পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. চৈধ্য বছৰ ধৰি মণিপুৰৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত অনশন কৰি থকা লৌহ মানৱী ইৰম শৰ্মিলাক আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত প্ৰশাসনে দিয়া অভিযোগৰ গোচৰৰ পৰা মুক্ত কৰিছে মণিপুৰৰ এখন আদালতে। দীৰ্ঘদিন গৃহবন্দী হৈ থকা ইৰমক মুক্তিৰ আদেশ জাৰি কৰাৰ সুখবৰো কালি পোৱা গৈছে।

২. লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ পাকিস্তান আৰু বাংলাদেশ সীমান্তত আধা ঘণ্টাৰ ভিতৰতে ১.৮০লাখতকৈ বেছি গছপুলি ৰোপণ কৰে বিএছএফে। নিৰাপত্তা বাহিনীটোৰ সেউজ অভিযানৰ অংশ ৰূপেই এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে।

৩. পহিলা ছেপ্তেম্বৰত সুধাকণ্ঠৰ সোঁৱৰণত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠীয়ে। বৰ্ণাঢ্য অনুষ্ঠানটো উদ্বোধন কৰিব সাংস্কৃতিক মন্ত্ৰী প্ৰণতি ফুকনে। শিল্পী পুলক গগৈ আৰু সমৰ হাজৰিকাই বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰিব।

৪. দুৰ্নীতিৰ খোলা বজাৰত পৰিণত হোৱা দেশৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় সমূহ বন্ধ কৰি দিব বুলি কালি ঘোষণা কৰিলে দেশৰ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে। নতুন পৰিবহন আইন অচিৰেই সংসদত উত্থাপন কৰি গাড়ী মটৰৰ তথ্য, লাইচেঞ্চৰ আবেদন আদি অনলাইন কৰাৰ বাবে বিকল্প ব্যৱস্থা প্ৰৱৰ্তন কৰিব বুলিও কৰিলে ঘোষণা।

৫. অসমত জৈৱিক খেতিৰ পূৰ্ণ সম্ভাৱনা থকা বুলি প্ৰকাশ কৰি কালি গুৱাহাটীৰ নেডফি হাউছত অনুষ্ঠিত "জৈৱিক কৃষি অভিযান,২০২০-উত্তৰ পূৱ ভাৰত" শীৰ্ষক এক আলোচনা চক্ৰ উদ্বোধন কৰিলে কৃষি মন্ত্ৰী নীলমণি সেন ডেকাই। অসমৰ ৫০ হেক্টৰ কৃষিভূমিত ৬০খন ফাৰ্ম জৈৱিক কৃষিত নিয়োজিত হৈ আছে বুলিও কৰিলে প্ৰকাশ।

৬. কেন্দ্ৰীয় গৃহ বিভাগে নগালেণ্ড-অসম সীমান্তৰ হিংসাত্মক ঘটনাক কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। গৃহ মন্ত্ৰালয়ত মুখ্য সচিব, সীমান্ত বিভাগৰ আয়ুক্তৰ উপস্থিতিত হোৱা আলোচনা মৰ্মে অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা আৰু অহা ২১ আগষ্টত গুৱাহাটীত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৭. সাহিত্য অকাডেমিৰ ২০১৩ বৰ্ষৰ অনুবাদ বঁটা অহা ২২আগষ্টত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত প্ৰদান কৰা হব। অকাডেমিৰ অধ্যক্ষ বিশ্বনাথ প্ৰসাদ তিৱাৰী আৰু সচিব কে শ্ৰীনিবাস ৰাও উপস্থিত থকাৰ লগতে বিশিষ্ট লেখক কেদাৰনাথ সিঙেও অংশ লব। ২৩আগষ্টত বিবেকানন্দ কেন্দ্ৰত বঁটা প্ৰাপক সকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।

৮. বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফিক ছ'চাইটি অৱ আছামে গুৱাহাটীৰ আমবাৰীস্থ অসমৰ ৰাজ্যিক কলা বীথিকাত ১১সংখ্যক বাৰ্ষিক চিত্ৰ প্ৰৰ্শনী কালি মুকলি কৰে। সংস্থাটোৱে আয়োজন কৰা ৰাজ্যিক ভিত্তিৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানপ্ৰাপ্ত হৰিপ্ৰসাদ মল্লিক, ৰেৱ কুমাৰ বৰা আৰু তপনজ্যোতি বৰাক বঁটা প্ৰদান কৰা হয়। এই প্ৰদৰ্শনী ২৪ আগষ্টলৈকে চলিব।

৯. আইটেম চঙৰ বাবে উজৰ-আপত্তি নকৰিবলৈ ৭০হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি চেন্সৰ বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ কুমাৰ চিবিআইৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ বাতৰি প্ৰকাশিত হৈছে। এতিয়া তেওঁৰ কাৰ্যকালত প্ৰমাণপত্ৰ লভা সকলো চিনেমাকেই তদন্তৰ আওতালৈ অনা হব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

১০. কালি পাঞ্জাৱ নেচনেল বেংকৰ মহিলা সংস্থা প্ৰেৰণাৰ উদ্যোগত ৰহাত "লাডলী আঁচনি"ৰ অধীনত দহ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক শৈক্ষিক সামগ্ৰী বিতৰণ কৰাৰ সুখবৰ পোৱা গৈছে। কিতাপ, বহী, ছাতি আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বেংকটোক সচেতন ৰাইজে প্ৰশংসা কৰিছে।

No comments:

Post a Comment