হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. জালুকবাৰী নাট্য সংঘই আয়োজন কৰিছে যুৱ বিধায়ক সকলৰ বাবে এক গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ। বিগত সময়চোৱাত সংঘই প্ৰযোজনা কৰা "বিসম্বাদী" নাটকৰ অন্ত পেলাই এইবাৰ "সমষ্টি উন্নয়ন" নামৰ নাটকখনিৰ প্ৰযোজনাৰ বাবে এই কৰ্মশালাৰ যোগেদিয়ে অভিনেতা-অভিনেত্ৰী ঠিক কৰিব বুলি প্ৰকাশ কৰিছে।
২. অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা চাবলৈ যোৱাৰ আগতে ৰসাল গগৈচাৰে পাপনৰ গান শুনি যোৱাৰ গোপন খবৰ। জানিব পৰা মতে "বানাও বানাও বানাও, জাষ্ট নাও" শীৰ্ষক গীতটিক অম্বুবাচী মেলাৰ অফিচিয়েল গীত ৰূপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰি ধোঁৱাপ্ৰেমী সকলৰ সঠিক খাতিৰ-দাৰী কৰিবলৈকো প্ৰশাসনক নিচাদেউৱে আহ্বান জনাইছে।

৩. ৰঙিয়াত ইটাভাতী আৰু শিল ক্ৰাচাৰৰ ভয়াবহ প্ৰদূষণৰ সংবাদ শিৰোনামা। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে মোটা ৰকম ইনকাম কৰাৰ সুবিধা থকা বাতৰি প্ৰকাশ কৰাৰ বাবে সংবাদ মাধ্যমলৈ কৃতজ্ঞতা প্ৰকাশ কৰি ফেক্স কৰাৰ গোপন খবৰ।

৪. ধুবুৰীৰ চৰ অঞ্চলত স্বাস্থ্য সেৱাৰ নামত প্ৰহসনৰ বাতৰি, প্ৰথমে নাৱেৰে, তাৰ পাছত ঠেলাৰে হস্পিতেললৈ ৰোগী কঢ়িওৱাৰ সুখবৰ। ঠেলাৰে পাব পৰা স্থানত চিকিতসা সেৱা উপলব্ধ কৰাটোও এই চৰকাৰৰ বিশেষ সফলতা বুলি দাবী কৰিলে স্বাস্থ্য বিভাগৰ এগৰাকী কেৰেণীয়ে। শনিবাৰে ঠেলাতে এটি সন্তানৰ জন্মদিয়া মাতৃগৰাকীলৈকো স্বাস্থ্য বিভাগে অভিনন্দন জ্ঞাপন কৰিছে বুলি খবৰ পোৱা গৈছে।

৫. বানত উটিযোৱা পাগলাহাট-জলডোৰা পথৰ বিগত দুবছৰেও  নহ'ল পুনৰ নিৰ্মাণ । দান বৰঙণিৰে নিৰ্মাণ কৰা সাঁকোৱেই ৰাইজৰ একমাত্ৰ ভৰসা হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত এইদৰে মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি প্ৰশংসা কৰিলে ৰসাল গগৈ চাৰে। বিসম্বাদী জ্বৰত আক্ৰান্ত হোৱাৰ বাবেহে যোৱা দুবছৰে এই নিৰ্মাণ হোৱা নাছিল, এতিয়া নিৰ্বাচনৰ আগে আগে বিধায়কক সমষ্টিলৈ কাম কৰিবলৈ টাঙোন দি খেদিব বুলিও গগৈচাৰে দৃঢ়তাৰে প্ৰকাশ কৰিছে।

৬. নামনি লখিমপুৰত অবৈধ কুৱেৰী আৰু কাঠ ফলা মিলৰ ব্যাপক ব্যৱসায় দেখি ৰাইজৰে বন-বিভাগৰ অস্তিত্ব সম্পৰ্কে সন্দিহান হোৱাৰ খবৰ। পিছে কুৱেৰী আৰু কাঠ-ফলা মিলৰ কেৰেণী দুজনৰ পৰা বনবিভাগৰ মানুহে নিয়া নিয়মীয়া কমিচনৰ হিচাব পোৱাতহে ৰাইজৰ সন্দেহ নিৰসন হোৱাৰ গোপন খবৰ। এতিয়া বন বিভাগৰ কৰ্মচাৰীৰ পাছত জাতীয় সংগঠনক চান্দাৰ বাবে মেলি দিব বুলিও সচেতন স্থানীয় ৰাইজে প্ৰকাশ কৰিলে দৃঢ়তা।

৭. বিহপুৰীয়া নগৰত ফটা ছাতিৰ তলত সন্তান প্ৰসৱ কৰা ঘটনাত উদ্বেগ প্ৰকাশ কৰিলে বেমাৰ-আজাৰ মন্ত্ৰীয়ে। এতিয়াৰ পৰা মাজনী, মামণি আঁচনিৰ দৰেই বাটে-পথে লজ্জ্বা ঢাকি সন্তান প্ৰসৱ কৰাৰ বাবে "প্ৰসৱ ছাতি"  আঁচনিৰে হস্পাতাললৈ আহি উপস্থিত হব নোৱাৰা সকলক আৱৰি লোৱা হব বুলিও সংবাদমেল যোগে প্ৰকাশ কৰিছে।

৮. বিৰোধী বিধায়কক মাতি আধাৰশিলা স্থাপন কৰিবলৈ চেষ্টা কৰা পৰিবহন বিষয়াক লপা-থপা দিলে হাতোৰা পাৰ্টিৰ নিষ্ঠাবান কৰ্মীসকলে। হাতোৰা পাৰ্টিৰ ইমান নেতা-পালিনেতা থাকোতে স্থানীয় বিৰোধী বিধায়কক মাতিবলৈ বিচৰাটো এক গৰিহণামূলক দুঃসাহসী কাৰ্য বুলি অভিহিত কৰি শক্তিশালী হাতোৰা বাহিনীয়ে বিষয়াজনক শিক্ষামূলক লপা-থপা দিয়ে বুলি লখিমপুৰৰ সাংবাদিকে জনাইছে।

৯. বনগাঁৱত ডাইনী সন্দেহত গোষ্ঠী সংঘৰ্ষৰ সূচনা হোৱাত গৰিহণা দিছে তাবিজধাৰী সচেতন ব্যক্তিসন্থাই। ডাইনী সন্দেহত হত্যা কৰিলেও কৰক, কিন্তু সমাজত গোষ্ঠী সংঘৰ্ষ যাতে নহওক তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বুলি সন্থাই অভিমত প্ৰকাশ কৰা ফেক্স আমাৰ কাৰ্যালয়ত পোৱা গৈছে।

১০. চাইল্ড লাইনে ৰাজ্যত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰাত তাকে লৈ সন্দেহ প্ৰকাশ কৰিছে আধুনিকা পত্নী সংঘই। সংস্থাটোৱে প্ৰকাশ কৰা এনে বৃদ্ধিৰ তথ্য সত্বেও দেখুন বনকৰা ল'ৰা পাবলৈ ইমান অসুবিধা হোৱা বুলি সংঘই উদ্বেগ প্ৰকাশ কৰিছে। আৰু পাৰিলে সহজো বনকৰা লোৱা পোৱাৰ বেৱচাইট খুলিবলৈ আহ্বান জনাইছে।

1 comment:

  1. "প্ৰসৱ ছাতি আঁচনি"লৈ ৰাইজৰ শুভকামনা !!

    ReplyDelete