হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. তিতাবৰৰ ঔৰঙিয়াল বজালকাটা পথটো পকী কৰাৰ পাছতে এতিয়া নদীত পৰিণত হোৱাত বিশ্বৰ একমাত্ৰ "তল পকী নদী" ৰূপে পৰিগণিত হৈছে। এই গৌৰৱৰ অধিকাৰী হোৱা সমষ্টিটো খোদ ৰসাল গগৈৰ ছাৰৰ বুলি জানিব পৰা গৈছে। এতিয়া ছাৰে পথটোক "ভেনিছ ৱাটাৰৱেজ" নামাকৰণ কৰি অতি সোনকালে পৰ্যটনৰ সমল ৰূপে গঢ়ি তুলিবলৈকো স্থানীয় লোক সকলে দাবী জনাইছে। আৰু পথটোৰ দ্বায়িত্ব গড়কাপ্তানিৰ পৰা কাটি জলসম্পদ বা পৰ্যটন বিভাগক গতাই দিবলৈকো আহ্বান জনাইছে।

২. সদৌ অসম গেলামাল যোগান বিভাগে অসমৰ ৰাইজ সকলক ইণ্টাৰনেটৰ কানেকচন লবলৈ আহ্বান জনাইছে। ইণ্টাৰনেটত ঘোষণা কৰা দৰত পাছত আলু-পিঁয়াজ নাপালে, তাৰ বাবে মন্ত্ৰী নহৰুল চাহাব দায়ী নহব বুলি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এতিয়া ইণ্টাৰনেট নোহোৱা মানুহকহে দোকানীয়ে ঠগিব পাৰিব বুলি প্ৰকাশ হোৱাত বেপাৰী সকলৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি খবৰ পোৱা গৈছে।

৩. বৰগাঙত ডাক্তৰে ঠিকা কামত লাগি থকাত ৰোগী চাবলৈ সময় নোপোৱাৰ খবৰ প্ৰকাশিত হৈছে। গোপন খবৰ মতে অবৈধ গৰ্ভ চাফা, মেডিচিন কোম্পানীৰ কমিচন আদিৰ পৰিমাণ বেছি নোহোৱা, ওচৰতে নাৰ্চিং হোম নথকা বাবে ৰেফাৰেল ইনকাম আদি কম হোৱাৰ বাবেহে ডাক্তৰজনে আন বন্ধুৰ সৈতে ফেৰ মাৰিবলৈ ঠিকাত ধৰিব লগা হৈছে। কাম কৰি খাব খোজা এনে কৰ্মী নাগৰিকৰ মানহানি কৰা এনে বাতৰি আচলতে প্ৰকাশ কৰিব নালাগে বুলি স্থানীয় সাংবাদিকজনক এতিয়া সচেতন ৰাইজে বুজনি দিয়া বুলি খবৰ পোৱা গৈছে।

৪. এখন এখনকৈ খোলা খাই পৰা অসমপ্ৰেমী কৈলাশন ৰোহিয়াৰ মুখা সমূহ এতিয়া নীলামত বিক্ৰী কৰিব লাগে বুলি প্ৰকৃত অসমপ্ৰেমী হিন্দীভাষী সন্থাই দাবী তুলিছে। মুখা সমূহ বিক্ৰী কৰি সেই ধন অসমৰ আচল উন্নতিত ব্যৱহাৰ কৰিব লাগে বুলি টিখালাল আগৰৱালাই প্ৰকাশ কৰিছে।

৫. ৰাজ্যত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে বুলি প্ৰকাশ পোৱাত সদৌ অসম উকীল কল্যান সংঘ আৰু সদৌ অসম লালটুপি সন্থাই অপৰাধী কাম-কাজ কৰিবলৈ সাহস কৰা সাহসী নাগৰিক সকললৈ অভিনন্দন জ্ঞাপন কৰিছে। তেখেতলোকৰ কৰ্মৰাজিয়েহে সন্থা দুটাৰ সদস্য দুটাৰ আৰ্থিক উন্নতিত অৰিহণা যোগাব বুলিও মত প্ৰকাশ কৰি, অপৰাধৰ ক্ষেত্ৰত দিল্লীৰ সমানে ফেৰ মাৰি আগুৱাই যাবলৈকো আহ্বান জনাইছে।

৬. শোণিপুৰৰ জামুগুৰিত পানী যোগান আঁচনি এখনৰ জন্মতেই মৃত্যু ঘণ্টা বাজি উঠাৰ খবৰ পোৱা গৈছে। ডেলিভাৰী কেচত সংকটজনক অৱস্থা হোৱা এইখনেই বিশ্বৰ প্ৰথমখন পানী যোগান আঁচনি বুলি স্থানীয় এজন লোকে দাবী কৰিছে আৰু এই সম্পৰ্কত তেওঁ লিমকা বুক অৱ ৰেকৰ্ডছলৈকো যোগাযোগ কৰাৰ কথা চেলবেল লাইভ টিভি চেনেলত প্ৰচাৰিত হৈছে।

৭. "গৰজি উঠিছে জানা" বুলি এটি প্ৰতিবাদী গীতৰ কেছেট কালি মুকলি কৰা হৈছে। "প্ৰাণৰ মমতাত দেশলৈ অহাজনলৈ মানৱতাৰ দৃষ্টিভংগী" নামেৰে পৰহি চৰকাৰী খৰছত ওলোৱা এটি বিজ্ঞাপনমূলক গীত উন্মোচনৰ পাছতেই জাতীয় সংগঠন সমূহে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদী কেছেটটো উন্মোচন কৰিছে। "জাতি- ধ্বংসী গগৈ তুমি" নামৰ গীতটো জাতীয় সংগঠন সমূহৰ নেতা সকলৰ সমবেত কণ্ঠত পৰিবেশিত হোৱা বুলিও জানিব পৰা গৈছে।

৮. চৰকাৰী পেঞ্চনাৰেও জয়সাগৰত বৃদ্ধ পেঞ্চন লাভ কৰাৰ বাতৰিত হিতাধিকাৰীসকলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱা বাঘা বাঘা লোক সকলে যদি সাহিত্যিক পেঞ্চন, শিল্পী পেঞ্চন আদি এনজয় কৰি থাকিব পাৰে, তেন্তে ক্ষুদ্ৰ এজন মানুহে ক্ষুদ্ৰ এটা বৃদ্ধ পেঞ্চন বৃদ্ধত্ব প্ৰাপ্তিৰ বাব মেনেজ কৰি লোৱাত সংবাদ বনোৱাৰ যুক্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে। লগতে মানহানিৰ গোচৰেৰে সাংবাদিকজনকো পোটক তুলিবলৈকো সংশ্লিষ্ট নাগৰিকজনক আহ্বান জনাইছে।

৯. গৰম বন্ধ উপলক্ষে সদৌ অসম বিসম্বাদী বিধায়ক সন্থাৰ উদ্যোগত আয়োজিত হৈছে "আধুনিক বিসম্বাদী নৃত্য প্ৰতিযোগিতা"। বন্ধৰ দিনত দিছপুৰৰ মঞ্চত এই মহাপুৰুষ সকলৰ উদ্দাম নৃত্যই ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে। এতিয়া প্ৰতিযোগিতাৰ ফলাফল অহা সোমবাৰে ঘোষণা কৰা হব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

১০. নাজিৰাত বছৰে বছৰে মীন কাৰ্যালয়ত মীন বিষয়া নোহোৱাতো একো অসুবিধা হোৱা নাই বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ পুখুৰীত মাছ, পাঞ্জাৱৰ পথাৰত ধান হৈ থকালৈকে আৰু ছিণ্ডিকেট বাহিনীয়ে সঠিক ভাৱে বেপাৰ কৰি থকালৈকে মাছ-তাছ আদিক লৈ চিন্তা কৰিব লগীয়া নাই বুলিও তেওঁলোকে স্থানীয় প্ৰশাসনক অৱগত কৰিছে।

No comments:

Post a Comment