চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
ব্যতিক্ৰমী চিন্তাধাৰা, চিন্তাৰ স্বাধীনতা
মৃদুল কুমাৰ শৰ্মা
"হেৰা, তুমি কোৱাচোন- চাহখেতিৰ বাবে উপযুক্ত মাটিৰ PH কিমান হ’ব লাগে?”, ভূমিবিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে ব্যৱহাৰিক পৰীক্ষাৰ মৌখিকত ছাত্ৰ এজনক প্ৰশ্ন এটা কৰিলে৷ ছাত্ৰজনৰ ওচৰত উত্তৰটি মজুত নাছিল কিন্তু তেওঁ তপৰাই মাত দিলে, ”চাৰ, ২০ৰ পৰা ২২ মান হ’লে ভাল হয়”৷ উত্তৰটি শুনি লগত থকা বাকী পৰীক্ষাৰ্থীকেইজনে হাঁহি দিলে৷ কাৰণ সকলোৱে জানে যে আম্লিকতা আৰু ক্ষাৰীয়তাৰ মানদণ্ড বুজাবলৈ ব্যৱহাৰ কৰা PHৰ সৰ্বোচ্চ মান ১৪ হে।

অধ্যাপকগৰাকীয়ে কিন্তু গহীনাই ক’লে, "হ’ব পাৰে৷ সেইটো চন্দ্ৰত হ’ব পাৰে”৷


সকলোৰে সন্মানৰ পাত্ৰ সেই শিক্ষকগৰাকীয়ে সেইসময়ত কৰা ধেমেলীয়া মন্তব্যটোৱে কিন্তু এক চিন্তাৰ উন্মেষ ঘটাইছিল বহুকেইজন ছাত্ৰৰ মনত ৷ কথাটো এয়েই যে আমি একেবাৰে অসম্ভৱ বুলি সচৰাচৰ ভবা কথা একোটাকো ধনাত্মক দৃষ্টিৰে চাব পাৰো৷ কোনে জানে কেতিয়া কোনো এটা ঋণাত্মক, অসম্ভৱ বুলি ভবা কথাৰ মাজতো সৃষ্টিৰ সম্ভাৱনা লুকাই থাকিব পাৰে ৷

১৯৯৬ চনৰ ৫ জুলাই তাৰিখে বিজ্ঞানত এক ইতিহাসৰ সৃষ্টি হ’ল৷ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ ৰ’জলিন ইনষ্টিটিউটত এদল বিজ্ঞানীয়ে গৱেষণাগাৰত ভেড়াৰ এটি প্ৰাণীকোষৰ পৰা এক সম্পূৰ্ণ ভেড়াৰ জন্ম দিয়ালে৷ অন্য অৰ্থত 'সৃষ্টি' কৰিলে "ডলী" নাম দিয়া এই ভেড়াটিক ৷ এই চাঞ্চল্যকৰ পৰিঘটনাক এক ইতিহাসৰ সৃষ্টি কৰা বুলি এইকাৰণে অভিহিত কৰিব খোজা হৈছে যে, তাৰ আগলৈকে প্ৰাণীকোষৰ Totipotency নাই বুলি বিশ্বাস কৰা হৈছিল, কেৱল উদ্ভিদ কোষৰহে এই বৈশিষ্ট্য আছে বুলি সৰ্বজনস্বীকৃত আছিল ৷

এটা অসম্ভৱ বুলি ভাবি থকা পৰিঘটনা বাস্তৱ হ’ল, কিয়নো দুজনমানে ধনাত্মক দৃষ্টিভঙ্গীৰে প্ৰচলিত ঋণাত্মক বিশ্বাস এটাক সন্দেহৰ চকুৰে চালে আৰু পৰীক্ষা-নিৰীক্ষা কৰিলে৷


এই যে তেওঁলোকে এনেধৰণে চিন্তা এটা কৰি চালে সেইটো কিন্তু এটা গভীৰভাবে ভাবি চাবলগীয়া বিষয়৷ অইনতকৈ যে অলপ বেলেগ ধৰণেৰে চিন্তা কৰিলে সেইটোকে 'ব্যতিক্ৰমী চিন্তা’ বা ইংৰাজীত তাক ‘Differential thinking’ বুলি কোৱা হয়৷ প্ৰচলিত চিন্তাধাৰাৰ পৰা অলপ আঁতৰি আহি, অলপ ব্যতিক্ৰম চিন্তা কৰাৰ ফলত এক মহান সৃষ্টি ঘটিল৷

নব্য সৃষ্টিৰ বাবে, নব্য উদ্ভাৱনৰ বাবে কিছুপৰিমাণে ব্যতিক্ৰমী চিন্তাৰ প্ৰয়োজন৷ লগতে প্ৰয়োজন ধনাত্মক মনোভাৱৰ৷ কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত ব্যতিক্ৰমী চিন্তাৰ আদৰতো নায়েই, এনে চিন্তা কৰা সকলক ভেঙুচালি কৰি 'অৰ্ধ-পাগল’ আখ্যাহে দিয়া হয়৷ চিন্তা আৰু কল্পনাৰ পৰিধিক সীমিত কৰি প্ৰচলিত শিক্ষাক ভাটৌৰ দৰে আওৰাব পৰাতেই যেন আমাৰ সফলতা ৷

আমাৰ শিক্ষা ব্যৱস্থাত এক Intellectual rigor mortis এ খোপনি পুতিছে৷ যিয়ে নেকি আমাৰ মানৱ সম্পদক পদে পদে বাধা দি আহিছে নতুন, ব্যতিক্ৰমী চিন্তাধাৰাৰে কথাবোৰ চালিজাৰি চাবলৈ৷


Intellectual rigor mortis ৰ এক সাধাৰণ উদাহৰণ- আমাৰ ভাৰতবৰ্ষত কম্পিউটাৰৰ লগত যি অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰা হয় তাৰ অধিকাংশই মাইক্ৰছফ্ট নামৰ ক’ম্পেনীৰ Windows অপাৰেটিং চিষ্টেম৷ এই অপাৰেটিং চিষ্টেমবিধ কিন্তু বিনামূলীয়া নহয়; ইয়াক কিনিব লাগে৷ কিন্তু দেখা যায় যে বহুসংখ্যক লোকে কিনিবলৈ অসমৰ্থ হৈ ইয়াক চুৰ কৰি ব্যৱহাৰ কৰে যাক কোৱা হয় ”পাইৰেচী (piracy)”৷ ই আইনগত দিশৰ পৰা দণ্ডণীয়৷ বজাৰত আন এবিধ অপাৰেটিং চিষ্টেম পোৱা যায় যাৰ নাম GNU/Linux৷ এইবিধ অপাৰেটিং চিষ্টেমৰ কেইবাবিধো প্ৰকাৰ আছে আৰু আটাইকেইবিধেই আমাৰ কম্পিউটাৰবোৰত চলাবলৈ উপযোগী৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই সম্পূৰ্ণ বিনামূলীয়া আৰু বহু ক্ষেত্ৰত ই Windows তকৈ বেছি সুৰক্ষিত বুলি প্ৰমাণিত৷ কিন্তু ইয়াক ব্যৱহাৰ কৰাত অনীহা দেখুওৱাৰ মূল কাৰণ হিচাপে কোৱা হয় যে ইয়াক চলাবলৈ টান৷ ই Windows ৰ 'নিচিনা’ নহয়৷


অৰ্থাৎ ব্যৱহাৰকাৰীয়ে ইয়াক পৰীক্ষা কৰি চাওঁতে ইয়াক এক নতুন 'অপাৰেটিং চিষ্টেম’ হিচাপে চোৱা নাই, Windows ৰ লগত ইয়াক তুলনা কৰি চাইহে সিদ্ধান্ত লৈছে৷ বহু কম্পিউটাৰ শিক্ষকেও ছাত্ৰক টান বুলিয়ে লিনাক্স ব্যৱহাৰ কৰাত নিৰুৎসাহিত কৰে৷ আনকি অসমত প্ৰতিবছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰৰ ফালৰ পৰা উপহাৰ দিয়া কম্পিউটাৰ সমূহতো লিনাক্স অপাৰেটিং চিষ্টেম যোগান ধৰা হয় যদিও বেছিসংখ্যকে পিছত তাক গুচাই "পাইৰেটেড” Windows লগাই লোৱা পৰিলক্ষিত হয়৷

মৃতদেহ এটা যেনেদৰে জঠৰ হৈ পৰে, ইয়াৰ অংগ-প্ৰত্যংগ লৰচৰ কৰিব নোৱাৰি; জঠৰ চিন্তাধাৰায়ো নতুন বস্তু এটা পৰীক্ষা কৰি ব্যৱহাৰ কৰাত বাধা দিয়ে৷

আমাৰ শিক্ষা ব্যৱস্থাত সোমাই থকা এই 'জঠৰ চিন্তাধাৰা তথা দৃষ্টিভঙ্গী’ এক সৰ্বনাশী তথা মাৰাত্মক ব্যাধি ৷ ই আমাৰ ব্যতিক্ৰমী চিন্তাবোৰক জাগ্ৰত হ’বলৈ নিদিয়ে৷ এনে মানসিকতা সলাবলৈ সময় হ’ল আৰু তাৰবাবে আমাৰ শিক্ষাব্যৱস্থাত কিছু সাহসী পদক্ষেপ কিছুমান লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ 'সাহসী’ পদক্ষেপৰ কথা এইকাৰণেই কোৱা হৈছে কিয়নো শিক্ষাব্যৱস্থাত সামান্যতম সাল-সলনি কৰোতেও বহু বাধাৰ সন্মুখীন হ’ব লাগিব এচাম স্থিতাৱস্থাৰ সমৰ্থনকাৰী 'জঠৰ চিন্তাধাৰাৰ’ প্ৰতিভু শিক্ষাবিদ তথা সমাজবিদৰ৷


মানৱজাতিৰ কল্যাণত কামত আহিব পৰা যিকোনো ঘটনা/পৰিঘটনাকেই ধনাত্মক দৃষ্টিভঙ্গীৰে চালিজাৰি চাই, বিশ্লেষণ কৰি ব্যৱহাৰযোগ্য পৰ্য্যায়লৈ আনিব পৰাকৈ আমাৰ শিক্ষাব্যৱস্থাই আমাক সমৰ্থবান কৰি তুলিব পাৰিব লাগিব৷ সেয়া লাগিলে বিজ্ঞানেই হওক বা কলাই হওক বা বাণিজ্যই হওক৷ তেতিয়াহে আমাৰ শিক্ষা সাৰ্থক হ’ব৷


আমি দৈনন্দিন জীৱনত প্ৰায়ে সন্মুখীন হৈ অহা বিভিন্ন বিশ্বাস, লোকাচাৰ আদিৰ বেছিভাগকেই আমি 'অন্ধবিশ্বাস’ বুলি উৰুৱাই দিও৷ কিন্তু এনে এটি বিশ্বাসৰ আঁৰত হয়তো লুকাই আছে কোনো এক দুৰাৰোগ্য ব্যাধিৰ দৰৱ যাক হয়তো আমি কেতিয়াও বিজ্ঞানৰ সহায়ত বিশ্লেষণ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাই বা প্ৰচলিত বিজ্ঞানৰ উপাদান তথা আহিলাসমূহৰ দ্বাৰা বিশ্লেষণ কৰিবলৈ অসমৰ্থ হৈছো৷ গ্ৰাম্যজীৱনত কৃষি আৰু পশুপালন কাৰ্য্যত কিছুমান ”স্থানীয় কাৰিকৰী জ্ঞান”ৰ (Indigenous Technical Knowledge/Knowhow) সফল প্ৰয়োগ কৰা দেখা যায়৷ এনেকুৱা জ্ঞানৰ ইতিমধ্যে বৈজ্ঞানিক বিশ্লেষণো হৈছে আৰু প্ৰায়োগিক সুফলতা প্ৰমাণিত হৈছে ৷

ঠিক তেনেদৰে, সমৰকলাৰ বিভাগ কিছুমান যেনে "কুংফু” আদিত সমৰকলাবিদ সকলে কিছুমান অবিশ্বাস্য কাম কৰা দেখা যায় যেনে হাতেৰে স্পৰ্শ নকৰাকৈ ঘৰৰ চালত ব্যৱহাৰ কৰা পোৰামাটিৰ খাপৰি ভাঙি পেলোৱা ইত্যাদি৷ শুনোতে অসম্ভৱ তথা আশ্চৰ্য্যকৰ যেন লগা এনে কাৰ্য্য কিছুমানৰ নিশ্চয় বৈজ্ঞানিক বিশ্লেষণ সম্ভৱ যাৰ পৰা হয়তো মানুহৰ কামত অহা কোনো উদ্ভাৱন হ’ব পাৰে৷ সন্মোহন বিদ্যা, আধি-মনোবিজ্ঞান আদি কিছুমান বিষয় এতিয়াও অস্পৃশ্য হৈয়ে আছে যিবোৰেও হয়তো মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰিক সম্ভাৱনীয়তা বহন কৰে৷

কেৱল মাথোঁ প্ৰয়োজন এক সুস্থ, ধনাত্মক দৃষ্টিভঙ্গীৰ৷ এক ব্যতিক্ৰমী চিন্তাধাৰাৰ তথা চিন্তাৰ স্বাধীনতাৰ ৷

লেখাটি ছপা মাধ্যমত আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages