গ্ৰন্থ পৰিচিতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ পৰিচিতি

গ্ৰন্থ পৰিচিতি

Share This
‘প্ৰথম মহাসমৰঃ কাৰণ, গতিবিধি, পৰিণতি’
ডঃ বুলজিৎ বুঢ়াগোহাঁই
আপোনালোক নিশ্চয় অৱগত যে ১৯১৪ বষৰ্ত প্ৰথম মহাসমৰৰ উদ্ভৱ হৈছিল৷ এই মহাসমৰৰ ফলত যে বিশ্বৰ কেৱল ৰাজনৈতিক পৰিৱতৰ্নহে হৈছিল, তেনে নহয়৷ সেই পৰ্যন্ত সবাতোকৈ ক্ষয়ংকৰী এই ৰণখনৰ ফলত মানুহৰ চিন্তা-চেতনাৰ সামগ্ৰিক ৰূপান্তৰ ঘটিছিল-- আধুনিকতাবাদী শিল্প আন্দোলনৰ পৰা সাম্যবাদৰ উত্থানলৈ, পুঁজিবাদৰ বিস্তাৰৰ পৰা ফেশ্চন তথা জন সংস্কৃতিলৈ (pop culture), নাৰীবাদী আন্দোলনৰ প্ৰাৱল্যৰ পৰা দৈনন্দিন জীৱনধাৰালৈ এই মহাসমৰে বিশ্ব মানৱক প্ৰভাৱিত কৰিছিল ৷ এই যুদ্ধতেই প্ৰথমবাৰৰ বাবে propaganda বা উদ্দেশ্যধৰ্মী প্ৰচাৰ আৰম্ভ হৈছিল, আমেৰিকাই বিশ্বৰ ওপৰত প্ৰভূত্ব খটুওৱাৰ প্ৰক্ৰিয়াৰ সূচনা ঘটিছিল, ভাৰতত পৰাধীনতাৰ শিকলি ছিঙাৰ বাবে মধ্যশ্ৰেণী উদ্বুদ্ধ হৈছিল ৷


কিন্তু এনে এখন সৰ্বাত্মক প্ৰভাৱ বিস্তাৰী ৰণৰ বিষয়ে অসমীয়া ভাষাত কিতাপ দূৰৈৰ কথা, আলোচনাও চকুত পৰাবিধৰ নহয়৷ এনে প্ৰেক্ষাপটতে আমি ওপৰত উল্লেখ কৰা দিশসমূহৰ লগতে এই মহাৰণখন সৃষ্টি হোৱাৰ প্ৰকৃত কাৰণ, সেই সময়ৰ বিশ্ব পৰিস্থিতি, ঔদ্যোগিক বিপ্লৱে অনা অৰ্থনৈতিক ৰূপান্তৰ, জাৰ্মানীৰ গঠন আৰু বিকাশ, আমেৰিকা যুদ্ধত জড়িত হোৱাৰ কাৰণ আদি ফঁহিয়াই নৱ-প্ৰজন্মৰ বিশিষ্ট লেখক দিগন্ত ওজাই  লেখি উলিয়াইছে এখন কিতাপ, প্ৰথম মহাসমৰ-- সম্পূৰ্ণ নাম ‘প্ৰথম মহাসমৰঃ কাৰণ, গতিবিধি, পৰিণতি’৷

সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী গুৱাহাটীৰ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰা কিতাপখন এই মাহতে বজাৰত ওলাব৷ সম্ভৱ হ’লে আৰু বিষয়টোৰ প্ৰতি আগ্ৰহী হ’লে গ্ৰন্থখনি পঢ়ি চাবলৈ অনুৰোধ জনালোঁ৷


গ্ৰন্থখনৰ প্ৰচ্ছদ পংকজ পৰাণৰ৷ মুঠ পৃষ্ঠা ২৬৪৷সম্ভাব্য মূল্যঃ ২০০ টকা৷(পকাবন্ধা)

No comments:

Post a Comment