হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. সাহিত্য সভাৰ মঞ্চত পুনৰ আয়োজিত হৈছে দ্বি-বাৰ্ষিক "নিৰ্বাচনী ভাওনা"। এতিয়া নায়ক, খলনায়ক ৰূপে অভিনয় কৰিব বিচৰা সকলৰ চৰিত্ৰ তথা ইতিহাস খনন কৰি সভাৰ এই বিশাল আয়োজনৰ মূল আকৰ্ষণ "বোকা-ছটিওৱা যুদ্ধাংশ"ক ৰঙীণ কৰি তুলিবলৈ তীখৰ সাংবাদিক সন্থায়ো সহযোগ কৰিব বুলি জানিব পৰা গৈছে।

২. "সাহিত্যৰ সভাত ধূৰ্ত আৰু ব্যৱসায়ী" নামৰ এক চিন্তাজনক গ্ৰন্থ লিখি উলিয়াইছে সদৌ অসম সচেতন সাহিত্য প্ৰেমী সন্থাই। পৰচৰ্চা, পৰনিন্দা, তল-খুঁচৰা আদি বিষয়ৰ বিশেষজ্ঞ সকলে ইয়াক নিজৰ নিজৰ মূল্যবান লিখনিৰে সমৃদ্ধ কৰিছে বুলি জানিব পৰা গৈছে।

৩. "এন্ডিফবি কৰ পুথি" নামৰ লোকেল টেক্স আৰু গুণ্ডা টেক্সৰ গণনাৰ পুথি এখন ৰাইজৰ সাহাযৰ্থে মুকলি কৰিছে চংবিজিত কালেকচন চেণ্টাৰে। কি কামৰ বাবে কিমান ৰেটত এই কৰ পৰিশোধ কৰি থাকিলে জীয়াই থকাৰ লাইচেঞ্চ ৰিনিউ হৈ থাকিব সেই কথাও এই হাতপুথিখনত বিশদকৈ লিখি উলিওৱা হৈছে বুলি প্ৰকাশক সংস্থাটোৰ পৰা জানিব পৰা গৈছে।


৪. "লাষ্টগেটৰ শেষ শ্লোগান" নামৰ এখনি নাটক লিখি উলিয়াইছে অসমৰ সৰ্বাধিক নাটক উৎপাদন কৰা নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। "ৰাংকুকুৰৰ ভুকনি"ৰ পাছতে এইবাৰ বাজেট অধিবেশন উপলক্ষে লিখি উলিওৱা শেহতীয়া নাটকখনে এই নাট্যবৰ্ষত অসমৰ নগৰে চহৰে খলকনি তুলিবলৈ সক্ষম হব বুলিও নাট্যকাৰে দৃঢ়তা প্ৰকাশ কৰিছে।

৫. অসমত কমি আহিছে, হত্যা, ধৰ্ষণ, অপৰাধৰ সংখ্যা! অসমত বৃদ্ধি পাইছে এশিঁঙীয়া গঁড়ৰ সংখ্যা। অসমত বৃদ্ধি পাইছে বনাঞ্চলো। এই সমূহ বিশেষ ঘোষণাৰ বাবে বিশিষ্ট অসমীয়া ফাঁকিবুল হুছেইনে "ৰিপ্লিজ বিলিভ ইট অৰ নট"ত স্থান লভিবলৈ সক্ষম হৈছে। বিশ্বাস কৰিব নোৱাৰা যেন লগা ঘোষণাৰে অসমক বিশ্ব-দৰবাৰলৈ নিয়াৰ কৃৰ্তিত্বৰ বাবে হুছেইনদেৱলৈ ন-অসমীয়া সন্দেহজনক নাগৰিক সংঘই অভিনন্দন জ্ঞাপন কৰাৰ সুখবৰো প্ৰকাশিত হৈছে।

৬. কৰ্মচাৰী সন্থাই ঘোঁচ নেখাবলৈ আহ্বান জনোৱাৰ ফলত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। কৰ্মচাৰী সকলৰ স্বাৰ্থ বিঘ্নিত কৰা এনে কোনো আহ্বান ভৱিষ্যতে নজনাবলৈকো লক্ষ্মীপ্ৰেমী কৰ্মী সংঘই সংগঠনটোক সঁকিয়াই দিছে বুলি জানিব পৰা গৈছে। কৰ্মচাৰী সকল আচলতে প্ৰচলিত চিষ্টেমৰ বলিহে বুলি প্ৰকাশ কৰি, এনে বলি হোৱা কৰ্মচাৰীক সন্থাই সুৰক্ষাহে দিব লাগে বুলিও সংঘই আঙুলিয়াই দিছে।

৭. গৰাখহনীয়াত মাত্ৰ ৬৪ হাজাৰ পৰিয়ালহে গৃহহীন হোৱাৰ লগতে মাত্ৰ সহস্ৰাধিক গাঁও জাহ যোৱাত দুখ প্ৰকাশ কৰিছে জলসম্পদ বিভাগে। বানত কমেও এক লাখ মান গৃহহীন হ'লেহে আছুতীয়া লক্ষ্মীৰ টোপোলা ৰাজ্যলৈ আহিব বুলি প্ৰকাশ কৰি নদীৰ পাৰত এই লক্ষ্য পূৰণ কৰাৰ বাবে বিভাগে এভাগি অখণ্ড পালনাম অচিৰেই আয়োজন কৰিব বুলিও জানিব পৰা গৈছে।

৮. দেশত চলি থকা ক'লা ধনৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ ৭৫শতাংশ বুলি তথ্য প্ৰকাশ হোৱাত নিখিল ভাৰত ক'লা ধনী সংঘই সন্তোষ প্ৰকাশ কৰিছে। অচিৰেই এই পৰিমাণ এশ শতাংশ কৰি পেলোৱাৰ লক্ষ্য স্থিৰ কৰাৰ লগতে ৰিজাৰ্ভ বেংককো ক'লা ধন চপাবলৈ আৰম্ভ কৰি সকলো একাকাৰ কৰি পেলাবলৈ আহ্বান জনোৱা বুলিও গুজৱ ওলাইছে।

৯. বান আৰু ধনসম্পদ বিভাগত ছিক্সটি ফৰ্টিৰ খেলখন নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ সুখবৰ পোৱা গৈছে। কিন্তু এতিয়া চৰাদামৰ দিনত চিক্সটি ফৰ্টি ব্যৱস্থা ব্যৱসায়ত নোপোচাই বুলি প্ৰকাশ কৰি বিভাগীয় ঠিকাদাৰ সন্থাই খেলটো ফিফটি ফিফটি কৰি পেলাবলৈকো প্ৰস্তাৱ দিয়া বুলি গুজৱ ওলাইছে।

১০. ৰাজ্যৰ ৪১.৫লাখ বিঘা মাটি বেদখলকাৰীৰ কৱলত থকাৰ তথ্য প্ৰকাশ হোৱাত সক্ৰিয় হৈ উঠিছে সদৌ অসম বেদখলী সংঘ। তেওঁলোকে থলুৱা-খিলঞ্জীয়া আৰু নকৈ অসমীয়া হবলৈ অহা প্ৰতিবেশী ভাতৃসকলৰ বিকাশ আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অসম বেদখলকাৰী উন্নয়ন পৰিষদ ঘোষণা কৰিবলৈকো কইনাধৰা কৰ্তৃপক্ষক আৰ্জি পেচ কৰাৰ খবৰ আহিছে।

No comments:

Post a Comment