সাহিত্য শিতানঃ কাব্য গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

সাহিত্য শিতানঃ কাব্য গ্ৰন্থ আলোচনা

Share This

মনোৰঞ্জন বড়িৰ কবিতা 
'তুমি ঐনিতম হৈ বাজি থাকা..' 
হেমচন্দ্ৰ দত্ত
থাকিলে থাকক আমাৰ হাজাৰ দুখৰ সৰোবৰ
থাকিলে থাকক আমাৰ অনিশ্চিত পংকিল জীৱন
( জোনাকৰ বৰষুণ )


ঐতিহাসিক ৰোমান্টিকতাৰ দিন এতিয়া আৰু নাই। সাম্প্ৰতিক কাব্যৰ ভুমুক নিৰ্ণয়ত সেয়ে কোনো সমালোচকে ঐতিহাসিক ৰোমান্টিকতাৰ খেও ধৰিলে আজিকালি সন্দেহৰ চকুৰে চোৱা হয়। তাৰ কাৰণ দুটা : ক) যি ঐতিহাসিক প্ৰেক্ষাপটত ৰোমান্টিকতাৰ গাঁঠনিৰ ধাৰণাটো লোৱা হৈছিল, সেই প্ৰেক্ষাপট এতিয়া আৰু নাই । সময় যথেষ্ঠ সলনি হৈছে।

ৰোমান্টিক নিৰ্যাসৰ প্ৰসংগটো অৱশ্যে এক সুকীয়া কথা । ‘ৰোমান্টিক নিৰ্যাস ’ আৰু ‘ ঐতিহাসিক ৰোমান্টিকতা’ একে ‘চীজ’ নহয়। খ ) ঐতিহাসিক ৰোমান্টিকতাৰ একমাত্ৰ নহলেও অন্যতম প্ৰধান উপাদনটো আছিল প্ৰকৃতিৰ ওপৰত অগাধ বিশ্বাস । এই বিশ্বাসৰ শাহটো চৰ্ত - সাপেক্ষ নাছিল। ‘ কিবা এটাই আমুৱালে বাবেই দৌৰি আহিলো’ জাতীয় ভাৱাবেগে এই শাহটো নিয়ন্ত্ৰণ কৰা নাছিল। ই আছিল এক একনিষ্ঠ আৰু পৰম ধাৰণা : আধুনিকতাক শুভ বিদায় জনাই উত্তৰ-আধুনিকতাবাদী অনুষংগৰ মাজলৈ ক্রমাত গতি কৰা এখন সমাজৰ কাব্যৰ বুকুত একাংশ সমালোচকৰ ‘ঐতিহাসিক ৰোমান্টিকতা’ৰ সন্ধানক সেয়ে সন্দেহৰ বস্তু বুলি বিবেচনা কৰা হয়। কবি মনোৰঞ্জন বড়িৰ কবিতাত প্ৰকৃতিৰ প্ৰতি এক অমল বিশ্বাস আছে । তেওঁ মুলতঃ প্ৰকৃতিৰ কবি,প্ৰেম আৰু বিশ্বাসৰ কবি।


এই বিশ্বাসক প্ৰাধান্য দি, তেওঁৰ কাব্য জিজ্ঞাসাক যদি ‘ঐতিহাসিক ৰোমান্টিকতা’ৰ আওতালৈ আনিবলৈ চেষ্টা কৰা হয়, তেনেহলে কবিজনৰ প্ৰতি এক ভয়ংকৰ অন্যায় কৰা হ’ব। কাৰণ তেওঁৰ প্ৰকৃতি-প্ৰেমত , ৰোমান্টিক বিশ্বাসত স্বাভাৱিক আৰু চৰ্ত সাপেক্ষ - এই দুয়োটা প্ৰভাৱেই আছে । যন্ত্ৰৰ পৃথিৱীত বাস কৰি কবিয়ে প্ৰতিপলে অনুভৱ কৰিছে এৰি অহা প্ৰকৃতিৰ সান্নিধ্য আৰু গৰিমা ( এইটো চৰ্ত সাপেক্ষ )। আনহাতে তৰুণ কবিজনৰ কেইটামান এনে কবিতা আছে যাক কেৱল বিষ্ময় আৰু কাৰুণ্যৰ সমাহাৰ বুলিহে একাষাৰে ক’ব পাৰি। এই কবিতা কেইটাৰ নিৰ্যাসৰ পটভুমি কিন্তু ঐতিহাসিক নহয়, চৰ্তসাপেক্ষও নহয়। হৃদয়ৰ অটল তলিত উঠলি উঠা ৰোমন্টিক ভাৱ-বিলাসক বড়িয়ে কাব্যিক ৰূপায়ণ কৰিছে অতি নিখুঁটভাৱে। ঐতিহাসিকতাৰ আৱেশ-মুক্ত এনেবোৰ কবিতাক কি সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পাৰি এই বিষয়ত কিন্তু আমাৰ সমালোচকসকল নিমাত। ব্যক্তিগতভাৱে মই এনে ৰোমান্টিকতাক ‘ইতিহাস বিমুক্ত ৰোমান্টিকতা’ বুলি আখ্যা দিব খুজো । নিসন্দেহে তৰুণ কবি মনোৰঞ্জন বড়ি এই ৰোমান্টিকতাৰ এজন বাটকটীয়া।


কবি মনোৰঞ্জন বড়িয়ে বিশ্বাস কৰে যে বুকুত কঢ়িয়াই লৈ ফুৰা এটা বিষো প্ৰকৃতিৰ সান্নিধ্যত এক অসুখলৈ সলনি হ’বগৈ পাৰে( ৰোমান্টিক অসুখ বেয়া বস্তু নহয়,বিশেষকৈ ‘ইতিহাস বিমুক্ত ৰোমান্টিকতা’ৰ প্ৰসংগত ) । ‘দাগৰব্ চাপৰি ’ শীৰ্ষক বড়িৰ এটা সুন্দৰ কবিতা আছে । এই কবিতাটোৰ প্ৰাৰম্ভিক কাঠামোটো আৰম্ভ হৈছে এটা বিষেৰে। বাহীত ভাসমান কাবান্ৰ সুৰে আনি দিয়া বিষ। এই বিষটো উথলি অহাৰ সময়তে কবিয়ে অনুভৱ কৰে এক ৰিক্ততা । কবিৰ ভাষাত :

কেনি গ’ল,কেনি গ’ল
মাকৰ আঁচলত ধৰি চুঁচৰি ফুৰা
সেই তজবজীয়া ল’ৰাটো
ক’ত হেৰাল
মোৰ ঐচেঙৰ বহুৰঙী গাচেংখন

ইয়াত দুটা পেৰেলেল আছে : এটা বাঁহীত ভাহি উঠা কাবান্ৰ সুৰৰ আৰু আনটো হ’ল হেৰাই যোৱা ‘তজবজীয়া ল’ৰাটো’ৰ। আৰু এই পেৰেলেল দুটাক সাৰ-পানী যোগাই এক অসুখৰ আৱৰ্তৰ সৃষ্টি কৰিছে প্ৰকৃতিয়ে।

এতিয়া ক’ৰবাত মাতাল প্ৰেমিকে
শূইন দাগৰব্ চাপৰিত বাঁহী বজায়
আৰু গধূলি গধূলি বাঢ়ি আহে
মোৰ বুকুৰ অসুখ...

কবিতাটোৰ আংগিক নিমন্ত্ৰণত মাতাল প্ৰেমিকজন হৈ পৰিছে এক অনুঘটক : আৰম্ভনিৰ বাঁহীৰ সুৰত তেওঁ আছিল এজন অপৰিচিত লোক ( কোনে বাহীত কাবান্ জুৰে ) আৰু ঘটনাক্রমত তেওঁৰ স্থান সলনি হৈছে ‘ক’ৰবাৰ মাতাল প্ৰেমিক’লৈ। তাৰ মানে ই এক ৰোমান্টিক অসুখ। এই অসুখটোৰ বাবেই মনোৰঞ্জন বড়িৰ কবিতাৰ এক সুকীয়া মাদকতা আছে। আছে এক ভিন্নসুৰী টান।

কবিৰ মানসপটত ভাহি থাকে এৰি অহা শৈশৱ আৰু তাৰ স্বাভাৱিক গান,আনন্দ-উৎসৱ। উদাহৰণ হিচাপে ‘কৈশোৰ’ শীৰ্ষক কবিতাটোৰ কথাই উল্লেখ কৰিব পাৰি। নিৰ্জন দুপৰীয়া এটাত মৃদুলকাইৰ বাৰীৰ মাজত হোৱা ‘মিচএডভেন্সাৰ’ এটাই হ’ল কবিতাটোৰ উপজীব্য। এনে অভিযানৰ সোৱাদ গাৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা সকলো মানুহৰে কম-বেছি পৰিমানে থাকে।

পকি ঢুলঢুলীয়া মোক খা মোক খা কৰি থকা
মধুৰী আমকেইটালৈ মেলি দিছো হাত
হঠাৎ হালবোৱা এচাৰি দাঙি মৃদুলকাইৰ খেদা
ইয়াৰ পিছত তপিনাত আছোৰ, আমৰলিৰ কামোৰ।

শৈশৱৰ কাব্যিক কথন হিচাবে ই এক মানৰ কবিতাই আছিল। সকলো বিষ্ময় আৰু অভিঘাত ইয়াত আছিল। কেৱল কবিতাটোৰ শেষৰ শাৰীটোতহে কেনাটো লাগিল । এই কেনাৰ প্ৰসংগত কিছু কথা মুকলিকৈ কোৱাটো প্ৰয়োজন । কাব্যৰ ভাষা নিমাৰ্ণত বিশেষণ পদৰ এক মৌলিক ভূমিকা আছে। আবেগত পিৰপিৰণি তোলাৰ পৰা আৰম্ভ কৰি গহীন ভাৱ প্ৰকাশ কৰা লৈকে কবিতাত বিশেষণ পদে নিৰ্ণায়কৰ ভূমিকা লয়। সাম্প্ৰতিক অসমীয়া কবিতাত বিশেষণ পদে এই নিৰ্ণায়কৰ ভূমিকা পালন কৰি কৰি এক প্ৰকাৰ যন্ত্ৰবৎ হৈ পৰিছে। একাংশ কবিক সেয়ে পৰামৰ্শ আৰু উৎসাহ যোগাব লগীয়া হৈছে বিকল্প হিচাবে ক্রিয়া পদৰ সন্ধান কৰিবলৈ। কবিতাত উপযুক্ত ক্রিয়া পদে বিশেষণৰ দায়িত্বয়ো পালন কৰিব পাৰে। বড়িৰ এই কবিতাটোৰ শেষৰ শাৰীটোত কিন্তু ক্রিয়া পদৰ প্ৰয়োজন নাছিল,প্ ৰয়োজন আছিল ব্যঞ্জনা-গধুৰ একোটা শানিত বিশেষণ পদৰ। কবিতাটোৰ শেষৰ শাৰীটো পৰৱৰ্তী সংস্কৰণত পুনৰ সজাবলৈ কবিক অনুকিয়াই থলো।

কবি মনোৰঞ্জন বড়ি এজন ছাঁ- পোহৰৰ কবিও। মুলতঃ ৰঙৰ খেলাৰ মাজেৰে তেওঁ উদ্ভাসিত কৰিব খোজে জীৱনৰ ভিন্ন ছন্দ। তেওঁৰ বহু কবিতাত ৰঙ হৈ পৰিছে এক অনায়াস খেলাও। কেতিয়াবা আকৌ ৰঙৰ মেলাৰ আয়োজন নকৰি একক ৰঙেৰেও কবিতালৈ বিষ্ময় কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উদাহৰণ হিচাপে মই ‘ জোনাকত বৰষুণ ’শীৰ্ষক কবিতাটোৰ আংগিকৰ কথা উল্লেখ কৰিব খুজিছো।

ব্ৰক্ষ্মাণ্ডৰ সকলোবোৰ জোনাকে খেলিছে মোৰ চোতালত
সুখৰ পিয়লা ভৰাই টোপ টোপকৈ সৰিছে নিয়ৰ
কৃত্ৰিমতা নাই,বিষণ্ণতা নাই
যেন চাৰিওফালে প্ৰেমৰ আকুলতা
নিয়ৰ এনেয়েও ধুনীয়া,তাতে আছে জোনাক।

এনে এক পৰিৱেশত জীৱন- উৎসৱলৈ কবিয়ে আমন্ত্ৰণ জনাইছে প্ৰেয়সীক :

এই,আহাচোন পিৰালিলৈ ওলাই
বকুল তলত উপচি পৰা সুখবোৰ
লোৱা বুকু ভৰাই
থাকিলে থাকক আমাৰ হাজাৰ দুখৰ সৰোবৰ
থাকিলে থাকক আমাৰ অনিশ্চিত পংকিল জীৱন
শৰতে যদি ধুই নিব পাৰে কিঞ্চিত তেজৰ চেকুৰা
জোনাকৰ বৰষুনত তিতি জুৰুলি জুপুৰি হওঁ আহা।

কবিৰ এই আহ্বান মুলতঃ এক জীৱন-সাৰল্যৰ ওপৰত প্ৰতিষ্ঠিত। শৰতৰ প্ৰতি থকা এক প্ৰগাঢ় বিশ্বাসক কবিয়ে জীৱন উৎসৱৰ বতৰালৈ পৰ্যবসিত কৰিছে ৰঙৰ মাজেৰে। কবিৰ এই প্ৰচেষ্টা অতুলনীয়। মনকৰিবলগীয়া যে,ৰঙৰ সাযুজ্যক কবিয়ে বিষাদৰ বাৰ্তালৈয়ো সলনি কৰিছে কেতবোৰ কবিতাত। এই ক্ষেত্ৰত প্ৰথমে নাম ল’ব পাৰি ‘উৰুখা পঁজাৰ উৎসৱ’ নামৰ কবিতাটোৰ। কবিয়ে লিখিছে :

উৰুখা পঁজাৰ উৎসৱ
লিৰিকি বিদাৰি থাকোতে
হঠাৎ নিহত হ’ল তাই
বুকুয়ে-পিঠিয়ে, ব্লাউজে-চেমিজে তাইৰ
চাৰিপাত চাৰি ৰঙৰ কাঁড়

কবিতাটোৰ এইখিনিলৈকে এক বিষ্ময় অৱধাৰিত হৈ আছে - কিয়নো দৈন্যৰ বুকুত উদ্ভাসিত এক ‘উৎসৱ’ক ‘নিহত’ হোৱাটো জানো কামনা কৰিব পাৰি ? চাৰি পাত চাৰি ৰঙৰ কাড়ে বিষাদ-চেতনাক প্ৰতিভাত কৰিছে। ইয়াৰ পিছতে ‘তাই’ৰ মৃত্যুৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছে এডোখৰ ঘাঁক ‘ যি সময়ে সময়ে উক দি উঠে জাকৰুৱা ঐনিতমৰ খোজত ’। কবিতাটোৰ মধ্যভাগত কবিয়ে ব্ৰেকেটৰ ভিতৰত লিখিছে ‘ এক কথাত মোৰ হাতত ধৰিয়েই নামি আহে সাজপানীৰে নিচাযুক্ত হালধীয়া সপোন এটা’। এই সপোনটোৰ ইয়াত প্ৰকৃততে কোনো প্ৰয়োজন নাছিল। ‘হালধীয়া সপোনে’ কেতিয়াবা অবাঞ্চিতৰো ইংগিত কৰে। অলপ তলকি চালেই গম পোৱা যাব ,এয়া কবিৰ এক অসচেতন সংযোজন। পৰৱৰ্তী সংস্কৰণত এনে ধৰনৰ আকৰ্ষণ কবিয়ে নিশ্চয় এৰাই চলিব। সামাণ্য এই উজুতিৰ বাদে ‘উৰুখা পঁজাৰ উৎসৱ’ক মই এক নিটোল কবিতা বুলিব খোজো।

মনোৰঞ্জন বড়িৰ কবিতাত প্ৰেমৰ এক সুকীয়া আৱেদন অনুভৱ কৰিব পাৰি। সাম্প্ৰতিক সময়ৰ একাংশ তৰুণ কবিৰ দৰে তেওঁ প্ৰেয়সীৰ দীঘল চুলি,লাহী ককাল আৰু বক্ষ-বৈভৱৰ মাজতে প্ৰেমৰ জয়-গানক সীমাবদ্ধ কৰিবলৈ অনিচ্ছুক। তেওঁ বিশ্বাস কৰে যে,প্ৰেমৰো আছে এক স্বাভাৱিক দিশ। কবিৰ ‘ অ’ মোৰ গাঁৱলীয়া প্ৰেয়সী’ নামৰ এটা কবিতা আছে । কবিতাটোৰ ৰোমান্টিক আৱেদন মুলতঃ নিৰ্ভৰ কৰিছে প্ৰেমৰ এক সুকীয়া শৈলীত :

গাৱৰ বতাহত আশাৰ কঠীয়া সিচি
দুহাতৰ আঙুলিৰে বোকা,পানী আৰু ঘামৰ তাঁতশাল তৰি
যি ক’ব পাৰে আৱৰণ খুলি আত্মকথা
যি জেওৰা-জপনাৰে জপিয়াই,মধুৰি আমৰ গছত উঠি
শৈশৱ কৈশোৰৰ গৌৰৱৰ গীত ৰচিব পাৰে
যি ৰ’দ-বৰষুণকো কাটি কৰি ওৰেদিন
বোকা মাটিৰ খেলা খেলিব পাৰে
তেনে এজনী ছোৱালীৰ প্ৰেমত পৰিব খোজো

কবিতাটোৰ ৰোমান্টিক আৱেদন কিন্তু ইমানতে সীমাবদ্ধ নহয়। কবি এতিয়া গাৱৰ পৰা নিলগত। চহৰীয়া জীৱনৰ আওহাৱাত কবি সুখী নহয়ঃ

ইয়াত দিনবোৰ নহয় দিন,ৰাতিবোৰ নহয় ৰাতি
ইয়াত প্ৰেম নহয় প্ৰেৰণাৰ অফুৰন্ত ৰতি
কবিৰ এই আত্ম- আৱিষ্কাৰ স্বাভাৱিক,কিন্তু চৰ্ত-সাপেক্ষ। প্ৰথমে কৈ অহা ‘ইতিহাস বিমুক্ত ৰোমান্তিকতা’ৰ এক পৈনত নিৰ্দশন।
মই গৈ আছো অ’ মোৰ গাঁৱলীয়া প্ৰেয়সী
তোৰ বুকুৰ দলিছাখন থৈছনে পাৰি
মই সিঁচিম তাতে উচ্ছল ফাগুনৰ বীজ।

এনেধৰনৰ কাব্য-ভাৱ লাহে লাহে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ আৰম্ভ কৰিছে । তাৰ বাবে কেৱল সময়কে জগৰীয়া কৰিব নোৱাৰি। কবি সকলৰো এক সুকীয়া স্বনন-প্ৰীতি থকাটো প্ৰয়োজন। বড়িয়ে স্বননৰ এক নিজস্ব পথেৰে খোজ দিবলৈ প্ৰয়াস কৰিছে। কবিগৰাকীৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতিও আছে এক অবিমিশ্ৰ আস্থা আৰু সহাঁৰি। ‘আলি- আই -লৃগাঙ’,‘উৎসৱৰ দিন’,‘দৃৰদাং’ আদি কবিতাত এফালে ঐতিহ্য আৰু তাৰ ফাঁকেৰে প্ৰৱহমান এখন পৃথিৱীৰ অস্তিত্ব আছে। অভিজ্ঞতাৰ বিভিন্ন শ্লাইছেৰে কবিয়ে ক’বলৈ পাহৰা নাই মানুহৰ সনাতন লোক-বিশ্বাসৰো কথা।

আনকি কোনো কোনো ক্ষেত্ৰত কবিয়ে সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ হেচাত ঐতিহ্য ধৰাশায়ী হোৱাৰো বাৰ্তা বহন কৰিছে। তৰুণ কবিৰ ক্ষেত্ৰত কোনো কথাই এতিয়া আৰু আগৰ দৰে সিমান স্পষ্টকৈ ক’ব নোৱাৰি : সময়ৰ ব্যাপক পৰিবৰ্তন ঘটিছে আৰু এই পৰিবৰ্তনৰ প্ৰৱাহক তৰুণ কবিয়ে আগলৈ কেনে আস্থাৰে গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কবিৰ তেওঁলোকৰ কবিতাৰ স্বাস্থ্য আৰু ভৱিষ্যৎ। মনোৰঞ্জন বড়িৰ কবিতাত এক বলিষ্ঠ ভৱিষ্যতৰ ইংগিত থকা বুলি মই অনুভৱ কৰিছো।

অলপতে কেবাবাৰো পঢ়িলো কবিগৰাকীৰ কাব্য-গ্ৰন্থ ‘তুমি ঐনিতম হৈ বাজি থাকা...’খন। বিচিত্ৰ ভাবানুষংগ আৰু আৰু ৰোমান্টিক নিযার্স মিহলি হৈ থকা এই কাব্য-গ্ৰন্থখনক তৰুণচাম কবিৰ কাব্য-চেতনাৰ এক অনন্য দলিল বুলি মই সিদ্ধান্তলৈ আহিছো। কবিৰ পৰৱৰ্তী যাত্ৰাও যেন আগলৈ হৈ পৰে এক সুখ-পাঠ্য অভিজ্ঞতা,তাৰ কামনাৰে...৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages