Saturday, July 12, 2014

মুম্বাই মচালা (লঘু লেখা)

সাংসাৰিক সাহিত্য-২
অজয় লাল দত্ত
----------------------
ক. ইমান মৰম ভাল নহয়!
আমাৰ ভতিজাটি আহিছে। সি কিবা অলপ খাবলৈ লৈছে। মেগী খোৱাতো তাৰ অভ্যাস আছিল যদিও এইবাৰ এৰিছে। সি বোলে এইবাৰ মই তাক আগতে শিকোৱা ব্ৰেড, কণী লেটিয়াই সৰু সৰু আকাৰত বিলাহীৰ চচ দি বনাই দিয়াটো অভ্যাসো কৰিছে। সেয়ে সি মোক তাৰ হাতেৰে বনাই খুৱাবলৈ বুলি পাকঘৰৰ পৰা হেপাঁহত লৈ আহিছে।

তাকে দেখি, কিনো ইমান আগ্ৰহৰ বস্তু বুলি আমাৰ ওঠৰ মহীয়া সন্তানটিও ককায়েকৰ ওচৰলৈ দৌৰ মাৰিছে। কি নতুন বস্তু লৈ ককায়েক আৰু দেউতাক খোৱা টেবুলত বহিছে তাক লৈ তাৰ নতুন বস্তু শিকা-চোৱাৰ পৰত আগ্ৰহ হোৱাটো স্বাভাৱিকেই।

মই তাৰ মুখলৈ হাতেৰে লৈ অকণ আগবঢ়াই দিলো। সিও ৰং পাই, সোৱাদ পাই টকালি পাৰিলে। এইবাৰ তাৰ ককায়েকৰ হাতেৰ খোৱাৰ মন। আঠ বছৰীয়া ভতিজাই কাটা চামুচ লৈ খাই আছিল। সি এটুকুৰ কণী সনা ব্ৰেডৰ টুকুৰা কাটা চামোচৰ আগত ফুটুৱাই লৈ মৰমেৰে ভায়েকৰ পিনে আগুৱাই দিলে। সৰুটোৱেই ককায়েকৰ প্ৰতি হেপাঁহত উধাতু খাই তাৰ ফালে মুখ মেলি দৌৰ মাৰিছে।

মোৰ ইফালে চকু থৰ হোৱা অৱস্থা.... কাঁটা চামুচ আগবাঢ়ি গৈছে..মেলা মুখৰ ফালে.. সিটোৱে ক্ৰমাত হিচাব নোহোৱাকৈ ককায়েকৰ ফালে দৌৰি আহিছে।
ইটোও আহিছে, সিটোও.... আহিয়েই আছে, আহিয়েই আছে.... বেছিকৈ সোমাই যায় যদি... মগজুত চিন্তা.. হে ভগৱান...

হঠাতে যেনিবা শগুনে থপিওৱা দি মাকে কৰবাৰ পৰা আহি কনমানিটো কোলালৈ তুলি নিলে!

ভাগ্য! ,... মই চিঞৰিলো "যেতিয়াই তেতিয়াই ইমান মৰম ভাল নহয়"!
কনমানি দুটাই কি হল ধৰিব নোৱাৰি ভেবা লাগি চাই ৰ'ল!

খ. আৰ্শীবাদেহে কথা

পৰহি জিমখানালৈ গৈছিলো। বোলো অলপ ব্যায়াম পাতি কৰা যাওক। এজন সুহৃদয় বন্ধুৱে ইটো কৰ, সিটো কৰ কৰি মৰমৰ অত্যাচাৰ চলাই থাকিল। এইবোলে ১০কিলমিটাৰ বেগত দৌৰ, অলপ ৰ, আকৌ দৌৰ...মোৰ ইফালে দম ফাটি গৈছে। বন্ধুৱে নুবুজে!

তাৰ পাছত বোলে, এইটো এনেকৈ মাৰ, বাই চেপ ওলাব, ট্ৰাই চেপ ওলাব... অত্যাচাৰ মুঠতে।

মই তেওঁক ক'লো বোলো কালি দাদা-বৌ এহালিৰ তাত ভাত খাবলৈ মাতিছিল। লগে লগে বুৰঞ্জীজনা বাবে বন্ধুৱে সুধিলে, কাৰ হাতেৰে খাবলৈ পালা? বৌৰ নে? নে সদায়ৰ দৰে বৌৰ লেকচাৰ, আৰু দাদাই ৰন্ধা খানা!

মই বোলো মইতো ভাগ্যৱান, সেয়ে বৌৰ হাতেৰেই খালো।
বন্ধুৱে কিবা এটা গোন্ধ পাই, আকৌ সুধিলে, তাৰ মানে?

মানে আৰু কি, ঘৰত যদি মহিলাৰ হাতেৰে খাবলৈ পায় তাৰ মানে আপুনি ভাগ্যৱান। আৰু স্বামীক যদি পত্নীয়ে সদায় নিজ হাতেৰে বনাই খোৱায়, তেওঁ ভাগ্যৱতী! আৰু যি গৰাকী পত্নীয়ে সদায় পতিয়ে বনোৱা খাবলৈ পায় তেৱেঁই সৌভাগ্যৱতী!

বন্ধুৱে অলপ চিন্তা কৰি ক'লে- "সঁচাই কলনীত ভাগ্যবান, ভাগ্যৱতী কমেই আছে... নহ'লে কামকৰা বাইয়ে বনায়, নাহিলে পতিয়ে!"
মই বোলো, "কি কৰিব, আশীৰ্বাদেহে কথা আৰু!"
বন্ধুৱে প্ৰশ্ন কৰিলে, "তাৰ মানে?"
বোলে মানে বুলিবলৈ কি আছে, বিয়া বাৰুত সকলোৱে আহি "সৌভাগ্যৱতী ভৱঃ" বুলি ভুৰি ভুৰি আৰ্শীবাদ দিলেনো এনেকুৱা নহৈ পাৰেনে?

বন্ধুৱে লজিক বিচাৰি ফুৰিছিল চাগৈ... তেওঁৰ চকুলৈ চালো, হয়তো কথাটো ধৰণৰ এটা ভাৱেহে যেন বিজুলী খেলি গৈছে.....তেওঁৰ দুচকুত!

গ. সংজ্ঞা
সদায় টেটুলৈকে ধৰা গঞা শিক্ষাৰ্থী এজনে মাষ্টৰ হোৱাৰ মানসেৰে বোলে টেট' পৰীক্ষাত লিখিলে...

ভদকাঃ ৰাছিয়ান শৈলীত আমাৰ দেশৰে সুৰা নিৰ্মাণ কাৰাখানাত তৈয়াৰ কৰা চুলাই বিধক ভদকা বোলে!

দেশতে তৈয়াৰী এইবিধ বিদেশী চুলাইক মতা-মাইকী মানুহ উভয়েই খাব পাৰে। এইবিধ চুলাই নাইট চুপাৰত বিশেষ ভাৱে বিচলেৰীৰ বটলত মিলাই পান কৰাৰ বাবে অতিশয় উপযোগী। নাইট চুপাৰ বাছৰ কাউণ্টাৰৰ কাষৰ দোকানত ইয়াৰ বিক্ৰী সৰ্বাধিক!

এইবিধ চুলাইৰ গোন্ধ কম। ঠেটুৱৈ ধৰা ঠাণ্ডাতো খালে গা গৰম উঠে। গৰম দিনত খালেও কোনেও আপত্তি কৰিব লগা নাই।

দেশত য়ৌ য়ৌ শনি সিঙ নামৰ এটা গায়কে এই চুলাই বিধক নিজৰ গানৰ মাজেৰে প্ৰমোচন কৰিছে। গানটোৰ মাজেদি শনি সিঙে প্ৰতিদিনে চাৰি বটললৈকে খোৱাৰ অভ্যাসক কোনেও বাধা নিদিয়াৰ বাবেই কু-অভ্যাসটো গঢ়ি উঠা বুলিও জনপ্ৰিয় শিল্পীজনে প্ৰকাশ কৰিছে।

No comments:

Post a Comment