হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ

হাস্য ব্যংগ

Share This
খিচিৰি ৰসাল হিতোপদেশ
১. আপোনাৰ যদি ফেচবুকত প্ৰেম কৰিবলৈ মন গৈছে, তেন্তে যি কোনো এছিয়ান মডেল বা সুন্দৰীৰ ফটো প্ৰফাইলত লগাই ফেক একাউণ্ট এটা খুলি লওক। আগতীয়াকৈ সুন্দৰ-সুঠাম যুৱক বা আদহীয়া মানুহলৈ বন্ধুত্বৰ প্ৰস্তাৱ পঠাওক। দেখিব ইনবক্সত মিঠা মিঠা প্ৰেমৰ কবিতাই ভূমুকি মাৰিবলৈ আৰম্ভ কৰিছেই।

২. আপোনাৰ যদি ফেচবুক যোগে প্ৰখ্যাত হোৱাৰ  চখে  ধৰিছে, তেন্তে আপুনি মৌদী চাৰৰ বিৰুদ্ধে লিখা মেলা কৰক। চাব, মৌদী চাৰ ফেন ক্লাৱৰ সদস্য সকলে আপোনাক সমালোচনাৰে আৰম্ভ কৰি ব্যক্তিগত ভাৱে আক্ৰমণ কৰাত ব্ৰতী হৈছে। তেওঁলোকক আপুনিও উৰহৰ খঙ ভগা ঢাৰি কৰক। দেখিব আপুনি কেচ দিব পৰাকৈ বহুত ভাবুকি লাভ কৰিছেই। এতিয়া স্থানীয় সাংবাদিকক সেইবোৰ দেখুৱাই বিৰোধী দলৰ পেপাৰত নাম ছপা কৰি প্ৰখ্যাত হোৱাৰ বাটতো মুকলি কৰক।


৩. আপুনি যদি কোনো নেতা বা পালিনেতাৰ এলেকৰ পেলেক হয়, তেওঁৰ সতে ফটো আপলোড কৰিবলৈ কোনো এটা সুৰুঙাই এৰি নিদিব। তেখেতৰ সৈতে যিমানে নিবিড় সম্পৰ্কৰ ফটো আপুনি চ'ছিয়েল মেডিয়াত প্ৰকাশ কৰিব পাৰিব, সিমানে আপোনাৰ চ'ছিয়েল ভেল্যু বৃদ্ধি পাইছে। (সেয়া ভাৰ্চুৱেল হ'লেও পিছে দুখ নকৰিব দেই!)

৪. আপুনি যদি তাইক ভাল পাবলৈ বিচাৰিছে, তেন্তে তাইৰ সখীজনীক ভণ্টি পতাৰ প্ৰয়াস নকৰিবই। সেই ফৰ্মূলা আজিকালি নচলে।তাতকৈ ফেচবুকৰ ইনবক্সত সখীয়েকক লৈ কথা-বতৰা আৰম্ভ কৰক। যদি দুয়োৰে মাজত হিংসুক বা ইৰ্ষা ভাৱ আছে তেন্তে আপুনি সখী গৰাকী জানো কেনেকুৱা ছোৱালী ধৰণৰ স্থিতি লব। দেখিব, এই গৰাকী আপোনাৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে।

৫. আপুনি কবি মানেই ভোমোৰা বুলি ভুল নকৰিব। বহুতো কবি আকৌ পখিলাৰ দ্বাৰা প্ৰতাৰিত হোৱা ভগা হৃদয়ৰহে। সেই সকলৰ ভঙা হৃদয় জোৰা লগাই সমাজসেৱা কৰিলে অনাগত দিনত কাব্যিক প্ৰেমৰ দিন আপোনাৰ বাবেও উজ্জ্বল হৈ পৰিবই, সেয়া খাটাং!

৬. বন্ধুক সৰু-সুৰা পোটক তুলিবৰ মন থাকিলে, মাক-দেউতাকলৈ ফোন কৰি, তাৰ বাবে চিন্তা প্ৰকট কৰক। লাগিলে সি মদ খোৱাতো, জুৱা খেলিবলৈ লোৱাটোক লৈ আপুনি তাৰ মাক-দেউতাকৰ মান-সন্মানক লৈযে চিন্তিত হৈছে সেই কথা বেকত কৰক। তাৰ পাছত  মাক দেউতাকৰ ৰাষ্ট্ৰপতি শাসনত বন্ধুৰ দুৰৱস্থা উপভোগ কৰক। পাৰিলে তাকো লগ ধৰি, যি হয় ভালৰ বাবেই হয় বুলি কৈ ঘাঁত পকা তেল ঢলাৰো আনন্দ লব পাৰে।

৭. আপোনাক যদি বন্ধু সকলে বহুদিনলৈ মনত ৰখাটো বিচাৰিছে, তেন্তে তেওঁলোকৰ পৰা সৰু সৰু ধাৰ লৈ নিদিয়াকৈ থাকক। পাছত এনেকুৱা অৱস্থা হব যে আপোনাক সেই পইচা খুজিবলৈ তেওঁৰ লাজো লাগিব আৰু খুজিব নোৱাৰাৰ দুখত, আপুনি নজনাৰ ভেশচন ধৰাৰ খঙত আপোনাক  মনৰ মাজত গধুৰ ভাৱত হ'লেও  তেওঁ কঢ়িয়াই লৈ ফুৰিব সেয়া খাটাং।

৮. কাৰোবাৰ ধুনীয়া দালানত ফুলি থকা ধুনীয়া ফুল কেইপাহ দেখি যদি আপোনাৰ হিংসা হৈছে, তেন্তে আপুনি নিমখৰ পেকেট এটা কিনিয়েই লব। নিমখ এচপৰাকৈ ফুলৰ গুৰিত খোচ মাৰি মাৰি দিলে, দেখিব দুদিনতে আপোনাৰ হিংসা কৰিবলৈ একো নোহোৱা হৈছে। হিংসাক নিবাৰণ কৰক, মনত ৰাখিব অহিংসাই পৰম ধৰ্ম ।

৯. বহুতো ধুনীয়া ছোৱালীয়েই যদিও কবিৰ প্ৰেমত পৰে, তথাপি আপুনি কবিতা লিখিলেও প্ৰথম চিনাকিতে সেই কথা উদঙাই নিদিব। আজিকালি ফেচবুকত কবিতাৰ প্ৰকোপ বৃদ্ধিৰ পাছৰ পৰা কবি বুলিলেই বহুতৰ এলাৰ্জী হোৱা হৈছে সেই কথাও মনত ৰাখিব।

১০. পত্নীক সদায়েই দামী দামী উপহাৰ দিয়ক, সোণ, ৰূপ দিব পাৰিলে বেছি ভাল। কাৰণ শ্ৰীমতী পুৰণি হ'লে আপোনাৰ দৃষ্টিত আকৰ্ষণ কমা যেন লাগিলেও কিন্তু তেওঁৰ সোণ, ৰূপবোৰৰ দাম দিনক দিনে বাঢ়িবহে। একালত তেওঁ সেইবোৰ পিন্ধিবলৈ এৰিলে সেইবোৰ দি আজাকালি অক্ষয় কুমাৰে কোৱাৰ দৰে মুন্নাপুৰম গল্ড লোণ লব পাৰিব। তাৰবাবে ঘৰত সোণ পৰি থকাৰ ব্যৱস্থা কৰকেই কৰক!
আন সকলো ৰসাল হিতোপদেশৰ বাবে ইয়াতে ক্লিক কৰক

No comments:

Post a Comment