জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This



বানপানীঃ শৈশৱৰ এটি অনুভৱ
ৰঞ্জিতা গগৈ
আমাৰ মৰমৰ নৈ ধনশিৰ। যিখন নৈৰ ওপৰেদি যোৱা ব্ৰীজৰ ওপৰত বহি সন্ধিয়াটো উপভোগ কৰাৰ মজাই বেলেগ। মই ব্ৰীজৰ তলত প্ৰকান্ড শিল বোৰত বহি পানীৰ সোঁ-সোৱঁনি চাই, ওপৰেদি পাৰ হৈ যোৱা বাচবোৰ চাই থাকি ভাল পাইছিলো। অকলে অকলে বহি থাকি ভাল লাগে। সূৰ্যাস্তৰ সময়ত আৰু ভাল লাগে। কিন্তু সেই নৈ খনেই ভয়ংকৰ ৰূপ ল’লে আৰু নিস্তাৰ নাই। 

তেতিয়া প্ৰথম নে দ্বিতীয় শ্ৰেণী পাহৰিছো। মুঠতে বানপানী মোৰ বাবে উৎসৱৰ নিচিনা লাগে। বিশেষকৈ আমাৰ চহৰৰ ফালে থকা মানুহখিনিৰ। বেলেগ ডাঙৰ ডাঙৰ নেতা, বিষয়া আদি মানুহবোৰৰ কেনে লাগে নাজানো। আচলতে তেওঁলোকৰ দৰেই হেলিকপ্টাৰত উঠি নয়নাভিৰাম দৃশ্য চোৱাৰ  হেপাঁহ এটা মোৰো আছিল নেকি কব নোৱাৰিম।

দুদিনমান বৰষুণ দিলে পথাৰ-সমাৰ,জান জুৰি ফেনে–ফুটুকাৰে উফন্দি আহিলেই জানো ধনশিৰী বাঢ়িব। তেতিয়া আমি যিহেতু শিশু, আমি ভাবো, বঢ়িয়া, ধনশিৰী বাঢ়িব, বানপানী হ’ব। স্কুলৰ পৰা আহি বাইদেউ, দেউতা কাৰোবাৰ কোলাত উঠি চাবলৈ যাম। পানীৰে ভৰা বাটত খোজকাঢ়ি গ’লে বুকুলৈকে পানী ...। বাহ্ কি মজা লাগিব!

এবাৰ মুষলধাৰে বৰষুণ। শুনিলো ঘৰবোৰ ডুবিল। স্কুলৰ কিতাপ পত্ৰ থৈ বাইদেউক খাটনি ধৰিলো বানপানী দেখুৱাবলৈ। তাৰপিছত পালোগৈ এৰেঙাপাৰা। গোলাঘাটৰ যিবোৰ ঠাই তাহানিতে পানীত বুৰ যায় তাৰ ভিতৰত মাৰোৱাৰীপট্টী, ইছলামপট্টী, মইনা পাৰা আদি। (উল্লেখ্য এতিয়া ধনশিৰী নৈ চহৰৰ বহু দূৰলৈ গুচি গৈছে।) যিমানেই আগবাঢ়িছো সিমানেই শিহৰিত হৈছো। সকলো ফালে পানী, বিশাল পানী। মূল পথত বাচ বন্ধ, চকুৰ পলক নপৰালৈকে কেৱল পানী। ঘৰবোৰৰ মুধ কিছুমানৰ দেখি। কিছুমানৰ নেদেখি।

মানুহবোৰ ঘাই পথেদি খোজ কাঢ়ি গৈছে, হু-হুৱাই বৈ থকা পানীৰ ওপৰেদি । মোৰো মন গৈছিল। অলপ নমাৰ পিছত নোৱাৰিলো চম্ভালিব। বাইদেউক ক’লো সেইবোৰ কিয় খুটি মাৰি থৈছে। ক’লে পানীৰ গভীৰতা চাবলৈ। ব্ৰিজৰ ওপৰত ৰৈ দেখিলো পানীত উপঙি আহা কাঠ ধৰা মানুহৰ লানি। মাছমৰীয়া টঙি জাল পতা মানুহৰ লানি। ইমান পানীতো মানুহে ভয় নকৰে। ওখ বাট পোৱাৰ পিছত দেখিলো বহুত মানুহে আশ্ৰয় লৈ আছে তম্বু তৰি তৰি। গৰু-ছাগলী ও লগতে। বহুতে কান্দি আছে। নুবুজিলো একো।


মোৰ সমবয়সীয়াৰ মুখত হাঁহিয়েই দেখিলো। গৰম গৰম ভাত বনাই আছে। ৰেচন ৰেচন গোন্ধ (তেতিয়া নাজানিছিলো কি গোন্ধাইছিল) ভাতৰ গোন্ধ বুলি জানিছিলো। এলুমিনিয়ামৰ থাল মোৰদৰে শিশুৰ হাতত। কিবা পিকনিক পিকনিক হে লাগিছে দেখোন। সৱ হেৰাই গ’ল বুলি চিঞৰি চিঞৰি কান্দি থকা মাইকী মানুহ কেইগৰাকীৰ দুখ কি বুজাৰ বয়স নাছিল মোৰ।

মোৰ তাহানিৰ শিশু দৃষ্টিৰে এটাক দেখিলো খাব নোপোৱাৰ দৰে ভীমকল এটা খাই আছে। খকুৱাটো(?) ক’ৰবাৰ। ভালহে পাব লাগে, এনে ভাৱ হ'ল! শিবিৰ বোৰত ঘূৰি ফুৰোঁতে সন্ধিয়া বহুত হ’ল। লেম চাকি জ্বলিবৰ হ’ল। পিছে মোৰ উভতি আহিবৰ মন ন’গল। তথাপি বেজাৰ মনেৰে উভটিলো। কিন্তু মানুহবোৰৰ মাজত আকৌ চিঞৰ বাখৰ হ’ল। তিনিবছৰীয়া ল'ৰা এটা পানীয়ে উটুৱাই লৈ গ’ল। সেই ক্ষণত হয়তো কিবা অহেতুক ভয় সোমাইছিল।

লাহে লাহে পানী কমি আহে। পানী থকালৈকে দূ্ৰ্গাপুজা চাবলৈ যোৱাদি সদায় গৈছিলো। পানী শেষ হ’লে মনটো বেয়া লাগিছিল। চাব নাপাম ইমান বিশাল বিশাল পানী.....সাগৰ ।কলগছৰ ভূঁৰ...। ডুবি যোৱা গছ-লতিকা। কি এক শৈশৱৰ অনুভৱ। ভয়ংকৰ কি নজনা দূৰ্যোগৰ প্ৰতি যেন এক অচিন মায়া। বছৰে বছৰে আহক বুলি মহা মহা ঠিকাদাৰবোৰে ভবাদি কি ভাব! স্বাৰ্থ এটাই, ধুনীয়া ছবি চোৱাৰ, বানপানীৰ....।

লাহে লাহে বানপানীৰ ওপৰত লিখা গল্প, উপন্যাসবোৰ পঢ়াৰ হেপাঁহ হ’ল। সৰুতে মানে চতুৰ্থ শ্ৰেণীৰ পৰাই পঢ়িবলৈ ধৰিলো কিতাপবোৰ। লাহে লাহে বুজিলো বানপানীৰ বেদনা। পানীৰ চাকনৈয়াত কেনেকৈ হেৰাই যায় মানুহৰ সুখৰ পথাৰ। সেউজীয়া বোৰ হেৰাই যায় বানপানীৰ কান্দোন হৈ । জনা হ’লো ৰিলিফ কেম্পৰ কথা।

সেয়েহে কওঁ,সকলোৱে অনুভৱ কৰক বানপানীৰ বিষাদ। অন্ততঃ ৰিলিফৰ নামত পঁচা চাউল খাবলৈ নিদিব। পিছত হোৱা বেমাৰবোৰৰ সময়ত প্ৰতিৰোধ কৰক। এই সমস্যা অসমৰ প্ৰতিজন অসমীয়াৰ সমস্যা....। বানপানীৰ বিষাদগ্ৰস্হতাৰ প্ৰতি সহানুভুতিশীল হওঁক সকলো। বানপানী যে সঁচাই এক শোকৰ বন্যা পাহৰি নাযাব কোনেও।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages