Saturday, May 10, 2014

আজিৰ অনুভৱ

বিহুৰ বতৰত কিছু আবতৰীয়া অনুভৱ

অনামিকা বৰুৱা

......আমি সকলোৱে অফিচত বহি কাম কৰি আছিলোঁ। দুপৰীয়া ঠিক একমান বজাত তিনিজন মানুহ সোমাই আহিল অফিচলৈ। কথা-বতৰা হোৱাত গম পালোঁ তেওঁলোকে অৰিহণা বিচাৰি আহিছে। বিহুৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়া পাতিব তিনিচুকীয়া জিলা পুথিভঁৰালত। কথাষাৰ শুনিয়ে মনটো কেনেবা কেনেবা লাগিল।

বিহু গৈ কোনোবাখিনি পালেগৈ; এতিয়াও বিহুক টানি আঁজুৰি বিহু সন্মিলন, সাংস্কৃতিক সন্ধিয়া পতাৰ পয়োভৰ কমা নাই। জেঠতো ব’হাগী বিদায় পাতে যেতিয়া! সি যি কি নহওক তেওঁলোকে অৰিহণা বিচৰাত লগৰ দুজনে কিবা ভাবি ৫০ টকাকৈ দিলে। এজনে নিদিওঁ বুলি ক’লে। বাকীথকা কেইজনে তেওঁলোকক বিমুখ নকৰি ২০ টকাকৈ তুলি দিবলৈ লওঁতেই তেওঁলোকে আপত্তি কৰিলে আৰু সেইকেইটকা নোলোৱাকৈ কথা দু-আষাৰ শুনাই থৈ গ’ল। ইমান ভাল চাকৰি কৰি ইমান কম টকা দিয়াত তেওঁলোক একপ্ৰকাৰ নাৰাজ হৈয়ে গ’ল। যি দুজনে ৫০ টকাকৈ দিছিল তেওঁলোকক একেখন ৰচিদতে ধন গ্ৰহণ কৰা বুলি দি থৈ গ’ল। মনটো খোচা-বিন্ধা কৰি থাকিল বহুপৰলৈ।

.....সংস্কৃতি-অপসংস্কৃতিৰ কথা ক’বলৈ নাযাওঁ। কিন্তু বিহু সন্মিলন পাতিবলৈ এনেকৈ অফিচে অফিচে গৈ ধন সংগ্ৰহ কৰাটোক কি বুলি কওঁ? ভাবিবলৈ বাধ্য হৈছোঁ দৰাচলতে আমি কোন দিশে গতি কৰিছোঁ? এইয়া আধুনিকতাৰ অভিশাপ নে অসমীয়া হোৱাৰ কলংক? আগে-পিছে সহকৰ্মী দুই এজনে দূৰ্গা পূজা উপলক্ষে কেতিয়াবা (নিজৰ নিজৰ এলেকাত পতা) অৰিহণা বিচৰা মনত আছে। তেওঁলোকে জোৰ-দবৰদস্তি নকৰে। মই বৰকৈ পূজা-পাতলত বিশ্বাসী নহয়। তথাপি সহকৰ্মীৰ আব্দাৰলৈ চাই এঘাৰ টকামান দিওঁ। ঘৰত ধূপ-চাকি জ্বলালেও দহ-বিশ টকা খৰছ হয় বুলিয়ে সেইটোক সহজভাৱে মানি লওঁ। কিন্তু এনেকৈ বিহু পাতিবলৈ বুলি অফিচলৈ আহি চান্দা তোলা এইবাৰেই প্ৰথম পালোঁ। মানুহকেইজন দেখিয়ে মনত পৰিল এইকেইজন লোকেই যোৱা বছৰ জুলাই মাহত স’ৰু ল’ৰা-ছোৱালীৰ ছবি অঁকা প্ৰতিযোগিতা আয়োজন কৰিম বুলি ধন সংগ্ৰহ কৰিছিল। সেইবাৰ মই নিঃসংকোচে কিছু অৰিহণা দিছিলোঁ। পাছত সেই প্ৰতিযোগিতা পাতিলেনে নাই গম নাপালোঁ।

.....বিহু বুলিলেই শৈশৱলৈ মনত পৰে। সৰু হৈ থাকোঁতে আমিও বিহু মাৰিছিলোঁ। ঘৰে ঘৰে গৈ হুঁচৰি গাইছিলোঁ। ৰাতি ৰাতি বতাহ-বৰষুণত তিতি জুৰুলি-জুপুৰি হৈয়ো হুঁচৰি গাইছিলোঁ। কিন্তু বিহুৰ সাতদিন যোৱাৰ পাছ্ত সকলোৱে লগে-ভাগে ভোজ-ভাত খাই বিহু উৰুৱাই সিমানতে বিহুমৰাৰ অন্ত পেলাইছিলোঁ। মামাহঁতৰ গাঁৱলৈ গ’লে গছতলত বিহু মাৰিছিলোঁ। নামঘৰত বিহু উৰুৱাইছিলোঁ। দিন-কাল সলনি হ’ল। গছতলৰ বিহু আহি মঞ্চ পালেহি। ঘৰে ঘৰে গোৱা হুঁচৰি আহি বজাৰ পালেহি। এক অনাহক প্ৰতিযোগিতাৰ বা-মাৰলিয়ে যেন শিপা উভালি পেলালে চিৰন্তন ঐতিহ্যৰ। বিহু গুচি বৰবিহ হ’ল। এতিয়া বিহু যেন মানুহৰ মনত নাথাকে। থাকে টকা-পইচাৰ হিচাপ-নিকাচত। অঞ্চলে অঞ্চলে নহয়; আজিকালি বিহু উদ্‌যাপন হয় চুবুৰীয়ে চুবুৰীয়ে। মুষ্টিমেয় কেইজনমান লোকে আগভাগ লয় বিহু সন্মিলনৰ যা-যোগাৰ কৰাত। উগ্যোক্তাসকলে দিন-ৰাতি একাকাৰ কৰে বিহু-সন্মিলনখন সফলতাৰে পাতিবলৈ। অৱশ্যে স্বীকাৰ কৰিবই লাগিব ইয়াৰে বহুকেইজনে মনে-প্ৰাণে অসম আৰু অসমীয়াক ভাল পায়। হৃদয়ৰ গভীৰতাৰ পৰা বিচাৰে যে অসমীয়া কলা সংস্কৃতি যাউতি যুগীয়া হৈ ৰওক। কিন্তু তাৰ মাজতো যেন সুবিধাবাদীসকল সোমাই গোটেই পৰিবেশটোকে বিকৃত কৰি পেলায়।

......ওপৰুৱাকৈয়ে কেতিয়াবা ভাবোঁ এনেকৈ গোটেই ব’হাগৰ মাহটোত চুবুৰীয়ে চুবুৰীয়ে বিহু সন্মিলন পতা আমিবোৰ সঁচাকৈয়ে ইমান ধনী নে যে লাখে লাখে টকা এনেদৰে অবাবত পানীত পেলাব পাৰোঁ? আমাৰ বাৰু কোনো অভাৱ অনাটন নাইনে? আমাৰ দেশখনৰ কথা নকলোঁৱে যেনিবা। আমাৰ ৰাজ্যখনৰ প্ৰতিজন লোকৰ ধনে-ধানে উভৈনদীকৈ আছেনে? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিংসাৰ দাবালনে জীৱন দুৰ্বিসহ কৰাৰ মুহূৰ্তত বিহু উদ্‌যাপন কৰিবলৈ যোৱাৰ মনোভাৱে সঁচাকৈ হতাশ কৰিছে। অসম চৰকাৰে উন্নতিৰ ঢাক-ঢোল কোবোৱা ৰাজ্যখনৰ অধিকাংশ লোকেই বাস কৰে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত। শিক্ষিতৰ হাৰ পুতৌজনক। জীৱন ধাৰণৰ মান নিম্নগামী। বিজুলীবাতিৰ সু-ব্যৱস্থা নাই, খোৱা পানীৰ যোগান নাই, যাতায়াতৰ সু-বন্দোৱস্ত নাই, উন্নত চিকি‌ৎসাৰ অভাৱত বিনা চিকিৎসাত মানুহ মৃত্যুমুখত পৰে এইখন অসমতেই। আইন-শৃংখলাৰ অৱস্থাও তথৈবচ। বছৰে বছৰে বানপানীয়ে ধুৱাই নিয়ে অসমক। তাৰ এটা স্থায়ী সমাধান আজিকোপতি নহ’ল। বিদেশীৰ আগ্ৰাসনৰ আজিও অন্ত নপৰিল। কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাৱৰ অলপো সালসলনি নহ’ল। অন্তহীন সা-সমস্যাৰে জুৰুলা কৰা অসমবাসীয়ে প্ৰতিটো দাবী পূৰাবলৈ সংগ্ৰাম কৰিব লাগে। আন্দোলন কৰিব লাগে। ব্যক্তিগত লাভালাভৰ মুনাফা লুটিবলৈ গৈ দেশৰ ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ লয় তেনেক্ষেত্ৰত সাধাৰণ মানুহৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? সহজে আৰু বিনাকষ্টে আনক আঁভুৱা ভাৰি ধন ঘটাই এচাম মানুহৰ লক্ষ্য হৈ পৰিছে। এইয়াই বৰ্তমান মানুহৰ মানসিকতা। তথাপি আশা কৰোঁ জনগণ সজাগ হ’বৰ হ’ল। তুলুঙা আবেগত উটি গৈ ঘৰৰ ভেটি বন্ধকত থ’ব লগাৰ দিন যেন কেতিয়াও নাহে। 

বিহু আমাৰ সাতামপুৰুষীয়া। বিহু আমাৰ তেজত আছে, চিৰদিন থাকিব। কিন্তু কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ গৈ নিজৰ মান-মৰ্য্যদা ধূলিস্যাৎ কৰাৰ দুৰ্দশা যেন কোনোদিনেই নহয়। ঐতিহ্যৰ নামত, পৰম্পৰাৰ নামত অসমীয়াই অসমীয়াৰ গৰিমাক কলংকিত নকৰক। কোনো বিতৰ্কই, কোনো কেলেংকাৰীয়ে আমাৰ বৰঘৰৰ মজিয়া কলুষিত নকৰক। বিহুৰ বতৰত সমগ্ৰসত্তাৰে কামনা কৰিছোঁ বিহু যেন সুবিধাভোগীৰ ভোগৰ থলী নহৈ হিয়াৰ আমঠু হৈ ৰয় যুগে যুগে….

No comments:

Post a Comment