Monday, August 4, 2014

বিশ্লেষণ

শাসকৰ বিদেশ ভ্ৰমণ বনাম লাষ্টগেটৰ শিক্ষা
অজয় লাল দত্ত
আজিৰে পৰা অসমৰ বিধান সভাৰ বাজেট অধিবেশন আৰম্ভ হৈছে। বিধান সভাত যি কোনো অধিবেশন আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্যখনৰ মুখ্য প্ৰতিবাদ স্থলী লাষ্টগেটতো খদম-দম লাগেই, এইবাৰো তাৰ ব্যতিক্ৰম নহয়। লাষ্টগেটক আচলতে অসমৰ গণতান্ত্ৰিক প্ৰতিবাদ তথা মত প্ৰকাশৰ এক পবিত্ৰ স্থলী বুলি কলেও অতুক্তি কৰা নহব। বিভিন্ন কোণৰ পৰা বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক তথা সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংগঠনে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিজৰ সমস্যা, মতামত আদি তুলি ধৰা আৰু নিৰ্বাচিত গণ প্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰাই লাষ্টগেটৰ প্ৰতিবাদস্থলীৰ মূল লক্ষ্য বা উদ্দেশ্য!

পিছে এই প্ৰতিবাদলৈ সঁচাই কান দিয়েনে শাসক বা প্ৰশাসনে। দিল্লীত জন্তৰ-মন্তৰৰ দৰে হৈ পৰা প্ৰতিবাদস্থলীত প্ৰতিবাদ, শ্লোগান, বেনাৰৰ লিখন আদিলৈ শাসক বা প্ৰশাসন যন্ত্ৰই কেৰেপ কৰেনে? আচলতে কেৰেপ কৰিব লাগেনে নালেগে, সিও এক প্ৰশ্নই!


গণতান্ত্ৰিক শাসন ব্যৱস্থাত যেনেকৈ মত প্ৰকাশৰ অধিকাৰ আছে, সেইদৰে শান্তিপূৰ্ণ প্ৰতিবাদৰো। কোনো নীতি, অনীতি, ব্যৱস্থা-অব্যৱস্থাৰ ওপৰত যি কোনো নাগৰিক তথা সংগঠনৰ নিজা মত উপস্থাপন কৰাটো এক অধিকাৰ। লাষ্টগেটে আচলতে এই অধিকাৰকেই সুনিশ্চিত কৰা নাইনে? ইও আচলতে গণতান্ত্ৰিক শাসক ব্যৱস্থাক পৰিপূৰ্ণ কৰাৰ বাবে এক পৰিপূৰক ভূমিকা পালন কৰা নাইনে! পিছে এই বিষয়ে শাসকৰ মনোভাৱ দেখিলে আপোনাৰ অনুভৱ নঞাৰ্থকহে হবলৈ বাধ্য।

আচলতে কি হব লাগিছিল? লাষ্ট গেটত শান্তিপূৰ্ণ ভাৱে নিজৰ মত-দাবী-সমস্যাক উত্থাপন কৰি ৰাজ্যৰ সেই সমূহ সমস্যাক সমাধানৰ বাটলৈ অনাৰ বাবে সামাজিক সংগঠন সমূহক এক "গঠনমূলক" মনোভাৱেৰে "গ্ৰহণমূলক" মানসিকতাৰে চোৱাতোৱেই শাসকৰ বাবে কাম্য নাছিলনে। অন্ততঃ বাতৰি কাকত বা সংবাদ মাধ্যমৰ দৰে ইও এক অসন্তুষ্টি প্ৰকাশৰ গ্ৰহণযোগ্য মাধ্যমেই নহয় জানো! তেন্তে লাষ্টগেটত ৰ'দে-বৰষুণে প্ৰতিবাদ কৰিবলৈ অহা লোকসকলক নাগৰিকৰ যোগ্য মৰ্যদা দিয়া নহয় কিয়? তেওঁলোক বহিব পৰাকৈ উন্নত আন্তঃগাঁথনিৰে এক প্ৰতিবাদীস্থলী আজিও নিৰ্মাণ হোৱা নাই কিয়? বিশেষ ৰাজনৈতিক দললৈ আঙুলিয়াব নুখুজিও, সৰ্বদলীয় বৈঠকেই বা চৰকাৰ প্ৰশাসনক ইয়াৰ বাবে দাবী কিয় তোলা নাই, বা কাৰ্যকৰী কৰাব পৰা নাই তাকে লৈ প্ৰশ্ন নিশ্চয় জাগিবই। আজি শাসক, কাইলৈ বিৰোধী বা পদপথৰ প্ৰতিবাদকাৰীওটো হব পাৰে, এই গণতন্ত্ৰত!

আমাৰ দৃষ্টিত বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সৰ্ব-বৃহৎ গৱেষণাগাৰটোত এতিয়া যি মতেই প্ৰকাশ নকৰক লাগিলে, নাগৰিকৰ প্ৰতি সহানুভূতি হোৱাটো, সহানুভূতিৰে আবেদন নিবেদন আদি গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা। বিধান সভাৰ নাতি-দূৰত্বত জনপ্ৰতিনিধি সকলৰ দৃষ্টি আকৰ্ষণৰ বাবে অহা নাগৰিক সকলে অন্তত বহি, নিজৰ প্লেকাৰ্ড, বেনাৰ আদি প্ৰদৰ্শনেৰে মত প্ৰকাশৰ নুন্যতম সা-সুবিধা প্ৰশাসনে কৰা উচিত। পানী, টয়লেট, ৰ'দ-বৰষুণৰ পৰা বাচিব পৰাকৈ ওপৰত এখন টিন বা চালিৰ ব্যৱস্থা আদিও নাগৰিক সকলৰ বাবে প্ৰশাসনে কৰা উচিত। অন্ততঃ যি কোনো এজন নাগৰিকেই যি কোনো স্থানত থিয় হৈ থাকিলেও পাব লগা নুন্যতম সা-সুবিধাকন প্ৰতিবাদী স্থলীতো প্ৰদান কৰা উচিত। লগতে সুৰক্ষাও, কাৰণ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা অবিহনে প্ৰতিপক্ষ বা দুষ্ট পক্ষ বা দুৰ্বৃত্তই সামগ্ৰীসহ প্ৰৱেশ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকো হিংসাত্মক কৰি তোলাৰ উদাহৰণ অসমতো সহজ লভ্যই।

এইদৰে ধৰ্ণা, প্ৰতীকি ধৰ্মঘট, সমদল আদি কৰি নিজৰ সমস্যাক তুলি ধৰিবলৈ অহা সংগঠনবোৰৰ পৰা স্মাৰক পত্ৰ আদি নিবলৈ বা প্ৰতিবাদ স্থলীত খা-খবৰ লবলৈ কোনো ৰাজ-প্ৰতিনিধি আহেনে?বিভাগীয় মন্ত্ৰী বা পাত্ৰ-বিষয়া ওলাই আহি আলোচনাত ভাগ লয়হি নে? কিন্তু বহু কেইগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ নাগৰিকে জনোৱা মতে এনে কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই। ফলত পৰিস্থিতি উত্তপ্ত হোৱা, হিংসাত্মক অৱস্থালৈ গতি কৰা আদি ঘটনাৰ সূত্ৰপাত হয়। পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত আগতেই সমস্যাক লৈ বিপৰ্যস্ত হোৱা লোক সকলক ধৈৰ্যহীন কৰিবলৈ শাসকেই প্ৰৰোচিত কৰে।

বিধান সভাৰ নাতিদূৰৈত থকা এই স্থানত কোনোবা বিদেশী বা শত্ৰু আহি বহি থাকেহি নে? নে কোনোবা অকাৰণে স্ফুৰ্তিত ৰ'দে বৰষুণে বহি থাকেহি। হাজাৰ হাজাৰ জনতাই উত্তাল শ্লোগান দি পুলিচৰ দমনকাৰী নীতিৰো মুখামুখি হয়হি। আনকি গুলীত বুকু পৰ্যন্ত পাতি দিয়াৰ উদাহৰণ দিছপুৰ লাষ্টগেটৰ বুকুতেই আছে।

আচলতে শাসকীয় দলেই হওক বা বিৰোধী দলেই হওক, বিধান সভালৈ যোৱাৰ আগতে বা বিধান সভাৰ বিৰতিৰ সময়ত দলে-বলে ওলাই আহি সুৰক্ষিত ৰূপত সেই প্ৰতিবাদী নাগৰিক সকলৰ দুখ-দুৰ্দশাৰ খবৰ লবহি লাগে। তেহে স্মাৰক পত্ৰত প্ৰতিফলিত সমস্যাবোৰে অন্তত সদনৰ মজিয়াত উচ্ছাৰিত হবলৈ সুযোগ পাব। আৰু শাসনত থকা শাসকেই নিজৰ প্ৰশাসনৰ প্ৰতিবাদ স্থলীত সমবেত হবলৈ অনুমতি দিয়া সংগঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি নিজে ওলাই আহি স্মাৰক-পত্ৰ গ্ৰহণ তথা আলোচনাৰ বাবে মতা বা আশ্বাস প্ৰদান কৰাৰ ব্যৱস্থা হব লাগে। বিশেষ কাৰণত কোনো মন্ত্ৰী ওলাই আহিব নোৱাৰিলে উচ্চ পৰ্যায়ৰ সচিব জাতীয় আমোলাই বিভাগীয় স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিটো শান্তিপূৰ্ণ প্ৰতিবাদ আৰু গণতান্ত্ৰিক পৰম্পৰা দুয়োটাৰ বাবেই অতিশয় গুৰুত্বপূৰ্ণ কথা।

কিন্তু বাস্তৱত হয় কি, যে ৰ'দে বৰষুণে বাট-কুৰি বাই দীৰ্ঘদিন বঞ্চনা তথা সমস্যাৰে ভাৰাক্ৰান্ত লোকসকল আহি লাষ্টগেটৰ বাকৰিত গোট খায়হি। পিয়াহত পানীকণ পৰ্যন্ত আতুৰ হৈ থকা মানুহখিনিৰ অভাৱ অভিযোগ শুনিবলৈ, শ্লোগান শুনিবলৈ, বেনাৰ, পোষ্টাৰ পঢ়িবলৈ জনপ্ৰতিনিধি আৰু প্ৰশাসন যন্ত্ৰৰ যেন কোনো দ্বায়িত্বই নাই তেনে মনোভাৱহে প্ৰদৰ্শিত হয়। ফলত ক্ৰমাত অস্থিৰ হৈ পৰা মানুহখিনিৰ মন-মগজু উত্তাল হবলৈ ধৰে আৰু যিয়ে মানুহক হিংসাত্মক হবলৈ প্ৰৰোচিত কৰে। এনেদৰে চিৰদিন কোনোৱেই দুখ-দুৰ্দশাৰ কথা শুনিবলৈ জানিবলৈ নহাৰ ফলতেই অতি ক্ৰুদ্ধ হোৱা সকলে অস্ত্ৰ পৰ্যন্ত হাতত তুলি ঘৰ এৰি ওলাবলৈকো বাধ্য হৈ পৰে।

এনে সকলো পৰিস্থিতিক জানি-বুজিও নিদ্ৰাৰ ভেশচন ধৰি থকা শাসকৰ ব্যৱহাৰে নাগৰিক সকলক ক্ষুদ্ধৰ পৰা ক্ষুধাতুৰ কৰি তোলে। যিটো সময়ত এটি সহানুভূতিৰ মাতে ৰাজনৈতিকভাৱে নেতাসকলক বিচক্ষণতাৰ পৰিচয় দিয়াৰ সুযোগ দিয়ে, তথাপি তেওঁলোক ওলাই নাহে। তাৰ সলনি ক্ষুদ্ধ হোৱা জনতাৰ ওপৰত লাঠি-চাৰ্জ, পানীৰ টোপ, গুলীবৰ্ষণ আদিৰ নিৰ্দেশ দিয়াৰহে উদাহৰণ দেখা যায়। আনকি বিগত সময়চোৱাত প্ৰতিবাদস্থলীকে সুৰক্ষা-ভীতিৰ নামত তাৰ পৰা উঠাই দিয়া পৰ্যন্ত প্ৰস্তাৱ দিয়াৰ কথা জনা যায়। ই বৰ্তমানৰ শাসকৰ অসহনশীলতা আৰু দাম্ভিকতাই প্ৰকাশ নকৰেনে।


এটা কথা শুনিবলৈ বেয়া লগা, কিন্তু এয়াই বাস্তৱ যে, প্ৰতীকি অনশন, ধৰ্ণা ধৰ্মঘট আদি সাংবাদিকে বাতৰি-কাকতত ফটোসহ বাতৰি প্ৰকাশ কৰিলে প্ৰচাৰ পোৱা বাদে আচলতে প্ৰকৃতাৰ্থত কোনো কাৰ্যকৰী ফলদায়ক নহয়। ইয়াৰ দ্বাৰা সংগঠন একোটাৰ অস্তিত্ব প্ৰদৰ্শন তথা সমস্যাটো মেডিয়াত তুলি ধৰাটোৱেই আজিৰ তাৰিখত ধৰ্ণা, প্ৰদৰ্শনেৰে কৰিব পৰা কাম। যি এশ মিটাৰ আৰক্ষীৰ বাধা অতিক্ৰম কৰিলে হিমালয়ৰ শিখৰ পাব যেন লগা আন্দোলনৰ মুহূৰ্তৰ মনোভাৱ তথা সেই মুহূৰ্তৰ সংঘৰ্ষবোৰৰ মূল্য হিচাবে জীৱন গলেও প্ৰকৃতাৰ্থত এয়া অসহনশীল শাসকৰ সমুখত আচলতে নিৰৰ্থক কুচ-কাৱাজ স্বৰূপহে!

নিজৰ দুৱাৰডলিত ৰাজ্যৰ সমস্যাবোৰ জনাবলৈ অহা সাধাৰণ নাগৰিক তথা সংগঠন সমূহৰ কথা শুনিবলৈ আহৰি নোপোৱা শাসকে, আমোলাই বাৰে বাৰে সমস্যাৰ সমাধানৰ বাবে বাট বিচাৰি হেনো অধ্যয়ন কৰিবলৈ বিদেশ ভ্ৰমণলৈ যায়। আচলতে বিদেশত গৈ কৰা নাটকবোৰে শাসকৰ নগ্ন চৰিত্ৰহে উদঙাই দিয়ে। তাতোকৈ অধিক জ্ঞান, ৰাইজৰ সমস্যাৰ সমাধানৰ পথ, ৰাইজৰ মাজত জনপ্ৰিয়তা আদিৰ শিক্ষা লাষ্টগেটত স্মাৰকপত্ৰ পঢ়িবলৈ আহিলেই পাব, সেয়াও এক স্পষ্ট কথা!

দিল্লীত অতি কম সময়ৰ বাবে মুখ্যমন্ত্ৰী পদত থকা অৰবিন্দ কেজৰীৱালে কিন্তু প্ৰতিবাদকাৰী সকলক সেই সময়ত প্ৰতিবাদস্থলীতে আহি আলোচনাত মিলিত হৈ সমস্য়া সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিছিল তথা প্ৰচেষ্টাও হাতত লৈছিল। এয়া এক ইতিবাচক ব্যতিক্ৰম ৰূপে দেশত জিলিকি ৰবই।

জুই নজ্বলালৈকে গম গতি নোলোৱা, অনশনৰ দহ দিনৰ পাছতো খবৰ নোলোৱা আদি দাম্ভিকতা এৰিবৰ সময় আহিল। ৰাইজে সকলো প্ৰত্যক্ষ কৰি আছে আৰু গণতন্ত্ৰত জনতাই জনাৰ্দন, সেই কথাও শাসকে মনত ৰখাটো প্ৰয়োজনীয়।

সেয়ে সকলো দিশ অনুধাৱন কৰি দিছপুৰৰ লাষ্টগেটতো বৰ্তমানৰ শাসক, আজিৰ বিৰোধী, ভৱিষ্যতৰ শাসক সকলে নাগৰিক সকলৰ প্ৰতি সহানুভূতিশীলতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰক। গণতান্ত্ৰিক ব্যৱস্থাক সন্মান কৰিবলৈ নিশিকিলে, নাগৰিকক সন্মান কৰিবলৈ নিশিকিলে যে গণতন্ত্ৰ বা তাত শাসক ৰূপে টিকি থকাটো এক অবাস্তৱ কথা সেই কথাও শাসক শ্ৰেণীয়ে বুজি লওক আৰু ইতিবাচক কৰ্মপন্থা গ্ৰহণ কৰক।

No comments:

Post a Comment