মু্ম্বাই মছালা (লঘু লেখা) - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মু্ম্বাই মছালা (লঘু লেখা)

Share This
কাকুতি কৰিলে ভগৱানে শুনিবই...
অজয় লাল দত্ত
(১)
কালি মুম্বাইত বহুত বেছি বৰষুণ হৈছিল। সন্ধিয়াৰ পৰাই নেৰা-নেপেৰাকৈ দি আছিল বৰষুণজাক। টুইটাৰত এজন অসমীয়া সাংবাদিকে মায়া নগৰী ভ্ৰমণ কৰি থকাৰ কথা প্ৰকাশ কৰি, মুম্বাইতো পানী হয় বুলি, একাঠু পানীত চলি থকা গাড়ী এখনৰ ফটো পোষ্ট কৰিছিল। অসমৰ গগৈ ছাৰৰ সমীপেষু বুলিও উল্লেখ কৰিছিল, যাতে ছাৰে ভৱিষ্যতে সংবাদমেলত সেইটো উদাহৰণ ব্যৱহাৰ কৰিব পাৰে।

কালি মোৰ নিশাৰ ডিউটি আছিল। খোৱা-বোৱা কৰি ওলাই যাওতে প্ৰায় ৰাতি ৯-২০ মান হৈছিল। তেনেতে আন এগৰাকী অসমীয়া বান্ধৱীয়ে ফেচবুকত ষ্টেটাচ দিয়া পালো। মই যাব লগা পথটোৰে আধা দূৰত্ব যাওতেই হেনো বৰষুণৰ ফলত হোৱা ট্ৰেফিক জামৰ বাবে বহুত বেছি সময় লগাৰ বিৰক্তি প্ৰকাশৰ ষ্টেটাচ আছিল সেইটো। তেওঁৰ হেনো আজি সন্ধিয়া অফিচ ছুটী হোৱাৰ পিক-টাইমত আঠ কিল'মিটাৰ মান যাওতেই তিনিঘণ্টা লাগিল!

বুজি পালো আজি অফিচ গৈ পোৱা দেৰি হবই। বৰষুণজাক অলপ কমা যেন দেখি ছাতি এটা হাতত লৈ অফিচৰ গাড়ীখনত বহি দিলোগৈ। গাড়ী মূল পথলৈ ওলোৱাৰ লগে লগেই গম পালো, সকলো ট্ৰেফিক জাম সম্পৰ্কীয় ইংগিত আজি এশতকৈ বেছি শতাংশ শুদ্ধ হোৱাৰ পথত....

লাহে লাহে আগবাঢ়িলো, দেখিলো এঠাইত এখন গাড়ী বন্ধ হৈ পৰি আছে, ফলত কেইবা কিল'মিটাৰ জোৰাকৈ এটা লেন বন্ধ হোৱাৰ ফলশ্ৰুতি! বোলো বাচিলো, সেই ঝামেলাটো আঁতৰিল। ৫০ফুট আগবাঢ়িয়েই আকৌ একেই গতি, বাম্বাৰটো বাম্বাৰ! আকৌ পোন্ধৰ মিনিটত ১ কিল'মিটাৰ আগবঢ়াৰ পাছত অফিচলৈ ফোন কৰিলো। সহকৰ্মীজনে উঠালে, বোলো ছাৰ, আজি শেনৰ এজাত, মোৰ পাওতে কেইটা বাজে পাত্তা নাই। তেওঁ ক'লে- "গাড়ীত বহিলা যেতিয়া ডিউটি আৰম্ভ বুলিয়েই ধৰা! আহি থাকা, কিনো কৰিবা... "!

চীফট ডিউটিত আন এজন আহি পোৱা দেৰি হ'লে ইজনে ঘড়ীলৈ চাই উচপিচাই থকাটো অভ্যাস! সেয়ে তেওঁকো আগজাননী এটা দিয়া ভাল বুলিয়েই ফোন কৰিছিলো। এঘণ্টামান বহি বহি যাত্ৰা কৰাৰ পাছত আমনি লাগিল, চীটত শুইয়েই দিলো। যেতিয়া গৈ পাম, কি পাত্তা ভাৱত! অ'ত এখন বেয়া হৈ পৰি আছে, সেইখন এৰি আগবাঢ়ো, আগতো এখন, মুঠতে এটা এক্সিডেটৰ ঘটনাকে ধৰি ১৫কিলমিটাৰ ৰাস্তাত ৫খনকৈ গাড়ী বন্ধ হৈ পৰি থকা প্ৰত্যক্ষ কৰিলো। এইদৰে ধৈৰ্ষ পৰীক্ষাৰ অন্তত এসময়ত অফিচৰ তলত গৈ উপস্থিত হ'লো।

এনেয়েও ডেৰ ঘণ্টামান লেট, বোলো ইজনে চাগৈ ইচাট-বিচাট কৰি আছে, দৌৰি যাও আৰু.... সেইবুলি খৰধৰকৈ লিফটত উঠিলোগৈ। গৈ পায়েই বোলো  ছাৰ বাটৰ পৰিস্থিতি এনেকুৱা, আপুনি যাব লগা উভোতনি বাটতো আৰু বেছি জাম দেখি আহিছো, গাড়ীবোৰ মাজে মাজেহে লৰচৰ কৰিছে, ৰঙা লাইটত জিলিকি আছে ৰাজপথ! আপুনি খৰধৰকৈ ওলাওক, পুৱাৰ ব্ৰেকফাৰ্ষ্টটো পাই যাবও পাৰে!

 
"ধেত, আবেলিৰ পৰা একো খোৱা নাই, এনেয়ে পেটে কলমলাইছে! গৈয়েই ৰাতিৰ সাজ খামগৈ বুলি ভাবি আছিলো। তুমি আকৌ বাটৰ ট্ৰেফিক জামৰ কথাৰে ভাল ভয় খুৱাই দিলা দেই!"- সহকৰ্মীজনে ধেমালি নে সঁচা ধৰিব নোৱাৰি ক'লে।

মই বোলো, "ভগৱানক তুতি কৰক, ভগৱানে ভক্তৰ কথা শুনিব নিশ্চয়"। কথাখিনিকৈয়ে অফিচৰ আলমাৰীত থকা খোৱাবস্তুৰ টেমাৰ পৰা বিস্কুটৰ পেকেট দুটা আগুৱাই দি তেখেত ক'লো, "লওক ভগৱানে শুনিলে ৰাতিৰ ভাতেই পাবগৈ,  নুশুনিলে এইখিনিয়ে অন্তত আপোনাৰ সহায় হব"! মৌনং সন্মতি লক্ষণম কৰি তেথেতে প্ৰস্থান কৰিলে। মনলৈ আহিল গুৱাহাটীৰ নবীন নগৰত বিস্কুটৰ পেকেট, চিৰা আৰু পানীৰ বটল নাঁৱত কঢ়িয়াই নিয়া ছবিখনলৈ! তাকো চেৰেং চেৰেংকৈ....
                                              (২)
ৰাতিপুৱা দহটাত ডিউটী শেষ কৰি উভতি আহিবলৈ অফিচৰ পৰা ওলায়েই দেখো ধাৰাসাৰ বৰষুণ! সম্ভিত আহিল, চেহ, কালিৰ ছাতিতো কি কৰিলো? এতিয়া ওলাই আহোতে দেখুন বেগটোৰ সৈতে দেখাই নাপালো। চাগৈ খৰধৰকৈ সিজনক ৰিলিজ কৰি দিবলৈ দৌৰোতে গাড়ীতে থাকি আহিল। সিজন ৰাতি কেইটাত বা ঘৰ পালেগৈ, ভগৱানে শুনিলেনে কাকুতি সেইবোৰো ৰাতি আৰু সুধিবলৈ নহ'ল। যি কি নহওক, ড্ৰাইভাৰক ফোনেৰে ক'লো বোলো গাড়ীখন লৈ আহাঁ!

ড্ৰাইভাৰজন বাঙালী, ভদ্ৰলোক বুলি কও নে নকও ধৰিব পৰা নাই, তিনিদিনহে হৈছে, আমাৰ ড্ৰাইভাৰজনৰ ভায়েক হস্পিতেলাইজড হোৱাত এওঁ চলাইছে। গাড়ীত বহিয়েই সুধিলো, বোলো কালি গাড়ীত ছাটিটো পাছফালৰ ছীটৰ ভৰি থোৱা ঠাইতে থাকি গৈছিল, পাইছিলানে? তেওঁ মূৰ দুপিয়ালে, বোলে নাই! ড্ৰাইভাৰ ছীটৰ পাছফালৰ তললৈ কি আছে তেওঁ দেখা নাছিল, এতিয়া নায়ো। পুৱা অহা ছাৰেও দেখোন একো কোৱা নাই! মই বোলো হে হেৰি, ক'ত গ'ল তেন্তে মোৰ ছাতিটো?

ড্ৰাইভাৰে নিৰাশ কৰা দেখি বতৰটোৰ সৈতে মনটোও সেমেকি উঠিল। বাৰু কেনেবাকৈ অফিচতে থাকি আহিল নেকি, ৰাতি ওপৰলৈ নিছিলোৱেই নেকি, ইত্যাদি ভাৱ আহিবলৈ ধৰিলে। লগে লগে বোলো ৰাতি ঘৰলৈ উভতা সহকৰ্মীজনলৈ ফোন লগালো। বোলো গুড মনিং ছাৰ, ৰাতি কালি কেইটাত পালেগৈ? তেখেতে বোলে ওলোৱাৰ পাছতে ৰাস্তা প্ৰায় ক্লীয়াৰেই পালে, ভগৱানে তেওঁৰ কাকুতি শুনিলেই বোলে... ( চেহ মইহে মিছা মাতিছিলো ধৰণৰ হৈ পৰিল কেছটো!) ঘৰত গৈ পৰম তৃপ্তিৰে ভাত সাজ খাই শুই দিয়াৰ পৰা এতিয়া দহ বজাত উঠিছেহে হেনো...! 

মই মনতে ভাবিছো, মই তোমাক সোনকালে পঠাও বুলি খৰধৰ কৰিলো, এতিয়া ছাতিও হেৰাল মোৰ, ফাঁকিবাজ ধৰণৰ অৱস্থা এটাতো পৰিলো মইহে! তথাপি তেওঁক সুধিলো, বোলো ছাৰ, পাছৰ ছীটৰ ভৰি থোৱাৰ ফালে ফল্ডিং ছাতি এটা দেখিছিল নেকি? তেখেতে উত্তৰ দিলে, কিবা এটা থকা যেন দেখিছিলো। পিছে সেইফালে বেগটো থোৱাৰ বাবে ভালকৈ মন নকৰিলো!

মই বুজি পালো, ছাতি গাড়ীত এৰি যোৱাটো হয়, তাৰমানে ড্ৰাইভাৰে মিছা মাতিছে নেকি! এইবাৰ ঘোঁপাকৈ ড্ৰাইভাৰলৈ চালো, বোলো ছাৰে দেখুন দেখিছিলো বুলি কৈছে! এতিয়া তুমি কৈছা নাই! কেছটো কি?

তেতিয়া ড্ৰাইভাৰজনে কওঁ নকওঁকৈ ক'লে। কালি ৰাতি আচলতে ছাৰ, তেখেতকৈ থৈ উভতি আহোতে মানুহ এজনক লিফট দিছিলো। মোৰ উঠিল টিকিচকৈ খঙ, বোলো অফিচৰ গাড়ীত আজিলৈকে বস্তু হেৰোৱা নাই! তুমি লিফট দিয়াৰ বাবেহে মোৰ ছাতিটো হেৰাল! এইখন অফিচৰ গাড়ী, বেলেগক উঠোৱা মানা তুমি নাজানা নেকি! মোৰ কণ্ঠস্বৰ লাহে লাহে কঠিন হৈ আহিবলৈ ধৰিলে। ক'ত উঠিছিল মানুহ, ক'ত নামিছিল....


ড্ৰাইভাৰজনে সংযত হৈ ক'লে, আচলতে ছাৰ, মানুহ এজন কনমানি আৰু পত্নীৰ সৈতে এটা সৰু ছাতিৰ তলত ৰৈ অট', টেক্সি ৰখাবৰ বাবে আপ্ৰাণ চেষ্টা কৰি আছে, কোনো ৰোৱা নাই। ল'ৰাটোৱে হাতত চেণ্ডেলযোৰ লৈ আছে। সৰু ছাতিটোৱে তিনিওটাকে বাঢ়ি অহা বৰষুণজাকৰ পৰা বচাব পৰা নাই। বাৰে বাৰে মাক-বাপেৰে যেন ভগৱানক কাকুতি কৰিছে, এনে লাগিল। দৃশ্যটো দেখি সেয়ে মই গাড়ীখন ৰাখি তেওঁলোকক উঠাই লৈ আহিলো!

আৰু ভগৱানে কাকুতি শুনিলে... তেওঁলোকে গাড়ীও পালে, নামি যাওঁতে তিনিও নিতিতাকৈ যাবলৈ হাততে মই এৰি যোৱা ছাতিটোও..... মই বিৰবিৰালো!

মই বোলো, তুমি তেওঁলোক নামি যাওঁতে চাইছিলানে কেইটা ছাতি আছিল হাতত? ড্ৰাইভাৰে ক'লে বোলে, তেওঁ মন নকৰিলে! বোলো তুমি লোকৰ কল্যাণ কৰিবলৈ যাওতে দেখিলা মোৰেই কল্যাণ কৰি পেলালা!

ড্ৰাইভাৰজনে চেহ বুলি ইচ-ইচাই উঠিল, "উপকাৰীক অজগৰে খায়", তেওঁৰ মুখত যেন সেই ভাৱটোৱেহে দোলা দিছে!

দেশৰ দহৰ কল্যাণ কৰিবলৈ, দয়া কৰিবলৈ এওঁহে ওলাল নে! ছাতি গ'ল গ'ল আৰু, তথাপি বছক এবাৰ লিফট দিয়াৰ কথাটো কান-চোৱাই এওঁকো এবাৰ ভয় খুৱাই থোৱা ভাল। ছাৰলৈ বুলি ফোন লগালো, ড্ৰাইভাৰক সুধিলো, "তোমাৰ নামটো কিহে?"

তেওঁ উত্তৰ দিলে "ভগৱান দাস"!
হয়তোন এওঁ কাকুতি নুশুনিলে কোনে শুনিব, নামটো শুনিয়েই ফোনটো কাটি দিলো....

বাহিৰলৈ চালো, বতৰটো ফৰকাল হৈ উঠিছে, লগে লগে মোৰ মনটোও.....

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages