জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পালেং পনীৰ কোফ্টা
ৰুমঝুম শইকীয়া
আজিৰ আখলত আপোনালোকক সহজে বনাব পৰা এবিধ নিৰামিষ ব্যঞ্জনৰ দিহা দিবলৈ ওলাইছো৷পৰিবেশন কৰি, খাই আৰু খোৱাই কেনে পালে জনাবলৈ নাপাহৰিব ৷ গৃহিনী/পাঠক সমাজৰ সমাদৰ পালে আগলৈয়ো 'অসমীয়াৰ সুখ-দুখ'ৰ এই শিতানতে এনে আৰু কেইবিধমান সুস্বাদু ব্যঞ্জনৰ দিহা দিয়াৰ আশা ৰাখিছোঁ ৷


প্ৰয়োজনীয় উপকৰণসমূহ: -
পনীৰ ২৫০গ্ৰাম, এটা মজলীয়া আকাৰৰ আলু, ময়দা চাহ চামুচেৰে ভৰ্তি এচামুচ, নিমখ জোখমতে, পালেংপাত মজলীয়া আকাৰৰ ১৫খিলা, এটা ডাঙৰ আকাৰৰ পিঁয়াজ, এক কাপ গাখীৰ, মাখন চাহ চামুচেৰে ভৰ্তি এচামুচ, কাজু আৰু চেৰী কেইটামান, ৰিফাইন তেল জোখ মতে৷


ৰন্ধন প্ৰণালীঃ-
প্ৰথমে পনীৰখিনি মিহিকৈ গুড়ি কৰি লব ৷ আলুটোও ভালকৈ সিজাই ভালকৈ পিটিকি লব ৷ এতিয়া পনীৰ, আলু আৰু ময়দা একেলগ কৰি জোখমতে নিমখ দি কিছু সময় ভালদৰে সানি মিহলাই লৈ তাৰে ১০টা সমান আকাৰৰ লাড়ু বনাব ৷

কাজু আৰু চেৰীৰ সৰু সৰু টুকুৰা কৰি ২৷৩ টুকুৰাকৈ লাডুকেইটাৰ ভিতৰত ভৰাই দিব ৷ এতিয়া পিয়াজটো পাতলকৈ কাটি পালেংখিনি সৈতে একেলগে ৫মিনিটমান সময় সিজাই লব ৷ ঠাণ্ডা হ'লে মিক্সিত পিচি লব ৷

পনীৰৰ লাডু কেইটা ৰিফাইন তেলত ৩-৪ টাকৈ ডুবি যোৱাকৈ দি ভাজি লব ৷ মন কৰিব ৰিফাইন তেলখিনি পৰিস্কাৰ কেৰাহীত দি বেছি গৰম হ'বলৈ দিব ৷ লাডুকেইটা দিয়াৰ লগে লগে জুই মজলীয়া কৰি লব ৷ ভাজোতে সাৱধান হ'ব যাতে ভাগি নাযায় ৷ তেলত দিয়াৰ লগে লগে লৰাই নিদি ৰঙচুৱা হোৱালৈ বাট চাব ৷ ভজা হলে লাডুকেইটা নমাই থব ৷

এতিয়া কেৰাহীত ডাঙৰ চামুচেৰে দুচামুচ ৰিফাইন তেলৰ লগত মাখনখিনি দি সৰু চামুচেৰে এচামুচ ময়দা দিব ৷ লগতে এচামুচ চেনি আৰু সামান্য জিৰা গুড়ি দি লৰাই থাকিব ৷ জুই মজলীয়া কৰি লব ৷ এতিয়া পালেং পিঁয়াজৰ পেষ্টখিনি ঢালি জোখ মতে নিমখ দি উতলিবলৈ দিব ৷ গাখীৰ খিনি দি পুনৰ উতল আহিলে নমাই থব ৷

এতিয়া কোফ্টা কেইটা (ভজা লাডু কেইটা ) ভাল পাত্ৰ এটাত থৈ ওপৰত পালেঙৰ গ্ৰেভীখিনি বাকি দিব ৷ পৰিবেশন কৰাৰ সময়ত ওপৰত চীজ বা পনীৰ অলপ ৰুকি দিলে দেখাত ধুনীয়া হৈ পৰিব ৷ আগতীয়াকৈ বনাই থবলগীয়া হ'লে গ্ৰেভীখিনিত কোফ্টাকেইটা পৰিবেশন কৰাৰ সময়তহে দিব নহ'লে কোফ্টাকেইটাই গ্ৰেভীখিনি শুহি ল'ব ৷ এনেদৰে তৈয়াৰ কৰা কোফ্ টাৰ নিৰামিষ ব্যঞ্জন পোলাৱ বা পুৰীৰ সৈতে পৰিবেশন কৰিব পাৰে ৷


--------------------------------------------------------------
লেখিকাৰ ম'বাইল ০৯৭৪ - ৩০৪৩১৯০৯, ই মেইল : rumjhum.saikia1@gmail.com, 
তেখেতে এই আখলৰ দিহা কাটাৰৰ দোহাৰ পৰা আমালৈ পঠাইছে।

2 comments:

  1. খু্ব ভাল লাগিল ! নিয়মিয়াকৈ আৰু জুতি লগা আখলৰ দিহা দি যাব বুলি আশা কৰিলোঁ !

    ReplyDelete
  2. ধন্যবাদ ৷ ৰাইজে আদৰি ললে আখলৰ জুতি আগলৈকো লিখি থাকিবৰ চেষ্টা কৰিম ৷

    ReplyDelete