মুম্বাই মছালা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মুম্বাই মছালা

Share This

                 নিবনুৱা নিৰ্যাতনৰ আনন্দ
                                      অজয় লাল দত্ত                                        
                                                (১)
সিদিনা ভাইটি এজনৰ সৈতে চিনাকি হ'লো। তেওঁ অসমৰে, আমি কাম কৰা ৰাষ্ট্ৰীয়কৃত তেল আৰু গেছ কোম্পানীটোত নতুনকৈ চাকৰিত সোমাইছে। প্ৰশিক্ষণৰ অন্তত মুম্বাইত পোষ্টিং সূত্ৰে একেখন কলনীৰে বাসিন্দা হবলৈ আহিছে। তেওঁক ঘৰলৈ চাহ খাবলৈ মাতিলো, অন্তৰংগতা বৃদ্ধি কৰাৰ মানসেৰেই। কথা-বতৰাৰ মাজতে তেওঁক সুধিলো, ইউনিভাৰ্চিটীৰ পৰা ওলায়েই কি কৰিছিলা? হোষ্টেলে হোষ্টেলে কটায়েই ফুৰিলা নে ঘৰত থাকিবলৈকো পালা জীৱনত; মা-দেউতাৰ লগত ইত্যাদি। তেওঁ ভূ-তত্ব বিভাগৰ আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি ওলাই হেনো ঘৰত আছিল গৈ ছমাহমান। দেউতাকে জীৱনৰ বেছিভাগ সময় ডিফুত চৰকাৰী কোৱাৰ্টাৰতs কটালে, এতিয়া নিজৰ উজনিৰ আপোন চহৰত ঘৰ বনাই তাতে থকাৰ যো-জা কৰিছেগৈ।

তাতেই গৈ ভাইটিজনেও নতুন ঘৰৰ কাম চোৱাও হব, লগতে অনাগত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে পঢ়াও হব বুলি পিতৃ-মাতৃৰ সংগসুখ লাভ কৰি আছিলগৈ। তাত ওচৰ-চুবুৰীয়া বেছি ভাগেই দেউতাকৰ ফালৰ পৰিয়ালৰে লোক। ঘৰৰ বাহিৰত থাকি ইমান দিনৰ মূৰত ঘৰমূৱা হোৱা মানুহজনৰ সন্তানকেইটিক লৈ ৰাইজৰ আগ্ৰহৰো অন্ত নাই।

লগ পালেই, তঁহতি বহুত ডাঙৰ হ'লি, বাহিৰে বাহিৰে থাকিলি, আমাক ক'ত চিনি পাবি ধৰণৰ বাণীবোৰ আছেই! এইবোৰ কথাই ভাইটিৰো লাহে লাহে কাণ ঘোলা হ'ল। দিনত ঘৰৰ মিস্ত্ৰীৰ লগত কাম চায়, ৰাতি ৰাতি দেৰিলৈকে পঢ়া-শুনা কৰে। ৰাতিপুৱা সেয়ে উঠা দেৰিও হয়। দীঘল পদূলিটোৰ পৰা ওলায়েই জনস্বাস্থ্য বিভাগৰ পানী যোগানৰ টেপ। মুখত ব্ৰাছডাল লৈ ভাইটি এদিন হেনো দহমান বজাত পানী অলপ লৈ আহো বুলি ওলাই গৈছিল। তেনেতে ওচৰৰ খুৰী এগৰাকীও আহিল পানী লবলৈ। আহিয়েই আৰম্ভ কৰি দিলে, "তুমিটো ঘৰত এনেয়ে আছা নহয়নে? চাকৰি বাকৰি পোৱাটো আজিকালি মুখৰ কথানে? ইমান পঢ়া শুনা কৰিলা দেহি ঐ বেয়াই লাগে তোমালৈ....!"

"আমাৰ আকৌ সিটোৱে টেনৰ পাছতে এৰি দিলে নহয় পঢ়াশুনা, ছাত্ৰনেতা, পাৰ্টিত ঘূৰে। বাইক-চাইক কিনিব পৰা হৈছেগৈ। গাড়ীও অহা বহাগতে আনিব বুলি কৈছে। জীৱনত কিবা কৰিম বুলি ভাবিছা, নে ঘৰত বুঢ়া মা-দেউতাৰ কণাৰ লাখুটি হম বুলি ঘৰতে খুঁটি মাৰি বহিম বুলি ভাবিছা। বেয়াই লাগে বুইছা", পানীৰ টেপ নোখোলোতেই ধাৰাষাৰ বাণী! কামোৰ খাইও ভদ্ৰতাৰ হাঁহি মাৰিব লগা অৱস্থা সদ্য শিক্ষা সাং কৰা ভাইটিৰ। আগতীয়াকৈ টেপটোৰ পৰা পানীকন লৈ পলায়ন কৰাৰ মানসেৰে পানীৰ টিঙতো আগুৱাই দিওতে, হেনো খুড়ী গৰাকী জকজকাই উঠিল। "তুমিতো পাছে পৰেও গা-ধুলেও হব! ঘৰত পৰি থকা নিবনুৱাহে! মই পানী লৈ যাও, বৰ খৰখেদা মোৰ! আমাৰ নেতাটিক ভাতপানী খুৱাই আজৰি কৰি পঠাওগৈ...."! খুড়ীটিৰ বিৰতিহীন শব্দবানত ভাইটি হৈ পৰিল বাকৰূদ্ধ, নিতাল, নিস্তব্ধ, ঠাইতে ব্ৰজপাত পৰা মানুহৰ দৰে থৰ লাগি ৰ'ল। কি কৰিব, বেছি উচ্চ শিক্ষা লবলৈ গৈ হৈ পৰা "বেয়া লাগি" যোৱা নিবনুৱা যে......!

(২)
আপুনিও এনেকুৱা নিবনুৱা নিৰ্যাতনৰ সন্মুখীন হৈ পাইছেনে? বা লৈ পাইছেনে এই নিৰ্যাতনৰ পৈশাচিক আনন্দৰ সোৱাদ? ভাইটিজনে চাহৰ কাপত সোহা মাৰি মাৰি কৈ গৈছে অনুভৱবোৰ। "দাদা, সিদিনা মই থৰ লাগি ৰৈছিলো, আৰু ঠাইতে দৃঢ় প্ৰতিজ্ঞ হৈছিলো। তাৰ ফলশ্ৰুতিতেই ছাগৈ আজি এয়া, আপোনাৰ সতে চাহ খাই আছো"!

ভাইটিজনৰ কথা আৰু অনুভূতিখিনি ময়ো সমানেই অনুধাৱন কৰিব পাৰিছিলো। সহানুভূতি জগা নাছিল, কাৰণ একে ধৰণৰ পৰিস্থিতিয়ে ছাল-ডাঠ কৰা আমিও আছিলো নিবনুৱা "সৈনিক"! সৈনিক বুলি এইকাৰণেই কৈছো, যে এটা লক্ষ্য লৈ আগুৱাব লগা হ'লে, শিক্ষাকে, জ্ঞানকে অস্ত্ৰ ৰূপে গঢ়ি-পিটি লবলৈ একেদৰেই এদিন জুহালত আখৰা কৰিবলগীয়া হয়, সকলোৱেই। একেদৰেই এজন বন্ধু আছিল ডিব্ৰুগড়ৰ, তেওঁ আৰু এখোপ চৰা।

তেওঁ আমাৰ লগত এম. টেক কৰি থকাৰ কালচোৱাত ক্লাছ শেষ হোৱাৰ পাছত আবেলিটো আমাৰ লগতে আড্ডা মাৰি সময়বোৰ পাৰ কৰি সন্ধিয়াহে ঘৰলৈ গৈছিল। তাৰ পাছত নিজৰ ৰূমত গৈ শুই পৰিছিল। তাৰ পৰা তেওঁৰ দুটা লাভ হৈছিল, এটা হ'ল প্ৰতিবেশী আৰু পৰিয়ালৰ সদস্য বা আন শুভাকাংখীৰ এনে অনাকাংখিত নিৰ্যাতনৰ পৰা বাচিছিল। আৰু দুই, সন্ধিয়াই ৯মান বজালৈ শুই লোৱাৰ পাছত তেওঁ পঢ়িছিল পূৰাদ্যমে। কৰিছিল পুৱতি নিশালৈ, প্ৰতিদিনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ আখৰা। কিমান তেল জ্বলিছিল, কিমানদিন ৰাতিপুৱা কুকুৰাৰ ডাক শুনিহে কাহিলী পুৱা পুনৰ বিচনাত পৰিছিল, তাৰ ঠিকনা নাই। এটা সময়ত ভাল খবৰটো আহিছিল। বন্ধুজন আৰু এম. টেক সম্পূৰ্ণ কৰিবলৈ নাহে! কাৰণ নুমলীগড় ৰিফাইনেৰীত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰে নিযুক্তি লাভ কৰিছে। তেওঁ ৰাতি ৰাতি চহাই পলসুৱা কৰা জ্ঞানৰ পথাৰখনৰ কথা, বীজ সিঁচাৰ কথা কোনেও নাজানিলে, সকলোৱে ক'লে- "চোৱা তাৰ কি ভাগ্য! ৱাহ কি ভাগ্য!"

তেতিয়াও মানুহবোৰ আহিছিল, ঘৰলৈ, মিঠাই খোৱাৰ চলেৰে। শেহতীয়া নিৰ্যাতনটোৰ সোৱাদ লবলৈ। আহিয়েই আৰম্ভ কৰি দিছিল। "আমি আকৌ ভাবিছিলো, বোলো ইমান বছৰৰ পাছত ল'ৰাটো মাক-দেউতাকৰ লগত থাকিবলৈ আহিছে, বোলে পুত্ৰ সুখ পাব! পিছে চাওকচোন ল'ৰাটোৱে মাকৰ হাতৰ ভালকৈ অকন খাবলৈকে নাপালে... বেয়াই লাগে....”! "
(৩)
কালি কলনীত থকা অসমীয়া ভাইটিজন পুনৰ আহিছিল। ঘৰলৈ গৈছিল বোলে, পিতৃ-মাতৃৰ চৰণত কোম্পানী প্ৰদত্ত লোনেৰে লম্বা চাই গাড়ী এখন উৰ্চগা কৰি থৈ আহিলগৈ হেনো। মিঠাই লৈ আহিছে। মই বোলো," তোমাৰ প্ৰেৰণীদায়ী খুড়ীটিক মিঠাই খুৱাই আহিলানে নাই পিছে!” সেই প্ৰসংগতে “অনু আণ্টি” বুলি এখন কিতাপ বেংগেলুৰৰ এজন উদ্যমী স্বাৱলম্বী যুৱকে লিখি প্ৰকাশ কৰাৰ বতৰাটোও দিলো।

তেওঁ ক'লে, "কি মিঠাই দিব আৰু! খুড়ীটিৰ পুত্ৰই বোলে স্কৰিপিঅ’ কিনিলে, ছাত্ৰনেতা অৱস্থাতে, কিবা এটা কামত ধৰিলে ছাগৈ হেলিকপ্টাৰেই পেলাবহি ওচৰৰ পথাৰত! তাতে আকৌ বোলে চিডিত নচা এজনীক লৈ ফুৰে! তেওঁৰ আগত এতিয়াও মই ভেলুলেছেই”! মই বোলো, "বাদ দিয়াহে, তেওঁলোকৰ সৈতে কষ্ট কৰি পঢ়া-শুনা কৰা সকলৰ তুলনা নহয় দিয়াচোন, তেওঁলোকটো অতুলনীয়ই...”!

তেওঁক মোৰ নিজৰ কথা কবলৈ ধৰিলো। বোলো যেতিয়া ইঞ্জিনীৰায়িং পাছ কৰি ওলালো লগে লগে চাকৰি নাপাই ডিব্ৰুগড়ত এম টেক কৰিবলৈ গ'লো। শনিবাৰে, দেওবাৰে বা বন্ধৰ দিনত ঘৰতে থাকোগৈ। আই.আই.টি গুৱাহাটীৰ পৰা পদাৰ্থ বিদ্যাত স্নাতকোত্তৰ লৈ দাদাও তেতিয়া ওচৰৰ কলেজ এখনত কামত অস্থায়ী ভাৱে সোমাইছেহি মাত্ৰ। আহিলেই নহয় নিৰ্যাতনকাৰী শুভাকাংখীৰ দল! "বাইদেৱে ইমান কষ্ট কৰি ল'ৰা দুটিক গুৱাহাটীত পঢ়ালে, এটাৰো চাকৰি নাই! আমি আকৌ সেয়ে ল'ৰাক ইঞ্জিনীয়াৰ নপঢ়ালো! পঢ়ালেই হবনে চাকৰি পাবলৈ লাখ টকাও নালাগিব জানো। পঢ়াওতেই সকলো শেষ কৰিলে এতিয়া ঘোঁচ দিব ক'ৰ পৰা, বাইদেউ আপোনালৈ বেয়াই লাগে.....!"

এগৰাকী দূৰ-সম্পৰ্কীয় মাহীয়ে যুক্তি দিলে বোলে, তেওঁৰ ল'ৰা দূৰলৈ যাব লগা হয় বুলিয়েই ভালকৈ নপঢ়ালে, গুৱাহাটীত যৌৱনটো ফুৰ্তি কৰিবলৈ বুলি খৰছ যোগাই যেনেতেনে স্নাতক কৰিবলৈ পঠালে। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিল। মহাদেউ ডিচি অফিচৰ কেৰেণী, সোঁৱে-বাঁৱে টকা। ঘৰৰ ইফালে সিফালে ভাড়াঘৰৰ লাইন! মাহীৰ যুক্তি, আমাৰ এটাই ল'ৰা, সি চাকৰি বাকৰি কৰি কষ্ট কৰিব কিয় লাগে, ধুনীয়াকৈ ভাড়াঘৰ খুলি থৈছো। সুৰুঙা ওলালে ঘৰতে থাকি কৰিব পৰা চাকৰি এটা কিনি দিব, চিন্তা কৰিবলৈ কিটো আছে! ঘৰতে বহি টকা গণি চলিলেই যথেষ্ট! মায়েও কথাবোৰ শুনি ৰাতি চিন্তা ইকাটি সিকাটি কৰি প্ৰেছৰ হাই হও হও অৱস্থা!

এতিয়া সময়ৰ সোঁতত আমি দুয়োটাৰ এটা মুম্বাইত, এটা ফ্ৰান্সৰ পেৰিছত। মাজে মাজে ইয়াত থকা মা ধেমাজিৰ ঘৰত থাকিলেই শুভাকাংখীয়ে ভুমুকি মাৰে। বাইদেউ দেখিলেই নহয়, পঢ়া শুনা কৰাই ল'ৰাক পাখি গুজি দিলে, এতিয়া দুয়োটা দুফালে উৰিল। আপুনি কষ্টৰে গঢ়া ঘৰখনত থাকোতা, খাওতা নাই! আমি এইফালে গলেই দুখ কৰো। বাইদেউৰ ঘৰখন তেনেকৈ ফুলনি গুচি হাবি হ'ল, আপোনালৈ বেয়াই লাগে! আমি আকৌ সেয়ে ল'ৰাক ইমানকৈ নপঢ়ালো.....! নিজৰ কাহিনী শুনাই ব'ৰ কৰা ভাইটিজনলৈ চাহ একাপকে আগুৱাই দিলো, "শদিয়াৰ পৰা ধুবুৰীলৈকে একেই কাহিনী বুজিছা!" এতিয়া চাই খায় গানকে শুনা, লেপটপটোত গান বাজি উঠিল, "লৌগ ট’ কুচ কেহেংগে, লোগো কা কাম হে কেহনা...."!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages