হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "দিছপুৰীয়াৰ দৰমহা" নামৰ এখনি নতুন ভাওনা মঞ্চস্থ কৰিলে কইনাধৰা প্ৰডাকচনে। সদৌ অসম দিছপুৰীয়া মহিলা সমিতিয়ে আলু, পিঁয়াজৰ খৰছ যোগাৰ কৰিবলৈ টান হোৱাৰ সময়তে ভাওনাখনেৰে তেওঁলোকৰ দুখ-দুৰ্দশাক বুজিবলৈ চেষ্টা কৰাৰ বাবে কৰিলে ভূৰি ভূৰি প্ৰশংসা।


২. বিধান সভাত ৰামায়নৰ কথা সুধিলে হেনো মহাভাৰতৰ উত্তৰ দিয়া বুলি অভিযোগ তুলিছে জালুকবাৰীৰ শৰ্মাদাই। আচলতে গগৈ চাৰৰ কাৰ্যকালটোক মহাকাব্যিক (EPIC) ৰূপ দিবলৈ প্ৰিয় অনুচৰ সকলে চলোৱা মহৎ প্ৰচেষ্টাৰ বাবেহে এয়া হবলৈ পাইছে বুলিও সদনৰ দ্বাৰৰক্ষীয়ে মত সত্য ফুকনে প্ৰকাশ কৰিছে।

৩. "সীমান্তত তাণ্ডৱ"  নামৰ বছেৰেকীয়া ভাওনাখন পুনৰ সদৌ আগ্ৰাসী নগা সন্থাই আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ভাওনাৰ প্ৰচাৰৰ অংশ স্বৰূপেই চাহ গছ কাটি তহিলং কৰা, গাঁও জ্বলাই দিয়া, অপহৰণ, ধনদাবী আদি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ভাওনাখনৰ পৃষ্ঠপোষক কোন জানিব পৰাটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে বুলিও সীমান্তবাসী জৰ্জৰিত ৰাইজ সন্থাই প্ৰকাশ কৰিছে।

৪. তথ্য প্ৰযুক্তিৰ যুগত সংবাদ মাধ্যম সমূহে শেহতীয়াকৈ সঘনে "বিস্ফোৰক তথ্য" নামৰ এবিধ ভয়ানক তথ্য আৱিস্কাৰ কৰা পৰিলক্ষিত হৈছে। এনে বিস্ফোৰক তথ্যৰ আৱিস্কাৰ কৰি অসমীয়া সাংবাদিক সকলেই প্ৰথমে বিশ্বতে সাংবাদিকতাৰ নতুন এক নমুনা প্ৰস্তুত কৰিবলৈ সক্ষম হব বুলিও খাৰখোৱা সচেতন সংঘই আশা প্ৰকাশ কৰিছে।

৫. ৰসাল গগৈৰ প্ৰতিশ্ৰুতি অসাৰ হোৱাক লৈ চিন্তা কৰিব লগা একো নাই বুলি স্পষ্টীকৰণ আগবঢ়াইছে কইনাধৰা প্ৰশাসনে। যোৱা বাজেটত ২২টা প্ৰকল্প ঘোষণা কৰি ১টালৈহে পইচা মোকোলাই দিলেও কিন্তু চাৰে আন ৰাজনীতিবিদৰ দৰে মিছা হাঁহি নামাৰে বুলিও জনাই দিছে। প্ৰতিশ্ৰুতি অসাৰ হলেও ছাৰৰ হাঁহি  কিন্তু অতি সাৰ্থক আৰু সঁচা বুলিও প্ৰশাসনে দাবী তুলিছে।

৬. ৰন্ধন গেছ প্ৰাকৃতিক গেছৰ পৰা প্ৰস্তুত নহয় বুলি শিৰোনামাৰে স্পষ্ট কৰি দিলে অসমীয়া দৈনিকে। তেল,গেছৰ ওপৰত পাঠ্যক্ৰম সমূহ এতিয়া এই বাতৰিৰ ভিত্তিত সংশোধন কৰিবলৈ দাবী তুলিলে অতি সচেতন অভিভাৱক সন্থাই।

৭. অসম চুক্তিৰ ত্ৰিশ বছৰ উপলক্ষে কাইলৈ সকলো বাৰ আৰু ৱাইন চপ ফ্ৰী কৰি দিবলৈ দাবী জনালে নিচাপ্ৰেমী যুৱ সংঘই। এই চুক্তিৰ বাবে আন্দোলন কৰি দহ বছৰ শাসন চলোৱা সকলে বৰপীৰা পাৰি এই দোকানসমূহ আলিয়ে গলিয়ে খুলি দি ইমান দিনে সফল ভাৱে ব্যৱসায় কৰিবলৈ পাছত অন্তত এই চুক্তিৰ ত্ৰিশতম দিৱস চেলিব্ৰেট কৰিবলৈ এদিন ফ্ৰী দিয়াটো অতিশয় জৰুৰী বুলিও সংঘই স্পষ্ট কৰি দিছে।

৮. জাতীয় পুঁজি ন্যাসৰ পৰা মাত্ৰ ৩৩লাখ খোৱাৰ বাবে পৰমানন্দক প্ৰতিদিনৰ সংবাদ শিৰোনামা দিয়াত অসন্তোষ প্ৰকাশ কৰিছে লক্ষ্মীপ্ৰিয় বিষয়া সংঘই। কৃষিকে ধৰি কেইবাটাও বিভাগত কোটি কোটি টকা আত্মসাৎ কৰা সকলক গুৰুত্ব নিদি সাহিত্যিক বাবেই এইদৰে একপক্ষীয় ভাৱে খ্যাতি প্ৰচাৰ কৰাক নিন্দাও কৰিছে বিষয়া সংঘটোৱে। লাগিলে নিজৰ কৃৰ্তিৰ প্ৰমাণো সাংবাদিকক দিবলৈ ৰাজী বুলিও তেওঁলোকে স্পষ্ট কৰি দিছে।

৯. স্বাধীনতা দিৱস উপলক্ষে "ঔপনিবেশবাদ, দখলকাৰী, ৰাষ্ট্ৰযন্ত্ৰ" আদি জটিল জটিল শব্দৰ ব্যৱহাৰেৰে প্ৰেছ বিজ্ঞপ্তি লিখাৰ এখনি কৰ্মশালা বিপ্লৱী সাহিত্যিক সভাই আয়োজন কৰিছে। বৰুৱা ছাৰৰ হৈ তিনি দশকৰো অধিক কাল এনে বিজ্ঞপ্তি লেখাৰ অভিজ্ঞতাপুষ্ট বিশিষ্ট সাংবাদিকে সমল ব্যক্তি ৰূপে কৰ্মশালাত অংশ লব বুলিও সভাই সদৰী কৰিছে।

 ১০.সীমান্তত নগা আক্ৰমণকাৰীৰ অত্যাধুনিক মেচিনগানৰ উত্তৰ ধন-কাঁড়েৰে দি সংবাদ শিৰোনামা লাভ কৰা অসমীয়া সকলক ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা দিবলৈ আহ্বান জনাইছে স্থানীয় যুৱক ৰূপকুমাৰ কুৰ্মীয়ে। পৰিবেশ সচেতন এনে অস্ত্ৰও মৰণলৈ ভয় নকৰি তুলি ধৰাৰ বাবে গ্ৰীণ অস্কাৰো দিব পৰা যায় বুলিও এতিয়া সচেতন মহলে ব্যক্ত কৰিছে।

No comments:

Post a Comment