Sunday, July 27, 2014

মিছা ক'লে কি ডাল হব! (হাস্য ব্যংগ)


গেধা হ'লেও মেধা আছে!
ৰাতি হ'লেই ভয়েই লাগে, এনকেফেলাইটিছৰ প্ৰচাৰক সকলে কৰ্মবিৰতি নলয়েই নহয়, কোঁ-কোৱাই আহেই। "গুড নাইট" লগাবলৈকো বিজুলী বাইৰ সঘন লুকা-ভাকু। সেয়ে গেলা গৰমত ইলেকচনত দিয়া আঠুৱাখনৰ ভিতৰতে নিৰাপদ আশ্ৰয় লোৱাৰ পাছতহে কিবা দেশ দহৰ কথা ভাবিব পাৰি। 

দৈনিক "সন্ধিয়া সাত" নামৰ বাতৰি নামধাৰী চাঞ্চল্যকৰ চিৰিয়েলখন চাবলৈ নাপালে আমাৰ আইৰ আকৌ ল'প্ৰেছাৰটোৰ প্ৰব্লেমটোৱে দেখা দিয়ে। সেয়ে বেটেৰী লগাই হ'লেও ঔষধ বুলি আইক সেইটো দেখুৱাটো আমাৰ ঘৰৰ নিয়মেই। বাকী বোৰ প্ৰগ্ৰাম আমি হ'লে বেটেৰীত নাচাও দেই! প্ৰয়োজনেই বা কি? লাইট গ'ল বুলিলেই সন্ধিয়াতে অ' হৰি অ' ৰাম কৰি সপোনৰ দুনীয়াত বিনামূলীয়া ফিল্ম চাবলৈ যাও! সপোনবোৰ মাতৃভাষাত দেখাৰ পৰা বৰ সুবিধা বুইছে, অসমীয়া চিনেমা চাবলৈ নোপোৱাৰ অভাৱটোকে পূৰা কৰি দিয়ে আৰু!

পিছে পৰহি সন্ধিয়া আকৌ আমাৰ ভাগ্য ভাল আছিল। গেলা গৰমত আঠুৱাৰ ভিতৰত তামোলৰ ঢকুৱাখনেৰে দুবিচমান লবলৈ লওতেই সাউতকৈ বিজুলী বাই আহি হাজিৰ। বোলো, আজি দেখোন ওলোটা কথাহে, আঠ বজাৰ পৰা টিভিটোকে খুলি চাওচোন বুলি বহিলো। টিভিত দেখিলো সেই দিনে-ৰাতি৩৬৫ চেনেলত একদম গৰমতো কোটচোলা পিন্ধি তুলতুলীয়া তালুকদাৰে আলোচনা-বিলোচনা চলাই আছে। (ষ্টুডিঅ'ত বাতানুকূল থাকে হব পায়, হয়তোন, নাথাকিলে কেনেকৈ হব, নিজৰ পৰিবেশ অনুকূল নোহোৱাকৈ কোনেনো দেশৰ দহৰ কথা চিন্তা কৰি থাকিব পাৰিবহে!.....আমাৰ ইয়াত যিমান গৰম সিমান গৰমত কোট চোলা পিন্ধা আৰু নৈত গাধোৱা একেই হব!)



তুলতুলীয়া দাই নিমজকৈ চহোৱা গাল দুখনত হাত ৰাখি দেশৰ দহৰ বাবে চিন্তা প্ৰকট কৰে, কিবা এটা দেখিয়েই ভাল লাগি যায়। আমিহে একো চিন্তা নকৰাকৈ ফুট গধূলিতে বিচনী মাৰি আঠুৱা তলত সোমোৱাৰ কথা ভাবি, কিবা জীৱনটোকেই নিৰৰ্থক লাগি যায়হে! জীয়াই থকাৰ প্ৰেৰণা বুইছে, যেনেকৈ আইৰ বাবে সন্ধিয়া সাত, প্ৰেছাৰটো অলপ হাই কৰি দিয়াৰ মহৌষধ! তালুকদাৰদাৰ বাণীকন আমাৰদৰে সমাজৰ বাবে আতুৰ মানুহৰ বাবে তৃষ্ণা নিবাৰণ কৰা পানীকণৰ দৰেই আৰু!

সিদিনা তালুকাদৰ দাই ভাল কথা এটা লৈ ৰাইজক সোধপোচ কৰি আছিল। বোলে, এম এল এ, এম এল এ খেলখনলৈ আৰু ১৬মাহ বাকী। দহমাহত মানুহে গৰ্ভৱতী কৰিও হাতে হাতে ফল পায়, ১৬মাহ তাকৰ সময়নে! এতিয়া কিবা এটা কৰিলেও চৰকাৰখন ঘূৰি অহাৰ চাঞ্চ আছে... চাঞ্চ মানে সম্ভাৱনা পূৰা মাত্ৰাই আছে! (পিছে হাতোৰা পাৰ্টিৰ ডকাইত মখাই পদে পদে লুণ্ঠন কৰাৰ পাছতো, অসমীয়াই ১৩বছৰ ধৰি বনতবাস কৰাৰ দৰে দুৰ্ভোগ ভোগাৰ পাছতো তেওঁলোককে আকৌ ঘূৰি আহিবলৈ কিয়নো তুলতুলীয়া দাই কামনা কৰি আছে, তাকেহে বুজিব পৰা নাই দেউ!)

এতিয়া বোলে মন্ত্ৰীবোৰ সলাব লাগে। বহুতে চাঞ্চেই পোৱা নাই। যিবোৰে পালে, সিঁহতিহে ডবাই খালে। এতিয়া চোলা ৰেডিমেট নোপোৱা অৱস্থা, ডুৱাইৰ পৰা চিলাই আনিহে পিন্ধে বুলিও কেৱে কেৱে কয়হে! হয়তোন, পালে খাম, পালে খাম বুলি মুখ মেলি থকাটো কম যন্ত্ৰণাৰ কথানে। যি গালে খাবলৈ পালে, সিহঁতৰ হেনো হেঁপাহেই নুগুচে। প্ৰথমতে সম্পত্তিৰ টিলা বনালে, তাৰ পাছৰবাৰ পাহাৰ, এতিয়া হেনো পৰ্বতমালা নবনোৱালৈকে শান্ত নহয়....! হেই ইমান হেপাঁহ কৰা ভাল নহয়, ইমান খাবলৈ মুখ মেলিলে মুখ ফাটিব, নহ'লে মুখ লাগি চেৰেলিয়াব সেয়া খাটাং....!

তালুকদাৰদাই কিন্তু ঠিক কৈছে, এতিয়া বামুন, গোঁসাই, মেছ, কছাৰী, গৰিয়া-মৰিয়াৰ বিচাৰ বাদ দি মেধাৰ ভিত্তিত মন্ত্ৰী পাতিব লাগে। যাতে ১৬মাহৰ পাছত ফল ডেলিভাৰী হবই হব! বহুত হেনো এনে মন্ত্ৰী আছে, একো পাৰ্ৰফমেঞ্চ নাই, তেওঁলোককতো আঁতৰোৱা ভাই!

হাতী পাৰ্টিৰ পুৰণা মাউত দুজনে যি যি পৰামৰ্শ দিছে, তাকে নিৰৱে কান মূৰ জোকাৰি শুনি গৈছে ভকতে। ভকত মানে ভকত নৰহ আকৌ! আমাৰ উজনিৰ, নিজৰ শৌচনীয় পৰাজয়ৰ পাছত, পত্নীৰো চেলচেলী বোৱা অৱস্থা। যেনেতেনে দিল্লীত এইমচৰ কাষতে ফ্লেট লোৱা আছিল গুণেহে চিকিৎসা কৰি আকৌ নিচাদেউৰ কানত ফু-মৰা পৰামৰ্শদাতা হবলৈ ওলাবহি পাৰিছে। মাউতে পৰামৰ্শ দিয়েহে দিয়ে, বেক গ্ৰাউণ্ডত টিভিৰ মানুহে মিউজিক লগায়, ভকত নিৰ্বিকাৰ। এই দৃশ্যাংশ কাটি আনি স্কুলে স্কুলে দেখুৱালে অন্তত সেই "গৰুৰ আগত টোকাৰি বায়, কান মূৰ জোকাৰি ঘাঁহ খায়" ফঁকৰাটোযে ভালকৈ, পৰিস্কাৰকৈ বুজিব, সেইটোহে খাটাঙকৈ বুজিলো বুইছে।

অৱশেষত ভকতে মুখ মেলিলে। মেলিয়েই বোলে, মেধা মানে কি, মেধা কাৰ নাই বুলি কৈছে, এনেধৰণৰ প্ৰশ্নবাণ মাৰিলে তালুকদাৰ দালৈ! মেধা বুজিছে,হাতোৰা দলৰ সকলো এম.এল.এৰেই মেধা আছে। সকলোৰে প্ৰতিভা আছে মন্ত্ৰী হবলৈ, কোনোবাই চান্স পাইছে। কোনোবাই পোৱা নাই। আপুনি ভাতৰ থালী সমুখত নিদিয়ালৈ কেনেকৈ কবহে, ই কিমান থালী বগৰাই দিব পাৰিব। সু-স্বাদ্য থালীখন নৰখাকৈ আপুনি ভোকত ৰাখি ৰাখি এচাম মানুহক কব, তেওঁৰ প্ৰতিভা নাই, মেধা নাই! সেইটো উচিত নহয় বুজিছেনে!

তালুকদাৰ দাই ইংগিত বুজিছে, নহয় মানে, আমি শিক্ষাগত অৰ্হতা মানে ধৰক আইন মন্ত্ৰীৰ বাবে অমুক, শিক্ষা মন্ত্ৰী বাবে তমুকক দিলে ৰাইজে ভাল পালেহেতেন! ভকতে লগে লগে মূল লৰাই কৈছে, শিক্ষা থাকিলেই মেধা থাকিব বুলি কথা নাই, ৰাজনৈতিক পথাৰত চহাব পৰা, খেতি কৰিবলৈ জনা-মানুহ লাগে, লিখা-পঢ়া জনা ডক্টৰেটে নোৱাৰা কামো আমাৰ কম-পঢ়া এম.এল.এই ভালকৈ কৰি দিব...কৰি আছে। উদাহৰণ দিম নেকি? অমুক এম ই পাছ, কিমান পাহাৰ কৰি পৰ্বতমালাৰ কামত ব্যস্ত কম নেকি.... মুখ খুলি নলব কিন্তু দেই তালুকদাৰ!

নালাগে নালাগে, ব্যক্তিগত আলোচনালৈ নাযাও আমি। কিন্তু এটা কথা যে মেধাক ভিত্তি কৰি এইবাৰ মন্ত্ৰীসভাখন পুনৰ গঠন হব লাগে। তাত আপুনি কি মতামত দিব, তালুকাদৰে পুনৰ ভকতলৈ চায়।

চাওক, মেধা আমাৰ সকলো বিধায়কৰে আছে। আৰু মেধা চিনাৰ কাম আমাৰ ছাৰৰ। ছাৰে মুখ মেলিলেই গৰ্ভ দেখা মানুহ। কাক কেতিয়া খটুৱাব লাগে, কাক কিমান উৰাব লাগে, কাৰ কেতিয়া পাখি কাটিব লাগে, পূৰা জানে! ৰাজনীতিত পুৰণি মানুহ...

কিন্তু আপুনি এটা কথা মনত ৰাখিব, কোনোবাই কয়, এইজন এমএলএ মেট্ৰিক ফেইল, ই মাত্ৰ এলপি পাছ, কিন্তু মেনেজমেণ্ট দেখিছে নাই। কোনোৱে পান, কণী, আলু চাপ্লাই কৰি আনিছে, অসমৰ মানুহক খুৱাইছে। মাজত অলপ চলপ ইনকাম কৰিছে, মানে কাম কৰি অলপ চলপ ইন কৰিছে। কি বেয়া। কোনোৱে ঠিকাত ধৰিছে, এই দৰৱ চাপ্লাই, এই নাঙল, কবোটা, নিজৰ নামত নোৱাৰিলেও খুলশালীৰ নামত কৰিছে, লগত ঘূৰি ফুৰা সাংগোপাংগৰ নামত কৰিছে। নিজেও খাইছে, আনকো খুৱাইছে। ইলেকচন আহিছে, সকলোকে তেল ভৰাই দিছে, গাড়ীত, বাইকত। মদে ভাতে খুৱাইছে। জাত-পাত ভাগ কৰি কৰি ভাগে ভাগে টকা বিলাইছে, কম্বল, সূতা, মদ সুন্দৰকৈ মেনেজ কৰিছে। ইমানখিনি কৰি অহাৰ বাবেইতো তৃতীয়বাৰ শাসন কৰিবৰ বাবে জিকি আহিছে। তাৰ পাছতো আপুনি কয়, আমাৰ এম এল এ কাৰোবাৰ মেধা নাই! মেধা সকলোৰে আছে।

হয় হয়, ভকত নৰহৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে। কোনোবাই শিক্ষাগত দিশত আগুৱাব নোৱাৰিলে, কিন্তু মেনেজ মাষ্টাৰ হৈ পৰিল... তেওঁৰ প্ৰতিভা এটা বেলেগ দিশত উজ্বলাই তুলিলে। .... আমাৰ সময় হৈ আহিছে, আমি সামৰিব লাগিব, আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে, আমাৰ এমএলএ সকলোৰেই কৰ্মক্ষমতা আছে, ভোজন ক্ষমতা আছে, টিলাৰ পৰা পৰ্বত বনাব পৰা সৃষ্টিশীলতা আছে। এক কথাত ভকতদাৰ কথাৰেই আমি সামৰিব লাগিব.... গেধা হব পাৰে তথাপি মেধা আছে! গেধা হ'লেও মেধা আছে.....

শ্ৰীবিষ্টু শ্ৰীবিষ্টু! বিজুলী বাইদেৱে লাজ পাই মেলানি মাগিলে। ময়ো চৌপাশে অন্ধকাৰ দেখিলো, পিছে আপুনি?

No comments:

Post a Comment