পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীলৈ অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়াইছে সন্মনীয় ডক্টৰেট ডিগ্ৰী৷ লগতে নতুন দিল্লীস্থ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালকপ্ৰধান ডঃ এছ আয়াপ্পানকো এই সন্মান প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে৷
২. পৰম্পৰা অক্ষুন্ন ৰাখি বৰপেটা সত্ৰত ১৫-১৭ মাৰ্চলৈ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে তিনিদিনীয়াকৈ পালন কৰাৰ প্ৰস্তুতি চলাৰ সুখবৰ৷ প্ৰথম দিনটো গন্ধযাত্ৰা, দ্বিতীয় দিনটো ভৰদৌল ৰূপে আৰু শেষৰ দিনটোক ফাঁকুৱা বা সুৱেৰী উৎসৱৰূপে পালন কৰা হব৷

৩. অসমত চাৰিখন আসনৰ বাবে উমৈহীয়া প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই আৰু চিপিআই(এম) দলে৷ এই অনুসৰি যোৰহাটত দ্ৰপদ বৰগোঁহাই, বৰপেটাত উদ্ধৱ বৰ্মন, তেজপুৰত ক্ষেমৰাজ ছেত্ৰী আৰু শিলচৰ ৰেজানন্দ আলী বৰভূঞাই প্ৰতিদ্বন্দিতা কৰি  জনবিৰোধী নীতি, ভ্ৰষ্টাচাৰৰ বাহক কংগ্ৰেছ-বিজেপিৰ বিকল্প শক্তিৰ বাবে সমৰ্থন আদায়ৰ বাবে চলাব চেষ্টা৷

৪. বছৰটোৰ পঞ্চমখন অসমীয়া ছবিৰূপে ৩০টাতকৈ অধিক চিত্ৰগৃহত আজি মুক্তি লাভ কৰিব "ছাঁয়া"ই৷ পচিলাক ৰোহন পাতৰৰ একছনধৰ্মী ছবিখনে সমাদৰ লাভ কৰিব বুলি প্ৰযোজকে আশা প্ৰকাশ কৰিছে৷
 
৫. দীনেশ গোস্বামীৰ কাহিনীৰে প্ৰদ্যুত কুমাৰ ডেকাৰ ৰহস্য চলচ্চিত্ৰ "বৰশী'য়ে মুক্তি লভিব অহা ১৯ এপ্ৰিলত৷ ছবিখনৰ প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ ৰূপে অংশ লব অসমৰ ৰহস্য সাহিত্যৰ সম্ৰাট স্বৰূপ ৰঞ্জু হাজৰিকাই৷

৬. দীৰ্ঘদিন বন্ধ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ফাৰ্মাচী বিষয়ক আলোচনী "ফাৰ্মালাইন" পুনৰ প্ৰকাশৰ প্ৰস্তুতি চলিছে৷ নতুন ৰূপত আলোচনীখন অহা ২৫ ছেপ্তেম্বৰত ফাৰ্মাচিষ্ট দিৱসৰ দিনা প্ৰকাশ কৰা হব৷ উক্ত দিনাই এই স্মাৰক বক্তৃতাৰো আয়োজন কৰা হব বুলি ফাৰ্মালাইট প্ৰকাশনে প্ৰকাশ কৰিছে৷

৭. সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বাংলা কবি স্বৰ্ণালী বিশ্বাস ভট্টাচাৰ্যক চলিত বৰ্ষৰ যুগশংখ সাহিত্য পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ অসমৰ চাৰিগৰাকী যুৱ সাংবাদিককো যুগশংখ গোষ্ঠীয়ে বিশেষ বঁটাৰে সন্মানিত কৰিব৷ চেমিম চুলতানা আহমেদ, মনজুৰ আহমেদ বৰভূঞা, নৱজ্যোতি পাঠক আৰু মৌচম আকনলৈ নগদ ২৫হাজাৰ টকাৰ লগতে মানপত্ৰৰে সন্মানিত কৰা হব৷ এই বঁটা অহা ২৩মাৰ্চত শিলচৰত প্ৰদান কৰা হব৷

৮. দেশৰ অনাগত লোকসভা নিৰ্বাচনত ক'লা টকাৰ ব্যয়ৰ সন্দৰ্ভত চোকা দৃষ্টি ৰাখিব নিৰ্বাচন আয়োগে৷ এই উদ্দেশ্যে দেশত মুঠ ৭০০গৰাকী নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰিব বুলিও প্ৰকাশ পালে বাতৰি৷

৯. ভূপালত কালিৰে পৰা আৰম্ভ হোৱা চতুৰ্থ হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাত অসমৰ মহিলা দলে গোৱাক ১৭-০ গ'লৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰিলে৷ আজি দলটোৱে বংগৰ দলৰ বিৰু্দ্ধে খেলত অৱতীৰ্ণ হব৷

১০.  অসমত এইবাৰ নিৰ্ণায়ক ভূমিকা ল'ব যুৱ ভোটাৰে, মুঠ ভোটাৰৰ ৪৬.৬% ভোটাৰ ১৮-৪০ বছৰৰ ভিতৰত৷ আধুনিক শিক্ষাৰে শিক্ষিত, টিভি, বাতৰি-কাকত, চ'চিয়েল মেডিয়াৰ সৈতে সম্পৰ্ক থকা এই নতুন প্ৰজন্মই লোৱা ৰাজনৈতিক সিদ্ধান্ত দেশৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হব বুলিও বিশ্লেষকে মত পোষণ কৰিছে৷

১১. কাজিৰঙাত গঁড় চিকাৰৰ উদ্দেশ্যে অহা তিনিজনকৈ চোৰাং চিকাৰীক বিশ্বনাথ চাৰিআলিত আৰক্ষীয়ে আটক কৰিছে৷ এওঁলোকো এই উদ্দেশ্যে ডিমাপুৰৰ পৰা আহি বিশ্বনাথ চাৰিআলিত গোপনে বাহৰ পাতিছিলহি বুলি জানিব পৰা গৈছে৷

১২. নিৰ্বাচনী পুঁজি সংগ্ৰহৰ উদ্দেশ্যে নিৰ্বাচনী বিধি উলংঘা কৰিও জলম্পদত ১০০০কোটিৰ প্ৰকল্পৰ নিবিদা গ্ৰহণৰ ষড়যন্ত্ৰ প্ৰশাসন আৰু সাংবাদিকে ফাদিল কৰাত এই প্ৰক্ৰিয়া বাতিল কৰিবলৈ বিভাগটো বাধ্য হোৱাৰ খবৰে পালে সংবাদ শিৰোনামা৷

১৩. দিল্লীৰ দেশ কঁপোৱা ২০১২চনৰ ১৬ডিচেম্বৰৰ গণ ধৰ্ষণৰ ঘটনাৰ গোচৰত চাৰিওজন অপৰাধীৰে মৃত্যুদণ্ড বাহাল ৰাখিলে দিল্লী উচ্চ ন্যায়ালয়ে৷ নিম্ন আদালতৰ ৰায়ৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই ৰায় প্ৰদান কৰিছে৷

১৪.  দৰং জিলাৰ জাপমৰাবড়িৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান জাপমৰাবড়ি উচ্চ মাধ্যমিক ৰূপালী জয়ন্তী আজিৰে পৰা ১৬মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হব৷

১৫ . ই এছ পি এন ক্ৰিক ইনফোৰ "প্ৰজন্মৰ ক্ৰিকেটাৰ" বঁটাৰ বাবে বিবেচনাৰ শীৰ্ষ তালিকাত স্থান পাইছে শচীন টেণ্ডুলকাৰে৷ ১৯৯৩ৰ পৰা ২০১৩ৰ ভিতৰৰ আটাইতকৈ দুৰত্ন ক্ৰিকেটাৰ জনক এই সন্মান এক অনুষ্ঠানত মুম্বাইত আজি প্ৰদান কৰাৰ আয়োজন চলিছে৷

১৬. প্ৰতিষ্ঠানবিৰোধী ঢৌত উটি যোৱাৰ আংশকাত পৰাজয় বৰণৰ পৰা হাত সাৰিবলৈ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত এইবাৰ অংশ নলয় বুলি প্ৰকাশ পাইছে সম্ভাৱনা৷ এই তালিকাত কপিল ছিৱাল, পি চিদাম্বৰম, শচীন পাইলটৰ নাম সন্নিবিষ্ট হৈছে বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment