সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
সাহিত্য.অৰ্গৰ স্বাস্থ্য আৰু চিকিৎসা বিশেষ সংখ্যা

ডঃ বুলজিৎ বুঢ়াগোহাঁই

‘সাহিত্য ডট অৰ্গ (http://www.xahitya.org/)’ হৈছে অসমীয়া ভাষাত প্রকাশিত এখন ই-আলোচনী। ইয়াত ইউনিক'ড মানক পদ্ধতিৰে অসমীয়া ভাষাত লিখা হয়৷

 অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা হিচাবে ফেচবুকৰ “অসমীয়াত কথা-বতৰা” গোটত প্ৰকাশিত লেখাসমূহৰ মাজৰ পৰা নিৰ্বাচিত লেখাৰ উপৰিও ইণ্টাৰনেটৰ বাহিৰৰ পৰাও অসমীয়া ভাষাৰ লেখা ইয়াত প্ৰকাশ কৰা হয় ৷ প্ৰাৰম্ভিকভাৱে এক স্বতন্ত্ৰ অনুষ্ঠান/ৱেবচাইট হিচাপে প্ৰতিষ্ঠা হোৱা ‘সাহিত্য ডট্ অৰ্গ’ক পিছলৈ 'ভাষা সাহিত্য সন্মিলনী, অসম' নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয় ৷ এই মাহেকীয়া মুখপত্ৰখনৰ ISSN নম্বৰ হ’ল – ২৩২১-৫০৯৭। "সাহিত্য ডট অৰ্গ"ৰ মাৰ্চ, ২০১৪ সংখ্যাটি "স্বাস্থ্য আৰু চিকিৎসা বিশেষ সংখ্যা" হিচাবে প্ৰকাশ পাইছে। ডা° ভূপেন শইকীয়াই এই সংখ্যাটি সম্পাদনা কৰিছে।

"সাহিত্য ডট অৰ্গ"ৰ মাৰ্চ, ২০১৪ সংখ্যাটি প্রকাশ হোৱা লেখাবোৰ হ’ল- উদ্দীপ তালুকদাৰৰ “শিশুৰ মানসিক ৰোগ”, প্ৰিন্স গোস্বামীৰ “স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম”,অনুপমা বৰগোহাঞিৰ “স্বাস্থ্য, চিকিৎসা আৰু বৌদ্ধ দৰ্শন”,মানসী গোস্বামীৰ “প্ৰসাধন আৰু আমাৰ স্বাস্থ্য” , লক্ষেশ্বৰ হাজৰিকাৰ “নিদ্রা আৰু আহাৰ”,অবিদ আজাদৰ “অসমৰ জাবৰ চিকিৎসক আৰু ভাল চিকিৎসক: এক চমু অৱলোকন” জিন্তু দত্তৰ “হাত ধোৱক, সুস্থ থাকক”,দেবব্ৰত গগৈৰ “এটি উপকাৰী আৰু প্ৰয়োজনীয় শাৰীৰিক অনুশীলন”, টুৱাৰাম দত্তৰ “ডাক্তৰৰ ফীজঃ এটি ব্যক্তিগত অনুভৱ”, বিকাশ দাসৰ “প্ৰেচক্ৰিপচন ভাঙনি ” , ডাঃ চন্দন কুমাৰ বৰতামুলীৰ “জনসংখ্যা নিয়ন্ত্ৰণ আৰু পুৰুষ বন্ধ্যাকৰণৰ সহজ উপায়” ,ডাঃ নবাব মহম্মদ দিলৱাৰ হাচানৰ “বহুমূত্ৰ ৰোগৰ (ডায়েবেটিছ) পৰা আঁতৰি থাকিব পাৰিনে?”, তুলিকা নিৰ্মলীয়াৰ “ৰোগ”,নিয়ৰ পার্থ প্রতিম বুজৰবৰুৱাৰ “সম্পাদকলৈ চিঠি” , নীলাঞ্জনা মহন্তৰ “অন্য এক অনুভৱ, অন্য এক আশা” , ধীৰাজ কলিতাৰ “মনত পৰা ডাক্তৰ তিনিজন ”, অঞ্জল বৰাৰ “চিনাকি চিকিৎসক অচিনাকি চিকিৎসক”, মনজিৎৰ “একুৰি এটা বাঁকৰ বচন”,অনামিকা চলিহাৰ “যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু মোৰ অভিজ্ঞতা” , ড° বুলজিৎ বুঢ়াগোহাঁইৰ “অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ” , ৰশ্মিতা কাশ্যপ বৰাৰ “দেউতাৰ অসুখ,ডাক্তৰ আৰু কিছু তিতা-কেঁহা”, অভিজিত্ কলিতাৰ “চিকিৎসক আৰু আমি” , অঞ্জনা তামুলীৰ “অসমত উৎপন্ন হোৱা কিছুমান শাক-পাচলিৰ ঔষধি গুণ” , বৰ্ণালী বৰুৱা দাসৰ “হৃদৰোগৰ ৰাজনীতি” , গৌৰী শংকৰ কলিতাৰ “হলিষ্টিক স্বাস্থ্য-আধুনিক চিকিৎসাৰ নৱতম সংযোজন”, ৰক্তিম শৰ্মাৰ “স্বাস্থ্য আৰু মানৱ অধিকাৰ”, কনচেং বৰগোঁহাইৰ “স্বাস্থ্য আৰু কিছু ইতিবাচক কথা”, সুজাতা বৰুৱা শইকীয়াৰ “বিদেশত মোৰ দ্বিতীয় ইনিংচ”, ৰশ্মি বৰাৰ “পলিঅ’ মুক্ত ভাৰত” ,দিগন্ত যাদৱ শৰ্মাৰ “জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ”, জমিল আহমেদ লস্কৰৰ “আবু ধাবিৰ প্ৰত্যন্ত মৰুত চিকিৎসাৰ এক সুমধুৰ অভিজ্ঞতা”, নিতুল বৰাৰ “অসমীয়াৰ ঘৰুৱা চিকিৎসা”, যুগল চন্দ্ৰ বৰাৰ “হোমিওপেথিক চিকিৎসা শাস্ত্ৰৰ দৃষ্টিৰে – প্ৰতিজন অপৰাধীয়েই মানসিক ৰোগী”, অনামিকা বৰুৱাৰ “ডেউকা ভগা পখীৰ গান”, মানবেন্দ্ৰ চহৰীয়াৰ “অসমৰ বাবে কিছু সৰু সপোন”, অঞ্জল বৰাৰ “অনুভৱ”, গৌৰীশংকৰ কলিতাৰ “হলিষ্টিক স্বাস্থ্য- আধুনিক চিকিৎসাৰ নৱতম সংযোজন”, ধীৰাজ কলিতাৰ “ছিংগাপুৰৰ অভিজ্ঞতা”, ডঃ স্তুতি ৰঞ্জিত কোঁৱৰৰ “জীৱন আৰু মৃত্যুৰ আলি দোমোজাত”, দ্বীপেন শইকীয়া, পাৰ্শ্ব নেওগ আৰু লক্ষ্য জ্যোতি নাথৰ “চুটি গল্প”, নলিনীধৰ ভট্টাচাৰ্যৰ “মৌ-সনা সোঁৱৰণি (চৰ্তুদশ খণ্ড)”, আব্দুছ চাজিদৰ “অনন্য এক কাহিনী, ফুটবলৰ( দ্বিতীয় খণ্ড)”,ইন্দ্ৰনীল গায়নৰ “এটা মেডিকেল কবিতা”, ভৈৰৱ চাওদাঙৰ “মানুহ যেতিয়া ফাগুণ হৈ জ্বলে”, ধ্ৰুৱজ্যোতি শইকীয়াৰ “মানুহ”,ডাঃ এন. এম. ৰফিকৰ “উচ্চ ৰক্তচাপ! কি ব্যৱস্থা ল’ব?” , ৰাজীৱ বৰাৰ “ৰাতি ৯ বজাৰ আগেয়ে ঘৰলৈ নাহিবা !”, মালবিকা বৰাৰ ”অন্য নাম বেজাৰ”, দেৱাংগপল্লৱ শইকীয়াৰ “চিকিৎসকক কিয় ভগৱান বোলা হয় ?” , কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ দৃষ্টিৰে “ৰহঘৰা – ছবিৰ মাধ্যমেৰে ‘ছবিয়ে যেতিয়া কথা কয়’”, ৰঞ্জিতা গগৈৰ “সম্পাদকলৈ চিঠি”, উচ্চজিৎ কলিতাৰ “কেন্সাৰ”,বিশাল দেৱ ৰায়ৰ“৪ টা স্তৱক” , ডা০ ভূপেন শইকীয়াৰ “লেচেৰী বুটলা ” , ডা০ ভূপেন শইকীয়াৰ “পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম (PCOS) – মহিলাৰ এবিধ আচহুৱা ৰোগ” , আব্দুছ ছাজিদৰ “প্ৰ’টিন আৰু আমাৰ প্ৰ’টিনহীনতা” ,ইন্দ্ৰনীল গায়নৰ “একগুচ্ছ অনুভৱ”, কৰুণা ফুকনৰ“ৰহস্য ১ : লিওনাৰ্ডো দ্য ভিন্সি অতিমানৱ আছিল নেকি ?”, মনজিতৰ “থুলুকৰ ৰহঘৰা”, প্ৰতিম প্ৰতাপ বৰুৱাৰ “মৰমৰ আইতা”, প্ৰাঞ্জল কলিতাৰ “আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১৫খণ্ড)”, শ্ৰীমন্ত বৰদলৈৰ “ৰোগী হিচাপে থাইলেণ্ডৰ স্বাস্থ্যসেৱাৰ অভিজ্ঞতা ”, জ্যোৎস্না গগৈৰ “এইডছ আৰু ইয়াৰ আইন সংক্ৰান্তীয় বিষয়ে” , সৌৰভ দত্তৰ “জিন আৰু সুস্বাস্থ্য”, তিৰুজ্যোতি বৰা দাসৰ “প্ৰবাসত মাতৃত্বৰ অনুভৱ” ,কুশল হালৈৰ “পৰিবেশ আৰু স্বাস্থ্য”, ডা° আফজালুৰ ৰহমান চৌধুৰীৰ “ক্ষাৰসূত্র” ,ৰিতেশ গোহাঁইৰ“এজন প্ৰিয় গল্পকাৰৰ সন্ধানত”, প্ৰদ্যুত জ্যোতি শইকীয়াৰ“ঘৰ-সংসাৰ- ২৬খণ্ড” ,অচিন্ত বৰঠাকুৰৰ“পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা” আৰু ৰঞ্জিত কুমাৰ বৰাৰ “সভ্যতাৰ অভিশাপ: নাৰীৰ যৌনাংগ বিকৃতকৰণ” । এনে এটি সুন্দৰ সংখ্যা পাঠক সমাজলৈ লৈ আগবঢ়োৱা বাবে ‘সাহিত্য ডট্ অৰ্গ (http://www.xahitya.org/)’ৰ সম্পাদনা সমিতিক ধন্যবাদ জনাইছোঁ ।

No comments:

Post a Comment