মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

Share This
শপতনামাৰ শপতঃ কিছু আপদ, কিছু বিপদ!
নিৰ্বাচন আহিলে হেনো সম্পত্তিৰ হিচাব দিব লাগে। সেইটো এটা নিয়ম। কিমান গুৰুত্বপূৰ্ণ নিয়ম সেইটো এতিয়ালৈ কোনেও প্ৰমান কৰি দেখুওৱা নাই! মানে এতিয়ালৈকে সম্পত্তিৰ হিচাব ঘোষণা কৰিবলৈ কোৱা সত্বেও ভুলকৈ ঘোষণা কৰা বাবে কোনো ৰজা মহাৰজাৰ টিকট কটা যোৱা বাৰু শুনিছেনে? আমি হ'লে শুনা নাই! অন্ততঃ এই মুলুকত.....!

আচলতে সেইটো নিয়ম, মানে এক নিয়ম মাফিক কাৰবাৰ। আদালতত গীতা বা বাইবেলত হাত থৈ শপত খোৱাৰ দৰেই! যি কম সঁচা কম... পিছে তাত সঁচা কথা কোৱাৰ উদাহৰণ হেনো খুৱেই নগন্য! দৰৱত দিবলৈ কেতিয়াবা বিচাৰি পোৱাৰ দৰেই!...

মিচা ক'লেনো বাৰু কি ডাল হব, কোনে কাৰ কান কাটিব... ধৰণৰ ধাৰণা এটা লৈহে হেনো এনে সম্পত্তি আৰু আয় ঘোষণা কৰাটো আমাৰ মুলুকত নিয়ম। আয়কৰ দিয়াৰ ক্ষেত্ৰটো চেষ্টা কৰি কৰি লুকুৱাব নোৱাৰা বোৰহে ৰাইজে লিখে, লুকুৱাব পাৰিলে সেইটো হেনো নিজৰ ক্ৰেডিট। সেই ক্ষেত্ৰত বিধিগত সহায়ৰ বাবে ভেৰোনীয়া একাউণ্টটেণ্ট বাহিনীয়েও সহায় কৰেই!

একেদৰেই ইলেকচনৰ আগত সম্পত্তি তালিকা ঘোষণাও তেনেকুৱা নাটকেই। ইমান হাজাৰ কোটিৰ কেলেংকাৰী কৰা মানুহৰো ঘোষিত সম্পত্তিত পুৰণি মাৰুতি জেন! আয়ৈ দেহি, বেয়াই লাগি যায়., পুতৌ জন্মি যায় ধৰণৰ! হিমুকন দালৈ চেৰেংকৈ মনত পৰে!

হাজাৰ বিঘাৰ মাটিৰ বাগান থকা, হাজাৰ লিটাৰ মদৰ হোলচেল কৰা ৱেৰ হাউচ থকা  বাণী বাইদেউৰ একাউণ্টত কোটি টকাও নাই! কেনেকৈ মেনেজ কৰে খোদ ভগৱানে বা আল্লাইহে জানে দেই! দিল্লীত কেজৰীক এটা ফ্লেটত দুই লাখ টকা ভাড়া লোৱা শাসকৰ পাৰ্টিৰ মানুহৰ মাটিৰে সৈতে অট্টালিকা বা ফ্লেট থাকে। যিবোৰ কিনিবলৈ গ'লে কেইবাকোটি! কিন্তু ইলেকচনৰ শপত নামাত দুই তিনিলাখ দাম!

শপতনামা দি পাইছা? বন্ধুজনক সুধিলো! বোলে পাইছো! তেন্তে কেতিয়া? মানে এই ধৰা কিবা কাগজ-পত্ৰ নাই, সেয়ে ভগৱানৰ নামত শপত খাই নিজে  লিখি ঘোষণা কৰিলো মনৰ মতন! যেনে জন্মৰ প্ৰমাণ পত্ৰ লাগে, আই স্বৰ্গত! তাৰিখ এটা চাই শপতনামা দিয়ক। শ্ৰীমতীক বিয়া কৰাই আনিলে, চাৰ্টিফিকেট নাই, হয় বিয়াই কৰাই অনাটো সম্পূৰ্ণ মোৰ বিশ্বাস মতে সত্য। এখন কাগজত টাইপ কৰি দহটকীয়া দলিলত চহী কৰি দিয়ক সেয়া হেনো শপত নামা!

যতেই দৰকাৰ হয়, নামটো কৰিবৰ বাবে তাতেহে লাগে শপতনামা। বিশ্বাস আৰু মনত পৰা মতে, ভগৱানৰ শপত টাইপৰ! স্কুলীয়া দিনত মা-কচম খোৱা টাইপৰ! ৰাজনৈতিক ক্ষেত্ৰৰ মা-কচমহে এই সম্পত্তি তালিকাৰ শপতনামা! এজনৰ মতে সেই চৱ সব ধপ, ধপ মানে মিছা, হোষ্টেলৰ ভাষাত! সেয়ে আচলতে সেইখনক ধপতনামা নামেৰেহে মাতিব লাগে, মিচা ক'লে কি ডাল হব নহয়নে?

নিজৰ এশকোটি, প্ৰথমা পত্নীৰ ২২কোটি, দ্বিতীয়া ১৭কোটি, তৃতীয়াৰ.... । ৰক্ষিতা সকলৰ কথা উল্লেখ কৰাটো ভাল বাধ্যতামূলক নহ'ল বুলিহে। নহ'লে আৰু জমনি হ'ল হেতেন দেই...মিচা ক'লে কি ডাল হবহে! পিছে এই কোটি টকীয়া ছাৰৰ জন্ম তাৰিখটোহে উল্লেখ নাই, কোটিপতি কেতিয়া হ'ল সেইটো জানে, খালী জন্মৰ তাৰিখতো, আৰু জন্মস্থান.... বেছি নুসুধিব হে...বেলেগ ধপতনামা এখন বনাই আনিব!

এতিয়া তাকে লৈ ৰৌজাল বৌজাল! বোলে ছাৰ ইমান দিন শাসন থাকিও, ধনেই নাই! মাটি-বাৰী কৰাই নাই, ককা-দেউতাৰহে মাটি বাৰী....বছৰে বছৰে ভেলুৱেছন বাঢ়িছে যোৰহটীয়া গাঁওবুঢ়াৰ ঘৰত! সংসদত মাতো নামাতিলে, পইচাও নকৰিলে, মানে একোৱেই নকৰিলে...একদম শুদ্ধ কথা, সেয়েই এইবাৰ ভোটটো দি কিবা কৰিবলৈকে দিয়ক জ্যেষ্ঠজনক! মিচা কথা ক'লে কি ডাল হব নহয়নে...

ভোট দিলে দিব, নিদিলে নাই, সেইবুলি আমি বৰপেৰা খুলি দেখুৱাম নে? আদা বেপাৰীক জাহাজৰ খবৰ কেলেই লাগে হে...!শপতনামাত চহী কৰাৰ আগতে বোলে নেতাৰ মনোভাৱ এনেকুৱাই!

পিছে তথ্য জনাৰ অধিকাৰ লৈ তল-খুঁচৰি ফুৰা এজাকে, আজি সংবাদ মেল পাতি মাইনা গগৈ, বাণী বাইদেউৰ কিবা মাটি-শ্বেয়াৰৰ কাগজ দেখুৱালে। সম্পত্তিৰ তালিকাত নথকা সম্পত্তিৰ খতিয়ান দি দিলে। উচ্চ ন্যায়ালয়, ইলেকচন কমিচনৰ ওচৰলৈ যাব বুলিও ক'লে ! (সকলো ফুটুকাৰ ফেন হব সেয়া খাটাং বুলি মদন গুপ্তৰ ফুল পঞ্জিকাত পূৰা-পুৰি ভৱিষ্যতবাণী কৰি থোৱা আছেই...জনাই থলো দেই!)

আচলতে এই শপতনামাত আল্লা বা ভগৱানৰ নামত শপত খাই যিমান মনত আছে, সিমানৰহে মোটামুটি উল্লেখ কৰা যায়। সৰু সৰু মাটিৰ প্লট, বিল্ডিং কেতিয়া  হঠাত বাটতে পাই কিনিলে, ৰাইজৰ কাম কৰি ফুৰোতে এইবোৰ কিবা মনতেই থাকে নে হিচাবেই থাকে। মিচা ক'লে কি ডাল হব নহয়নে.... 

এনে বহুত ফুটুকাৰ ফেন উপভোগ কৰিবলৈ চাই থাকিব চেলবেল লাইভ ৩৬৫!

No comments:

Post a Comment