হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আৰক্ষী বিভাগত মাত্ৰ ৯৬৩কোটি টকাৰ লুণ্ঠন হোৱাত সন্তোষ প্ৰকাশ কৰিছে সদৌ অসমীয়া লালটুপি সংঘই। চোৰ বা ডকাইতে কিনো কৰে তাৰ বিষয়ে সঠিক অভিজ্ঞতা লবলৈ অন্ততঃ ইমানটো পৰিমানৰ শিক্ষামূলক লুণ্ঠন কৰি প্ৰেক্টিছ কৰাৰ দৰকাৰ আছিলেই বুলিও সংঘই প্ৰকাশ কৰিছে। এতিয়া লুণ্ঠনৰ ভাগ পোৱা সকলৰ পৰা মোটা বৰঙণি লাভ কৰি সংগঠনটোকো এতিয়া টনকিয়াল কৰি পাৰিব বুলিও সংঘই আশা প্ৰকাশ কৰিছে।
২. জাতীয় সংগঠনক মেনেজ নকৰালৈ নদীবান্ধ বনোৱা বন্ধ ৰাখিব বুলি দিল্লীৰ পৰা জানিব পৰা গৈছে। এতিয়া বান্ধ লবীৰ ওচৰত কাক কিমানত কিনিব পৰা যাব, তাৰে এক বিশদ বাজেট বনাই অতি সোনকালে দাখিল কৰিবলৈকো স্থানীয় দালাল লবীক দ্বায়িত্ব অৰ্পণ কৰা হৈছে। সংগঠনৰ বিষয়ববীয়া কিনাৰ লগতে এতিয়া সাংবাদিকৰ বাবেও লোভনীয় টোপৰ ব্যৱস্থা কৰিবলৈকো গুণাগঁথা চলাৰ বাতৰিয়ে অসমৰ সমাজসেৱক তথা সংবাদসেৱক সকলৰ একাংশক উতফুল্লিত কৰি তোলাৰো গোপন খবৰ পোৱা গৈছে।

৩. "কিমান অসমীয়া মৰিলে আহিব চেতনা" এখন নাটক অৰুণাচল সীমান্তবাসী ৰাইজে কইনাধৰাৰ মঞ্চত মঞ্চস্থ কৰিবলৈ আয়োজন চলাইছে। অৰুণাচলীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত নিতৌ অসমীয়াৰ প্ৰাণ হৰণ হৈ থকাৰ পাছতো ছাৰৰ দিব্যদৃষ্টি নপৰাত এই নাটকখন লৈ ৰাইজৰ দুখ দুৰ্দশাবোৰ স্বৰ্গদেউৰ দৰবাৰত উপস্থাপন কৰিবলৈ বুলি "সজাগ জনতা" নামৰ নাট্যগোষ্ঠীটোৱে আগ্ৰহ প্ৰকাশ কৰিছে। পিছে এনে নাটক চাবলৈ বিসম্বাদী টেনছনৰ মাজত ছাৰৰ সময় নাই বুলিহে মত কইনাধৰা প্ৰশাসনে বেকত কৰা বুলিও জানিব পৰা গৈছে।

৪. উত্তৰ-পূৱ ৰেলৱেত সক্ৰিয় হৈ থকা থলুৱা বিৰোধী চক্ৰলৈ অনাগত নিযুক্তিৰ বতৰত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসমীয়া নিবনুৱা সন্থাই। থলুৱা মাজতো  চাকৰি বিক্ৰীৰে ধন নঘটি কিয়নো বেলেগ ৰাজ্যৰ পৰা বহিৰাগত আমদানি কৰাৰ প্ৰযোজন বুলিও সন্থাই প্ৰশ্ন কৰিছে। অসমীয়া ল'ৰাই লাগিলে বেলেগ ৰাজ্যৰ ল'ৰাতকৈ বেছিহে ধন খৰছ কৰিব বুলি প্ৰতিশ্ৰুতি দিও সংগঠনটোৱে এই চক্ৰটোৰ সহযোগিতা কামনা কৰিছে বুলি গুজৱ ওলাইছে।

৫. হাজাৰ টকাৰ বিনিময়ত বাংলাদেশীক ভাৰতলৈ সোমাবলৈ দিয়া খবৰত সদৌ ভাৰতবাসী বাংলাদেশী যুৱক সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুই বছৰ আগলৈকে মাত্ৰ বিশ টকাতে কাঁটা তাঁৰ পাৰ হবলৈ দিয়া বি.এছ.এফে এতিয়া হাজাৰ টকালৈ ফীজ বৃদ্ধি কৰাতো শুভ লক্ষণ নহয় বুলিও প্ৰকাশ কৰিছে। পিছে বজাৰত সকলো বস্তুৰ মূল্যবৃদ্ধিৰ ফলতহে সীমান্ততো এই উপহাৰৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে বুলি ধন খোৱা সীমান্তৰক্ষী বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে আৰু বজাৰৰ দৰৰ প্ৰতি লক্ষ ৰাখি সকলোৰে সহযোগিতা কামনা কৰিছে।

৬. ধঁপাতৰ ওপৰত ভেট টেক্স পঞ্চাশ শংতাশ বৃদ্ধি কৰাত সদৌ ধঁপাতখোৰ সংঘই প্ৰতিবাদ জনাইছে। পিছে সদৌ অসম পাণ দোকানী সন্থাই জনোৱামতে চাঁদা, চিগাৰেট কিনা বেচাত কেচ মেমো দিয়াৰ পদ্ধতি নোহোৱালৈ গ্ৰাহকৰ ওপৰত এই ভেট টেক্সৰ প্ৰভাৱ নপৰিব। অৱশ্যে চিগাৰেট কিনি কেচ মেমো বিচৰা সকলৰ বাবে এই কৰ অতিৰিক্ত হব বুলিও স্পষ্ট কৰি দিছে।

৭. ডিব্ৰুগড়ৰ বাণীপুৰ ৰেলৱে ষ্টেচনত পাঁচ লক্ষাধিক টকাৰ গুটখা-পাণ মচলা জব্দ কৰাৰ সুখবৰ প্ৰকাশিত হৈছে। বাতৰি পঢ়ি সদৌ অসম কেচেলুৱা যুৱক সংঘই এই পান মচলাবোৰ নষ্ট কৰি পেলোৱা বা আৰক্ষীয়ে গোপনে বিক্ৰী কৰি ধন উপাৰ্জন কৰাতকৈ সংঘৰ অভাৱী সদস্য সকলে দান কৰি দিবলৈ আহ্বান জনাইছে। তেওঁলোক সকলো খায়েই খতম কৰি দিব বুলিও প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।

৮. মৰিগাঁও জিলাত মুন্নাভাই ডাক্তৰৰ সেৱাই অচিৰেই অভিলেখ গঢ়িব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মাজে মাজে এনে মুন্না ভাই গ্ৰেপ্তাৰ কৰি সংবাদ শিৰোনামা দখল কৰাৰ পাছতো ইমান প্ৰতিকূল পৰিবেশৰ বতৰতো ৰাইজৰ সেৱাত যতি পৰিবলৈ নিদিয়াৰ বাবে সদৌ অসম মুন্নাভাই চিকিতসক সন্থাক দুৰ্গম আৰু চৰ অঞ্চলৰ ৰাইজে প্ৰশংসাবাণী প্ৰকাশ কৰিছে। ভাল ডাক্তৰ নহা ঠাইত তেওঁলোকেই ঈশ্বৰৰ দূত বুলিও ৰাইজে মত প্ৰকাশ কৰি তেখেত সকলৰ সেৱাৰ পৰাও ৰাইজক বিৰত ৰখাৰ অমানৱীয় অপচেষ্টা বন্ধ ৰাখিবলৈ আৰক্ষীক সকিয়নী প্ৰদান কৰাৰো গোপন খবৰ আমালৈ আহি আছে।

৯. ৰঙিয়া সংমণ্ডলত ব্যাপক দুৰ্নীতিৰ ফলত উদ্বোধনৰ ছমাহৰ ভিতৰতে ফাটিল নৱনিৰ্মিত ভি.আই.পি লাউঞ্জৰ ছাদ। ঠিকাদাৰ সন্থাই এই সহযোগিতাৰ বাবে বিষয়া সন্থালৈ প্ৰকাশ কৰিলে কৃতজ্ঞতা। এইদৰে পৃষ্ঠপোকষতা পাই থাকিলে অহাবাৰৰ পৰা ছাদ নবনোৱাকৈয়ে বিল লৈ ছাদ ফটাৰ বাতৰিয়েই যাতে সৃষ্টি নহয় তাৰো ব্যৱস্থা কৰি দিব বুলিও ঠিকাদাৰ সন্থাই বিষয়াসকলক অভয় দান কৰিছে বুলি জানিব পৰা গৈছে।

১০. "২০১৬ত কইনাধৰা নে নদীবান্ধ" তাকে লৈ এতিয়া সঠিক সিদ্ধান্ত লব নোৱাৰি দোধোৰমোধোৰত পৰিছে সদৌ অসম পদুমফুল পাৰ্টি। সৰ্বদা একেটা চিন্তাই খুলি খুলি খাই থকাতকৈ সোনকালে চীট-পট কৰি যিকোনো এটা বাচি লবলৈ বুলিও দলটোৰ দুৰ্যোগ ব্যৱস্থাপনা কোষে নেতাসকলক পৰামৰ্শ দিয়াৰ খবৰ পোৱা গৈছে। পিছে মগজু কিনা-বেচাৰে দুয়োটাকে হাত কৰিব পাৰি নেকি তাৰ বাবেহে এতিয়া গোপন মন্ত্ৰণাত নেতাসকল লিপ্ত হৈছে বুলি গুজৱ ওলাইছে।

No comments:

Post a Comment