পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ৰূপালী জয়ন্তীবৰ্ষত ভৰি দিয়া "শৰাইঘাটশ্ৰী" খিতাপ জিনিলে হাৰিয়ানাৰ ৰাম নিৱাসে। কালি গুৱাহাটীৰ মাছখোৱাৰ আই.টি.এ প্ৰেক্ষাগৃহত হোৱা প্ৰতিযোগিতাখনিত ভাৰতৰ আগশাৰীৰ বডি বিল্ডাৰ সকলৰ ভিতৰত বিগত বছৰৰ বিজয়ী অসমৰ এ ববী সিঙক নুন্যতম ব্যৱধানত পৰাস্ত কৰি ৰাম নিৱাসে শ্ৰেষ্ঠত্ব অৰ্জন কৰে আৰু ১লাখ টকাৰ প্ৰাইজমানিসহ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

২. কুৱেইটত চলি থকা সপ্তম এছিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ হিনা সিন্ধু আৰু ছেইন সিঙে স্বৰ্ণ পদক অৰ্জন কৰা সুখবৰ। আন আন শাখাতো ভাৰতীয় দলৰ সদস্যই পদকৰ তালিকা উজলাই তুলিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

৩. ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত অহা ২২ আৰু ২৩ মাৰ্চত প্ৰাক্তন আৱাসীসকলৰ এখনি সন্মিলনৰ আয়োজন কৰা হৈছে। স্মৃতি ৰোমন্থন, অন্তৰংগ আলাপ, সাধাৰণ সভা, সাংস্কৃতিক অনুষ্ঠান আদি এই সন্মিলনৰ অংশ হব। মুকলি সভা উদ্বোধন কৰিব দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এই ছাত্ৰাবাসৰ প্ৰাক্তন অধীক্ষক ডঃ জয়শংকৰ হাজৰিকাই।

৪. যোৰহাটত নাৰী নিৰ্যাতন সম্পৰ্কীয় গোচৰৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনু্ষ্ঠানত প্ৰকাশ কৰিলে ন্যায়াধীশ খগেন দহোটিয়াই।

৫. শিক্ষানুষ্ঠান সমূহে পৰিবেশ সম্পৰ্কীয় সজাগতা সভা পতা, বিভিন্ন কাৰ্যসূচী পালন কৰা, বৃক্ষৰোপন আৰু প্ৰতিপালন আদিৰ বাবে গোৱালপাৰা জিলাত ৮৭খন শিক্ষানুষ্ঠানলৈ অসম বিজ্ঞান সমিতিয়ে প্ৰদান কৰিলে অনুদান। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ফলিবাৰীত পৰিৱেশ সজাগতা সভাতে এই চেক বিতৰণ কৰাৰ সুখবৰ পোৱা গৈছে।

৬. অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু জিলা শিশু সুৰক্ষা বিভাগ, বৰপেটাৰ উদ্যোগত জনিয়াত শিশু সুৰক্ষা দিৱস উদযাপন কৰা হয়।  তিনি শতাধিক শিশুৱে শোভাযাত্ৰাত অংশ লোৱাৰ লগে এখনি বাটৰ নাটৰো প্ৰদৰ্শন কৰা হয়। শতাধিক অভিভাৱকৰ উপস্থিতিত মুকলি সভাত শিশুৰ শিক্ষা আৰু সুন্দৰ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে বিভিন্ন দিশৰ আলোচনাও অনুষ্ঠিত হয়।

৭. প্ৰণৱ বড়োৰ পত্নীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিবলৈ আদালতে দিয়া নিৰ্দেশত অৱশেষত গোচৰ পঞ্জীয়ন কৰিলে অসম আৰক্ষীৰ দিছপুৰ থানাই। এই আত্মজাহৰ ঘটনাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজহমন্ত্ৰীক দোষ জাপি দিয়াৰ মানসেৰে কৰা এই গোচৰ সন্দৰ্ভত এতিয়া আৰক্ষীৰ পৰবৰ্তী পদক্ষেপ লক্ষনীয় হব।

৮. বিগত ১৩ বছৰত কংগ্ৰেছে কৰা কামৰ খতিয়ান সহ প্ৰতিজন ভোটাৰলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চিঠি লিখিব বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সফলতাৰ দাবী সম্বলিত চিঠিৰ সৈতে ৰাইজে প্ৰকৃত উন্নতিৰ তুলনামূলক বিশ্লেষণ কৰাৰো সুযোগ পাব। 

৯. বন্ধ হব মোডীৰ চাহ খোৱাৰ পৰৰ চৰ্চা! বিনামূলীয়াকৈ চাহ বিতৰণ কৰাটো নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত এনে প্ৰচাৰ নিৰ্বাচনী আয়োগে বন্ধ কৰিব বুলি প্ৰকাশ পাইছে সংবাদ শিৰোনামা। উত্তৰ প্ৰদেশত ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্দেশ জাৰি কৰাৰো খবৰ প্ৰকাশ।

১০. ডিমৰীয়া মহাবিদ্যালয়ত আৰম্ভ হ'ল তিনিটাকৈ কেৰিয়াৰ অ'ৰিয়েণ্টেচন কৰ্ছ। প্ৰফেছনেল হিন্দী ৰাইটিঙ, জিঅ'লজিকেল ছাৰ্ভ আৰু ৰুৰেল মাৰ্কিটিঙ বিষয়ৰ কৰ্ছ কেইটা নৱ-প্ৰজন্মক পেশাগত দিশত সহায়ক হোৱাকৈ প্ৰৱৰ্তন কৰা হৈছে। একেটা অনুষ্ঠানতে মহাবিদ্যালয়খনৰ বিদ্যায়তনিক দিশত সহায়ক হোৱাকৈ ৱাই-ফাই নেটৱৰ্ক সেৱাৰো শুভ উদ্বোধন কৰা হয়।

১১. আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন(আপকু)ৱে  গঠন কৰিব আপকু সাংবাদিক ন্যাস পুঁজি।  এই পুঁজি সদস্য সকলৰ বিভিন্ন সমস্যা, চিকিতসা ব্যয়, আপকুৰ ভৱন নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হব। আৰু অহা ৩০ এপ্ৰিলত আপকুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ বাবেও ৯মাৰ্চত বহা বৰ্দ্ধিত কাৰ্যনিৰ্বাহকে সিদ্ধান্ত কৰিছে।

১২. সংকটৰ সময়ত অসম গণ পৰিষদ ত্যাগ  নকৰি উত্তৰ পাৰত কংগ্ৰেছৰ একছত্ৰীৰাজ হবলৈ এৰি নিদি নিজে যুঁজত জপিয়াই পৰিব বুলি ঘোষণা কৰিলে অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে। 

No comments:

Post a Comment