প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধ

Share This
মৰণোত্তৰ দেহদান/অংগদানক
এক পৰম্পৰা-সংস্কৃতিলৈ পৰিণত কৰোঁ আহক!!

বিজয় শৰ্মা
 (মৃত্যুঞ্জয়ী ইলোৰা ৰায়চৌধুৰী বাইদেউক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ)
মৃত্যুৰ পিছতো মানৱ সেৱা সম্ভৱনে? হয়,সম্ভৱ। মৃত্যুৰ পিছতো মানৱ সেৱা কৰিব পাৰি। মৰণোত্তৰ দেহদান বা অংগ দানৰ জৰিয়তে মৃত্যুৰ পিছতো মানুহৰ সেৱা আগবঢ়োৱাৰ মহান আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ অসমৰ গুৱাহাটী নিবাসী ইলোৰা ৰায়চৌধুৰীয়ে দেহদান কৰাৰ সংকল্প লয়। জীৱনৰ মাজ বয়সত কৰ্কট ৰোগাক্ৰান্ত হোৱা ৰায়চৌধুৰীয়ে মৃত্যুৰ দুমাহৰ পূৰ্বে ২০০৩ চনৰ ১৭ মাৰ্চত স্বাক্ষৰিত ‘শেষ ইচ্ছাপত্ৰ’ৰ যোগে চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা অগ্ৰগতিৰ স্বাৰ্থত মৰণোত্তৰ দেহদানৰ কথা উল্লেখ কৰে। তেখেতেই মৰণোত্তৰ দেহদান কৰা অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা। ২০০৩ চনৰ ১৫ মে’ত মৃত্যুৰ লগে লগে তেখেতৰ চকুযুৰি গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ক দান কৰা হয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই দুজন অন্ধ লোকৰ চকুত তেখেতৰ কৰ্ণিয়া সংস্থাপন কৰি তেওঁলোকক দৃষ্টিদান কৰে। ১৫ মে’ৰ দিনাখনেই তেখেতৰ মৃতদেহটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়।
 
কেৱল মৰণোত্তৰ দেহদানৰ উদ্দেশ্যৰে নহয়,সমাজৰ চাৰিওফালে যুগ-যুগান্তৰ ধৰি চলি থকা বিভিন্ন অন্ধবিশ্বাস, কু-সংস্কাৰ,গোড়ামি আদিৰ বিপৰীতে বিজ্ঞান মনস্কতাৰ প্ৰসাৰ,স্বাস্থ্য সজাগতা আৰু পৰিবেশ সচেতনতা বৃদ্ধি,ৰক্তদান, নেত্ৰদান, অংগদান আদিৰ বাবে উৎসাহ প্ৰদান তথা নিস্বাৰ্থ মানৱ সেৱাৰ লক্ষ্যৰে ইলোৰা ৰায়চৌধুৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানত,(গুৱাহাটী, ১৫ মে,২০০৪) তেখেতৰ স্মৃতিত সতীৰ্থ, স্বামী ইচফাকুৰ ৰহমান আৰু বহু গুণমুগ্ধ লোকে ‘ইলোৰা বিজ্ঞান মঞ্চ’ নামৰ এটি স্বেচ্ছাসেৱী বে-চৰকাৰী সংগঠনৰ জন্ম দিয়ে।

সংগঠনটোৱে বিগত বছৰবোৰত মানৱ সেৱাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক লোকে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰে কেইবাগৰাকীৰো ইতিমধ্যে মৃত্যু ঘটাত তেখেতসকলৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক সসন্মানে অৰ্পণ কৰা হৈছে। তাৰোপৰি,ব্যাপক সংখ্যক লোকে ৰক্তদান,নেত্ৰদানৰ দৰে পবিত্ৰ মানৱ সেৱাৰ অধিকাৰী হৈছে।

এনে কাৰ্যসূচীৰ সমান্তৰালভাৱে মঞ্চই বিদ্যাসাগৰ, ৰামমোহন, হেমচন্দ্র বৰুৱা,আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদি মনীষীসকলে ৰোপণ কৰি থৈ যোৱা যুক্তিবাদী ঐতিহ্যৰ আঁত ধৰি অন্ধবিশ্বাস, কু-সংস্কাৰাদিৰ বিৰুদ্ধে সমাজত বৈজ্ঞানিক চিন্তা-চেতনাৰ উন্মেষ ঘটাবলৈও বিনম্ৰ প্ৰয়াস চলাই আহিছে। তাৰেই অকপট চেষ্টাত জন্ম হৈছে ‘সমীক্ষণ’ৰ দৰে বিজ্ঞানমনস্কতা আৰু প্রগতিশীল চিন্তাৰ সময়োপযোগী আলোচনীৰো। যাৰ ঠিকনাঃ ইলোৰা বিজ্ঞান মঞ্চ, পি ডি চলিহা পথ,হেদায়েৎপুৰ,গুৱাহাটী-৩,ম’বাইল-9435042102(ইচফাকুৰ ৰহমান) Email: elloravigyan@gmail.com / https://www.facebook.com/pages/Ellora-Vigyan-Mancha

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব প্ৰগতি সত্তেও আমাৰ ৰাজ্য তথা দেশখনত কৌটিকলীয়া বহু অযুক্তিকৰ ধ্যান ধাৰণাই আজিও সৰ্বসাধাৰণক আচ্ছন্ন কৰি ৰাখিছে। অস্পৃশ্যতাৰ কঠিন শৃংখলৰ আৱৰ্তত আজিও আৱদ্ধ আমাৰ সমাজ জীৱন। ডাইনীৰ নামত হত্যাৰ দৰে নিষ্ঠুৰ তথা অমানৱীয় কাৰ্য চলিয়েই আছে। কিৰো ইয়ং,নিৰ্মল বাবা,জাকিৰ নাইকহঁতৰ দৰে অপৰাধীৰ সাম্ৰাজ্য দিনে দিনে বিস্তাৰিতহে হৈ গৈ আছে। যিবোৰ পৰম্পৰা,ৰীতি-নীতি,সংস্কাৰে আমাৰ ব্যক্তিগত তথা সমাজিক জীৱন পংগু আৰু পশ্চাদমুখী কৰি ৰাখিছে,সেইবোৰৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি থিয় দিয়াৰ সময় আহি পৰিছে।

মৃত্যুৰ পিছতো জীৱনৰ সেৱা!
মৰণোত্তৰ দেহদান-অংগদানক এক পাৰিবাৰিক/জাতীয়/ৰাষ্ট্ৰীয় পৰম্পৰা-সংস্কৃতিলৈ পৰিণত কৰোঁ আহক!!

মানৱ মৃতদেহ এটি অতি মূল্যবান। ইয়াক কেৱল পৰম্পৰা অনুসৰি দাহ কৰি অথবা সমাধিস্থ কৰি ছাই বা ধূলিত পৰিণত কৰি নষ্ট কৰা অনুচিত। সু-চিকিৎসা তথা ৰোগ নিৰাময়ৰ বাবে মানৱ শৰীৰৰ বিষয়ে স্পষ্ট জ্ঞানৰ আৱশ্যক। শৱ-ব্যৱচ্ছেদন(Cadaver dissection)ৰ দ্বাৰা মানৱ দেহৰ পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে এই জ্ঞান আহৰণ কৰিব পাৰি। প্রয়োজনীয় শৱদেহৰ অভাৱে আমাৰ চিকিৎসা মহাবিদ্যালয়বোৰত ‘এনাটমী’ৰ শিক্ষা প্ৰদান আৰু গ্ৰহণত বহু সমস্যাৰ সৃষ্টি কৰি আহিছে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ লগে লগে মানৱ মৃতদেহৰ চাহিদাও বহুগুণে বৃদ্ধি পাইছে। (অসমৰ এক উদাহৰণ: http://www.telegraphindia.com/1120320/jsp/northeast/story_15268914.jsp) এটি মৃতদেহে চিকিৎসা বিজ্ঞানৰ শিক্ষা,প্ৰশিক্ষণ,গৱেষণা আৰু অংগ প্ৰতিস্থাপন/সংৰোপণৰ অলেখ সুযোগ-সুবিধা আগবঢ়ায়।

মৰণোত্তৰ দেহদান এক অতিশয় মহান কাৰ্য। ই এক ধাৰ্মিক কাৰ্য। মানৱ কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে মৰণোত্তৰ দেহদান কৰা বিশ্বৰ প্ৰথম ব্যক্তিগৰাকী আছিল ১৮৩২ চনত মৃত্যুবৰণ কৰা বৃটিছ দাৰ্শনিক আৰু সমাজ সংস্কাৰক জেৰেমি বেন্থাম। ভাৰতত মৰণোত্তৰ দেহদান আন্দোলনৰ বাটকটীয়া হ’ল মহাৰাষ্ট্ৰৰ শিক্ষাবিদ পাণ্ডুৰংগ শ্ৰীধৰ আপ্টে। ১৯৫৬ চনত পুণেৰ বি জে মেডিকেল কলেজলৈ তেওঁৰ দেহ দান দিয়া হয়। ১৯৯৯ চনৰ ১৫ জুনত শোণিতপুৰ জিলাৰ জামুগুৰিৰ স্বাধীনতা সংগ্ৰামী চন্দ্ৰকান্ত শইকীয়াই অসমত প্ৰথম দেহদান কৰে। ২০০৩ চনৰ ১৫ মেত ইলোৰা ৰায়চৌধুৰীয়ে দেহদান কৰাৰ পাছত অসমত মৰণোত্তৰ দেহদান আন্দোলনে গতি লাভ কৰে।

প্ৰতিদিনেই বহুলোকে এক মানৱ অংগৰ বাবে অপেক্ষাৰত অৱস্থাতেই মৃত্যুক সাৱটি ল’ব লগা হয়। অংগদানে লাখ লাখ ৰোগীক জীৱনদান কৰিব পাৰে। এগৰাকী ব্যক্তিয়ে প্ৰাকৃতিক/সাধাৰণ মৃত্যু অথবা মস্তিষ্কৰ মৃত্যু(Brain-stem-death)ৰ পাছত অংগ আৰু কলা(Tissue) দান কৰিব পাৰে। প্ৰাকৃতিক মৃত্যুৰ পাছত কেৱল চকু,হাঁড়,ছাল,ৰক্ত ধমনী,হৃদয় কপাট আদিহে দান কৰিব পাৰি। মস্তিষ্কৰ মৃত্যুৰ পাছত মৃতকৰ শৰীৰৰ বিভিন্ন অংগ - বৃক্ক,যকৃৎ,হৃদযন্ত্ৰ,হাঁওফাঁও/শ্বাসযন্ত্ৰ,অগ্ন্যাশয় আদি সময়মতে সংগ্ৰহ কৰি আন কাৰোবাক সুস্থ আৰু দীৰ্ঘজীৱন প্ৰদান কৰিবৰ বাবে প্ৰয়োগ কৰিব পাৰি। দান কৰা বৃক্ক,যকৃৎ,নাইবা হৃদযন্ত্ৰই কাৰোবাক নিশ্চিত মৃত্যুৰ মুখৰপৰা বচাব পাৰে। আমাৰ দেশত দহ লাখৰো অধিক লোক বৃক্কজনিত জটিল ৰোগত আক্ৰান্ত। এটা সুস্থ বৃক্ক লাভ কৰিলে তেওঁলোকে দীৰ্ঘজীৱন লাভ কৰিব পাৰে। সেইদৰে,যকৃৎ নাইবা হৃদযন্ত্ৰজনিত লাখ লাখ ৰোগীৰ ক্ষেত্ৰতো একে কথাই ক’ব পাৰি। বছৰি আমাৰ দেশত দুৰ্ঘটনাজনিত কাৰণত মস্তিষ্কৰ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় এক লাখ। এই লোকসকলে অংগদান কৰাহেঁতেনো যথেষ্টসংখ্যক ব্যক্তিয়ে নৱজীৱন পালেহেঁতেন।

কিন্তু, অন্ধবিশ্বাস,কু-সংস্কাৰ আদিৰ লগতে প্ৰয়োজনীয় সচেতনতাৰ অভাৱৰ বাবেই এয়া সম্ভৱ হৈ উঠা নাই। এটি দেহে অংগ প্ৰতিস্থাপন/সংৰোপণৰ ৫০ টাতকৈয়ো অধিক সুযোগ প্ৰদান কৰিব পাৰে। আমাৰ মৃত্যু/মস্তিষ্কৰ মৃত্যুৰ পিছতো আমাৰ চকুযুৰি,বৃক্ক,যকৃৎ,হৃদযন্ত্ৰ ইত্যাদি এই পৃথিৱীত জীয়াই থাকিব কাৰোবাক নতুন জীৱন প্ৰদান কৰি! প্ৰকৃতাৰ্থত আমাৰ পুনৰ্জন্ম হ’ব!! [(এক উদাহৰণ: http://toi.in/uewWOa) (অসম, লক্ষ্য বহুদূৰ: http://www.assamtribune.com/scripts/detailsnew.asp?id=sep2412/city05)]

“জীৱশূণ্য মৃতদেহটি এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই।” – হেমচন্দ্ৰ বৰুৱা
দেহদানে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক অন্ত্যেষ্টিক্ৰিয়াদিৰ অনৰ্থক মানসিক,আৰ্থিক বোজাৰ পৰাও কিছু পৰিমানে হ’লেও সকাহ দিব! কোনো ‘৪০বছৰীয়া’ চন্দনগছো হয়তো নিৰ্মম হত্যাৰ বলি হ’বলগা নহ’ব!! চিতাভস্মাদিক লৈ চলি থকা ‘কিবাকিবি’ও …..!!!


নেত্রদান
সম্প্ৰতি কৰ্ণিয়াজনিত অন্ধতা সমাজৰ ডাঙৰ ব্যাধিৰূপে দেখা দিছে। ভিটামিন ‘এ’ৰ অভাৱ,দুৰ্ঘটনা আদিৰ উপৰিও প্ৰদূষণকে ধৰি বিভিন্ন ৰাসায়নিক পদাৰ্থ আদিৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগে লগে এই অন্ধতাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বহু লোকে এই সুন্দৰ জগতখন চোৱাৰ পৰা বঞ্চিত হৈছে। এই অন্ধ লোকসকলে জীৱনৰ যিকোনো সময়ত নিজৰ অন্ধতা দূৰ কৰিব পাৰে। একমাত্ৰ উপায় – কৰ্ণিয়া সংৰোপণ। নেত্ৰদানৰ জৰিয়তেহে এই সংৰোপণ সম্ভৱ। কৰ্ণিয়াজনিত অন্ধতাৰ চিকিৎসাৰ বাবে আমাৰ দেশত বছৰি প্ৰায় আঢ়ৈ লাখ মানৱ কৰ্ণিয়াৰ প্ৰয়োজন।

এই প্ৰয়োজনীয়তাৰ বিপৰীতে নেত্ৰদানৰ যোগেদি চল্লিশ-পঞ্চল্লিশ হাজাৰমান চকুহে দেশৰ নেত্ৰ-ভঁৰাল(Eye Bank) সমূহে লাভ কৰে আৰু ইয়াৰো কেৱল ৫০-৬০ শতাংশহে কৰ্ণিয়া সংৰোপণৰ বাবে উপযোগী। অথচ প্ৰতিবছৰে দেশত প্ৰায় এক কোটি লোকৰ মৃত্যু হয়। ফলত এক বৃহৎ অংশৰ চাহিদা থাকি যায়। সেয়েহে আমি সকলোৱে মৃত্যুৰ পিছত নেত্ৰদান কৰাৰ সংকল্প লৈ এই অন্ধ লোকসকলক আমাৰ বিনন্দীয়া পৃথিৱীখনৰ ৰং ৰূপ উপভোগ কৰাত সহায় কৰিব পাৰোঁ। এজন ব্যক্তিৰ নেত্ৰদানে দুজন (বৰ্তমান কিছুক্ষেত্ৰত ছয়জন পৰ্যন্ত) কৰ্ণিয়াজনিত অন্ধতাত ভোগা লোকক দৃষ্টিশক্তি দান কৰিব পাৰে। চকুৰ আন অংশ গৱেষণা আৰু প্রশিক্ষণৰ বাবে উপযোগী।

(ইচ্ছুক দাতাসকলৰ বাবে: STATE EYE BANK,REGIONAL INSTITUTE OF OPHTHALMOLOGY,GAUHATI MEDICAL COLLEGE,GUWAHATI - 781032 Phone: +91-361-2460303 http://gmchassam.nic.in/eyebank-pledge.pdf অথবা SRI SANKARADEVA NETHRALAYA EYE BANK Tel: 0361- 2233444 http://www.ssnguwahati.org/pledge/eye.pdf অথবা http://ebai.org/donator-registration/)

নেত্ৰদানৰ বাবে বয়সৰ কোনো বাধা নাই। দুৰ্বল দৃষ্টিশক্তি সম্পন্ন,চশমা ব্যৱহাৰকাৰী,অথবা চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ(Cataract Surgery) কৰা ব্যক্তিয়েও নেত্ৰদান কৰিব পাৰে। মৃত ব্যক্তি এগৰাকীয়ে নিজৰ জীৱনকালত নেত্ৰদান নকৰিলে,তেখেতৰ পৰিয়ালৰ সদস্য অথবা নিকটাত্মীয়য়ো তেখেতৰ নেত্ৰ দান দিব পাৰে। ৰাইজক নেত্ৰদান সন্দৰ্ভত সজাগ কৰিব পাৰিলে সমাজৰ পৰা কৰ্ণিয়াজনিত অন্ধতা দূৰ কৰিব পৰা যাব। (অসমত নেত্ৰদান, পুতৌলগা ছবি: http://timesofindia.indiatimes.com/city/guwahati/Assam-fairs-poorly-in-eye-donation/articleshow/29160561.cms / http://www.telegraphindia.com/1110920/jsp/northeast/story_14527082.jsp)

মানুহ মৰণশীল। সেয়ে আহক,আমি প্ৰত্যেকেই নিজৰ ব্যক্তিগত জীৱনৰ সুখ উপভোগৰ সমান্তৰালকৈ আনৰো উপকাৰ কৰোঁ- জীৱন কালত ৰক্তদানকে ধৰি বিভিন্ন মানৱতাবাদী কৰ্মৰে আৰু মৃত্যুৰ পাছত দেহদানেৰে। সীমাবদ্ধ মানৱ জীৱনে জীৱন কালত কৰিব নোৱাৰাখিনি মৃত্যুৰ পাছতো মানৱ কল্যাণৰ হকে দেহদান কৰি উপভোগ কৰোঁ প্ৰকৃত ধাৰ্মিক জীৱনৰ নিৰ্লোভ আৰু নিৰ্মল আনন্দ। ‘ইলোৰা বিজ্ঞান মঞ্চ’ই এই ক্ষেত্ৰত পাৰ্যমানে সহযোগিতা আগবঢ়াব।
(আপোনাৰ প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ পাব- http://swapnawrites.wordpress.com/2013/03/11/faq-on-organ-body-brain-eye-donation/)

(মৰমৰ দাদা আৰু সহকৰ্মী বলীন ভূঞাদেৱলৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ। মুখ্য তথ্য উৎস: ইচফাকুৰ ৰহমানদেৱৰ সতে বাৰ্তালাপ আৰু অন্তৰ্জাল।)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages