ব্যংগ কবিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

ব্যংগ কবিতা

Share This
ডাঃ ভূপেন্দ্ৰ শইকীয়াৰ কলমত
আপদীয়া পদ্য -১

(উৎসৰ্গা - এ এচ ই বিলৈ)
এদিন ৰাতিৰ বাৰটা বজাত
এজন ডেকা হৈছিল ঘৰমুৱা অকলে
পৰিল চকুত গুৱাহাটীৰ ফুটপাথত
নাম মাত্ৰ বস্ত্ৰৰে এজন স্থুলকায় কঙাল
……………………..
বহুদেৰী চাই হ'ল দুখিত
যুৱকৰ হৃদয় উঠিল উথলি
তুলি দিলে এখন নোট পঞ্চাচ টকাৰ
……………………….

পদপথৰ ‘ভিক্ষাৰীয়ে’ চালে
নোটখন ওৰাই-ঘূৰাই
আৰু দিলে এটা চৰ
ডেকাৰ কোমল গালত
কলে- চিনা নাই বাপেৰক দেখা নাই সৌ অট্টালিকাতো মোৰেই,
নাই কাৰেন্ট ঘন্টাৰ পিছত ঘন্টা সেয়েহে বহিছোঁ ৰাজপথত এই গেলা গৰমত অৰ্ধ উলংগ হৈ !!
(বন্ধু মনোজ কুমাৰ চাৰাউগীৰ সৌজন্যত)

-----------------------------------------
আপদীয়া পদ্য - ২
যেতিয়াই মন যায় তেতিয়াই
তাই ঘৰৰ পৰা ওলাই যায়
কিমান সময়লৈ বাহিৰত থাকে নাই
তাৰো কোনো নিশ্চয়তা
(আনকি) মাজনিশাও তাই যায় ঘৰ এৰি
মাজনিশাও তাই যায় ঘৰ এৰি কাকো নোকোৱাকৈ৷
নহয় তাই আপোনাৰ অভিমানী প্ৰিয়া



তাই হ'ল অসম চৰকাৰৰ
নষ্ট চৰিত্ৰৰ এক মোহিনী কন্যা ! নাম তাইৰ বিজুলী,
বি - জু- লী, চিকমিক বিজুলী !!
(বন্ধু জয়দীপ পাণ্ডেৰ সৌজন্যত)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages