চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন

চিন্তন

Share This
অপৰাধ সৃষ্টিৰ উৎসবোৰ
টুৱাৰাম দত্ত
“উন্মুক্ত ৰাজপথত এটা ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল ৷ সকলোৰে চকুৰ সন্মুখতে মহানগৰীৰ মাজমজিয়াত আততায়ীয়ে এজনক গুলীৰে থকা-সৰকা কৰি থৈ গ’ল৷ দিন-দুপৰতে চুৰে এঘৰত কোনো নথকাৰ সুযোগ লৈ বহুলাখ টকাৰ সম্পত্তি চুৰি কৰি সৰ্বশ্ৰান্ত কৰি থৈ গ’ল৷”-আমাৰ প্ৰাত্যহিক জীৱনত এইবিলাক বৰ্তমান চিৰপৰিচিত তথা সহজলভ্য অপৰাধৰ ঘটনা ৷ লোমহৰ্ষক, জঘন্য, অবিশ্বাস্য কিন্তু অতিশয় সহজ আৰু সুলভ অপৰাধ ৷ এনে এটা জঘন্য অপৰাধ সংঘটিত হোৱাৰ পিছত সচেতন নাগৰিক হিচাপ আমি ইয়াৰ নিন্দা কৰো, প্রতিবাদ কৰো, ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰো ৷ চৰকাৰী পুলিচ বাহিনীক চৌধ্য-পুৰুষ ঊজাৰি গালি বৰ্ষণ কৰো ৷ কিন্তু এই অপৰাধীসকলক জন্ম দিয়ে কোনে? এই অপৰাধীসকল আহে ক’ৰ পৰা? অপৰাধ এটা সংঘটিত হোৱাৰ পিছত আমাৰ প্রতিক্রিয়া সাধাৰণতে এনে ধৰণৰ হয় যেন এই অপৰাধীসকল এই পৃথিৱীৰ বাসিন্দা নহয়৷ তেওঁলোক বৰ্হিবিশ্বৰ দূৰ কোনোবা অচিন গ্রহৰ পৰা অহা অচিন প্রাণী৷ 
 
যিকোনো অপৰাধৰে অপৰাধীসকল তেওঁলোকৰ অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় আপোনাৰ মোৰ মাজৰে এই সমাজৰে অংগ৷ গতিকে অপৰাধ এটা সংঘটিত কৰি তেওঁলোকে যি ভুল কৰে, একে সমাজৰ বাসিন্দা ৰূপে নিশ্চয় আপুনি আৰু মই সেই ভুলৰ কিঞ্চিৎ হ’লেও অংশীদাৰ নহয়নে? 

 
সাধাৰণতে আমাৰ সৰহসংখ্যকৰে এটা স্বাভাৱিক প্রৱণতা দেখা পোৱা যায়৷ হত্যা বা ধৰ্ষণৰ দৰে জঘন্য অপৰাধ এটা সংঘটিত হোৱাৰ পিছত সোপাঢিলা আইন ব্যৱস্হা বা নিশকতীয়া আৰক্ষী বাহিনীক ক্ষুৰধাৰ সমালোচনা কৰি আমি নিজ কৰ্তৱ্য সামৰিব বিচাৰো। আমাৰ বিচাৰ-ব্যৱস্থাত থকা সুৰুঙাবোৰ যাৰ গইনা লৈ অপৰাধী এজন নিমিষতে শাস্তিৰ পৰা ৰেহাই পাব পাৰে বা এবাৰ কম আয়াসতে সাৰি যোৱাৰ পিছত পুনৰবাৰ দুগুন উৎসাহেৰে অপৰাধ সংঘটিত কৰিবলৈ সাহস বিচাৰি পায় অথৱা আমাৰ শাসন ব্যৱস্হা য’ত অযোগ্য অশিক্ষিত জনেহে ধনবল, বাহুবলৰ জোৰত শাসনৰ বাঘজৰী হাতত তুলি লয়, যাৰ কুশাসনৰ ছত্রছায়াত অপৰাধীয়ে নিৰ্ভয়ে, নিৰ্বিচাৰে অপৰাধ সংঘটিত কৰিব পাৰে৷

এই সকলোবোৰকে বৰ্তমানৰ সহজলভ্য অপৰাধমূলক পৰিবেশৰ বাবে জগৰীয়া কৰি আমি সকলোৱে হাত-সাৱতি বহি থাকো৷ সাম্প্রতিক সময়ৰ জঘন্য,বৰ্বৰ,অপৰাধমূলক ঘটনাবোৰৰ বাবে বৰ্তমানৰ আইন-ব্যৱস্হা, আৰক্ষী বাহিনী বা শাসকীয় পক্ষই নিশ্চয় দায় সাৰিব নোৱাৰে, কিন্তু এক বহল প্রেক্ষাপটত যদি কথাবোৰ বিচাৰ কৰা হয় তেন্তে অন্য বহুতবোৰ কাৰক বা ঘটনা আলোচনাৰ পটভুমিলৈ আহে৷ 

 
বৰ্তমানৰ বহু চৰ্চ্চিত বিশ্বায়ন বা গোলকীকৰণে অৰ্থনৈতিক ভাৱে কেনেধৰণৰ লাভালাভ কঢ়িয়াই আনিছে সেয়া বিশেষজ্ঞ সকলৰ হাতত বিচাৰৰ বাবে এৰি থৈ এটা কথা নিশ্চিতৰূপত ক’ব পাৰি যে ই তৃতীয়বিশ্বৰ দেশবোৰলৈ একধৰণৰ সামাজিক অস্হিৰতা কঢ়িয়াই আনিছে৷ বিশ্বায়নে কঢ়িয়াই অনা ভোগবাদী তথা বস্তুবাদী চিন্তাধাৰাক গ্রহন কৰিবলৈ ভাৰতকে ধৰি তৃতীয় বিশ্বৰ দৰিদ্ৰ দেশবোৰ যে মুঠেও পৰিপক্ক নাছিল সি সাম্প্রতিক সময়ত বাৰে বাৰে প্রমানিত হৈছে৷ বিশ্বায়নে আমাক এফালৰ পৰা সকলো ধৰণৰ ভোগৰ সামগ্রী উপভোগ কৰিবলৈ মুখৰ আগত আনি যতনাই দিছে অথচ ভোগ কৰিবলৈ উপভোগ কৰিবলৈ প্রয়োজনীয় মানসিক বিকাশ, সামাজিক বিকাশৰ গতিটোত হেঙাৰ হিচাপে থিয় হৈ স্থৱিৰতাৰ সৃষ্টি কৰিছে৷ বিশ্বায়নৰ সুফল উপভোগ কৰিবলৈ আমাক নিজা উৎসৰ পৰা সম্পদ সৃষ্টিৰ প্রয়োজন৷ এক সুস্থ-সৱল সামাজিক শৃংখলাৰ প্রয়োজন৷ এক বলিষ্ঠ, সঠিক অৰ্থনৈতিক তথা সামাজিক চিন্তাধাৰাৰ বোৱতী সোঁতৰ প্রয়োজন৷ কিন্তু প্রচলিত বিশ্বায়নৰ ব্যৱস্হাই আওপকীয়াকৈ যেন এইবোৰত বাধাৰ প্রাচীৰ সৃষ্টি কৰি আমাক অস্থিৰ কৰি তুলিছে৷ আৰু আমাৰ এই সামাজিক অস্থিৰতাই প্রতিনিয়ত জন্ম দিছে অপৰাধীৰ৷ অপৰাধীক জন্ম দিয়া ক্ষেত্র আমাৰ চকুৰ আগতে প্রতিদিনে সৃষ্টি হৈ আছে৷ যেতিয়ালৈকে আমি আমাৰ এই অস্থিৰতাৰ সু-সমাধান উলিয়াব নোৱাৰো তেতিয়ালৈকে প্রতিনিয়ত অপৰাধৰ বীজ অংকুৰিত হ’ব৷ 

 
বৰ্তমান ব্যৱস্হাত উন্নত দেশবোৰৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহ হ’ল কেঁচামালৰ উৎস আৰু উৎপাদিত সামগ্রীৰ বজাৰ৷ প্রায়বিলাক গুৰুত্বপূৰ্ণ ক্ষেত্রতে নিজাববীয়াকৈ সামগ্রী উৎপাদনৰ ক্ষমতা তৃতীয় বিশ্বৰ দেশসমূহৰ নাই৷ আমি কি খাম, কি চাম, কি পঢ়িম, কি পিন্ধিম, এই সকলোবোৰ যেন নিৰ্ণয় কৰিব উন্নত দেশবোৰে৷ আমাৰ নিজ্বস্ব ভাল লগা বা পচন্দ উন্নত দেশবোৰৰ গোলকীয় তত্বৰ ওচৰত অচল৷ ফলস্বৰূপে আজি কি দেখা পোৱা যায়, আমি অতি সহজতে মোবাইল বা চেল ফোনৰ সংযোগ এটা ল’ব পাৰো,  কিন্তু ৰন্ধন গেছৰ চিলিণ্ডাৰ এটা পোৱাটো তাৰ দুগুণ জটিল ৷

আটক ধুনিয়া দামী বিলাসী বিদেশী গাড়ী এখন জকাইচুকৰ ঘটিৰামেও সহজতে ল’ব পাৰে, কিন্তু উচ্চশিক্ষিত ডিগ্রীধাৰী ডেকাজনে উদ্যোগ এটা বহুৱাবলৈ উদ্যোগ-কেন্দ্র বা বেঙ্কৰ দুৱাৰে দুৱাৰে ঘুৰিও সুফল নাপায়৷ দূৰ-সংযোগ ব্যৱস্থাৰ উন্নত ৰূপৰ উন্নত সুবিধাৰ সমানে সমানে অশ্লীল অপহুতা সংস্কৃতিৰ আমদানিও হৈ আছে তীব্রগতিত। আমাৰ দৈনন্দিন জীৱনৰ অতীব প্রয়োজনীয় বস্তুবোৰৰ অবাধ গতিত মূল্যবৃদ্ধি হৈ আছে অথচ অপ্রয়োজনীয়, বিলাসী সামগ্রীবোৰৰ যাৰ অবিহনেও আমাৰ জীৱন যাত্রা সম্ভৱ, হৈ পৰিছে সুলভ আৰু সহজলভ্য। আৰু এই প্রক্রিয়াৰ ফলস্বৰূপে অৱধাৰিতভাৱেই সৃষ্টি হৈছে এক সামাজিক অসমতাৰ। যি অসমতাই জন্ম দিছে সামাজিক অস্থিৰতাৰ আৰু তাৰ পৰিণাম স্বৰূপেই নিতৌ বৃদ্ধি পাইছে অপৰাধ তথা অপৰাধীৰ দপ্ দপনি।

আমাৰ সামাজিক তথা ৰাজনৈতিক অস্থিৰতাত দ্বিধাহীনভাৱে অৰিহনা যোগাইছে আৰু এটা কাৰকে। সেয়া হ’ল সমাজৰ সৰ্বস্তৰতে বিৰাজমান দুৰ্নীতি। দুৰ্নীতি অতীততো আছিল। কিন্তু বিশ্বায়নৰ ধাৰণাৰ আগমনৰ পিছত যেন এই ব্যাধিৰ মাত্রা হাজাৰ গুণে বৃদ্ধি পালে। দুৰ্নীতিৰ বিষয়ে বিশদ আলোচনালৈ নগৈও এটা কথা সহজতেই অনুমান কৰিব পাৰি যে এই মহাব্যাধিয়ে যি ধৰণৰ এটা সামাজিক অসমতাৰ সৃষ্টি কৰিছে তাৰ ফলস্বৰুপে আজি আমি সকলোতে অপৰাধ আৰু অপৰাধীক জন্ম দিয়া বিষময় পৰিবেশৰ সৃষ্টি দেখিবলৈ পাইছো। পুৰ্বতে যদি লুকাই-চুৰকৈ টেবুলৰ তলেৰে দহটকা লোৱাৰ অনিয়ম হৈছিল, বৰ্তমান মুক্তভাৱে সকলোৰে জ্ঞাতসাৰেই হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি বা কেলেংকাৰী সংঘটিত হয়। এচামে সোঁৱে-বাৱে কোৰোণাৰে চপোৱা ধনৰ সৌধটো দেখি দেখি উঠি অহা চামটোৰ মাজত সহজলভ্য ধন ঘটাৰ যি প্রয়াস গঢ় লৈ উঠিছে সেই “ইজি মানি” কালছাৰেই জন্ম দিছে অপৰাধ আৰু অপৰাধীৰ উৰ্বৰ ক্ষেত্র। 

 
এতিয়ালৈকে হোৱা আলোচনাত আমি অপৰাধ সৃষ্টি হোৱা অৰ্থনৈতিক তথা সামাজিক উৎসবোৰ উদ্ঘাটন কৰাৰহে চেষ্টা চলাইছো। আমাৰ স্বভাৱজাত প্ৰৱণতাৰে নাৰীৰ সাজপাৰক দোষাৰোপ কৰা (নাৰী নিৰ্যাতন বিষয়ক অপৰাধত),পুলিচক দোষাৰোপ কৰা, কঠোৰ আইন প্রণয়ন কৰা (আইন ইতিমধ্যে আছেই, ফলপ্রসু প্রয়োগহে হোৱা নাই) ইত্যাদিবোৰ আচলতে উপৰুৱা কাৰকহে। যেতিয়ালৈকে মূল কাৰকবোৰ চিনাক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে উপৰুৱা কাৰকবোৰৰ ওপৰত অযথা গুৰুত্ব দি সমস্যাটোৰ সু-সমাধান আশা কৰিব নোৱাৰি। 

 
এতিয়া প্রশ্ন হ’ল আমাৰ সমাজখন অপৰাধমুক্ত কিদৰে কৰিব পৰা হ’ব? আমাৰ মাজৰ পৰা অর্থনৈতিক অসমতাৰ দূৰীকৰণ হ’বনে? সাম্প্রতিক ভয়াবহ সামাজিক অস্থিৰতাৰ অৱসান কেতিয়াবা হবনে? বিশ্বায়নৰ কুটিল নাগপাশৰ পৰা আমাৰ অর্থনৈতিক তথা সামাজিক ব্যৱস্থাটোৱে মুক্ত হৈ স্ব-মহিমাৰে বিশ্ব-বাসীৰ আগত উদ্ভাসিত হোৱাৰ শক্তি গোটাব পাৰিবনে? এই আটাইবোৰ প্রশ্নৰেই উত্তৰ এই মুহুৰ্ত্ততেই সহজভাবে দিয়াটো সম্ভৱ নহয়। আমাৰ সমাজ ব্যৱস্হাৰ গাঁঠনিভিত্তিক সংশোধন (structural reform) নোহোৱা পৰ্যন্ত এটা আমূল পৰিৱৰ্তন কামনা কৰাটোও মিছা।

1 comment: