Thursday, July 24, 2014

প্ৰাসংগিক চিন্তা

উত্তৰ পূৱক ভাৰতে ভালকৈ
নজনাৰ দ্বায়িত্ব আমাৰ নহয়!
উত্তৰ-পূৰ্বাঞ্চলক ভাৰতে ভালকৈ নজনাৰ দায়িত্ব আমাৰ নহয়
প্ৰতিম প্ৰতাপ বৰুৱা
(১)
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত লিখা আছে – "WE, THE PEOPLE OF INDIA, having solemnly resolved to constitute India into a SOVEREIGN SOCIALIST SECULAR DEMOCRATIC REPUBLIC and to secure to all its citizens: JUSTICE, social, economic and political; LIBERTY of thought, expression, belief, faith and worship; EQUALITY of status and of opportunity; and to promote among them all FRATERNITY assuring the dignity of the individual and the unity and integrity of the Nation”.

সংবিধান মতেই সকলো ভাৰতীয় নাগৰিককে সমমৰ্যদা আৰু সম-সুবিধা প্ৰদান কৰা হৈছে (EQUALITY of status and of opportunity)। সেই হিচাপত ভাৰতৰ সীমাৰেখাৰ ভিতৰত, প্ৰতিখন ঠাইতে, প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৰ্য্যদা আৰু সুবিধা সমান। কিন্তু এই কথাষাৰ কিমান সঁচা বা এই সমমৰ্য্যদাৰ ধাৰণাটো ভাৰতৰ বিভিন্ন ঠাইত বাস কৰা অথবা অধ্যয়ণ কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে ১০০ শতাংশই উপভোগ কৰিবলৈ পাইছেনে? বা একেসময়তে, উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা ভাৰতৰ আন ঠাইৰ লোকসকলে ১০০ শতাংশ সমমৰ্য্যদাৰে বাস কৰিব পাৰিছেনে? সাম্প্ৰতিক সময়ত এইটো এটা অতি কঠিন আৰু ব্যৱহাৰিক প্ৰশ্ন।


প্ৰকৃত কথাটো হ’ল ভাৰতৰ বেছিভাগ মেট্ৰপলিটান চহৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা আন লোকসকলৰ বেছিভাগকে সমমৰ্যদা আৰু সম-সুবিধা প্ৰদান কৰাটো সুদূৰেই, তেওঁলোকৰ প্ৰতি বৈষম্যমূলক আচৰণহে কৰা হয়। বহু সময়ত এই বৈষম্যমূলক আচৰণে সীমা চেৰাই সাধাৰণ অজুহাততে মাৰ-পিট, ডকাইতি, ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ৰূপ পৰ্য্যন্ত পায়গৈ। অতি চিন্তাজনক কথা যে শেহতীয়াকৈ অতি লাহে লাহে, চকুত নপৰাকৈ, কিন্তু নিশ্চিতভাৱে ভাৰতত বৈষম্যবাদ বাঢ়ি আহিছে। ভাৰতৰ বিভিন্ন ঠাইত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বিৰুদ্ধে অসহনশীলতা দিনে দিনে বাঢ়ি আহিছে। মাত্ৰ ৰাজধানী দিল্লী চহৰত যোৱা কেইদিনমানত সংঘটিত হোৱা কেইটামান ঘটনাৰ উদাহৰণ দিছো –


২৪ জানুৱাৰী, ২০১৪ : দুগৰাকী মনিপুৰী মহিলাক (ছাত্ৰীক) চাৰিজন মানুহে প্ৰথমতে কাজিয়া কৰি তাৰ পিছত মাৰ-পিট কৰি তেওঁলোকৰ হাতত থকা টকা-ম’বাইল ফোন আদি ডকাইতি কৰি লৈ গ’ল।

২৯ জানুৱাৰী, ২০১৪ : অৰুণাচল প্ৰদেশৰ এজন ছাত্ৰক (নিড’ টানিয়া) তেওঁৰ চুলিৰ বিশেষ ষ্টাইলটোৰ বাবে কেইজনমান দোকানীয়ে উপলুঙা কৰিছিল। লৰাজনে আপত্তি কৰাত তেওঁক সকলোৰে সন্মুখতে মৰিয়াই মৰিয়াই এনেদৰে ঘাইল কৰি দিয়া হ’ল যে পিছদিনা তেওঁৰ মৃত্যু ঘটিল।

৮ ফেব্ৰুৱাৰী, ২০১৪ : এগৰাকী ১৪ বছৰীয়া মনিপুৰী ছোৱালীক বলাৎকাৰ কৰা হ’ল। ছোৱালীজনী মাত্ৰ কেইদিনমান আগতে দিল্লীত থকা নিজৰ সম্বন্ধীয় মানুহঘৰলৈ আহিছিল।

৯ ফেব্ৰুৱাৰী, ২০১৪ : দুজন মনিপুৰী ছাত্ৰক ছয়জন মানুহে আক্ৰমণ কৰি মাৰ-পিট কৰিলে। অন্য এজন মনিপুৰী ছাত্ৰক আক্ৰমণ কৰি লুটপাত কৰা হ’ল। 
 
২৮ ফেব্ৰুৱাৰী, ২০১৪ : এগৰাকী মনিপুৰী ছাত্ৰী আৰু তেওঁৰ ভাতৃক দুজন মানুহে আক্ৰমণ কৰি ছাত্ৰীগৰাকীক উলংগ কৰিবলৈ চেষ্টা কৰে আৰু ভায়েকক মাৰ-পিট কৰিলে।

(২)
এই প্ৰতিটো ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে, প্ৰতিবাদকাৰীৰ ওপৰত ৰাজপথত পুলিচে লাঠিচাৰ্জ কৰিছে, লগতে এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ আশ্বাসো দিয়া হৈছে। দিল্লী পুলিচে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে এটা হেল্পলাইন টেলিফোন নাম্বাৰ (১০৯৩) মুকলি কৰিছে। এই সকলো কৰাৰ পিছতো কিন্তু আমি আস্বস্ত হ’ব পৰা নাই। কাৰণ সমস্যাটো এতিয়াৰ নহয় আৰু এই ব্যৱস্থাবিলাকে এজন সাধাৰণ ভাৰতীয়ৰ মনত উত্তৰ-পূৰ্বাঞ্চল বা উত্তৰ-পূৰ্বাঞ্চলবাসী সম্বন্ধে ইমানদিনে গঢ় লৈ উঠা (অশুদ্ধ) ধাৰণা বা অজ্ঞানতাখিনি আঁতৰাব নোৱাৰে আৰু লগতে কিছুসংখ্যক ভাৰতীয় মানুহৰ এই ক্ষেত্ৰত থকা মানসিকতাখিনিকো সলনি কৰিব নোৱাৰে।


উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে ভাৰতৰ আন ঠাইত সন্মুখীন হ’ব লগা হোৱা বৈষম্যমূলক আচৰণৰ এটা অন্যতম কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ঠাইত ভাৰতৰ আন ঠাইৰ পৰা আহি বসবাস কৰা মানুহখিনিয়ে সন্মুখীন হ’ব লগা হোৱা প্ৰায় একেধৰণৰ আচৰণৰ ফল নেকি সেইটোও চিন্তা কৰি চাবলগীয়া কথা। (কাৰণ ওপৰত উল্লেখ কৰা ঘটনাবিলাকৰ দৰে প্ৰায় একে ধৰণৰ ঘটনা উত্তৰ-পূৰ্বাঞ্চলতো হিন্দীভাষী লোকৰ বিৰুদ্ধে ঘটাৰ বহুত উদাহৰণ আছে।) লগতে যিকোনো বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে এখন কঠোৰ আইন নথকাও আন এটা অন্যতম কাৰণ হ’ব পাৰে।


আমি যোৱা ১৫ বছৰ চাকৰিসূত্ৰে ৰাজধানী দিল্লীত বাস কৰাৰ আৰু ভাৰতৰ প্ৰায় সকলো প্ৰদেশৰে মানুহ লগ পোৱাৰ পিছত নিজৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰো যে ভাৰতৰ বেছিভাগ মানুহৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে বিশেষ একো জ্ঞান নাই। যিখিনি আছে সেইখিনিৰো বেছিখিনি মুলত: ভুল ধাৰণা, উৰাবাতৰি আৰু ভুল তথ্যৰ ওপৰত গঢ় লৈ উঠা।

আনকি বহু সংখ্যক ভাৰতীয়ই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নামেই নাজানে। বহুতে আকৌ উত্তৰ-পূৰ্বাঞ্চল মানে মাত্ৰ উগ্ৰপন্থী, ড্ৰাগছ্‌, এইড্‌চ্‌, জংঘল আৰু মুক্ত-যৌনতা (হয় মুক্ত-যৌনতা) বুলি ভাবে। বহুতে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলক সহজলভ্যা বুলি ভাবে। (বহুত ভাৰতীয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত থকা ভৌগোলিক জ্ঞানৰ পৰিমানটো দেখি হাঁহিম নে কান্দিম যেন লাগে। এবাৰ এজনে মোৰ সন্মুখতে আন এজনক অসমৰ বিষয়ে এনেকৈ কৈছিল – এওঁলোকৰ অসমৰ জলবায়ু বৰ স্বাস্থ্যকৰ। সাগৰৰ পাৰত যে সেয়ে। আৰু এওঁলোকৰ তাৰ পৰা ছিঙ্গাপুৰ, চীন আৰু কলম্বো তেনেই ওচৰ।)

সৰ্বভাৰতীয় পৰ্য্যায়ত উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ সঠিক বুৰঞ্জী, ভূগোল, গৌৰৱ-গৰিমা, তথ্য আৰু জ্ঞানৰ এই অভাৱটো (ব্যৱধানটো) যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই সমস্যাটো দূৰ হ’ব বুলি আমি বিশ্বাস নকৰো। মূখ্যত: এই ব্যৱধানটোৰ বাবেই আজিও (স্বাধীনতাৰ ৬৫ বছৰ পিছতো) উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বহুতে ভাৰতৰ ভিতৰৰে বহু ঠাইত বহু সময়ত বৈষম্যমূলক আচৰণৰ সন্মুখীন হ’ব লগা হোৱাৰ লগতে নিজৰ সুৰক্ষাক লৈও চিন্তিত হৈ পৰিব লগা হৈছে। কিন্তু ইয়াৰ বাবে দায়ী আৰু ইয়াৰ দায়িত্ব এই অঞ্চলৰ পৰা ওলাই অহা প্ৰৱাসী লোকসকলৰ বা ছাত্ৰ-ছাত্ৰীসকলৰ নহয়।

(৩)
এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ চৰকাৰ (কেন্দ্ৰীয় + ৰাজ্য চৰকাৰসমূহ) আৰু বিভিন্ন সংস্থাসমূহে উদ্যোগ ল’ব লাগিব, প্ৰয়োজনবোধে উপযুক্ত ঠাইত উপযুক্ত দাবী কৰি হেঁচা প্ৰয়োগ কৰিব লাগিব। ওপৰত উল্লেখ কৰা তথ্য আৰু জ্ঞানৰ ব্যৱধানটো আঁতৰ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো দুয়োপক্ষৰে (কেন্দ্ৰীয় + উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ) প্ৰধান আৰু তাৎক্ষণিক কাম হোৱা উচিত। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ জনসংযোগ বিভাগবোৰেও এই ক্ষেত্ৰত বহুতখিনি কাম কৰিবলগা আছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে ইয়াৰ বাবে আগভাগ লোৱা উচিত। ইয়াৰ লগতে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে এখন সবল আইনৰো প্ৰয়োজন আছে। বৈষম্যৰ বিৰুদ্ধে সেই আইনখন এনে হোৱা উচিত য’ত অপৰাধীৰ অতি কমেও কিমান বছৰৰ শাস্তি হ’ব (minimum possible punishment) সেইটো পূৰ্ব-নিৰ্ধাৰিত হয়।


টেইলপিচ : ভাৰতৰ বিভিন্ন ঠাইত বাস কৰা বা পঢ়িবলৈ ওলাই অহা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ এটা প্ৰধান সমস্যা হ’ল ভাষাৰ সমস্যা। ভাৰতৰ চৰকাৰী ভাষা হিন্দী আৰু ভাৰতৰ বেছিভাগ ঠাইৰে সংযোগী ভাষাও হিন্দী। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সৰহসংখ্যকে এই হিন্দী ভাষাটো ভালকৈ নাজানে আৰু জানিলেও উচ্চাৰণৰ অশুদ্ধতাৰ বাবে বহুসময়ত কবলগীয়াখিনি সম্পূৰ্ণকৈ প্ৰকাশ নহয়গৈ।

ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদে স্বীকৃতি দিয়া মুঠ ২২ টা ভাষাৰ চাৰিটা ভাষা – অসমীয়া, বেংগলী, বড়ো আৰু মনিপুৰী আমাৰ উত্তৰ-পূৰ্বাঞ্চলত ব্যৱহাৰ কৰা ভাষা। ইয়াৰে তিনিটা মুখ্যত: অসমত প্ৰচলিত আৰু এটা ভাষা মুখ্যত: মনিপুৰত প্ৰচলিত। কিন্তু এই চাৰিটা সংবিধান স্বীকৃত ভাষাৰ কোনোটোৱেই এই সমগ্ৰ অঞ্চলটোত বাস কৰা সকলো জনগোষ্ঠীৰ সৰ্বসাধাৰণ মানুহৰ মাজত সংযোগী ভাষা হৈ উঠাগৈ নাই। ইয়াৰ অৰ্থ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ এক বুজন সংখ্যকে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ২২ টা ভাষাৰ এটাও ভালকৈ নাজানে।

এইটো সমস্যা ভাৰতৰ বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠানসমূহত শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অন্যতম প্ৰধান সমস্যা। উদাহৰণ হিচাপে দিল্লী বিশ্ববিদ্যালয়ত কলা শাখাৰ স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী বা ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদে স্বীকৃতি দিয়া আন এটা ভাষা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হিচাপে পাঠ্যক্ৰমৰ এটা বিষয় হিচাপে পঢ়িব লগা হয়। অন্যথাই Alternative English এটা বিষয় হিচাপে পঢ়িব লাগিব। কিন্তু লক্ষ্যণীয় ভাৱে দিল্লী বিশ্ববিদ্যালয়ত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হিচাপে ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদে স্বীকৃতি দিয়া গোটেইকেইটা ভাষাৰ বিভাগ নাই। আনহাতে সংবিধান স্বীকৃত অসমীয়া আৰু মনিপুৰী ভাষা গোটেই দিল্লী বিশ্ববিদ্যালয়ত মাত্ৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বিভাগতহে পঢ়োৱা হয়। বেংগলী ভাষাৰ বিভাগ দিল্লী বিশ্ববিদ্যালয়ৰ বেছিভাগ কলেজত থকাৰ দৰে অসমীয়া আৰু মনিপুৰী ভাষাৰ বিভাগ প্ৰতিখন কলেজত নাই। ইয়াৰ কাৰণ হিচাপে শিক্ষকৰ অভাৱ বুলি কোৱা হয় যদিও এই ক্ষেত্ৰত শিক্ষকৰ অভাৱতকৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱ যেনেহে লাগে। ফলত হিন্দী বা Alternative English বিষয়টোৱেই বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ স্বত:স্ফূৰ্ত/বাধ্যতামূলক পছন্দ হয়। এই ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰে। কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলোৱে সংবিধান স্বীকৃত অসমীয়া আৰু মনিপুৰী ভাষা নাজানে।

(৪)
ফলত তেওঁলোকে হয় হিন্দী নহয় Alternative English এটা বিষয় হিচাপে পঢ়িব লগা হয়, আৰু লগতে অসম আৰু মনিপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া আৰু মনিপুৰী ভাষা এটা বিষয় হিচাপে পঢ়িব খুজিলে তেওঁলোকে শ্ৰেণীত উপস্থিত থাকিবৰ বাবে নিজৰ কলেজখনৰ পৰা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বিভাগলৈ সদায় বাটকুৰি বাই যাব লগা হয়। দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন কলেজসমূহৰ দূৰত্বলৈ চাই এইদৰে সদায় অহা-যোৱা কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কষ্টসাধ্য হৈ পৰে।

বৈষম্যমূলক আচৰণৰ লগতে এইবোৰ অসুবিধায়ো দিল্লী বিশ্ববিদ্যালয় আদিত পঢ়িবলৈ অহা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্ৰ সংগঠনসমূহে আৰু লগতে সচেতনমহলেও এই কথাবোৰ জৰুৰীভাৱে চিন্তা-চৰ্চা কৰা উচিত বুলি আমি অনুভৱ কৰোঁ।

--**--

লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪ (ম’বাইল : +৯১৯৮৭১০১৮৮৭৪)

1 comment:

  1. ১০০% সত্য কথা- ভাৰতৰ অন্য ৰজ্যত আমাক ভাল চকুৰে নাছায়

    ReplyDelete