পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ  
১. কাইলৈৰ পৰা অসম সাহিত্য সভাই আয়োজন কৰিছে ৰাজ্যভাষা প্ৰয়োগৰ সন্দৰ্ভত এখন দুদিনীয়া জাতীয় অভিবৰ্তন। অসমৰ ৰাজ্যভাষা আৰু মাতৃভাষাৰ ৰক্ষা-কৱচৰ হকে আয়োজিত এই অভিবৰ্তনৰ কাৰ্যসূচী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, ৰবীন্দ্ৰ ভৱন আৰু লক্ষ্মীৰাম বৰুৱা সদনত অনু্ষ্ঠিত হব। অসমৰ প্ৰতিটো জনগোষ্ঠীয় সাহিত্য সভা, সামাজিক সংগঠন, শৈক্ষিক প্ৰতিষ্ঠান, সংগঠনৰ প্ৰতিনিধিক এই অভিবৰ্তনলৈ আমন্ত্ৰণ জনোৱা হৈছে। ২৬মে'ৰ সন্ধিয়া সাহিত্যৰথীৰ কথা আৰু সুৰেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান "একেটি সুৰত বাঁহীটি বন্ধা" শীৰ্ষক গীতাঞ্জলিত খগেন মহন্ত, সুদক্ষিণা শৰ্মা, পুলক বেনাৰ্জী, তৰালী শৰ্মাকে ধৰি বিশিষ্ট শিল্পী সকলে অংশগ্ৰহণ কৰিব।
২. সুকন্নানী ওজাপালিৰ যশস্বী শিল্পী শ্ৰীকান্ত ডেকাক প্ৰদান কৰা হৈছে বহ্নিমান সাংস্কৃতিক বঁটা-২০১৪। যোৱা ১৫মে'ত পশ্চিম দৰঙৰ দিপীলাত লোকশিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে সামাজিক সংগঠন বহ্নিমান গোষ্ঠীয়ে। ওজাপালি আৰু দেওধনী নৃত্যৰ নিৰৱ সাধনা আু উত্তৰণৰ বাবে চলোৱা জীৱনজোৰা সাধনাৰ বাবেই শিল্পী গৰাকীক এই বঁটাৰে সন্মানিত কৰা হৈছে।

৩. সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য "ব্যতিক্ৰম মাছডো"ৰ উদ্যোগত অনুষ্ঠিত হব মনমৰমী মহন্তৰ সত্ৰীয়া নৃত্যৰ আলোকচিত্ৰ প্ৰদৰ্শনী। গুৱাহাটীৰ ৰাজ্যিক কলা-বীথিকাত অহা ২৬মে'ৰ পৰা ৩১মে'লৈ এই প্ৰদৰ্শনীখন অনুষ্ঠিত হব বুলি কালি এক সংবাদ মেলত নৃত্যাচাৰ্য তথা পদ্মশ্ৰীৰে সন্মানিত শিল্পী যতীন গোস্বামীয়ে প্ৰকাশ কৰে। প্ৰদৰ্শনীখন মুকলি কৰিব সত্ৰীয়া নৃত্যৰ গুৰু তথা সংগীত নাট একাডেমীৰ সন্মানপ্ৰাপক মাণিক বৰা বৰবায়নে।

৪. হোজাইৰ হাজী আব্দুল মৰজিড মেম'ৰিয়েল (হাম) হাস্পতাললৈ এখন এম্বুলেঞ্চ প্ৰদান কৰিলে ভাৰতীয় ষ্টেট বেংকৰ হোজাই শাখাই। ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ মণ্ডলৰ মহাপ্ৰৱন্ধক ফাৰুক চাহাবে হাস্পতালখনৰ প্ৰেক্ষাগৃহত হোৱা এক সভাত কৰ্তৃপক্ষক এক আনুষ্ঠানিকভাৱে এম্বুলেঞ্চখন প্ৰদান কৰি ৰাইজৰ সেৱাত অৰ্পণ কৰে।

৫. বিটিএডিত পৰিষদীয় নিৰ্বাচনলৈ সাজু বুলি ঘোষণা কৰিলে ২৬টাকৈ অবড়ো সংগঠনৰ ঐক্যমঞ্চ "অবড়ো সুৰক্ষা সমিতি"। অনাবড়ো লোকৰ বিপন্ন হোৱা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গঠিত সংগঠনটোৰ প্ৰাৰ্থীয়ে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দি জয়ী হবলৈ সক্ষম হৈছে আৰু অনাগত বৰ্ষৰ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনতো সফলতা লাভ কৰিব বুলি সংগঠনটোৱে দাবী কৰিছে।

৬. গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত নিৰাপত্তা ব্যৱস্থা উন্নীতকৰণৰ বাবে ১৭টাকৈ ক্লজ চাৰ্কিট কেমেৰাৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা স্থাপন কৰা হৈছে। মূল গেটৰ পৰা সকলো বিভাগৰে কাম-কাজ পৰ্যবেক্ষণ কৰি কৰ্তব্যত অৱহেলা কৰা চিকিতসক, কৰ্মচাৰী, নাৰ্চৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হব বুলিও অধীক্ষকে প্ৰকাশ কৰিছে। হাস্পতালখনত নতুনকৈ ২২গৰাকী নাৰ্ছে নিযুক্তি লাভ কৰিব বুলিও সুখবৰ তেখেতে প্ৰকাশ কৰে।

৭. সোণাই ৰূপাই অভয়াৰণ্যত বাহৰ পতা চোৰাং চিকাৰী দলৰ এজনক মুখামুখি সংঘৰ্ষৰ অন্তত আটক কৰিবলৈ সক্ষম হয় বন বিভাগৰ টহলদাৰী দলে। ৩টা হস্তনিৰ্মিত বন্দুক, ৩০০জাঁই গুলী আদিও দলটোৱে উদ্ধাৰ কৰে।

৮. কালি তেজপুৰ জিলা পুথিভঁৰালত জিলাখনৰ সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত ৰাজ্য চৰকাৰ সৈনিক কল্যাণ পৰিষদে প্ৰদান কৰি বিভিন্ন অনুদানসমূহ। জিলাখনৰ ১৩০গৰাকী প্ৰাক্তন সৈনিকৰ বিধৱা পত্নী তথা পৰিয়ালবৰ্গই চিলাই মেচিন, পানীৰ পাম্প আদি লাভ কৰি উপকৃত হোৱাৰ সুখবৰ।

৯. ধুবুৰী জিলা প্ৰশাসনে ৰাইজৰ সহযোগত বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত গোলাপ উদ্যান আৰু এটি আবক্ষ মূৰ্তি স্থাপন কৰিছে। অহা ২৭মে'ৰ আবেলি উদ্যানখনত আবক্ষ মূৰ্তি আনুষ্ঠানিকতাৰে উন্মোচন কৰিব জিলাখনৰ উপায়ুক্ত কুমুদ চন্দ্ৰ কলিতাই।

১০. অহা ১জুনত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজিত হৈছে সদৌ অসম ভিত্তিত পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ এখনি সংগীত প্ৰতিযোগিতাৰ। দুটা শাখাত হব লগা প্ৰতিযোগিতাখনিৰ বাবে আয়োজক সমিতিৰ নন্দ বেনাৰ্জীৰ সৈতে ৯৪৩৫১-১৫৮০০ নম্বৰত যোগাযোগ কৰিব পাৰিব। গীতিকাৰ গৰাকীৰ মৃত্যু দিৱস ৰবীন্দ্ৰ ভৱনত অহা ৭জুনত অনুষ্ঠিত কৰা হব আৰু সিদিনা সন্ধিয়া এখনি স্মৃতিচাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান "জোনাকী মেল"ৰো আয়োজন কৰা হৈছে বুলি আয়োজকে জনাইছে।

১১. ষষ্ঠ অনুসূচিতভুক্ত তালিকাত প্ৰযোজ্য হব পঞ্চায়তীৰাজ। কাৰ্বি-আংলং আৰু ডিমা হাচাও জিলাত ইয়াক প্ৰযোজ্য কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰি অসমৰ ৰাজ্যপালে জিলা দুখনৰ জন প্ৰতিনিধি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা সুখবৰ।

১২. নৰেন্দ্ৰ মোডীৰ মাতৃ আৰু পত্নীলৈকো এছ.পি.জিৰ নিৰাপত্তা প্ৰদান কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। মোডী চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পাঁচ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হব আৰু ৰাষ্ট্ৰপতি ভৱনৰ সমুখত হব লগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে আজি আৰু কাইলৈ ৰাষ্ট্ৰপতি ভৱন ৰাইজৰ বাবে বন্ধ থাকিব।

১৩. এঘাৰ বছৰৰো অধিক মুখ্যমন্ত্ৰী হোৱাৰ পাছত সংসদলৈ নিৰ্বাচিত হোৱা নগালেণ্ডৰ নেইফিউ ৰিঅ'ৰ পাছত আজি নগা পিপলছ ফ্ৰণ্টৰ টি আৰ জেলিয়াঙে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব।

১৪. গুৱাহাটী চিনে ক্লাৱে আজি সন্ধিয়া লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদৰ্শন কৰিব "দ্য এডছ অৱ হেভেন" নামৰ ছবিখন। ২০০৭ চনৰ ক্যাঁ চলচ্চিত্ৰ মহোতসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটাৰে ছবিখন সন্মানিত হৈছিল।

১৫. অসমত বিসম্বাদ মৰিষণৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক প্ৰেৰণ কৰিব কংগ্ৰেছ হাইকামাণ্ডে। শেহতীয়া বিপৰ্যয়ৰ পাছত দলীয় অন্তঃকন্দলক লৈ হাইকামাণ্ড চিন্তিত হোৱা খবৰ। ৰাজভৱনত অনাস্থা প্ৰস্তাৱ দিবলৈ যোৱাৰ কাৰ্যসূচী বাতিল কৰিলে বিসম্বাদী গোটে।

3 comments: