পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত উদ্ভাৱন কৰা আঘোণী বৰা নামৰ ধানৰ প্ৰজাতিটোৱে প্ৰতি হেক্টৰত ৪-৫টন ধান উ
পাদন কৰিবলৈ সক্ষম বুলি তথ্য প্ৰকাশ পাইছে। বিশেষ আঠাযুক্ত গুণৰ বাবে বিস্কুটৰ উপৰিও কাপোৰৰ মাৰ নিৰ্মাণ, প্ৰসাধন সামগ্ৰী, বেটেৰী নিৰ্মাণ আদিৰ উপকৰণ হিচাবে এইবিধ চাউলক বিদেশলৈ ৰপ্তানি কৰিবলৈ আগবাঢ়ি আহিছে দিল্লীৰ এল পি ফুডছ নামৰ ব্যৱসায়িক সংস্থা।  অসমৰ খেতিয়ক সকলক ইয়াৰ উপাদনৰ বাবে সংস্থাটোৱে প্ৰস্তাৱ আগবঢ়াইছে আৰু সকলো ঠিকে থাকিলে অহা বছৰৰ পৰা আঘোণী বৰা ধান আমেৰিকাৰ দৰে বিভিন্ন উন্নত দেশলৈ ৰপ্তানি  কৰা হব বুলি সুখবৰ জানিব পৰা গৈছে।

২. ঢকুৱাখনাৰ পৰা সোণাৰি চাপৰি হৈ মাজুলীৰ জেংৰাইমুখ সংযোগী পথৰ ভাটি জালভাৰীত কঢ়া নদীৰ ওপৰত পকা দলঙৰ আধাৰশিলা স্থাপন কৰিলে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই। ৬.৫৪কোটি টকাৰ এই দলঙখন সম্পূৰ্ণ হ'লেই এই বাটচোৱাৰে মাজুলীলৈ যাবলৈ সুচল হৈ পৰিব আৰু ২০১৬চনত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব। ইয়াৰ পাছতে তেখেতে ঢকুৱাখনা-মাছখোৱা সংযোগী পথৰো মেৰামতিৰ বাবে ১কোটি ১৯লাখ টকাৰে আৰম্ভ কৰা কামৰো আধাৰশিলা স্থাপন কৰাত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

৩. ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থ সাহাৰ্যত তথা পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত স্থাপিত এটি বায়'টেক হাবৰ কালি হ'ল মুকলি ।  মুকলি কৰিলে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱেন্দ্ৰ নাথ শৰ্মাই। এই গৱেষণাগাৰে শিক্ষাৰ্থী তথা গৱেষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

৪. ভিন্নসুৰী আলোচনী "দিগদৰ্শন"এ অহা জুলাই মাহত একাদশ বৰ্ষ সম্পূৰ্ণ কৰিব। এই সফলতাৰে আয়োজিত বৰ্ষপুতি অনুষ্ঠানত অহা ২৭জুলাইত ২০১৪বৰ্ষৰ কাব্যশ্ৰী হাজৰিকা সোঁৱৰণী দিগদৰ্শন বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে। এই বঁটাৰ বাবে বিশিষ্ট কবি, নাট্যকাৰ তথা শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাক-প্ৰাথমিকৰ প্ৰধান শিক্ষয়িত্ৰী জ্যো
স্নাৰাণী মহন্তৰ নাম নিৰ্বাচিত কৰা হৈছে।

৫. খাদ্য-দ্ৰব্যৰ ব্যৱসায়ৰ বাবে অসমৰ ব্যৱসায়ী সকলে অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন যোগে পঞ্জীয়নৰ আবেদন কৰিব পৰাৰ ব্যৱস্থা আৰম্ভ হোৱাৰ সুখবৰ। দেশৰ ভিতৰতে এই ব্যৱস্থা অনলাইন কৰাৰ ক্ষেত্ৰত অসম ২২সংখ্যক ৰাজ্য বুলি প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ভেজাল আৰু অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰাসকললৈ কঠোৰ শাস্তিৰ ব্যৱস্থালৈকো তেখেতে আঙুলিয়াই দি খাদ্যৰ মান নিশ্চিতকৰণৰ বাবে বিষয়াসকলক আহ্বান জনায়।

৬.
কালি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হ'ল কাৰাৰুদ্ধ কবি প্ৰদীপ কাকতিৰ কবিতা সংকলন "গুঞ্জন"ৰ। সহজ সৰল ভাষাত লিখা কবিতাবোৰৰ যোগেদি কাৰাবৰণ কৰা কবিগৰাকীৰ মনৰ জগতখন উন্মোচিত হৈছে। এই কবিতাপুথিখন উন্মোচন কৰিলে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই।

৭. ব্ৰহ্মপুত্ৰ নদীৰ বানৰ সম্ভাৱনাৰ তথ্য আগতীয়াকৈ লাভ কৰাকে ধৰি তিনিখনকৈ চুক্তি স্বাক্ষৰিত হ'ল ভাৰত আৰু চীনৰ মাজত। ভাৰতীয় উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰিৰ ভ্ৰমণ কালতে এই চুক্তিসমূহ স্বাক্ষৰ হোৱাৰ খবৰ।  বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমনো এই দলটোৰ সদস্য ৰূপে চীন ভ্ৰমণত অংশ লৈছে আৰু লগতে ভাৰতত চীনৰ ঔদ্যোগিক পাৰ্ক স্থাপনৰ বাবেও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰো খবৰ আহিছে।

৮. অহা ২২ আগষ্টৰ পৰা ২৫আগষ্টলৈ তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰত অনুষ্ঠিত হব বিশিষ্ট নাট্যশিল্পী দেৱেন শৰ্মাৰ সোঁৱৰণত এক নাট সমাৰোহৰ। ভাৰতীয় লোক সংস্কৃতি গৱেষণা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হব লগা নাট সমাৰোহখনে অসমৰ অপেছাদাৰী নাট্য আন্দোলনলৈ এক শুভবাৰ্তাহে যেন কঢ়িয়াই আনিলে। কালি এই উপলক্ষে বাণ থিয়েটাৰত ৫খনকৈ নতুন নাটকৰ শুভ মহুৰত সম্পন্ন কৰাৰো সুখবৰ পোৱা গৈছে।

৯. সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত যোগীঘোপাস্থিত অশোক কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত অনুষ্ঠিত হ'ল নাগৰিক সভা। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে এই কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰা হব বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনালে আছুৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে।

১০. অসম উৰণ সংঘ আৰু কলেজ অৱ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰতিনিধি দলে ড'নাৰ মন্ত্ৰী ভি কে সিঙৰ সৈতে এক বৈঠকত মিলিত হৈ উত্তৰ-পূৱত বিমান পৰিবহন সেৱা ও এই ক্ষেত্ৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত থকা অসুবিধাবোৰ দূৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে। ড'নাৰৰ অধীনত উত্তৰ-পূৱৰ বাবে বিশেষ বিমান সেৱা সংস্থা গঢ়া, উৰণ সংঘত প্ৰশিক্ষণৰ বাবে তিনিখন বিমানৰ ব্যৱস্থা কৰা, বিমান বন্দৰ সমূহ কাৰ্যক্ষম কৰা আদি বিষয় প্ৰতিনিধি দলটোৱে মন্ত্ৰীজনক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

১১. আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত জ্যোতি সংগীতৰ সুৰ চানেকি পুথি আৰু শ্ৰব্য সংকলন "অগ্নিসুৰ"ৰ দ্বিতীয় খণ্ড উন্মোচিত হব। জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগতে এই প্ৰশংসনীয় কাম কেইটি সম্পন্ন হৈছ।

১২.
অসমৰ গঁড় হত্যাৰ ঘটনাত উদ্বিগ্ন কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে অচিৰেই কাজিৰঙা ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক সমস্যাৰ বুজ লব বুলি প্ৰকাশ পাইছে সুখবৰ।
 
১৩. অসমৰ বিসম্বাদ সন্দৰ্ভত কংগ্ৰেছ হাইকামাণ্ডক প্ৰতিবেদন দাখিল কৰিলে পৰ্যবেক্ষক ৰূপে অহা নেতা মল্লিকাৰ্জুন খৰ্গেই । পিছে অ.আই.চি.চিৰ নেতৃত্ব সলনি নোহোৱালৈ অসমতো নেতৃত্ব পৰিবৰ্তন সন্দৰ্ভত কোনো আশা নাই বুলিও সূত্ৰত প্ৰকাশ। অহা ৫জুলাইৰ ভিতৰত ছোনিয়া গান্ধীয়ে এই বিষয়ত সিদ্ধান্ত লব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে সংবাদ মাধ্যমে।

১৪. অভাৱনীয় বানপানীৰ পাছত গুৱাহাটী মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে কালি ভৰলু, শিলসাঁকো বিলত চলিল উচ্ছেদ অভিযান, আজি বশিষ্ঠ নৈত এই অভিযান চলিব বুলি সূত্ৰত প্ৰকাশ। অহা ১৫দিনৰ ভিতৰতে ভৰলু বেদখলমুক্ত কৰাৰ লগতে জলপ্ৰৱাহত বাধাৰ সৃষ্টি কৰা দলং, চৰকৰী গৃহ পৰ্যন্ত ভাঙি দিয়া হব বুলি প্ৰকাশ কৰিলে জ্যোষ্ঠ প্ৰশাসনিক বিষয়া প্ৰতীক হাজেলাই। ইফালে কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত প্ৰশিক্ষণৰ বাবে মৌছুৰীলৈ যোৱাত এম অংগমুথুক ভাৰপ্ৰাপ্ত উপায়ুক্তৰ ৰূপে দ্বায়িত্ব অৰ্পণ কৰা হৈছে।

১৫. অহা ২০১৫চনৰ মাৰ্চ মাহৰ পৰাই গেছ ক্ৰেকাৰ প্ৰকল্পত উ
পাদন আৰম্ভ হব বুলি প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লৈ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। লগতে বগীবিল প্ৰকল্পৰ বাবে পুঁজিৰ কোনো অভাৱ হোৱা নাই ঘোষণা কৰি দলঙখনে ২০১৭চন পৰ্যন্ত মুকলি কৰিব পৰা যাব বুলিও কৰিলে আশা প্ৰকাশ।

No comments:

Post a Comment