Wednesday, August 13, 2014

বিশ্লেষণ

জনসংখ্যা বিস্ফোৰণ: ভাৰতৰ মূল প্ৰাথমিক সমস্যা
অৰুণজ্যোতি দাস
“জনসংখ্যাৰ বিস্ফোৰণ ঘটিলে গণতন্ত্ৰ বৰ্তি থাকিব নো‌ৱাৰে । ইয়াৰ ফলত মান‌ৱীয় প্ৰমূল্যবোধৰ ক্ৰম:শ মৃত্যু ঘটে । বিনম্ৰতা আৰু ভদ্ৰতাও বৰ্তি থাকিব নো‌ৱাৰে । সীমিত পৃথি‌ৱীখনত যিমানে মানুহৰ সংখ্যা বাঢ়ি যাব , সিমানেই জী‌ৱনৰ নিৰাপত্তা আৰু মূল্যও কমি যাব , এনেকি এদিন নি:শেষ হৈ যাব ।”- ব’ষ্টন বিশ্ববিদ্যালয়ৰ জৈ‌ৱ-ৰসায়ন বিভাগৰ প্ৰফেছৰ তথা বিজ্ঞান আৰু ৰবটিক্স বিষয়ক জনপ্ৰিয় গ্ৰন্থ লেখক আইজাক অশ্বিমোভে (Isaac Asimov) জনসংখ্যা বিস্ফোৰণৰ ওপৰত এইদৰে মন্তব্য দিছে ।


তৃতীয় বিশ্বৰ দেশসমূহৰ ভিতৰত অন্যতম উন্নয়নশীল ৰাষ্ট্ৰ হো‌ৱা স্বত্ত্বেও আমাৰ ভাৰতবৰ্ষৰ উন্নতিৰ হাৰ ক্ৰম:শ অৱধা‌ৱিত হৈছে ইয়াৰ মূল প্ৰাথমিক সমস্যা –‘জনসংখ্যা বিস্ফোৰণ’ৰ বাবেই । পৃথি‌ৱীৰ মুঠ ৭.১৭ বিলিয়ন জনসংখ্যালৈ সৰ্বাধিক অৰিহণা যোগো‌ৱা ৰাষ্ট্ৰ হৈছে চীন দেশ । চীন দেশৰ এই ১৯% অৰিহণাৰ পিছতেই দ্বিতীয় স্থান দখল কৰি আছে আমাৰ ভাৰতবৰ্ষই । মুঠ মাটিকালি ৩,২৮৭,৫৯০ কি.মি.ৰ বিপৰীতে বৰ্তমান ভাৰতৰ জনসংখ্যা হৈছে ১,২৫৫,৬৮৫,৯৮৯ জন (উৎস: National Commission on Population, Govt. of India; http://www.indiastat.com/popclockflash.aspx ) আৰু ই হৈছে পৃথি‌ৱীৰ মুঠ জনসংখ্যাৰ ১৭.৪০ শতাংশ । ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হৈছে ৩২৮.৫৯ প্ৰতি বৰ্গ কি.মি.। অৰ্থাৎ দীঘে পুতলে ১ কি.মি.কৈ থকা ভূখণ্ডৰ ওপৰত ভাৰতবৰ্ষত গড় হিচাপে বসবাস কৰে প্ৰায় ৩২৯ জন মানুহে ।

পৃথিৱীৰ জনবহুল ৰাষ্ট্ৰ সমূহৰ ভিতৰত ঘনত্বৰ ফালৰ পৰা বাংলাদেশতেই আটাইতকৈ বেছি মানুহে বাস কৰে । বাংলাদেশৰ বসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি.মি.ত ১,০৮৭ জন । যদিও জনসংখ্যাৰ ঘনত্বৰ ফালৰ পৰা পৃথি‌ৱীৰ ভিতৰত ভাৰতৰ স্থান ১৮তম, তথাপি কিন্তু পাকিস্থানত পৰা পাঞ্জা‌ৱৰ অংশখিনিৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰত আৰু বাংলাদেশ জুৰি থকা এই অঞ্চলটো‌ৱেই হৈছে পৃথি‌ৱীৰ সৰ্বাধিক বসতিপ্ৰধান অঞ্চল ।

হৰপ্পা আৰু মহেঞ্জুডাৰোৰ খনন-কাৰ্যৰ পৰা এই কথা পৰিস্ফুট হৈছে যে খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰ বা তাৰ আগৰেপৰা ভাৰতবৰ্ষত উন্নত সভ্যতা আৰু জনবহুল নগৰীয়ে গা কৰি উঠিছিল । এনে নগৰীবোৰ বহু সুসজ্জিত ঘৰ, ৰাজহু‌ৱা পকীঘৰ,মন্দিৰ –দে‌ৱালয় আদিৰে ভৰপূৰ আছিল,যিবোৰ সমসাময়িক ইজিপ্ত আৰু মেছাপটামিয়া সভ্যতাৰ সতে ফেৰ মাৰিবপৰা বিধৰ আছিল । অন্যহাতে এনে উন্নত সমাজ-প্ৰণালী গঢ়ি তোলাত অৱযদান আছিল ২০০০ খ্ৰীষ্টপূৰ্বতে ভাৰতলৈ আগমণ ঘটা মৌৰ্য্য সকলৰ । এওঁলোক অতি সভ্য জাতি আছিল যিয়ে কৃষিকৰ্ম আৰু পশুপালনত গুৰুত্ব দিছিল । প্ৰমাণ পো‌ৱা গৈছে যে এওঁলোকে খেতিত জলসিঞ্চন আৰু সাৰ প্ৰয়োগো কৰিছিল ।

বৌদ্ধীয় সাহিত্যত উল্লেখ আছে যে ৭০০ আৰু ৪০০. খ্ৰীষ্টপূৰ্বৰ মাজৰ সময়ছো‌ৱাতে একোখনকৈ নগৰীৰ জনসংখ্যা আছিল ৩০ৰ পৰা ১০০০ৰ ভিতৰত আৰু এনে নগৰ উত্তৰ –ভাৰততে প্ৰায় ২০ খন মান আছিল । ভাৰতৰ এনে ঘন বসতিৰ প্ৰমাণ আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়তো পো‌ৱা যায় । চন্দ্ৰ গুপ্তৰ (৩২১-২৯৭ খ্ৰীষ্টপূ্ৰ্ব) শিলালিপিত এই আক্ৰমণ ৰোধিবৰ বাবে সাজু হো‌ৱা ৭ লাখ সেনানিৰ কথা উল্লেখ আছে । গতিকে বুৰঞ্জীৰপৰা এইকথা বুজিব পাৰি যে খ্ৰীষ্টাব্দ আৰম্ভ হো‌ৱাৰ আগৰে পৰাই ভাৰতবৰ্ষ এক ঘন বসতিপূ্ৰ্ণ এলেকা হিচাপে পৰিগণিত হৈছিল ।

পৃথি‌ৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হৈছে আমাৰ ভাৰতবৰ্ষ। বৃটিছৰ শাসনৰ পৰা মুক্তি পো‌ৱাৰ সেই দিনজুৰি আজি পৰ্যন্ত এইখন দেশে ইয়াৰ আন্ত:দেশীয় আৰু অন্ত:দেশীয় বিভিন্ন কাৰকৰ প্ৰভা‌ৱত সামাজিক, সাংস্কৃতিক, ধৰ্মীয় ,অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বি‌ৱৰ্তনৰ বিভিন্ন স্তৰৰ মাজেৰে আহি আজিৰ এই অৱৰস্থাত উপনীত হৈছে । অন্য বহু দেশৰ তুলনাত যথেষ্ট প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই দেশত যদিওবা আজি অলেখ উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ় লৈ উঠিছে, যদিওবা এই দেশে বহু উচ্চ মেধাবী ছাত্ৰ-ছাত্ৰী,গ‌ৱেষক,চিকিৎসক-অভিযন্তাৰ জন্ম দিছে, সামৰিক শক্তিৰে নিজৰ স্থিতি দৃঢ় কৰিছে তথাপি কিন্তু বৰ্তমান সময়ত অন্য দেশৰ মানুহে ভাৰতক মাথো তিনিটা কথাৰ বাবেই চিনি পায় । সেয়া হৈছে –উচ্চ জনসংখ্যা, উচ্চ দৰিদ্ৰতা আৰু উচ্চ হাৰৰ দুৰ্নীতি ।

প্ৰকৃততে চাবলৈ গ’লে এই সকলো সমস্যাৰ মূল শিপাডাল কিন্তু এটাই -সি হৈছে ‘জনসংখ্যা বিস্ফোৰণ’ । বহু ৰাজনৈতিক/অৰ্থনৈতিক বিশ্লেষক-সমালোচকে সেয়ে কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা, জনজাতি আৰু নক্সালবাদীৰ সমস্যা, দৰিদ্ৰতা-নিবনু‌ৱা সমস্যা, দুৰ্বল অৰ্থনীতিৰ সমস্যা, শিক্ষাক্ষেত্ৰৰ সমস্যা, প্ৰাকৃতিক দুৰ্যোগ আদিতকৈ কিন্তু জনসংখ্যাৰ সমস্যাটোক ভাৰতবৰ্ষৰ প্ৰধান আৰু অতি গুৰুতৰ বুলি অভিহিত কৰিছে ।

ইং.২০০১ ৰ পৰা ইং.২০১১-এই দশকটোত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৭.৬ শতাংশ । অৰ্থাৎ বছৰি ১.৭৬ শতাংশ । ইয়াৰ আক্ষৰিক অৰ্থ হ’ল ভাৰতত প্ৰতি দিনে প্ৰায় ৪৯০০০ টা শিশুৰ জন্ম হয় । কিন্তু কে‌ৱল জন্মৰদ্বাৰাই এই অস্বাভা‌ৱিক জনসংখ্যা বিস্ফোৰণ ঘটি আছে বুলিও ধৰি ল’ব আমি নো‌ৱাৰোঁ । কাৰণ নেপাল আৰু বাংলাদেশৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰপৰা ভাৰতলৈ হো‌ৱা প্ৰ‌ৱজনেও এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে । অনতিপলমে এই বিশাল হাৰত হো‌ৱা বৈধ তথা অবৈধ প্ৰ‌ৱজন ৰোধ কৰিব নো‌ৱাৰিলে জনসংখ্যাৰ সমস্যাই অতি শীঘ্ৰেই এক গম্ভীৰ ৰূপ ধাৰণ কৰিবগৈ ।

বছৰি বাঢ়ি যো‌ৱা জনসংখ্যা বৃদ্ধিৰ হাৰলৈ লক্ষ কৰিলে স্বাভা‌ৱিকতেই প্ৰশ্ন উদয় হয় যে ইমান বছৰে ভাৰতৰ জনসংখ্যা অলপো কমা নাই কিয় ? ইয়াৰ উত্তৰ বিচাৰি বহুতেই পাইছে যে ভাৰতত বৃহদাকাৰৰ বহু যৌথ পৰিয়াল থকাৰ বাবে কিন্তু জনসংখ্যা বৃদ্ধি হো‌ৱা নাই, বৰঞ্চ বৃদ্ধি হৈছে এইবাবেই যে ভাৰতত প্ৰজননক্ষম ডেকা-গাভৰুৰ সংখ্যা বহু বেছি । আৰু লক্ষণীয় কথা এয়ে যে এইসকল ডেকা-গাভৰুৰ পৰিয়াল-পৰিকল্পনাৰ জ্ঞান অতি দুখলগাকৈয়ে সীমিত । এওঁলোকক পৰিয়াল-পৰিকল্পনাৰ বিষয়ে অৱসগত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত যি যি আঁচনি হাতত লো‌ৱা হৈছে, সেয়া কে‌ৱল ভেঁকোভাওঁনাৰ বাদে আন একো নহয় । অন্যহাতে Family Planning Association of India কে ধৰি বহু স্বেচ্চাসে‌ৱী সংগঠনে এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৃহত্তৰ এলেকা সাঙুৰি এনে প্ৰচেষ্টাও সফল হো‌ৱা নাই । গতিকেই আজিৰ তাৰিখতো এগৰাকী ভাৰতীয় মহিলাৰ গড় হিচাপে সন্তানৰ সংখ্যা হৈছে ২.৭ টি । ভাৰতবৰ্ষৰ ভিতৰত জন্মৰ হাৰ সৰ্বাধিক হৈছে বিহাৰ আৰু উত্তৰ-প্ৰদেশত (প্ৰতি মাতৃৰ গড়ে ৩.৮ টি সন্তান) । ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ আৰু দুটি কাৰণ হৈছে ক) মৃত্যুৰ হাৰ হ্ৰাস হো‌ৱা আৰু খ) উন্নত চিকিৎসা-সে‌ৱা লাভ । সমীক্ষা মতে ভাৰতত ইং. ১৯৫০-৫৫ চনত মৃত্যুৰ হাৰ আছিল ২৫.৫% আৰু সেয়া কমি গৈ ইং.১৯৮০-৮৫ চনত ১১.৮ % আৰু ইং. ২০০৫-১০ চনত ৮.৩ % হৈছেগৈ (উৎস: বিশ্ব জনসংখ্যা জৰীপ,২০১০ পৰ্যালোচনা :- http://esa.un.org/unpd/wpp/index.htm)। বছৰেকত মৃত্যু হো‌ৱা মুঠ মানুহৰ সংখ্যা যদি বছৰেকত জন্ম হো‌ৱা মুঠ সন্তানৰ সংখ্যাতকৈ কম হয় তেন্তে সিয়ে জন্ম-মৃত্যুৰ ভাৰসাম্যতা নষ্ট কৰে আৰু লাহে লাহে জনসংখ্যা বাঢ়িবলৈ ধৰে । এই কথাটোত বিশেষ অৰিহণা যোগাইছে চিকিৎসা-বিজ্ঞানৰ অগ্ৰগতিয়ে । ন-ন চিকিৎসা পদ্ধতি আৰু পথ্যৰ আ‌ৱিষ্কাৰৰ ফলত ৰোগাক্ৰান্ত হৈ বা সন্তান প্ৰস‌ৱৰ সময়ত হো‌ৱা মৃত্যুৰ সংখ্যা আগতকৈ বহু কম হ’ল ।

এই কথা স্বীকাৰ কৰিব লাগিব যে, বিজ্ঞানৰ এই জয়যাত্ৰা মান‌ৱ-জাতিৰ বাবে যদিও এক ডাঙৰ সফলতা, তথাপি ই জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি কিঞ্চিৎ হ’লেও অৰিহণা যোগাই আন এটি প্ৰধান সমস্যাৰ প্ৰতি ইন্ধন যোগাইছে । যদিও আমি আজি প্ৰত্যক্ষভা‌ৱে জনসংখ্যা বিস্ফোৰণৰ কুফল ভোগ কৰিবলৈ পো‌ৱা নাই, তথাপি আমি উপলব্ধি কৰা উচিত কেনেদৰে ই এটা ভয়াবহ সমস্যা হৈ বিশ্ববাসীৰ আগত দেখাদিছে । ইয়াৰ ভয়াবহতা বুজাবলৈ আমি ডাইনোছৰৰ বিলুপ্তিৰ কথাও ক’ব পাৰোঁ । এনে এটা দিন অহাৰ সম্ভা‌ৱনাক নুই কৰিব নো‌ৱাৰি যে , মানুহে আশ্ৰয়, খাদ্য আৰু বস্ত্ৰৰ অভা‌ৱত নিজকে কাটি-মাৰি তহিলং কৰিব । যিহেতু পৃথি‌ৱীত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ সীমিত আৰু এই পৰিমাণ দিনক দিনে কমি আহিছে, গতিকেই মানুহৰ সংখ্যা বাঢ়ি যো‌ৱাৰ লগে লগে এই সম্পদসমূহৰ ব্য‌ৱহাৰৰ বাবেও মানুহৰ মাজত হাঁহাকাৰ সৃষ্টি হ’ব । পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি এই ঘটনাৰ জ্বলন্ত উদাহৰণ মাত্ৰ । অন্যহাতে মানুহৰ সংখ্যা বঢ়াৰ লগে লগে গাড়ী-মটৰ,কল-কাৰখানা আৰু অন্যান্য মেছিন-পাতিৰো ব্য‌ৱহাৰ দ্ৰুত গতিৰে বাঢ়িবলৈ ধৰিছে । এই সকলো ধৰণৰ ইঞ্জিন বা মেছিনে বায়ুমণ্ডললৈ নিতৌ কিমান পৰিমাণৰ দুষিত গেছ এৰি দিছে তাৰো কোনো হিচাপ নাই । গতিকেই মহানগৰবোৰত আজিকালি অতি বেছি হাৰত প্ৰদূষণ হো‌ৱা দেখা গৈছে । এই প্ৰদূষণৰ কু-ফল হিচাপে মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ অৱানতি ঘটিছে । মানুহ বাঢ়ি যো‌ৱাৰ লগে লগে ভাৰতবৰ্ষত সমানুপাতে বাঢ়িছে দাৰিদ্ৰতা আৰু নিবনুৱা সমস্যা ।

চৰকাৰী সূত্ৰতে প্ৰকাশ যে বৰ্তমান ভাৰতৰ ২৭ কোটি মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । এই সংখ্যা হৈছে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২২ শতাংশ । দৰিদ্ৰতা সমস্যাই লগত বহু আনুসাংগিক সমস্যাৰ সৃষ্টি কৰে । যেনে অনাময়তা, পুষ্টিহীনতা, প্ৰদুষণ, সামাজিক বিশৃংখলতা, সাম্প্ৰদায়িকতা আদি । দৰিদ্ৰতাই ভাৰতত জী‌ৱন-ধাৰণৰ মানও হ্ৰাস কৰিছে । সমাজত বিভাজন আনিছে । উচ্চ-নীচ, ধনী-দুখীয়াৰ বিভেদ সৃষ্টি কৰিছে । জনসংখ্যা বিস্ফোতৰণৰ আৰু এটা অতি ভয়ংকৰ কুফল স্বৰূপেই আজিৰ মানুহে জীয়াই থাকিবলৈ অধিক সংগ্ৰাম কৰিবলগীয়া হৈছে । ‘চাহিদা বেছি আৰু যোগান কম’ হো‌ৱাৰ সূত্ৰ মতেই প্ৰতিটো বস্তুৰে দাম বাঢ়ি গৈছে । গতিকেই সাধাৰণ খাটি খো‌ৱা মানুহৰ পক্ষে পৰিয়াল চলো‌ৱাই এক কঠিন কাম হৈ পৰিছে । ক’বলৈ গ’লে জীয়াই থকাটোকে একপ্ৰকাৰৰ আভিজাত্যৰ চিন হৈ পৰিছে । লক্ষ্য কৰা যায় যে ভাৰতবৰ্ষত গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালৰ চহৰত বাস কৰা পৰিয়ালতকৈ সতি-সন্ততিৰ সংখ্যা বেছি । ইয়ে প্ৰমাণ কৰে যে ভাৰতৰ গ্ৰামাঞ্চলত প্ৰকৃত শিক্ষাৰ ৰেঙণি পৰিবলৈ এতিয়াও বহু দূৰ । উপযুক্ত শিক্ষাৰ অভা‌ৱৰ বাবেই আমাৰ সমাজত এতিয়াও বহু লোকেই পৰিয়াল-পৰিকল্পনাৰ প্ৰয়োজনীয়তা অনুধা‌ৱন কৰিব পৰা হো‌ৱাগৈ নাই । জন্ম-নিয়ন্ত্ৰণৰ সঠিক পদ্ধতি সমূহৰ বিষয়েও বহু লোক সম্পূৰ্ণ অজ্ঞ । উচিত যৌনশিক্ষাৰ অভা‌ৱতে আমাৰ দেশত এতিয়াও বহু অবৈধ সন্তানৰ জন্ম হয় । যৌন-শিক্ষাৰ প্ৰচলনৰ অৰ্থে আৰু লগতে নাৰী-সবলীকৰণৰ বাবেও বিভিন্ন আঁচনি আমাৰ চৰকাৰে যুগুতো‌ৱা উচিত । চৰকাৰী তথা বেচৰকাৰী স্বেচ্চাসে‌ৱক সকলেও এই ক্ষেত্ৰত আগভাগ লো‌ৱা অতিকৈ প্ৰয়োজনীয় ।

এইখিনিতে দুটা কথা উল্লেখ কৰাটো সমীচীন হ’ব । ইং. ২০০৫-২০০৬ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল–স্বাস্থ্য জৰীপ-৩ (NFHS-3)ৰ সমীক্ষা মতে ভাৰতত আধুনিক জন্ম-নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ আটাইতকৈ বেছিকৈ(৬৯%) জৈনধৰ্মীয় লোকসকলে, তাৰ পিছত হিন্দুসকলে(৫০%) আৰু একেবাৰে কমকৈ মুছলিম সকলে (৩৬%) ব্য‌ৱহাৰ কৰে । ২০১১ বৰ্ষৰ লোকপিয়ল মতে ভাৰতত থকা মুছলিমসকলৰ সংখ্যা হৈছে প্ৰায় ১৭ কোটি, যি হৈছে ইন্দিনেছিয়া আৰু পাকিস্তানৰ পিছতে সৰ্বাধিক মুছলমান বসতিৰ সংখ্যা । যিহেতু ভাৰতীয় মুছলিম সকল অন্য ধৰ্মা‌ৱলম্বী লোকসকলতকৈ বেছি দুখীয়া আৰু শিক্ষাৰ ক্ষেত্ৰতো আতিকেই পিছপৰা; গতিকেই এওঁলোকক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অতিকৈ বেছি ।

ইং. ১৯৬৫-৭০ চনত ভাৰত আৰু চীনদেশৰ প্ৰতিগৰাকী মহিলাৰ গড় হিচাপে সন্তানৰ সংখ্যা আছিল ক্ৰমে ৫.৬২ আৰু ৫.৯৪ জন । কিন্তু ইং. ২০০৫-১০ বৰ্ষত এই সংখ্যা হ’লগৈ ক্ৰমে ২.৭৬ আৰু ১.৭৭ জন। (উৎস: United Nations Population Division ) । জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনদেশৰ এই সফলতাৰ বাবে বহুতেই চীনে ইং.১৯৭৯ বৰ্ষৰ পৰা বলবৎ কৰা “মাত্ৰ-এটি-সন্তান” নীতিক সমৰ্থন কৰে যদিও এই নীতিয়ে চীনৰ সামাজিক জী‌ৱনলৈ নমাই অনা দুৰ্দশাৰ কথা কোনেও অস্বীকাৰ কৰিব নো‌ৱাৰে ।

এই নীতিয়ে চীনত মান‌ৱাধিকাৰ ভংগ কৰিলে আৰু বহু মাতৃক বলপূৰ্বক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে। ইয়াৰ ফলতে চীনত পুৰুষ আৰু মহিলাৰ সংখ্যাৰ অনুপাতত আচৰিত ধৰণে পৰি‌ৱৰ্তন ঘটে। ইং.২০০৯ বৰ্ষত ব্ৰিটিছ মেডিকেল জাৰ্ণালে অধ্যয়ন কৰি পালে যে সেই সময়ত চীনত ৩.২ কোটি ২০ বছৰৰ তলৰ কিশোৰ অতিৰিক্তভা‌ৱে জন্ম হ’ল । এয়া আছিল সমগ্ৰ পৃথি‌ৱীৰ ইতিহাসতে “স‌ৱাতোকৈ ডাঙৰ,স‌ৱাতোকৈ বেছি আৰু স‌ৱাতোকৈ দীঘল” লিংগ বিভেদ ।

জনসংখ্যা নিয়ন্ত্ৰণৰ নামত চীনৰ এই কলংকিত অধ্যায়ৰ দৰে একে নীতি ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত বলবৎ কৰিবলৈ চিন্তা-চৰ্চা কৰাটো অতিকৈ মূৰ্খামি কৰা হ’ব । ইয়াৰ পৰি‌ৱৰ্তে পৰিয়াল-পৰিকল্পনাৰ প্ৰয়োজনীয়তাক কেনেকৈ সকলো ভাৰতীয়ই হৃদয়ংগম কৰিব পাৰে আৰু বিভিন্ন বৈজ্ঞানিক পদ্ধতি সমূহৰ বিষয়ে কেনেকৈ সকলো নাগৰিক অৱৰগত হ’ব পাৰিব তাৰ বিষয়ে গুণাগঁঠা কৰাটোহে সময়োচিত হ’ব ।

No comments:

Post a Comment