জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
"আমাৰ মাজুলী" আৰু এক কাকতলীয় সুখানুভূতি
অজয় লাল দত্ত
"স্বাধীনতাৰ স্বপ্নগাঁথা", নামেৰে এখন উপন্যাস লিখাৰ প্ৰয়াস কৰিছিলো ২০১০ চনত। তাৰ শেহৰ ফালে গোটেই "গীতালি" নামৰ নাৰী চৰিত্ৰই "আমাৰ মাজুলী" শীৰ্ষক এটি সংস্থা গঢ়ি মাজুলীৰ বুকুত স্থানীয় যুৱক যুৱতী সকলৰ আত্ম-সংস্থানৰ বাবে এক সমবায় ব্যৱস্থাপনা ভিত্তিক উদ্যম গঢ়ি তোলাৰ কথা বৰ্ণনা কৰিছিলো।

এই গীতালি নামৰ চৰিত্ৰটি স্থানীয় নাৰী চৰিত্ৰ অথচ টাটা ইনষ্টিটিউট অৱ চচিয়েল চাইন্সৰ দৰে সমাজ বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শিক্ষিত চৰিত্ৰ ৰূপে উপস্থাপন কৰিছিলো। যি গৰাকী নাৰীয়ে আন্তঃৰাষ্ট্ৰীয় এন.জি.অ'ত বিদেশত চাকৰি কৰাৰ আকৰ্ষণীয় কেৰিয়াৰ গঢ়াৰ সুযোগ পোৱাৰ পাছত সহপাঠী জিনাৰ দৰে উৰা নামাৰি, পুনৰ মাজুলীলৈ উভতি আহি এক ব্যতিক্ৰমী তথা আদৰ্শ প্ৰতিস্থা কৰাৰ লক্ষ্যৰে স্থাপন কৰিছিল "আমাৰ মাজুলী"।

নাৰী সকলৰ মাজত নাৰী সৱলীকৰণৰ প্ৰকৃত পদক্ষেপ গ্ৰহণ কৰি হস্ত শিল্পৰে স্বাৱলম্বী হোৱাৰ পথত গতি কৰাৰ ছবি অংকন কৰা হৈছিল। মাজুলীৰ ছোৱালীয়ে নিজৰ সাংস্কৃতিক সম্পদক নিজৰ যাদুকৰী হাতেৰে কাপোৰত চানেকি তুলি তাকো বিশ্ব দৰবাত কাইৰোত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশ লৈছেগৈ। বহল পৃথিৱীৰ বহল মঞ্চৰ পৰা পুনৰ নতুন কথাৰ পাঠ লৈ তাকেই আহি মাজুলীত বাস্তৱায়িত কৰিছে। আমাৰ মাজুলীয়ে কৰা সুন্দৰ ব্যৱস্থাপনাৰ ফলতে ঘৰতে তাঁত বৈ একোগৰাকী শিপিনীয়ে মাহে তিনি হাজাৰকৈ টকাৰ নিম্নতম আৰ্জন কৰাৰ ব্যৱস্থা হৈছে। শিপিনীসকলৰ সামাজিক সুৰক্ষাৰ বাবে শিপিনী বীমাকৰণ, ভৱিষ্য নিধিৰো ব্যৱস্থা কৰিছে। সকলো জাতি-সম্প্ৰদায়ৰ নাৰী সকলকে আমাৰ মাজুলীয়ে সামৰি লৈছে। সামুহিক উন্নতি তথা কমিউনিটি ডেভেলপমেণ্টৰ ই এক অনন্য উদাহৰণ হৈ উঠিছে।
মাজুলীৰ গাভৰুৱে বোৱা গামোচা গণি
গিলি নাভন, চাংঘৰত

ডেকা সকলেও "আমাৰ মাজুলী"ৰ সৈতে সহযোগ কৰি বানে ধোৱা বালিত ৰঙালাও খেতিত সফলতা লভি ফচলৰ ভৰা নাও লৈ যোৰহাটলৈ লুইতৰ বুকুত ভটিয়নী যাত্ৰা কৰাৰ কাল্পনিক কাহিনীও তাত উল্লেখ কৰিছিলো। সততাৰ পথেৰে ঘামৰ বিনিময়ত সঠিক মূল্য লাভ কৰি স্বাৱলম্বী হোৱা এই ডেকা-গাভৰু সকলে নিজা একোখন সংসাৰ কৰাৰ বাবেও আগবাঢ়িছে। যিয়ে অসমৰ ভিতৰুৱা বহু ঠাইত আবিয়ৈ হৈ থকা বহু ডেকা-গাভৰুকো আশাৰ ৰেঙণি দেখুৱাইছে।

এই সকলোৰে উৰ্ধত গীতালিৰ নেতৃত্বত যুক্তিক যুক্তিৰে তথ্যক তথ্যৰে পৰাভূত কৰাৰ বাবে এক যুক্তিযুদ্ধৰো আয়োজন উল্লেখ কৰিছিলো। য'ত তথ্য জনাৰ অধিকাৰ আৰু ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত মাজুলী ৰক্ষাৰ বাবে দ্বায়িত্ব লৈ হাজাৰ হাজাৰ কোটিৰ কেলেংকাৰী কৰা ব্ৰহ্মপুত্ৰ বৰ্ডৰ দুৰ্নীতি উন্মোচন কৰাৰো কাহিনী উল্লেখ কৰিছিলো। তাৰ বাবে গীতালিক যুথ আইকন বঁটাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেৰেও স্বীকৃতি প্ৰদান কৰিছিল।

এনে সামুহিক সৰ্বাংগীন সৱলীকৰণৰ প্ৰচেষ্টা দেখি বিদেশত গৱেষণাৰত স্বপ্ননীলো আকৃষ্ট হৈ পৰিছিল। আৰু নিজৰ মানুহৰ কল্যানৰ বাবে উভতি আহি "আমাৰ মাজুলী"ক অধিক শক্তিশালী কৰি তুলিবলৈ মন বান্ধি লৈছিল। "মানুহৰ মাঝে মাথো বাচিবাৰ চাই" শীৰ্ষক ৰবীন্দ্ৰ নাথৰ কবিতা আওৰাই মাজুলীত আপোন-পাহৰা হোৱা গীতালিৰ সন্ধানত স্বপ্ননীলে কমলাবাৰীৰ ঘাটৰ পৰা মাজুলী অভিমুখে মেলি দিছিল এক নতুন সপোনৰ পালতৰা নাও....

এই শেষ অধ্যায়টোৰ নাম দিছিলো.... শেষ নহয় যি আৰম্ভণি নামেৰে। অসমৰ তিনিটা দশকৰ তেজে ধোৱা ইতিহাসৰ পাত এৰি লুইতৰ বুকুত গঢ়ি উঠা পৰিবৰ্তনৰ এই নতুন ভেটিৰ সন্ধানত আৰম্ভ হৈছিল স্বপ্ননীলৰ যাত্ৰা.....
"আমাৰ মাজুলী"ৰ বীক্ষৰোপন কাৰ্যসূচী

কাকতলীয়ভাৱে বন্ধু পংকজ বৰাৰ কলমত ২০১৪চনত এগৰাকী গীতালিক "আমাৰ মাজুলী"ক গঢ় দি থকা অৱস্থাতে আৱিস্কাৰ কৰিলো "অসমীয়া কথা বতৰা"ৰ পাতত। "আমাৰ মাজুলী"ৰ এই সপোনক বাস্তৱ ৰূপত আমালৈ আগবঢ়োৱা এই গীতালিৰ প্ৰকৃত নাম "গিলি নাভন" (www.facebook.com/gili.navon.5 ) বুলি জানিব পাৰি এখন বিশেষ সুখানুভূতি অনুভৱ কৰিছো। আমাৰ অসম খনক আপোন কৰি লোৱা তেখেত আৰু সহযোগী সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেখেতলোকৰ কৰ্মৰ শলাগ লৈছো।

ব্যক্তিগত ভাৱে লাজ অনুভৱ কৰা কথাটো এইটোৱে যে ঘৰৰ পৰা প্ৰায় ৬০কিল'মিটাৰ নাতি দূৰৈৰ মাজুলীকে আমি নিজে গৈ পোৱা নাই। অথচ মাজুলীক লৈ অলেখ সপোন, অলেখ কল্পনাৰে এই মাজুলীৰ বৰ্ণনা কৰিলো। মাজুলীৰ বুকুৰ পৰাই নতুন পৰিবৰ্তনৰ ভেটি গঢ় লোৱাৰ সপোন দেখিলো। এইবাৰ বহাগতে বাস্তৱত মাজুলীৰ বুকুত ভৰি দি বাস্তৱৰ "আমাৰ মাজুলী"ক কাষৰে পৰা চাবগৈ লাগিব, বুজিব লাগিব, জানিব লাগিব। হয়তো তাৰ পাছতে আৰম্ভ হব, স্বাধীনতাৰ স্বপ্নগাঁথাৰ পাছৰ কাহিনীছোৱা...... অসমীয়া নতুন বছৰতে। লেখাটোৰে "আমাৰ মাজুলী"ৰ গিলি নাভনক ৰাইজৰ মাজলৈ তুলি ধৰা পংকজ ( Pankaj Barah ) লৈ এই চেগতে আন্তৰিক ধন্যবাদ জনালো, লগতে এই সুখানুভূতি সৃষ্টি কৰাৰ বাবেও!

------------------------------------------------------------
বিশেষ দ্ৰষ্টব্যঃ "স্বাধীনতাৰ স্বপ্নগাঁথা"  উপন্যাসখন অসমীয়াৰ সুখ দুখৰ ই-কিতাপ শিতানটোত বিনামূলীয়াকৈ পিডিএফ পাব পাৰিব।

পংকজ বৰাৰ লেখাটি পঢ়িবলৈ লেখাটিৰ শিৰোনামাত ক্লিক কৰকঃ "মাজুলীক এজনী ছোৱালীয়ে ভাল পাই পেলালে" 

আমাৰ মাজুলীৰ ফেচবুক পেজলৈ যাবলৈ কাষত দিয়া লিংকত ক্লিক কৰক। সূ্ত্ৰ

No comments:

Post a Comment