Sunday, June 29, 2014

হাস্য ব্যংগৰে সত্যৰ সন্ধান


লোকেল গুজৱ.কম
১. "বানপানী আহে যায়, পিছে খহনীয়াইহে বৰকৈ খায়" বুলি কালি সংবাদমেলত মন্তব্য কৰি এতিয়া শলঠেকত পৰিছে ৰসাল গগৈদেৱ। তেখেত আচলতে বিধায়িনী দলৰ খহনীয়াৰ কথালৈহে ইংগিত দিয়া বুলিও পৰ্যবেক্ষকে মন্তব্য কৰিছে। এতিয়া বানলৈ নহয়, নিজৰ মান ৰক্ষা কৰালৈহে চাৰৰ আচল চিন্তা হৈছে বুলি গোপন খবৰ প্ৰকাশ পাইছে।


২. লাহৰীঘাটত অন্ন সুৰক্ষা কাৰ্ডৰ নামত হিতাধিকাৰী নিৰ্বাচনত ব্যাপক খেলিমেলিৰ খবৰ। খাবলৈ দিয়া বস্তু বিতৰণৰ সময়ত খোৱা-কামোৰা হোৱাটো স্বাভাৱিক বুলিয়েই নিজৰ নামত কাৰ্ড উলিওৱাৰ সাফল্য লাভ কৰা শিক্ষক, কৰ্মচাৰী সকলে মত প্ৰকাশ কৰিছে। মূল্যবৃদ্ধিৰ দিনত দৰমহাৰ ধনেৰে নোজোৰে বাবেই দুৰ্নীতিক প্ৰশয় নিদিয়াকৈ চলি থাকিবলৈহে তেওঁলোকেও এই খোৱা-কামোৰাত ভাগ লৈছে বুলিও মনৰ দুখ প্ৰকাশ কৰিছে।

৩. পাৰ্মিট কেলেংকাৰীত ডিব্ৰুগড়ত পৰিবহণ বিষয়াসহ দুজনক জেললৈ পঠোৱাত সন্তোষ প্ৰকাশ কৰিছে সদৌ অসম চৰকাৰী-আমোলাৰ চেপাগ্ৰস্ত নিবনুৱা সংস্থাই। দুৰ্নীতি নিবাৰক শাখাই পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বাহৰ পাতি ল'লে, জেলত ঠাই নোহোৱাকৈ ঘোঁচ-খোৰ বিষয়া ধৰিব পাৰিব বুলিও উজান উঠা বতৰত সংস্থাই মত প্ৰকাশ কৰিছে।

৪. "মহানগৰীত মৃত্যুৰ কিৰিলি" নামৰ অপৰাধমূলক উপন্যাস এখন লিখি উলিয়ালে মহানগৰ যতন মন্ত্ৰী অজান্তি মুলুক নেওগ বাইদেৱে। মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দুৰ্নীতিকাৰী বিষয়া সন্থাৰ পৃষ্ঠপোষকতাত আৰু পৌৰ নিগমৰ ধনখোৱা নেতা-বিষয়া সন্থাৰ যৌথ উদ্যোগত কিতাপখন প্ৰকাশিত হৈছে বুলিও খবৰ পোৱা গৈছে।

৫. হাতী মাউত সন্থাই এইবাৰ নেতা সলনি কৰিব বুলি প্ৰকাশ পালে খবৰ। পিছে সন্থাৰ নেতা সলালেও বগা হাতীত পৰিণত হোৱা হাতী দলটোৰ ৰঙ কোনোপধ্যেই সলনি নহব বুলিও পশু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

৬. যোৰহাট মেডিকেল কলেজত "অৰাজকতা" শীৰ্ষক এখন নাটক বাৰে বাৰে মঞ্চায়ন হৈ থকাক লৈ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। এইবোৰ নাটক সামৰি ৰোগীক উন্নত সেৱাৰে কলেজখন কেতিয়া সংবাদ শিৰোনামালৈ আহিব তাকে জানিবলৈকো ৰাইজে জ্যোতিষীৰ কাষ চপা বুলিও খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে বিনা চিকিতসাই ৰিলিজ দিয়া ৰোগীযে ৱাৰ্ডৰ সমুখতে দেহত্যাগ কৰিও ইয়াৰ প্ৰতিবাদ জনোৱাৰ কথা সংবাদ শিৰোনামাই বহন কৰি আনিছে।

৭. বিগত ১৩বছৰত ২১০০কোটি টকা গুৱাহাটীৰ উন্নয়নৰ নামত হজম কৰি বহুত মানুহ নোদোকা হোৱাৰ খবৰ পোৱা গৈছে। এতিয়া এই নোদোকা সন্থাৰ সদস্যসকলক ৰাইজে চিনাক্ত কৰি ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ সময় আহিল বুলিও জ্যোতিষী সন্থাই ইংগিত প্ৰকাশ কৰিছে।

৮. বাংলাদেশৰ জনগণক ভিচা, মাটি আৰু কি কি দিব এবাৰতে প্ৰকাশ কৰি কথাবোৰ খোলোচা কৰি দিবলৈ আহ্বান জনালে থলুৱা অসমীয়া ছাত্ৰ সন্থাই। জানিব পৰা ৰাজনীতিৰ পৰা মুকলিকৈ নিলগত থকা সন্থাটোৱে ভিতৰি এইবাৰ পদুম ফুলৰ প্ৰেমত পৰিছিল। পিছে এতিয়া নিৰ্বাচনৰ পাছত অসমীলৈ নহৈ আনলৈ পাৰ্টিটোৰ দৰদ উপজা দেখিহে সন্থাটো বিষম বিৰহত পৰা খবৰ পোৱা গৈছে।

১০. জালুকবাৰী ৰংগমঞ্চত এইবাৰ "ক্ষমতাৰ খক" নামৰ ভাওনা এখনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। চেকগেট, টোলগেট তথা ছিণ্ডিকেট ব্যৱসায়ী সন্থাৰ প্ৰযোজনাত ভাওনাখন বানপানীৰ পাছতেই ৰাজ্যজুৰি প্ৰদৰ্শন কৰিব বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment