পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভ্ৰাম্যমাণ নাট্যজগতৰ মহীৰূহ স্বৰূপ ৰতন লহকলৈ চলিত বৰ্ষৰ নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ বঁটা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা আগবঢ়োৱা হৈছে। অহা ৬-৭ ছেপ্তেম্বৰত দুদিনীয়াকৈ নগাঁও প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে বুলিও সাৰদাকান্ত বৰদলৈ আৰু চন্দ্ৰ ফুকন স্মৃতিৰক্ষা সমিতিয়ে সদৰী কৰিছে।

২. কামৰূপ জিলাৰ ছয়গাঁৱৰ মিউজিক একাডেমীৰ উদ্যোগত অহা ৩আগষ্টত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন চলিছে। ছয়গাঁও নাট্য মন্দিৰত হব লগা প্ৰতিযোগিতাত শ্ৰেষ্ঠজনক ২০হাজাৰ নগদ ধনৰ পুৰস্কাৰকে ধৰি মুঠ ৪৭হাজাৰ টকাৰ প্ৰাইজমানী আয়োজকে ঘোষণা কৰিছে। যোগাযোগৰ বাবে ৯৫৭৭৭-৯১৯৭৬ নম্বৰত খবৰ কৰিব পাৰিব।

৩. মুছলপুৰৰ ছাত্ৰনেতা মনোজ দাসৰ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী তুলিলে অগপই। ৰাজনৈতিক হত্যাত নিৰপেক্ষতাৰ বাবেই চিবিআইৰ দ্বাৰা তদন্ত কৰোৱাৰ পোষকতা কৰি দলটোৰ মুখপাত্ৰ লাচিত বৰদলৈয়ে নিহতজনৰ পৰিয়ালকো দেখা কৰি আগন্তুক বিধান সভাতো বিষয়টো উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।


৪. বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "গীত"য়ে জয়ন্ত হাজৰিকাৰ কালজয়ী গীত সমূহক নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে আয়োজন কৰিছে গীত সমূহৰ এক প্ৰশিক্ষণ কৰ্মশালাৰ। এই কৰ্মশালাত ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষম গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে।

৫. ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৌজন্যত সোণাপুৰ মহাবিদ্যালয় উদ্যোগত যোৱা ২৬-২৭জুলাইত ভূপেন্দ্ৰ সংগীতৰ এখন মনোৰম কৰ্মশালা অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি ৰূপে মনীষা হাজৰিকা, নন্দ বেনাৰ্জী, আলোক্ষ চক্ৰৱৰ্তী, বিপুল বৰুৱা আদিয়ে অংশ লৈ ভূপেনদাৰ গীত সমূহ নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়।

৬. গ্লাছগোত চলি থকা কমনৱেলথ গেমচত ভাৰত্তোলন, শ্বুটিং, মল্লযুঁজ আদি শিতানত উজ্জীৱিত প্ৰদৰ্শনেৰে ১০টা সোণ, ১৬টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক ভাৰতীয় দলে অৰ্জন কৰিবলৈ সক্ষম হৈছে। পদকৰ তালিকাত এতিয়া ষষ্ঠা স্থান দখল কৰি আছে ভাৰতে।

৭. অসম ফুটবল সংস্থাৰ তত্বাৱধানত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা আৰু ঘিলামৰা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত ৫১সংখ্যক সন্তোষ লহকৰ ট্ৰফী ১৬বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতাখনিত আজি  ফাইনেলত নাজিৰা দলে গোসাইগাঁও দলক তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব। ঢকুৱাখনা ৰাজহৱা খেলপথাৰত এই ফাইনেল খেল অনুষ্ঠিত হব।

৮. ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ উদ্যোগত কালি দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতি ৰাজ্যলৈ খ্যাতি কঢ়িয়াই অনা খেলুৱৈ তথা ক্ৰীড়া সন্থালৈ আৰ্থিক অনুদান বিতৰণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী ৫খেলুৱৈক ১লাখ ২৫হাজাৰ, ৰূপৰ পদক বিজয়ী চাৰি গৰাকীক ১লাখ আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ৯৫হাজাৰকৈ অনুদান দিয়া হয়। আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৪খেলুৱৈ আৰু ৰাজ্যৰ ২৫টা ক্ৰীড়া সংগঠনলৈ  ৫০ হাজাৰকৈ টকাৰ অনুদান বিতৰণ কৰাৰ সুখবৰ। লগতে উন্মোচন কৰা হয় উপদেষ্টা পৰিষদৰ নতুন বেৱচাইটৰো। চৰকাৰী চাকৰিত খেলুৱৈৰ বাবে সংৰক্ষণৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে।

৯. বিগত ২২বছৰৰ দৰে ডিব্ৰুগড়ৰ নাট্য সংগঠন "চয়নিকা"ই আয়োজন কৰিছে নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ। ৩১জুলাইৰ পৰা ২ আগষ্টলৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হব লগা নাট সমাৰোহ আজি উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁইয়ে। এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিহা কৰা বুলি আয়োজকে সদৰী কৰিছে।

১০. যোৰহাট জিলা সাহিত্য সভাই ২০১৪বৰ্ষৰ বাবে কৰঙাৰ নীলিমা দত্তই আগবঢ়োৱা ডাঃ নগেন দত্ত স্মাৰক বঁটা বাবে বিশিষ্ট লেখক তথা চিকিৎসক কুশল কুমাৰ শইকীয়াৰ নাম মনোনীত কৰিছে। কাব্যশ্ৰী হাজৰিকা স্মাৰক বঁটা গীতিকাৰ নুৰুল হকলৈ আগবঢ়োৱা হৈছে।  লগতে ধঁপাত নিয়ন্ত্ৰণৰ বাবে জনজাগৰণৰ সৃষ্টি কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ বাবে ডাঃ ভক্তিময় ভট্টাচাৰ্যক সস্মবৰ্ধনা জনাবলৈকো জিলা সাহিত্য সভাই সিদ্ধান্ত লোৱাৰ সুখবৰ পোৱা গৈছে।

১১. গুৱাহাটীত উন্মোচিত হ'ল প্ৰয়াত চিত্ৰ নিৰ্মাতা সুৰেশ চন্দ্ৰ গোস্বামীৰ "শংকৰী নাট্য-নৃত্য কলা" শীৰ্ষক গ্ৰন্থৰ পুনৰ প্ৰকাশ। লক্ষ্মীৰাম বৰুৱা সদনত হোৱা এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰিলে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে।

১২. নাজিৰা প্ৰেছ ক্লাৱে চলাইছে ৰূপালী জয়ন্তীৰ প্ৰস্তুতি। প্ৰয়াত সংবাদিকা পৰ্বনাথ শৰ্মা, নীল বৰগোহাঁইৰ স্মাৰক বক্তৃতা, প্ৰফুল্ল চন্দ্ৰ দত্তৰ সোঁৱৰণীত সাংস্কৃতিক সাংবাদিকতাৰ বঁটা, কৃষ্ণ খাটনিয়াৰৰ স্মৃতিত ক্ৰীড়া সাংবাদিকতাৰ বঁটা আৰু ইনামূল মুজিদ খানৰ সোঁৱৰণীত অনুসন্ধানমূলক বাতৰিৰ বাবে বঁটা প্ৰৱৰ্তনৰ বাবেও ক্লাৱে চেষ্টা চলোৱাৰ সুখবৰ প্ৰকাশ পাইছে।

১৩. দেশৰ স্থল সেনাৰ মুৰব্বী ৰূপে আজি দ্বায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল দলবীৰ সিং সুহাগে। তেখেতে দেশৰ ১.৩ নিযুত সেনাক নেতৃত্ব দিব।

১৪. চীনৰ চাৰিশতকৈ অধিক চহৰত ২০০০খন ৰূপালী পৰ্দাত একেলগে মুক্তি লাভ কৰিছে আমিৰ খান অভিনীত "ধুম-৩"য়ে।  ছবিখনক চাইনীজ দৰ্শকে আদৰি লোৱাৰ সুখবৰৰ লগতে ই দেশৰ টপ-টেনতো স্থান পোৱাৰ খবৰ প্ৰকাশিত হৈছে।

১৫. ভাৰতত ক'লা ধন আহৰণ কৰা সকলক ৰেহাই দিয়া নহব বুলি ঘোষণা কৰিছে দেশৰ বিত্ত মন্ত্ৰীয়ে। টেক্স ফাঁকি দিয়া সকলৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দি প্ৰচলিত ব্যৱস্থাৰ কিছু সালসলনিৰ বাবে পদক্ষেপ লব বুলি সদৰী কৰিছে।

No comments:

Post a Comment