Friday, June 20, 2014

কবিতা

শুকুৰবাৰে বিষ্ণুৰাভা আহিব....

          ইন্দুকল্প শইকীয়া
ভালপোৱাবোৰ যৰ পৰা আৰম্ভ হৈছে,
কবিতাৰ যত ফুলনি আছে,
সংগীত যত ৰদ হৈ নামিছে,
সেইখিনি লৈকে শুকুৰবাৰে বিষ্ণুৰাভা আহিব ।
এইপাৰৰ ভয়াবহতালৈ তেখেত আহে নে নাহে নেজানো,
তথাপি আমি যাম তেখেতক তাৰ পৰা আগবঢ়াই আনিবলৈ..।
তেখেতে আদৰ্শৰ চোলাৰে ঢাকি থোৱা
সত্যৰ শৰীৰটো এপাক চুই চাম,
অনৈক্যতাৰ বাটেদি আহোতে 
তেখেতৰ নৈক্যতাৰ* কেশত 
যাতে হিংসাৰ ধুলি নপৰে
তাৰ বাবে পাৰিলে এখন শান্তিৰ আলোৱান লৈ যাম 
আৰু পাশ্চাত্যৰ হেচাত মৃত্যুৰ ক্ষণগণা লোক সংস্কৃতিৰ 
শিশুটোক তেখেতৰ উশাহ সানি জীয়াই তোলাম...।
আজি ৰাতিপুৱাই বিষ্ণুৰাভা আহিব,
এদিনৰ বাবে তেওঁ আমাৰ লগতে থাকিব,
তেওঁক কম-সন্ত্রাসে ধৰ্ষণ কৰা সপোনবোৰৰ কথা,
পৰাধীনতাই অশ্লীল কৰা নিশাবোৰৰ কথা,
মিছা প্রতিশ্রুতিয়ে উটুৱাই নিয়া গাওঁবোৰৰ কথা,
সুখৰ সপোন এটাৰ দুৰাশাত 
জীয়াই থকা অসমীয়া খিনিৰ কথা,
এজন বিষ্ণুৰাভাক প্রয়োজন হোৱাৰ কথা....।।

শুকুৰবাৰে ৰাতিপুৱা এন্ধাৰবোৰ আঁতৰাৰ পৰত
পাৰিলে আপুনিও ওলাব,
তেখেতক চিনি নেপালেও 
আপোনাৰ উদাত্ত কণ্ঠেৰে ‘
"লগন উকলি গল" কে গাব.....!!!!!!!!!!!!!

No comments:

Post a Comment