জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
সমালোচনাৰ বিষয়ে
হেমচন্দ্ৰ দত্ত
মৃত্যুৰ অলপ দিনৰ আগতে বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰক এজন ঘনিষ্ঠ বন্ধুৱে হেনো সুধিলে, ‘তোমাৰ সমান চাগৈ সুখী লোক এই দুনীয়াত কোনো নাই ! এজন সাহিত্যিকে পাব পাৰা সকলো সন্মান তুমি লাভ কৰিছা ৷ তুমি সচাঁকৈ সুখীনে ?’ ৰবীন্দ্ৰনাথে হেনো উত্তৰ দিলে এনেদৰে – ‘মই ভাৱি থকা উত্তম কবিতাটো মই আজিও লিখি উলিয়াব নোৱাৰিলোঁ৷ মোৰ মনত এই দুখটো থাকি যাব ৷’

ৰবীন্দ্ৰনাথৰ এই উত্তৰটোক আমি এক ইতিবাচক, সৃষ্টিশীল বিষাদ আখ্যা দিওঁ৷ সৃষ্টিশীল কামত নিয়োজিত মানুহে যদি কেনেবাকৈ ভাৱি লয় যে তেওঁ ইতিমধ্যে বহুত কাম কৰিলে, তেনেহলে তেওঁৰ নতুন সৃষ্টিৰ পথ ৰুদ্ধ হৈ যায়৷ অথাৎ ইতিমধ্যে কৰাখিনিকে লৈ মানুহ সন্তোষ্ট হ’ব নালাগে৷ এনে সন্তোষ্টি উন্নতিৰ পথৰ অন্তৰায়৷



সাহিত্যিকসকলক লগ পালেই মই তেখেতেলোকৰ মনৰ কথা জনিবলৈ চেষ্টা কৰোঁ৷ দুই এজন ব্যতিক্ৰমী সাহিত্যিকক বাদ দি প্ৰায়সকলৰ কথা-বতৰাত এটা বিষাদৰ ভাৱ ফুটি উঠে ৷ এই বিষাদৰ কাৰণ দুটা – ক) তেখেতে নতুন একো ভাল লেখা লিখিব পাৰা নাই ৷ খ) সমালোচকসকলে তেখেতৰ বিষয়ে একো নিলিখে ৷

মই সহৃদয়তাৰে কথাবোৰ শুনো৷ প্ৰথম কাৰণটোক মই ৰবীন্দ্ৰনাথ-জাতীয় এক ইতিবাচক বিষাদ বুলি মনতে ধৰি লওঁ৷ লগতে ভাৱো – ‘এখেতৰ পৰা আমি আৰু ভাল লেখা পঢ়িবলৈ পাম কিয়নো আত্ম-সন্তোষ্টিৰ কৱলত এখেত এতিয়াও পৰা নাই৷’ পিছে দ্বিতীয় কাৰণটোক লৈহে মোৰ চিন্তাত খেলিমেলি লাগে৷ সমালোচকে লিখা নিলিখাক লৈ সাহিত্যিকসকল ইমান উদ্বিগ্ন হ’ব লাগে কিয় ?

এজন পৃথিৱী-বিখ্যাত লোকে দেখোন কৈ থৈ গৈছে – ‘সমালোচনালৈ কাণ নিদিবা৷ সদায় মনত ৰাখিবা- সমালোচকৰ নামত পৃথিৱীৰ ক’তো স্মৃতি-সৌধ নির্মাণ কৰা হোৱা নাই৷’ চিন্তাৰ ইতিহাসলৈ যদি সমালোচকৰ একো বৰঙণি নায়েই, তেনেহলে সমালোচকৰ সহাঁৰি আশা কৰি বিনাই থকাৰ যুক্তি ক’ত ? নিশ্চয় এই বিননিৰ একো মূল্য নাই ৷


মাজে মাজে আৰু এটা ঘটনা ঘটে ৷ সেইটো কিন্তু বৰ আমোদজনক ! সমালোচকে একো নিলিখে বুলি বিনাই থকা সাহিত্যিকসকলৰ একাংশই তেওঁলোকৰ সৃষ্টিৰ বিষয়ে সমালোচকে লিখাৰ পিছত মোক লগ পালে পুনৰ বিনাই এনেদৰে- ‘জানে, মোৰ কিতাপখনৰ বিষয়ে অমুকে অমুকত লিখিলে নহয় ! পিছে যিবোৰ কথা লিখিব লাগিছিল, সেইবোৰ তেখেতে নিলিখিলে জানে !

আচলতে সমালোচনা কি তেখেতে নাজানেই... ৷’ মই মনতে ভাৱো – ‘হৰি হৰি ! অলপ দিনৰ আগতে দেখোন আপুনিয়ে বিনাইছিল যে সমালোচকে আপোনাৰ লেখাৰ বিষয়ে একো নিলিখে ! এতিয়া কোনোবাই লিখাৰ পিছত আপোনাৰ এই আক্ষেপ কিয় ?’ মুঠৰ ওপৰত একাংশ সাহিত্যিকৰ মনত অলপো সুখ নাই ৷ সমালোচকে নিলিখিলেও বিননি : লিখিলেও আক্ষেপ ! উদাৰ মনোভাৱৰ অদ্ভুত অভাৱ !


পিছে সমালোচনা মানেনো কি ?

অতি-সাম্প্ৰতিক কেতবোৰ সমালোচনাৰ আর্হি চোৱাৰ পিছত মই একপ্ৰকাৰ ‘সৰলীকৃত’ সিদ্ধান্তলৈ আহিছোঁ যে সমালোচনা হ’ল কেতবোৰ উৎকৃষ্ট, নির্বাচিত শব্দৰ ( key words) ঝনঝননি ! তাকে স্থান-ভেদে সামান্য সাল-সলনি কৰি সমালোচকে ব্যৱহাৰ কৰি থাকে৷ তাতে যদি উত্তৰ-আধুনিক পণ্ডিতালী অলপ খটোৱাব পাৰি তেতিয়াতো কথাই নাই ! বিদেশী কিতাপৰ ৰেফাৰেন্স দিব পাৰিলে আৰু ভাল !

--------------------------------------------------------------------------

* সকলো মহান সমালোচকলৈ ক্ষমা প্ৰাৰ্থনাৰে।

No comments:

Post a Comment