুজি লৈছিলো মহাৰাজৰ পৰা।

এই যে মহাৰাজৰ কথা লিখিছো - কোনোৱে হয়তু সন্দেহ কৰিব পাৰে যে মই ধৰ্ম-ভীৰু মানুহ নেকি ? বা ধৰ্মৰ প্ৰভাৱত পৰি মই জীৱনৰ মুল্যৱান সময়বোৰ নষ্ট কৰিছো নেকি ? এই প্ৰসংগতে এটা কথা স্পষ্ট কৰি দিওঁ- religion আৰু spirituality একে বস্তু নহয় : জীৱনত এখনো ধৰ্ম-গ্ৰন্থ হাতেৰে স্পৰ্শ কৰি নোপোৱা বা মন্দিৰ মছজিদলৈ নোযোৱা মানুহ এজনো spiritual হ’ব পাৰে আৰু সমস্ত জীৱন ধৰ্ম-শাস্ত্ৰ ঘাটি ফুৰা আৰু মন্দিৰ-মছজিদত প্ৰাৰ্থণা কৰি ফুৰা মানুহ এজনো spiritual নহ’বলৈ আছে । লগতে এইটোও ঠিক যে spiritual হ’বলৈ মানুহক শাস্ত্ৰৰ অনুপ্ৰেৰণাৰো প্ৰয়োজন নাই । প্ৰকৃতিৰ এখন অতি মনোমোহা ছবিয়েও মানুহৰ মনত বিশুদ্ধ বিষ্ময় ভাৱৰ সঞ্চাৰ কৰি spirituality ৰ টোকৰ পেলাব পাৰে মন আৰু মননত। দ্বিতীয়তে, জীৱনটোক মই কেতিয়াও tunnel vision বা সুৰংগ দৃষ্টিৰে চাবলৈ শিকা নাই । মই মাৰ্ক্সক যিমান ধুনীয়াকৈ বুজি পাওঁ, সিমান ধুনীয়াকৈ বুজি পাওঁ বিবেকানন্দক। অৱশ্যে মাৰ্ক্সে মোক জীৱন সৰ্ম্পকে যিদৰে কেতিয়াবা শংকিত কৰি তোলে, ঠিক সেইদৰে বিবেকানন্দইয়ো মোৰ মনক সন্দিহান নকৰা নহয়।

মোৰ বাবে জীৱন এখন বোৱতি নৈ । এই নৈৰ বিষ্ময়ৰ পিছে পিছে দৌৰি ফুৰি মই আজিৰ দিনটোত উপনীত হৈছোঁ।
...

এদিন ৰমেশ মহাৰাজে মোক কথাৰ প্ৰসংগত বলীন ফুকন নামৰ এজন অধ্যাপকৰ কথা ক’লে। মহাৰাজৰ মতে ইটানগৰলৈ আহি যদি মই এই মানুহজনক লগ নকৰাকৈ আছোঁ, তেনেহ’লে মই বহুত কিবা-কিবি হেৰুৱাইছো। তেতিয়া মানে মই উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হৈ স্নাতক শ্ৰেনীত নাম-ভৰ্তি কৰিছোঁ। মহাৰাজৰ পৰা মই ফুকন ডাঙৰীয়াৰ ফোন নম্বৰটো ল’লো। আৰু এদিন আবেলি দাদাৰ ঘৰৰ পৰা তেখেতলৈ বুলি ফোন লগালো। হয়, মহাৰাজে কোৱা কথাটো সচাঁ। ইটানগৰস্থিত চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ বলিনাৰায়ণ ফুকন বা চমুকৈ বলীন ফুকন ছাৰে মোৰ পৰিচয়টো দিয়াৰ পিছতে তেখেতৰ চৰকাৰী বাসভৱনলৈ মোক মাতিলে। প্ৰকৃত অৰ্থত পণ্ডিত বুলি যাক কোৱা হয়, তেনে এজন মানুহ হ’ল বলিনাৰায়ণ ফুকন ছাৰ। ছাৰৰ ঘৰ আছিল উত্তৰ লখিমপুৰ নগৰৰ নকাড়ীত। অতি অমায়িক এই মানুহজনে প্ৰথম চিনাকীতে পুত্ৰৰ মৰ্যাদা দি মোক ধন্য কৰিলে। ময়ো এজন পিতৃ লাভ কৰিলোঁ, যাৰ পৰামৰ্শ, আৰ্শীবাদ আৰু অধ্যয়নৰ জেউতিয়ে মোৰ মাজত থকা অন্ধকাৰবোৰ আলোকিত কৰি তুলিলে।

ফুকন ছাৰনো প্ৰকৃততে কেনেকুৱা ধৰণৰ অধ্যাপক আছিল ?

এই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ এটা জীৱন্ত উদাহৰণ মোৰ মনলৈ এতিয়া অহা নাই । আজি কালি মহাবিদ্যালয়ৰ অধ্যাপকে বিশেষ পঢ়া-শুনা নকৰে বুলি প্ৰায়ে অভিযোগ শুনা যায়। ব্যক্তিগতভাৱে মই এনে অধ্যাপকৰ কথাও জানো, যি বাহিৰা কিতাপ কিনি জ্ঞান আৰ্জন কৰা দূৰৰে কথা- বাতৰি কাকত এখন কিনিও নপঢ়ে। অৱশ্যে শিল, বালি, ইটাৰ দাম কিমান আৰু কেবামহলীয়া দালান এটা কেনেকৈ থিয় কৰিব পাৰি, এই কথাবোৰ তেওঁলোকে ভালদৰে জানে । তাৰ মাজতে ব্যতিক্রমী অধ্যাপকো নথকা নহয় ।

ফুকন ছাৰ এজন ব্যতিক্রমী মানুহ আছিল। মই লগ পোৱাৰ দিনতে তেখেতৰ ব্যক্তিগত গ্ৰন্থাগাৰত আছিল ১০ হাজাৰতকৈয়ো অধিক অতি অমূল্য গ্ৰন্থ। ছাৰে পঢ়াইছিল ৰাজনীতি-বিজ্ঞান। কিন্তু তেখেতৰ সংগ্ৰহত আছিল সাহিত্য, দৰ্শন, মনোবিজ্ঞান, সংগীত, যোগ-বিজ্ঞানকে ধৰি জ্ঞানৰ বিভিন্ন শাখাত সুদূৰ-প্ৰসাৰী প্ৰভাৱ পেলোৱা গ্ৰন্থবোৰ। আনকি কোৱান্টাম পদাৰ্থবিদ্যাৰ বিষয়ে সেই সময়ত লিখা আলোড়ন-সৃষ্টিকাৰী গ্ৰন্থও ছাৰৰ তাত আছিল ।

মোৰ কেতিয়াবা সন্দেহ হৈছিল : ছাৰে বাৰু গোটেইবোৰ গ্ৰন্থ পঢ়িছিলনে ? হয়, ছাৰে ঘৰ শুৱনি কৰিবলৈ বা নিজৰ জ্ঞান-গৰিমা জাহিৰ কৰিবলৈ অমূল্য গ্ৰন্থবোৰ সংগ্ৰহ কৰা নাছিল। প্ৰতিখন গ্ৰন্থ তেখেতে পঢ়িছিল। সেইবোৰ পঢ়ি তেখেতৰ বৌদ্ধিক কোষ্ঠ্যকাঠিন্য ( intellectual constipation ) হোৱা নাছিল ; কোৱান্টাম পদাৰ্থবিদ্যাই হওঁক কিম্বা সাহিত্যৰ উত্তৰ-আধুনিকতাবাদেই হওঁক - ফুকন ছাৰে সকলো বিষয় খৰচি মাৰি পঢ়িছিল আৰু আনকো প্ৰাঞ্জল ভাষাত সেইবোৰৰ আভাস দিব পাৰিছিল। ( ছাৰৰ বিপৰীতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ইংৰাজী পঢ়োৱা মোৰ শিক্ষকসকলে মোৰ মনত ৰেখাপাত কৰিব পৰা নাছিল। অৱশ্যে ৰাজীৱ দলে ছাৰৰ শ্ৰেনীত মই সামাণ্য সজীৱতা অনুভৱ কৰিছিলো ) ফুকন ছাৰক লগ পোৱাটো আছিল মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট ।

মাদাৰ টেৰেচাই বৰ সাৰুৱা কথা এষাৰ কৈ গৈছে । তেখেতে কৈছিল যে, হয় আৰ্শীবাদ নহয় অভিশাপ হৈ একোজন মানুহ আমাৰ জীৱনলৈ আহে। কাৰোবাৰ সান্নিধ্যই আমাক আলোকিত কৰে । কোনোবাই আকৌ আমাক নৰকৰ দুৱাৰমুখত থৈ যায়। ৰমেশ মহাৰাজ, বলীন ফুকন ছাৰ, মুকুন্দ ৰাজবংশী ছাৰ আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈ ছাৰৰ দৰে মানুহবোৰ মোৰ জীৱনলৈ আহিছিল আৰ্শীবাদ হৈ । মোৰ মাৰ অসুখ নোহোৱাহেতেন মই ৰমেশ মহাৰাজক কেতিয়াও লগ নাপাও ; ৰমেশ মহাৰাজক লগ নোপোৱাহেতেন মই বলীন ফুকন ছাৰক কেতিয়াও লগ নাপাওঁ ; আৰু ফুকন ছাৰক লগ নোপোৱাহেতেন মোৰ জীৱন-জিজ্ঞাসাও সিমান ঠন ধৰি নুঠিলহেতেন !

এতিয়া ঘুৰি চাই ভাৱিছোঁ - জীৱনটোত অসংখ্য ষ্টপেজ আছিল । বহুত মানুহক মই এই ষ্টপেজবোৰত লগ পালোঁ। মোৰ দৰে তেখেতলোকো ‘জীৱন’ নামৰ বাছখনত উঠিবলৈ তাত ৰৈ আছিল। কোনোৱে হয়তু বহিবলৈ আসন নেপাম বুলি ভাৱি গাড়ীখনত উঠিবলৈ হেতা-ওপৰা লগাইছিল। আৰু এনেদৰে হেতা-ওপৰা চলি থাকোতেই চাগৈ কোনোবা এটা বৰষুণ-মুখৰ দিনত মই মানুহৰ ঠেলাত পথৰ পৰা পিছলি পৰি গ’লো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages