পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণৰূপে নিৰক্ষৰতা দূৰীকৰণৰ বাবে সমগ্ৰ দেশতে ৰ'টাৰী ক্লাৱ অৱ ইণ্ডিয়াই আৰম্ভ কৰিছে ৰ'টাৰী ইণ্ডিয়া লিটাৰেচী মিছন। প্ৰথম পৰ্যায়ত দেশৰ ২০০০খন বিদ্যালয়ক আধুনিকীকৰণ কৰি হেপী স্কুল ৰূপে গঢ় দিয়াৰ লক্ষ্য গ্ৰহণ কৰিছে সংস্থাটোৱে। এই বিদ্যালয়সমূহত আধুনিক পুথিভঁৰাল, ই-শিক্ষাৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যকৰ টয়লেট আৰু আকৰ্ষণীয় চৌহদ গঢ়ি তোলা হব। এই মিছন যোগে এক নিযুত গ্ৰন্থ সংগ্ৰহ কৰি বিতৰণ কৰাৰো লক্ষ্য স্থিৰ কৰা হৈছে। শোণিতপুৰত চলিত বৰ্ষত ৬০০০গ্ৰন্থ সংগ্ৰহ কৰি তিনিটা পুথিভঁৰাল স্থাপন, দুটাকৈ শৈক্ষিক কেন্দ্ৰ, দহখন হেপী স্কুল স্থাপনৰ লগতে ৫০০০বেঞ্চ-ডেক্স আৰু ৫০০পানী ফিল্টাৰৰো ব্যৱস্থা কৰা হব বুলিও মিছনৰ সমন্বয়ৰক্ষী দেৱাশিস মিত্ৰই কালি তেজপুৰত এক সংবাদমেলত সদৰী কৰিছে।


২. ৰাভা হাছং পৰিষদৰ উদ্যোহত ৰাভা হাছঙৰ অন্তৰ্গত প্ৰায় ২৫হাজাৰ হিতাধিকাৰীক জুলাই আৰু আগষ্ট মাহৰ ভিতৰত ৬টা ভাগত বিভক্ত কৰি কৃষি, ক্ৰীড়া অথবা উপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী বিতৰণ কৰিবলৈ ওলোৱাৰ সুখবৰ। প্ৰথম পৰ্যায়ত কালি ছটা পৰিষদীয় সমষ্টিত প্ৰায় ৪৫০০ হিতাধিকাৰীক সূতা, দমকল, প্লাষ্টিক চকী, ফুটবল, নেট, কৃষি সঁজুলি, এৰ-মুগা পালনৰ সামগ্ৰী আদি বিতৰণ কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। এই সামগ্ৰী বিতৰণ অনুষ্ঠানত যৌথ সংগ্ৰাম সমিতিৰ অন্তৰ্গত কেইবাটাও সংগঠনৰ নেতৃবৃন্দইও অংশগ্ৰহণ কৰে।

৩. কামৰূপ জিলাৰ বোৰ্কাত কালি ষাঠি গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয়। সমাজৰ দ্বাৰা অৱহেলিত একাংশ দৰিদ্ৰ কৃষকক উ
সাহিত কৰা লক্ষ্যৰেই প্ৰতিবছৰৰ দৰে এইবাৰো উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতিয়ে ষাঠিগৰাকী কৃষকক ফুলাম জাপি, মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা প্ৰদান কৰে।

৪. মৰিয়নিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনু্ষ্ঠান "কিংশুক"ৰ উদ্যোগত গণশিল্পী খগেন মহন্তলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা ৮-১৫ জুলাইলৈ সংগীতৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীতৰ লগতে খগেন মহন্তদেৱৰো গীতৰো প্ৰশিক্ষণ দিয়া হব। বিনামূলীয়াকৈ আয়োজিত কৰ্মশালাখনৰ শেষত খগেন মহন্ত সোঁৱৰণী এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰাৰ সুখবৰ। অংশ লবৰ বাবে আগ্ৰহী সকলে ৯৪৩৫২-০৩৮৫২ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৫. সদৌ অসম চুতীয়া যুৱ সন্মিলনৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত কালি তৈলনগৰী ডিগবৈত চাৰি হাজাৰ গছ পুলি ৰোপনৰ এক প্ৰশংসনীয় কাৰ্যসূচী ৰূপায়ন কৰাৰ সুখবৰ পোৱা গৈছে।

৬. তিৱা স্বাধিকাৰ সংগ্ৰামৰ পুৰোধা ব্যক্তি প্ৰয়াত ইন্দ্ৰছিং দেউৰীৰ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে "ইন্দ্ৰছিং দেউৰী বঁটা"ৰ প্ৰৱৰ্তন কৰিছে তিৱা স্বায়ত্তশাসিত পৰিষদে । ১৮৫গৰাকী মেট্ৰিক আৰু ৭৬গৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ দহ হাজাৰ টকাকৈ জলপানিৰ এই বঁটা অহা ৮জুলাইত প্ৰদান কৰা হব।

৭. মেডিকেল কাউণ্সিল অৱ ইণ্ডিয়াই বৰপেটা চিকি
সা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। মেডিকেল কাউন্সিলৰ প্ৰতিবেদনৰ ভিত্তিত আন্তঃগাঁথনি, শৈক্ষিক পৰিবেশ, চিকিসাৰ মানলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে ২০১৪-১৫বৰ্ষৰ বাবে নামভৰ্তিৰ বাবে অনুমতি প্ৰদান কৰাৰ সুখবৰ প্ৰকাশ পাইছে।

৮. সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই দীৰ্ঘদিন ধৰি জনাই অহা দাবী মানি লৈ অসম চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিক পট্টা দিব বুলি  ঘোষণা কৰিছে। এই সুখবৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে সিদ্ধান্তক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে আদৰণি জনাইছে।

৯. আজিৰে পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হৈছে। ১৪ আগষ্টলৈকে চলিব লগা বাজেট অধিবেশন মুঠ ৩৯ দিন চলিব। কাইলৈ ৰেল বাজেট উত্থাপিত হব আৰু অহা ১০জুলাইত সাধাৰণ বাজেট উত্থাপন কৰা হব বুলি সংসদীয় পৰিক্ৰমা দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰিছে। ইফালে কংগ্ৰেছ দলক বিৰোধী দলপতিৰ আসনখন দিয়া হবনে নহব তাকে লৈ সৃষ্টি হোৱা বিতৰ্কত লোকসভাৰ অধ্যক্ষাই সঠিক সিদ্ধান্ত লৈ বিষয়টোৰ ওৰ পেলাব বুলিও খবৰ প্ৰকাশ পাইছে।

১০. ডিমৌ সমীপৰ ধেমেচী হাইস্কুলত কালিৰে দুদিনীয়াকৈ দুই শতাধিক প্ৰশিক্ষাৰ্থীক লৈ আৰম্ভ হৈছে ৰং তালিকাৰ এক উ
সৱৰ। পথালিবাম কুসুম কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত চিত্ৰ-ভাস্কৰ্যৰ কৰ্মশালাখত প্ৰশিক্ষণ প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰবীন ব'ৰ আৰু সহশিল্পী সূৰষ পণ্ডিতৰ সৈতে অহা পাঁচজনীয়া চিত্ৰশিল্পীৰ দলটোৱে।

১১. বিষ্ণুৰাভাৰ সপোনক বাস্তৱ ৰূপ দিলে পুত্ৰ হেমৰাজ ৰাভাই। আৰগ' অডিঅ' প্ৰডাকচন নামেৰে এটা সংস্থা গঢ় দি নিজা বাসগৃহতে শ্ৰব্য কেছেট নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে কলাগুৰুৰ কেইবাটাও যুগজয়ী গীত বাংলা ভাষালৈ অনুবাদ কৰি "লগ্ন" নামৰ এটি কেছেটো নিৰ্মাণ কৰিছে। কালি কলাগুৰুৰ সমাধিক্ষেত্ৰত এই প্ৰডাকচনৰ নতুন নিবেদন হেমৰাজ ৰাভাৰ কথা-সুৰ-সংগীতেৰে "জুপি" নামৰ শ্ৰব্য চিডি উন্মোচিত হয়। চন্দ্ৰামিতা ভাগৱতীৰ একক কণ্ঠত বাণীবদ্ধ হোৱা শ্ৰব্য সঁফুৰাখন মুকলি কৰিলে কলাগুৰু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পূণ্যব্ৰত দেৱগোস্বামীয়ে।

১২. অসমীয়া সাহিত্য সন্মিনলনীৰ অনাগত ৰাজ্যিক অধিবেশনখনি অহা ২০১৫বৰ্ষৰ ৮-১১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচাৰে তেজপুৰৰ জয়মতী পথাৰৰ ৰূপকোঁৱক-কলাগুৰু-নটসূৰ্য ক্ষেত্ৰত অনু্ষ্ঠিত হব। কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদে এই উদ্দেশ্যে এখন অভ্যৰ্থনা সমিতিও গঠন কৰি দি তেজপুৰবাসীৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

No comments:

Post a Comment