পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে বিশিষ্ট অভিনেতা নিপন গোস্বামীক কালি প্ৰদান কৰে নটসূৰ্য ফণী শৰ্মা বঁটা। স্থানীয় ৰবীন্দ্ৰ ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে। অহা বৰ্ষৰ পৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ নামতো বঁটা প্ৰৱৰ্তন কৰা হব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত কৰিলে ঘোষণা।


২. সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত দুবছৰেও নিৰ্মাণকাৰ্য আৰম্ভ নোহোৱাক লৈ প্ৰতিবাদেৰে সমাধিস্থলী মুখৰ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। গুৱাহাটী বিশ্ববিদ্যালয়ে ৬০বিঘা মাটি আগবঢ়োৱা সত্বেও মাত্ৰ পাঁচ বিঘা মাটিতহে প্ৰকল্প নিৰ্মাণ কৰা বিষয়তো কৰিলে ৰাজ্য চৰকাৰক সমালোচনা।


৩. অসমৰ অব্যৱহৃত কৃষি-ভূমিক উদ্যোগিক ক্ষেত্ৰলৈ পৰিবতৰ্নৰ বাবে ৰাজহ বিভাগে জাৰি কৰা নিৰ্দেশনা বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলাই অনা অনশন আৰু আন্দোলনলৈ অৱশেষত কালি সঁহাৰি জনালে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ চেম্বাৰত ৰাজহ বিভাগৰ সৈতে আলোচনাৰ দিন, সময় স্থিৰ কৰি পত্ৰ লাভ কৰাৰ পাছত সংগঠনটোৱে বিষয়টোত আন্দোলনৰ কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে।

৪. দেশৰ তেল বিপণন কোম্পানী কেইটাই পেট্ৰ'লৰ দাম বজাৰত খাৰুৱা তেলৰ দামৰ ভিত্তিত লিটাৰে প্ৰতি ১.০৯টকালৈ হ্ৰাস কৰাৰ লগতে মাহেকীয়া বৃদ্ধিৰ নিয়ম অনুসৰি ডীজেলৰ দাম প্ৰতি লিটাৰত ৫০পইচাকৈ বৃদ্ধি কৰিছে। এপ্ৰিল মাহৰ পাছত প্ৰথমবাৰৰ বাবে পেট্ৰলৰ মূল্য হ্ৰাস কৰা হৈছে।

৫. লোকসভাত অসমৰ পাট-মুগা শিল্পক পুনৰুজ্জীৱিত কৰাৰ প্ৰসংগ তুলি ধৰিলে গুৱাহাটীৰ সাংসদৰ বিজয়া চক্ৰৱৰ্তীয়ে। ৰাজ্য চৰকাৰৰ অৱহেলা, চিল্ক বৰ্ড আদিৰ সুফল শুৱালকুছিৰ ৰাইজে পাবলৈ সক্ষম নোহোৱাৰ প্ৰসংগলৈ আঙুলিয়াই, শিল্পটোত জড়িত লোকসকললৈ বিশেষ আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিবলৈকো তেখেতে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰাৰ সুখবৰ পোৱা গৈছে।

৬. অহা ৩ আগষ্টত অনুষ্ঠিত হব কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক। বিসম্বাদীৰ আহ্বানত এই বৈঠক অনুষ্ঠিত কৰিবলৈ অস্বীকাৰ কৰা মুখ্যমন্ত্ৰীয়ে এই বৈঠক অনাগত বিধান সভাৰ অধিৱেশনক কেন্দ্ৰ কৰিয়ে আহ্বান কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। থ্ৰী লাইন হুইপ জাৰি কৰাকে ধৰি বিষয় সমূহ এই বৈঠকত আলোচিত হোৱাৰ সম্ভাৱনা আছে।

৭. অসম নাট্য সন্মিলনৰ উত্তৰ লখিমপুৰ শাখাই আয়োজন কৰা ২০দিনীয়া শিশু নাট কৰ্মশালাৰ কালি সফল সামৰণি পৰিছে। কৰ্মশালাত অংশ লোৱা শিশু সকলে "নুমলীয়া পো" নামৰ এখন নাটক সংগীত মহাবিদ্যালয়ত মঞ্চস্থ কৰা হয়।

৮. অসমীয়া সাহিত্য সন্মিলনীৰ ২০১৩-১৫বৰ্ষৰ হৰেন্দ্ৰ নাথ বৰকাকতি সোঁৱৰণী সন্মিলনী বৈষ্ণৱ সাহিত্য চৰ্চা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট বৈষ্ণৱ গৱেষক পণ্ডিত নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ তিলক চন্দ্ৰ মজুমদাৰলৈ । বৈষ্ণৱ সাহিত্যলৈ জীৱনজোৰা অৰিহণাৰ বাবে এই বঁটা তেখেতলৈ আগবঢ়োৱা হৈছে।

৯. অগতানুগতিক কাহিনীৰে অৰণ্য থ্ৰীলাৰ ৰূপে নিৰ্মাণ কাৰ্য চলি আছে নতুন অসমীয়া ছবি "খাৱৈ...দ্যা ডেঞ্জাৰ জ'ন"ৰ। নায়িকাই দেখুওৱা সমৰকলাৰে সমৃদ্ধ ছবিখনৰ পৰিছালক উমেশ ঘোষ আৰু প্ৰযোজনা ট্ৰেণ্ডছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ৰজত চৰকাৰৰ।

১০. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হ'ল লেখক দীপক ভূঞাৰ "শংকৰীয়ান থিয়েটাৰ আৰু কৃষ্ণ কালচাৰ" শীৰ্ষক এখনি গ্ৰন্থ। উন্মোচন কৰে বিশিষ্ট লেখক ইছমাইল হুছেইনে।

১১. আজিৰে পৰা নটসূৰ্যৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ৭আগষ্টলৈকে আৰম্ভ হব উনবিংশতিতম বাৰ্ষিক সাতদিনীয়া নটসূৰ্য নাট সমাৰোহ। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা সমাৰোহখনিত সাতখনকৈ নাট প্ৰদৰ্শিত হোৱাৰ লগতে উন্মোচিত হব এখনি স্মৰণিকাও।

১২. আজি উলুবাৰীত মুকলি হৈছে উলুবাৰী ফুটব্ৰীজখনৰ। মুকলি কৰিছে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ কেপ্তেইন ৰবীন বৰদলৈয়ে।

১৩. ৰমনী কলা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলো অহা ৫-৮ আগষ্টলৈ গুৱাহাটীৰ ৰাজ্যিক কলা-বীথিকাত আয়োজন কৰিছে এক চিত্ৰ প্ৰদৰ্শনীৰ। জ্যেষ্ঠ শিল্পী ধ্ৰুৱ ডেকাই প্ৰদৰ্শনীখন উদ্বোধন কৰিব।

১৪. বস্কিঙত ভাৰতীয় দলটোৱে পাঁচোটাকৈ পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছে গ্লাছগোত চলি থকা কমনৱেলথ গেমচত । কালি নিশা ৯বজালৈকে ১১টা সোণ, ১৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক বিজয়েৰে ভাৰতে পদক তালিকাত ষষ্ঠ স্থান অধিকাৰ কৰি আছে।

১৫. তিনিচুকীয়াত চলি থকা ষষ্ঠ বদৌচা কাপ ফুটবলৰ ফাইনেলত কালি মণিপুৰৰ এফ চি জালেনক পৰাজিত কৰি অইল ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছে। আজি আনখন ছেমিফাইনেলত ভাৰতীয় খাদ্য নিগম, গুৱাহাটীৰ দলে অসম ৰাইফলছৰ বিৰুদ্ধে অৱতীৰ্ণ হব।

No comments:

Post a Comment