পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশিষ্ট চিন্তাবিদ, জাতীয়তাবাদী সাংবাদিক, লেখক প্ৰয়াত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতি ৰক্ষা সমিতিখন কালি গঠন হোৱাৰ সুখবৰ পোৱা গৈছে । এই সমিতিৰ উদ্যোগতে অহা ১৮ ডিচেম্বৰত প্ৰথম মৃত্যু বাৰ্ষিকীত আয়োজিত হৈছে যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক বক্তৃতাৰ। "অসমীয়া জাতিঃ সমন্বয় আৰু সমস্যা" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব ডঃ লক্ষ্মীনাথ তামুলীয়ে। উক্ত দিনাই এখন স্মাৰক গ্ৰন্থও উন্মোচন কৰা হব বুলিও জানিব পৰা গৈছে।
 
কাৰ্গিল যুদ্ধৰ পোন্ধৰ বছৰ সম্পূৰ্ণ হোৱা
উপলক্ষে আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে শ্বহীদ
সকললৈ জনালে শ্ৰদ্ধাঞ্জলি

২. জিঅ' টিউবেৰে মাতমৰাত মাথাউৰি নিৰ্মাণৰ চাৰি বছৰৰ পাছত অৱশেষত ক্ষতিপূৰণ পাব অধিগ্ৰহণ কৰা মাটিৰ ৩৫০টা পৰিয়ালে। কমিছনৰ অংক নিমিলাৰ বাবেই অনুমোদিত ৯.৫০কোটি টকা মুকলি কৰি নিদিয়াৰ বিষয়টো সংবাদ মাধ্যমে সজোৰে উত্তাথন কৰাৰ পাছত কালি বিত্ত বিভাগ আৰু ৰাজহ বিভাগৰ সচিবে এই ক্ষতিপূৰণ মুকলি কৰি দিবলৈ সন্মতি প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে।

৩. বিগত ৭বছৰত পৰিকল্পনা আয়োগৰ পৰা লাভ কৰা ১৪হাজাৰ কোটি টকা ব্যয় নোহোৱাকৈ থকাৰ বিষয়টোত এতিয়া তৎপৰতা প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰীৰ দ্বায়িত্বত থকা অসম চৰকাৰৰ বিত্ত বিভাগে। প্ৰতি তিনিমাহৰ মূৰে মূৰে কেন্দ্ৰীয় পুঁজিৰ খতিয়ান দিবলৈ বিভাগ সমূহলৈকো জাৰি কৰা হৈছে নিৰ্দেশনা।

৪. বিধান সভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱা লক্ষ্যৰে কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত ৰাজ্যৰ ৩১টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত কৰিলে ৰাজ্যিক বিজেপিয়ে। এই সভাত সকলো সংগঠনেই বৃহৎ নদী-বান্ধৰ কৰিলে বিৰোধিতা। জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলাবই বুলিও সোনোৱাল ডাঙৰীয়াই কৰিলে সদৰী।

৫. ৰাজ্য সভাত বগীবিল দলঙ নিৰ্মাণৰ খতিয়ান দাঙি ধৰিলে ৰে'লৱেৰ ৰাজ্যিক মন্ত্ৰী মনোজ সিন্হাই। প্ৰকল্প ব্যয় ৪৯৯৬কোটি টকালৈ বৃদ্ধি হোৱাৰ কথা প্ৰকাশ কৰি এতিয়া ছটা খুঁটা নিৰ্মাণৰ কাম বাকী থকাৰ কথাও সদৰী কৰে। নিৰ্মাণ লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰি সদনক এই দলং অহা ২০১৭চনতহে সম্পূৰ্ণ হৈ উঠিব বুলিও অৱগত কৰে।

৬. সদ্য ঘোষিত ২০১৪চনৰ মেট্ৰিকত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থী গৰাকীৰ বিদ্যালয় নাজিৰা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল বৰচেতিয়ালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ আদ্যনাথ ডেকা সোঁৱৰণী শ্ৰেষ্ঠ শিক্ষক বঁটা। শিক্ষক দিৱসতে এই বঁটা তেখেতক প্ৰদান কৰা হব বুলি আদৰ্শ শিক্ষক, সমাজকৰ্মী প্ৰয়াত আদ্যনাথ ডেকা সোঁৱৰণী শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদান সমিতিয়ে প্ৰকাশ কৰিছে।

৭. মৃত্যঞ্জয় ১০৮ সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। কালি জাৰি কৰা এক নিৰ্দেশ যোগে এই সেৱাৰ কোনো কৰ্মচাৰীয়ে ধৰ্মঘটকে ধৰি কোনো প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে স্পষ্ট কৰি দিছে।

৮. কেন্দ্ৰীয় চৰকাৰে অসমৰ সংখ্যালঘু সকলৰ উন্নয়নৰ বাবে বহুমুখী আঁচনি গ্ৰহণ কৰাৰ বাবে ৫২৫.২৬কোটি টকাৰ প্ৰকল্প হাতত লবলৈ ৰাজ্য চৰকাৰক এক পত্ৰ যোগে অনুৰোধ জনাইছে। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সঠিক ৰূপায়ণৰ বাবে শিক্ষা, স্বাস্থ্য আদিকো সামৰি বহুমুখী প্ৰকল্পৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ সংখ্যালঘু পৰিকল্পনা মন্ত্ৰী ডাঃ নজৰুল ইছলামক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ সুখবৰ।

৯. অসমৰ বিভিন্ন জিলাত দীৰ্ঘদিন ধৰি পৰি ৰোৱা গোচৰ আৰু ভেৰিফিকেচন সমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবে চাৰিশ বিশষ কাৰিকৰী উপদেষ্টা অসম আৰক্ষীত অস্থায়ীভাৱে নিযুক্তি দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়াৰ সুখবৰো প্ৰকাশিত হৈছে।

১০. উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ে আয়োজন কৰা প্ৰযোজনা ভিত্তিক নাট কৰ্মশালা ৭০গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সফল সামৰণি পৰিছি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অবিনাশ পাণ্ডেকে ধৰি সমল ব্যক্তিয়ে দিয়া প্ৰশিক্ষণৰ অন্তত ২১ আৰু ২২জুলাইত প্ৰশিক্ষাৰ্থী সকলে মঞ্চস্থ কৰে ডঃ চন্দ্ৰধৰ চমুৱাৰ "তমসাতীৰৰ ভূত" আৰু হিৰণ্য সভাপণ্ডিতৰ "মৃত্যুঞ্জয়" নামৰ নাটক দুখনিও।

১১. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লিনিকেল চাইক'লজি বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ডাঃ মৈথেলী হাজৰিকাৰই আমেৰিকাৰ ইউনিৰ্ভাছিটী অৱ ফ্লৰিডাৰ পৰা ছমাহৰ বাবে পোষ্ট ডক্টৰেল ফেল'শ্বিপ লাভ কৰিছে। তেখেতে তাত হেলথ' এণ্ড ছ'চিয়েল ছায়েঞ্চৰ ইপিডেমিঅ'ল'জিকেল ৰিৰ্ছাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব আৰু তাৰ পাছতো দহ বছৰৰ বাবে এই ফেল'শ্বিপৰ সৈতে তেখেত জড়িত হৈ থাকিব বুলি সুসংবাদ প্ৰকাশ পাইছে। 

১২. গ্লাছগোত চলি থকা ২০তম কমনৱেলথ প্ৰতিযোগিতাত শ্বুটিংত  স্বৰ্ণ পদক জয় কৰিলে অভিনৱ বিন্দ্ৰাইও। ৭টা পদকেৰে সৈতে এতিয়া ভাৰতীয় দল জিলিকিছে প্ৰতিযোগিতাখনত।

১৩. কাইলৈৰ পৰা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হব চোহনলাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাখনি। অগ্ৰণী প্ৰতিযোগিতাখনত উত্তৰ-পূৱৰ মুঠ ১৪টাকৈ বাচক-বনিয়া দলে অংশগ্ৰহণ কৰিব। তিনি হাজাৰ টিকট বিক্ৰীৰ বাবে মুকলি দিয়া হৈছে বুলি ক্ৰীড়া সন্থাই প্ৰকাশ কৰিছে। ফাইনেল খেল অহা ১০ আগষ্টত।

১৪. অসমত ক্ৰিকেটৰ মান উন্নত কৰাৰ বাবে ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সকলক কাৰিকৰী পৰামৰ্শৰে উপকৃত কৰিবলৈ অসম ক্ৰিকেট সন্থাই গঠন কৰিলে "টেকনিকেল এডভাইজৰী কমিটী"। মুখ্য পৰামৰ্শদাতা ৰূপে নিলয় দত্তৰ নাম স্থিৰ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন শাখাৰ দল সমূহৰ বাবেও প্ৰশিক্ষক সকলৰ নিযুক্তি কালি সন্থাৰ সভাত নিশ্চিত কৰা হৈছে।

১৫. বৰপেটাত অনুষ্ঠিত হোৱা ১৮তম গোবিন্দৰাম মৌৰ আৰু বাৰানসী দেৱী ছিনিয়ৰ আন্তঃজিলা মহিলা ফুটবল প্ৰতিযোগিতাত কালি পেনাল্টি শ্বুট আউটত কোকৰাঝাৰক পৰাজিত কৰি যোৰহাট দলে চেম্পিয়নশ্বিপ অৰ্জন কৰাৰ সুখবৰ।

No comments:

Post a Comment