পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. শিৱসাগৰ ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আয়োজিত হৈছে ষষ্ঠ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ খেল সমূহ ৩-১৫মাৰ্চত ডিমৌৰ ৰাইচাই ষ্টেডিয়াম, শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়াম আৰু আমগুৰি ষ্টেডিয়ামত অনুষ্ঠিত হব।

২. আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে তিনিদিনীয়াকৈ আয়োজন কৰা বিহাৰ মহোতসৱৰ। বিহাৰ আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগিতাৰে আয়োজিত এই সমাৰোহৰ ১,২ মাৰ্চৰ কাৰ্যসূচী ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আৰু ৩মাৰ্চৰ কাৰ্যসূচী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে। 

৩. মাকুমত ষ্ট'বেৰীৰ খেতিয়ে আনিছে আশাৰ বতৰা। হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্টাৰ্ন এণ্ড হিমালয়ান ৰিজ'ন আঁচনিৰ অধীনত আধুনিক ষ্ট্ৰবেৰী কৃষকগোটে ৭.৫বিঘা মাটিত পৰীক্ষামূলক ভাৱে এই খেতি কৰি বৰ্তমানৰ বজাৰ মূল্য ৪৮০ টকাৰ বিপৰীতে কেজিত দুশ টকাতেই বিক্ৰী কৰিও সফলতা লাভ কৰাৰ বাতৰিয়ে লাভ কৰিছে সংবাদ শিৰোনামা। তিনিচুকীয়াও এই সফলতাৰ পাছতে এই খেতিৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হৈছে বুলিও কৃষক সকলে মতামত ব্যক্ত কৰিছে।
৪. মদিনাৰ ইমামৰ সমূহীয়া নামাজত প্ৰায় কুৰি লক্ষ লোকে অংশগ্ৰহণ কৰিলে আমনিৰ শিয়ালেখাইতী অঞ্চলত। অসম ৰাজ্যিক জমিয়ত উলেম-ই-হিন্দৰ উদ্যোগত হোৱা "আজমতে চাহাবা" মহাসভাত দেশৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মালম্বী লোকসকলে অংশগ্ৰহণ কৰে।

৫. গুৱাহাটীত আৰক্ষী আয়ুক্ত নিশ্চিত আৰু এই বিষয়ত প্ৰাথমিক ফাইলত চহী কৰা বুলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰক্ষী নিযুক্তিত যুৱতী সকলৰ বাবে ১৫% সংৰক্ষণ কৰিব বুলিও সংবাদ মেলত কৰিলে ঘোষণা।

৬. অহা ১ এপ্ৰিলৰ পৰা ৰে'লৰ উকিৰে মুখৰিত হব মেঘালয়ো। উত্তৰ গাৰোপাহাৰৰ মেন্দিপথাৰ ষ্টেচনলৈ সেইদিনাৰ পৰা ৰে'ল চলাচল আৰম্ভ হব বুলি প্ৰকাশ কৰিলে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সূত্ৰই।

৭. কাজিৰঙাত গঁড় হত্যাৰ বিষয়ক মূলতঃ চোৱাচিতাৰ বাবে বনকৰ্মীৰ সৈতে সহযোগিতাৰে স্থাপিত হব বিশেষ বন্যপ্ৰাণী থানা। চোৰাং চিকাৰীৰ বিৰুদ্ধে বনকৰ্মীয়ে এতিয়াৰ পৰা আৰক্ষীৰ সৈতে যুটীয়া ভাৱে অভিযান চলোৱাৰো হব ব্যৱস্থা।

৮. কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ পেঞ্চন আঁচনিৰ অধীনত যাতে পেঞ্চনভোগীয়ে মাহে নুন্যতম ১০০০টকাৰৈ পেঞ্চন লাভ কৰিব পাৰে, এই সম্বন্ধীয় প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে কালি অনুমোদন জনোৱাৰ সুখবৰ। এই সিদ্ধান্তৰ পৰা দেশৰ প্ৰায় ২৮লাখ পেঞ্চনভোগী উপকৃত হব বুলিও তথ্য প্ৰকাশ পাইছে। ইয়াৰে ৫লাখ বিধৱা মহিলাও উপকৃত হব বুলিও জানিব পৰা গৈছে।

৯. কেন্দ্ৰীয় চৰকাৰৰ কেইবালাখ কৰ্মচাৰীৰ লগতে ৩০লাখ পেঞ্চনভোগীৰ বাবে মৰগীয়া বানচৰ হাৰ বৰ্তমানৰ ৯০ শতাংশৰ পৰা ১০০শতাংশলৈ বৃদ্ধি কৰাত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে।

১০. গুৱাহাটীত যান বাহন আইন উলংঘা কৰা চিটিবাছ, অট'ৰিক্সাৰ বিৰুদ্ধ অভিযান অব্যাহত। ১০খন যান-বাহুন জব্দ, ৪টা গোচৰ ৰুজু, ৪০০টকাৰ জৰিমনা সংগ্ৰহ কৰাৰো খবৰ।

১১. গুৱাহাটীৰ পূৱ শৰণীয়াত থকা পদাতিকৰ কাৰ্যালয় প্ৰাংগণত পদাতিক ঐক্যমঞ্চই আজি প্ৰদৰ্শন কৰিব মেক্সিক'ৰ প্ৰখ্যাত পৰিচালক ফ্ৰান্সিস্ক' ভাৰ্গাছৰ বহুচৰ্চিত চলচ্চিত্ৰ "দ্য ভায়'লিন"।১২. অহা চাৰি মাৰ্চত বড়োলেণ্ড গঠনৰ সম্ভাৱনীয়াতা অধ্যয়ন কৰিবলৈ আহিব বিশেষজ্ঞ কমিটিৰ দ্বায়িত্ব লাভ কৰা জি কে পিল্লাই। অহা ৩,৪ মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ঘোষণা কৰিছে ১৯টাকৈ সংগঠনৰ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চই। তাৰ বিপৰীতে বি এন চিয়ে আয়োজন কৰিছে গণ সমাবেশৰ, আবছুৱে সহযোগিতা নকৰে বুলি কৰিলে ঘোষণা। এজনীয়া কমিটিৰ একপক্ষীয় প্ৰতিবেদন আক্ৰাছুৱে মানি নলয় বুলিও কৰিলে স্থিতি স্পষ্ট।

No comments:

Post a Comment