পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
অসম আৰু উত্তৰ-পূৱঃ ধাৰণা বনাম বাস্তৱ
আছিক জামান
ছোভিয়েত ইউনিয়নৰ ভিতৰত ৰুছ অঞ্চল সমূহ আছিল প্ৰকৃতাৰ্থত ইউৰোপ, কিন্তু বাকী অনুন্নত মধ্য এচিয়াৰ ফেডেৰেল ৰাজ্য সমূহৰ বাবে ৰুছ মানুহ আৰ্থিক তথা সামাজিক ভাবে বহুতো অসুবিধা সহিব লগা হৈছিল | এই অসুবিধা সমূহ তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল ৰুছ মানুহৰ মনত- কিৰ্গিজ, কাজাখ, জৰ্জিয়ান সকলৰ কাৰণে আমি কিয় কষ্ট কৰিম ? শেষত, যেতিয়া গৰ্বাচেভে তেওঁৰ বিখ্যাত ’প্ৰেচট্ৰয়েকা’ আৰু গ্লাছন’ষ্ট পলিচি আৰম্ভ কৰিলে ৰুচ সকলৰ বহুকালৰ ক্ষোভৰ বিস্ফোৰণ ঘটিল, ফলস্বৰূপ ছোভিয়েত ইউনিয়ন ভাঙি টুকুৰা-টুকুৰ হৈ যায় | অসমৰ অৱস্থা বহুখিনি কমিউনিষ্ট যুগৰ ৰাছিয়াৰ দৰে, উত্তৰ-পূৱ নামক এক ব্যৱ্স্থাৰ চিকাৰ | জাত্যভিমানি কিছুমান নেতা আৰু উৰ্বৰ মস্তিষ্ক বুদ্ধিজীৱী সকলৰ আৱেগিক সুৰসুৰণিৰ কাৰণেই এতিয়াও এই উত্তৰ-পূৱ নামক কল্প-কাহিনিটো চলি আছে |

প্ৰথমতে, আমি এটা কথা সকলোৱে মানি ল’ৱ লাগিব যে, উত্তৰ-পূৱ নামক এই ধাৰণাটোৰ জন্ম হৈছে অসমৰ বিভাজনৰ মাজেদি, তাকো এটা হিংসাত্মক প্ৰক্ৰিয়াৰ মাজেদি | বিভাজন এই কাৰণেই হৈছিল কাৰণ তেওঁলোকে ভাবিছিল, তেওঁলোক অসমৰ পৰা সকলো ফালৰ পৰা ভিন্ন | আৰু কথাখিনি মিছাও নহয় | অসম উত্তৰ-পূৱৰ আন ৰাজ্য সমূহৰ পৰা সম্পূৰ্ণ পৃথক- অসম মূলত সমতল ভূমি, আন ৰাজ্যসমূহৰ দৰে পাহাৰীয়া, দুৰ্গম নহয়, অসমৰ জন-সংখ্যাৰ কেৱল মাত্ৰ ১২% জন-জাতি (ST) অথচ উত্তৰ পূৱৰ আন ৰাজ্যসমূহত এই হাৰ ৯০% লৈকে আছে | অসমৰ এই ১২% জন-জাতি মানুহৰ সৰহ সংখ্যাকেই ভৈয়াম-জনজাতি আৰু তেওঁলোক সামাজিক তথা আবেগিক ভাৱে (emotionally) পাহাৰী ৰাজ্য সমূহৰ পৰা সম্পূৰ্ণ ৰূপে পৃথক | এতিয়া আহক মূল প্ৰশ্নটোলৈ, উত্তৰ-পূৱ কিয় লাগে ? কাৰ স্বাৰ্থত লাগে ? অসমৰ কি লাভ হৈছে উত্তৰ-পূৱ হৈ? উত্তৰ-পূৱৰ ধাৰণাটোৱে এই ৰাজ্য সমূহৰ তথা ইয়াৰ বসিন্দা সকলৰ মাজত কিবা ৰাজনৈতিক বা সামজিক একতা আনিছে নে ?


প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ’ল ’উত্তৰ পূ্ৱ’ নামক এই parochial ধাৰণাটো কিছু ’প্ৰাপ্ত-বয়স’ ছাত্ৰ-নেতা আৰু extortion industry চলোৱা উগ্ৰপন্থী সংগঠন সমূহৰ বাহিৰে দিল্লীৰ বাবু সকলক লাগে, কাৰণ মাত্ৰ ১০/১২ লাখ জনসংখ্যাৰ এই গুৰুত্ত্বহীন ৰাজ্যসমূহৰ নাম মনত ৰখাৰ প্ৰয়োজন নহয় | কাৰ স্বাৰ্থত উত্তৰ-পূৱৰ প্ৰয়োজন বুলি যদি প্ৰশ্ন কৰে, তেন্তে উত্তৰ হ’ৱ - পুঁজিপতি সকলৰ স্বাৰ্থত, দুৰ্নীতিপৰায়ণ আমোলা-ঠিকাদাৰৰ স্বাৰ্থত প্ৰয়োজন| উদ্যোগীকৰণৰ নামত ভেকো-ভাওঁনা কৰি 'উত্তৰ-পূৱৰ’ নামত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কৰ ৰেহাই আচঁনি তথা ’টেক্স-হ’লিডে’ৰ স্বাৰ্থত প্ৰ্য়োজন | উত্তৰ-পূৱৰ নামত প্ৰতি বছৰে ট্ৰাঞ্চপ’ৰ্ট চাবচিডি, tax exemption, Area Based Refund Scheme আদি এশ-এবুৰি আচঁনিৰ যোগেদি হেজাৰ কোটি টকা পুজিঁপতি সকলৰ জেপত সোমাই আছে, কিন্তু সেই অনুপাতে নিয়োগৰ ব্যৱস্থা বা সৃষ্টি হৈছে নে?

আনহাতে, ৯০%-১০% ৰ যি ফৰ্মূলা তৈয়াৰ কৰা হৈছে, সেয়া কেৱল দুৰ্নীতিপৰায়ন নেতা-অমোলা-ঠিকাদাৰৰ nexus ৰ বাহিৰে আন কাৰবাক কিবা সহায় কৰিব পৰা নাই | আচলতে অসমক ৯০% আচঁনিৰ ধনৰ ভিক্ষা নালাগে, লাগে ১০০% আচঁনিৰ ৰূপায়ণ | এই ৯০% ৰেহাইৰ ভিক্ষা-বৃত্তি নাগালেন্ড, মিজোৰাম, অৰুণাচল আদি উত্তৰ-পূৱৰ পাহাৰীয়া ৰাজ্য সমূহৰ নেতা-অমোলা-ঠিকাদাৰ-উগ্ৰপন্থীৰ দুৰ্নীতিৰ বাটটো মুকলিহে কৰিছে |

এটা উদাহৰণ দিওঁ, ২০০১ চনৰ লোক-পিয়ল মতে, নাগালেন্ডৰ জনসংখ্যাৰ decadal growth অৰ্থাত ১০ বছৰত বৃদ্ধি আছিল অস্বাভাৱিক ৬৪%, যি আছিল দেশৰ ভিতৰত সৰ্বোচ্চ | কিন্তু অত্যন্ত নাটকীয় ভাবে ২০১১ চনৰ লোক-পিয়ল মতে নাগালেন্ডৰ জনসংখ্যাৰ decadal growth হয় গৈ মাইনাচ ০.৪ % (দেশৰ ভিতৰত সৰ্বনিম্ন আৰু অস্বাভাৱিক) অৰ্থাত যোৱা ১০ বছৰত নাগালেন্ডত এজনো জনসংখ্যা বৃদ্ধি হোৱা নাই ওলোটা কমিছে হে !! এয়া কেনেকৈ সম্ভৱ? সম্ভৱ কেৱল ৯০%-১০% ৰ যাদুকৰী ফৰ্মূলাৰ বলত | আচঁনি সমূহত জন-মূৰি হিচাপত Fund allocate কৰা হয়, এখন ৰাজ্যত যিমান জনসংখ্যা বেছি হ’ব আচঁনিৰ টকাৰ পৰিমানো সিমান বাঢ়িব আৰু সেই টকাৰ ৯০% কেন্দ্ৰীয় সাহায্য হে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ বাবে, গতিকে নাগালেন্ড আদি উত্তৰ-পূৱৰ পাহাৰীয়া ৰাজ্যসমূহত গণনাকাৰৰ কলমৰ জোৰত জনসংখ্যা বৃদ্ধি পায়, সেই জনসংখ্যাৰ আধা হ’ল Ghost Population আৰু এই Ghost Populationৰ নামত আবন্টিত আচঁনিৰ ধন কাৰ পকেটত সোমাই আছে সেয়া কোৱা বাহুল্য | এই ৰাজ্য সমূহত এনেকুৱা সম্ভৱ কাৰণ এইবোৰ পাহাৰীয়া ৰাজ্যত না শক্তিশালী সংবাদ মাধ্যম আছে, না মানুহৰ সজাগতা | দিল্লীৰ আমোলা-তন্ত্ৰৰো এই ১০-১২ লাখ জনসংখ্যাৰ গুৰুত্ত্বহীন, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত ৰাজ্য সমূহক লৈ চিন্তা কৰিবলৈ সময় আৰু সদিচ্ছা এটাও নাই | কিন্তু অসমৰ কথা সুকীয়া | অসমৰ জনসংখ্যা পাঞ্জাৱ, হাৰিয়াণা, হিমাচল আদি ৰাজ্যকৈ বেছি, কেৰেলা আৰু ঝাৰখণ্ডৰ সমান | সংসদত আমাৰ লোকসভা আৰু ৰাজ্যসভা মিলাই ২১ জনকৈ সাংসদ আছে | এক সুস্থ গণতান্ত্ৰিক পৰিৱেশ আছে, আছে প্ৰাকৃতিক সম্পদ, জনসম্পদ | প্ৰয়োজন কেৱল দূৰদৰ্শী নেতৃত্ব, সবল এডমিনিষ্ট্ৰেশ্বন, আচঁনি সমূহৰ সম্পূৰ্ণ আৰু সঠিক ৰূপায়ন, প্ৰয়োজন সম্পদৰ সুষম বাণিজ্যিক ব্যৱহাৰ আৰু স্থানীয় যুৱ সমাজৰ entrepreneurship |


এটা কথা চিন্তা কৰক, নাগালেন্ড আৰু মিজোৰামৰ জনসংখ্যা মিলি আমাৰ নগাওঁ জিলাৰ জনসংখ্যাৰ সমান নহয় | উত্তৰ-পূৱৰ আন সকলো ৰাজ্যৰ জনসংখ্যা অসমৰ একো একোখন জিলাৰো সমান নহয় | তদুপৰি সেইবোৰ ৰাজ্যৰ অৰ্থনৈতিক তথা ৰাজনৈতিক পৰিৱেশ অসমতকৈ সম্পূৰ্ণ পৃথক | এই পাহাৰীয়া ৰাজ্যসমূহত সম্পদ বুলিবলৈ একো নাই বুলি ক’ব পাৰি, গতিকে তেওঁলোক দিল্লীৰ দৰবাৰত হাত পতাটো স্বভাৱিক, আৰু এই হাত পতা কাৰ্য্যটোত সদায় অসমক ব্যৱহাৰ কৰি আছে | অসম এতিয়া এই হাত-পতা কাৰ্য্যটোৰ পৰা আতৰি আহি আত্ম-সন্মান সহকাৰে নিজৰ উন্নতিৰ পথ নিজে বিচাৰি লৱ লাগে, আমাৰ প্ৰাকৃতিক আৰু জনসম্পদৰ বিকাশৰ জৰিয়তে, পাঞ্জাৱৰ দৰে, কেৰেলাৰ দৰে | অসম উত্তৰ-পূৱৰ নপতা ফুকন হৈ থকাতকৈ, পাহাৰীয়া, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত অঞ্চল আদি বিশেষণৰ পৰা নিজকে মুক্ত কৰি স্বাভিমান আৰু উৎকৰ্ষতাৰ দ্বাৰা সৰ্ব-ভাৰতীয় ক্ষেত্ৰত নিজৰ সন্মানজনক স্থান নিৰ্ধাৰণ কৰিব লাগিব |

উত্তৰ-পূৱ বুলিলে সততে আমি অৱেগিক হৈ পৰো, কিন্তু এই কথা আমি পাহৰি যাওঁ যে উত্তৰ-পূৱ নামক এই ধাৰণাটোৰ সৃষ্টি হৈছিল অসম-বিৰোধৰ মাজেদি | গতিকে, এই সাত-ভনী আদি আৱেগসমূহ কেৱল অত্যন্ত superficial য়ে নহয় অপ্ৰয়োজনীয় | কৰ্মসূত্ৰে পাহাৰীয়া ৰাজ্য সমূহত থকা অসমৰ মানুহে বেছি ভাল কৈ ক’ব পাৰিব আমি কিমান্ দূৰ ভাই-ভনী হব পাৰিছো | মুঠতে, উত্তৰ-পূৱ বিশেষণ অসমৰ বাবে এক stigma, এটা bad publicity! অসম যেতিয়া লৈকে উত্তৰ-পূৱ হৈ থাকিব তেতিয়ালৈকে "দুখীয়া, দুৰ্গম, উগ্ৰপন্থী অধ্যুষিত" বিশেষ শ্ৰেণীৰ ৰাজ্য হৈয়ে থাকিব, এই পংগু ৰাজ্যৰ পৰিচয়ৰ পৰা নিজকে মুক্ত কৰি অসম আৰু অসমীয়াই নিজৰ সম্পদ, মেধা আৰু দূৰদৰ্শী ৰাজনৈতিক-অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ দ্বাৰা আগুৱাই যাব লাগে | উত্তৰ-পূৱ হৈ নিজকে মূল-সুঁতিৰ পৰা দূৰত ৰখাতকৈ, মূলসুঁতিৰ এক উল্লেখযোগ্য শক্তি হোৱাটোহে বেছি প্ৰয়োজন ।
----------------------------------------------
লেখক পেশাত ভাৰত চৰকাৰৰ আবকাৰী তথা কেন্দ্ৰীয় শুল্ক বিভাগৰ উপ-আয়ুক্ত আৰু এই লেখা লেখকৰ একান্ত ব্যক্তিগত অনুভৱহে।

No comments:

Post a Comment